সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অৰ্ধ সত্যৰ পূৰ্ণ প্ৰচাৰ
অজয় লাল দত্ত
ভাৰতবৰ্ষত বৰ্তমান সময়ত চ'চিয়েল মেডিয়া তথা প্ৰতিষ্ঠিত বাতৰি কাকত, টিভি চেনেল বা গণমাধ্যম যোগে প্ৰচাৰিত হোৱা বহুত বাতৰিয়েই ভুৱা বুলি প্ৰমাণিত হৈছে। তাৰে ভিতৰত প্ৰপাগাণ্ডামূলক ভাৱে উদেশ্যপ্ৰণোদিত ভাৱে বহুল প্ৰচাৰ চলোৱা বহুতো তথ্যও যে অৰ্ধ সত্যহে সেই কথা পোহৰলৈ আহিছে। এই ধাৰাটোও ইমানেই ব্যাপক হৈ পৰিছে যে, আনকি সংসদত ভাষণতো খোদ প্ৰধানমন্ত্ৰীৰ ভাষণ এই বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ অভিযোগ উঠিছে। আনকি বিশ্লেষণাত্মক নিবন্ধ আগবঢ়োৱা দ্যা ৱায়াৰ.ইনৰ দৰে বেৱচাইটে ফেক্ট চেকৰ ধাৰাবাহিক অনুসন্ধানী লেখা প্ৰকাশ কৰিবলৈ বাধ্য হৈছে। উদাহৰণ স্বৰূপে https://thewire.in/tag/fact-check লিংকত এনে বহু ভাষণ বা প্ৰচাৰ, প্ৰপাগাণ্ডামূলক কথাৰ সত্যতা-নিৰূপণৰ প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে।

এনে অসত্য প্ৰচাৰৰ জোৱাৰৰ ৰূপ কেইবাটাও। যেনে পূৰ্ণ অসত্য আৰু অৰ্ধ সত্যৰে জোৱাৰ তোলা হোৱাটচএপত প্ৰচাৰিত ফটোশ্বপ কৰা বহুতো ফটোত অহা তথ্য যিবোৰৰ উতস বা সত্যতা নিৰূপণৰ বাবে উপভোক্তাৰ কোনো উপায় নাথাকে, অথচ মন মগজুত এনে তথ্য বা মেচেজে গোপনে এক চাপ সৃষ্টি কৰিবলৈ সক্ষম হয়। বিশেষকৈ সাম্প্ৰদায়িক ঘৃণাৰ বাণী আৰু কোনো বিশেষ ব্যক্তিৰ মুকলিকৈ কৰিব নোৱাৰা চৰিত্ৰহননৰ সমল এই ৰূপত দেশত প্ৰৱাহিত হৈছে। অথচ ইয়াক ৰোধ কৰিবৰ বাবে দেশৰ চৰকাৰে কোনো ব্যৱস্থা হাতত লোৱা দৃষ্টিগোচৰ হোৱা নাই।


চ'চিয়েল মেডিয়াত মুকলিকৈয়ো বহুতো ভুৱা বাতৰি তথা প্ৰচাৰ চলি থাকে। মুকলিকৈ প্ৰৱাহ হোৱাৰ বাবেই ইয়াত কিছু লেকাম লগোৱাটো সম্ভৱ আৰু সেয়ে ইয়াত কিছু সীমাৰ ভিতৰত প্ৰপাগাণ্ডা চলে। এনেবোৰ সমলত মানুহক সহজে আকৰ্ষণ কৰাৰ উপাদান থাকে। সেয়ে ই সহজেই ভাইৰেল হৈ পৰা দেখা যায়। এই বেমাৰৰ বীজাণু ইমানেই বিয়পিলৈ ধৰিলে যে দেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও নিউজ চেনেলে ভাইৰেল বাতৰিৰ সত্যতা নিৰূপণ কৰি পুনৰ প্ৰচাৰ কৰাৰ বাবে বিশেষ আধাঘণ্টীয়া প্ৰগেম প্ৰচাৰ কৰিবলৈ বাধ্য হ'ল। সেইটো টীমৰ কাম খালী, দিনটোত ভাইৰেল হোৱা সন্দেহজনক বাতৰিৰ সত্যতা উপলদ্ধ সমলৰ যোগেদি নিৰূপণ কৰাটো। এনেবোৰ প্ৰচেষ্টা গঢ়িবলৈ সময়েই সমাজক বাধ্য কৰিছে। উদেশ্যপ্ৰণোদিত সামাজিক উত্তেজনাৰ সৃষ্টিয়ে বিশেষ কাৰোবাৰ ৰাজনৈতিক গোপন অভিলাস পূৰণত সহায় কৰে। আৰু এনে ভুল কথাৰ ধাৰাবাহিক প্ৰচাৰে, এচাম মানুহৰ মন কেৱল বিকৃত তথ্য আৰু বিকৃত চিন্তাৰেই ভৰাই তোলাৰ আশংকাও বৃদ্ধি কৰে। এনেবোৰ বাতৰিক লৈ ফেচবুক সংস্থাও উদ্বিগ্ন আৰু প্ৰতিৰোধ মূলক ব্যৱস্থা লোৱাৰ বাবে সংস্থাটোৱেই প্ৰচেষ্টা হাতত লৈছে। মুকলি চ'ছিলেল মেডিয়াত অহা ভুৱা তথ্যৰ প্ৰচাৰক লৈ আজিকালি নতুন প্ৰজন্মও সচেতন হৈ উঠা পৰিলক্ষিত হৈছে, পুলিচ অথবা চ'চিয়েল মেডিয়াক এইবোৰৰ বিষয়ে ৰিপৰ্ট কৰাৰো উদাহৰণ সঘন হৈ উঠাতো সমাজৰ বাবেই এক ইতিবাচক অভ্যাস বুলিব পাৰি।

আৰু এবিধ অৰ্ধ সত্যৰ প্ৰচাৰে সমাজৰ ক্ষতি সাধন কৰে, সেইয়া হৈছে মিঠা কলৰ ভিতৰত বিহ দিয়াৰ দৰে প্ৰচেষ্টাবোৰ। যিবোৰ কৰে অতিকৈ পঢ়া শুনা বিজ্ঞ, বিদগ্ধ লোকে। নিজৰ প্ৰতিষ্ঠিত নামক ব্যৱহাৰ কৰি লিখা কেতবোৰ প্ৰৱন্ধপাতিৰ জৰিয়তে তথ্য বিকৃতি কৰা আৰু উদেশ্য প্ৰণোদিত ভাৱে কিছু অৰ্ধ সত্য লিখি অশ্বত্থামা হততে লেখাৰ সমাপ্তি কৰে আৰু ইতি গজটো অতি উল্লেখ নকৰি অতি সচেতন ভাৱে বৌদ্ধিক ষড়যন্ত্ৰত লিপ্ত হয়। ভাৰতৰ স্বাধীনতা আন্দোলনত কেতবোৰ দলৰ ভূমিকাক লৈ অপ্ৰচাৰ কৰে। কংগ্ৰেছ দলেহে কেৱল আন্দোলন কৰি দেশক স্বাধীন কৰিলে বুলি কৃৰ্তিত্ব জাহিৰ কৰিব খোজে আৰু বাকী বহুতেই স্বাধীনতা লাভৰ পূৰ্বে যে জাতীয় কংগ্ৰেছতে আছিল বা সহযোগী দল ৰূপে দেশৰ স্বাধীনতাৰ বাবে প্ৰচেষ্টা চলাইছিল সেই কথা উল্লেখ নকৰে। কোনোবা আৰএছএছৰ আদৰ্শ নেতাই বৃটিছৰ পক্ষতে একালত অৱস্থান গ্ৰহণ কৰিলেও বা জেলৰ পৰা ওলাবলৈ বুজাবুজিত উপনীত হলেও এয়া নহয় যে পাছলৈ আৰএছএছৰ আদৰ্শত কাম কৰিবলৈ অহা কোনো মানুহেই জাতীয় স্বাধীনতা আন্দোলনত অংশ লোৱা নাছিল। একেদৰেই আৰএছএছৰ অনুগামীয়ে প্ৰচাৰ কৰাৰ দৰে ভাৰতীয় কমিউনিষ্ট সকলে স্বাধীনতা আন্দোলনত অংশ নলৈ কংগ্ৰেছ ভলণ্টিয়াৰৰ খবৰ গোপনে বৃটিছকহে দিছিল বুলি সাধাৰণীকৃত অপবাদ প্ৰচাৰ কৰিব পাৰে, কিন্তু সেই সকলে 'স্বাধীনতা সংগ্ৰামত কমিউনিষ্ট সকলৰ ভূমিকা'  শীৰ্ষক আৰু অসমৰ কমিউনিষ্ট দলৰ সদস্য সকলৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণৰ দস্তাবেজ স্বৰূপ প্ৰকাশিত গ্ৰন্থ সমূহকো নস্যাত কৰিব বিচাৰে। চীনৰ আক্ৰমণৰ সময়তো কমিউনিষ্ট কিছুমানক চীনা এজেণ্টৰ অপবাদ দি জেললৈ প্ৰেৰণ কৰাত কাৰ হাত আছিল আৰু সত্য কি আছিল, সেই কথা কিন্তু নিলিখে বা প্ৰচাৰ নকৰে, প্ৰচাৰ কৰিব কেৱল অপবাদ। এনে অপপ্ৰচাৰকে শেষ বয়সৰ ব্ৰত বুলি গ্ৰহণ কৰা কোনো বয়োজ্যেষ্ঠ বুদ্ধিজীৱিয়ে যেতিয়া প্ৰলাপ লিখি চৰকাৰী সংবাদ পত্ৰৰ পদ পদত্যাগ কৰিব লগীয়া উদাহৰণৰ সৃষ্টি হৈছে এইখন অসমতে। তাৰ পাছতো নিজে সম্পাদক ৰূপে এখন কাকত চলায়ো আন এখন কাকতত পত্ৰ শিতানত চিঠি লিখি 'ভাৰতত থাকি পাকিস্তানক পেটে পেটে আৰধনা কৰা দেশপ্ৰেমহীন লোক'ক সহ্য নকৰাৰ হুংকাৰ প্ৰচাৰ কৰা দেখা গৈছে। পেটে পেটে আৰধনা কৰাৰ সন্দেহ কৰি নিজৰ মনত পোষণ কৰা ধাৰণাৰ ভিত্তিত আনক দেশপ্ৰেমৰ চাৰ্টিফিকেট বিলাবলৈ নে 'স্বয়ম্ভু' অভিভাৱক সকলেই দেশত এক নব্য 'বৌদ্ধিক সন্ত্ৰাসবাদ'ৰ সৃষ্টি কৰিছে। কোনোবাই দেশদ্ৰোহী কাম কৰিলে তাৰ বাবে ভাৰতীয় পেনেল কোডে স্থিৰ কৰা মতে আইনী ব্যৱস্থাৰে দোষী সাব্যস্ত কৰাৰ ব্যৱস্থাত এই সকলৰ কোনো আস্থা নাই। মনৰ ধাৰণাৰ ভিত্তিত, জাতি, ধৰ্ম, জড়িত থকা সংগঠনৰ মতবাদৰ ভিত্তিক আটাইকে অপৰাধী-দেশদ্ৰোহী ঘোষণা কৰি 'গণ-নিগ্ৰহৰে ন্যায় প্ৰদান' কৰিব বিচৰা তাড়ণাৰে জৰ্জৰিত ভাৱাবেগত আক্ৰান্ত এই সকলক সমাজেই চিনাক্ত কৰি শক্তিহীন কৰিব লাগিব।

একেদৰেই অসমত বিনিয়োগৰ আগমন সন্দৰ্ভতো কিছুমান অৰ্ধসত্যৰেই পূৰ্ণ প্ৰচাৰ বিজ্ঞাপন তথা বাতৰি কাকতৰ বাতৰিৰ ৰূপত প্ৰকাশ কৰা হৈছে। উদাহৰণস্বৰূপে, অসমীয়া বোলছবিত বিনিয়োগ কৰিবলৈ আহিছে প্ৰিয়ংকা চোপ্ৰা। অসমীয়া চিনেমাৰ প্ৰযোজনাৰ নামত চৰকাৰী ধনেৰে, নিজৰ নাম খোদিত কৰাৰ উদাহৰণ পূৰ্বৰে পৰা চলি আহিছে। দেখিব যে প্ৰযোজকৰ নাম হিচাবে ধৰা হওক পৰিচালক পত্নীৰ নাম, মানুহে ভাবিব যে পৰিচালকৰ পত্নীয়ে ধনবিত দি ৰিক্স লৈ চিনেমা বনাইছে। পাছত দেখিব পোষ্টাৰৰ কোনত বা নেইমকাষ্টিংত সৰুকৈ 'চৰকাৰী চলচিত্ৰীয় বিত্তীয় নিগম' অথবা 'ৰাষ্ট্ৰীয় চলচিত্ৰ বিকাশ নিগম' আদিৰ নাম সৰুকৈ উল্লেখ থাকিব। উৰহী গছৰ ওৰ ললে গম পোৱা যায় যে, চৰকাৰী পুঁজিৰেই নিৰ্মিত ছবিবোৰ আচলতে কমিছন প্ৰগাম আদিৰ দৰেহে বনোৱা প্ৰকল্প, যিবোৰৰ গুণগণ মানদণ্ডক চিনেমাহলত দৰ্শকে আদৰি লোৱাৰ উদাহৰণ পৰ্বতত কাচৰ কণী বিচৰাৰ দৰেহে। এইবাৰ প্ৰিয়ংকা চোপ্ৰাৰ মাতৃৰ নাম প্ৰযোজক হিচাবে 'এডভাণ্টেজ অসম'ৰ বতৰত প্ৰচাৰ কৰা হৈছে, কিন্তু তাত প্ৰকৃততে 'অসম পৰ্যটন বিকাশ নিগম'ৰ নামো প্ৰযোজকৰ তালিকাত শেহৰ ফালে উল্লেখিত আছে। এই নিগমৰ পৰাই কোটি টকীয়া ফীজৰ বিনিময়ত মোহময়ী বিশ্বসুন্দৰী প্ৰিয়ংকা 'অসম পৰ্যটন'ৰ ব্ৰেণ্ড এম্বেচাডৰ হৈছে। এই চিনেমাখনৰ উদ্দেশ্য হৈছে অসমৰ মনোমোহা লোকেচন সমূহক চিনেমাৰ যোগেৰে বিশ্বৰ সমুখলৈ লৈ যোৱা, এই কথাষাৰেই এক স্পষ্ট ইংগিত দিছে যে ইয়াত পৰ্যটন বিকাশৰ ধন অথচ ৰাইজৰ ধনৰেই ব্যৱহাৰ হব! প্ৰিয়ংকা চোপ্ৰাৰ মাকে কিমান ধন বা অংশাদাৰিত্বৰে এই চিনেমাৰ প্ৰযোজনা কৰিব, সেই সন্দৰ্ভত 'প্ৰচাৰমূলক বাতৰি'ত উল্লেখ নথকাটোৱেই স্বাভাৱিক। সেয়ে অসম তথা ভাৰতত আজি সামাজিক সম্প্ৰীতি তথা দেশৰ অৰ্থনৈতিক সমৃদ্ধিৰ বাবে পূৰ্ণ সত্য পোহৰলৈ আনিব পৰা 'অনুসন্ধানমূলক সাংবাদিকতা'ৰ প্ৰয়োজনীয়তা গভীৰভাৱে বৃদ্ধি পাইছে।

দেশৰ সাংবাদিক সমাজে এই অৰ্ধসত্যৰ পূৰ্ণ প্ৰচাৰ যে অতি সংঘবদ্ধভাৱে, সুপৰিকল্পিত ভাৱে কৰা হয় বা হৈছে, সেই কথালৈ সচেতন নজৰ দি ইয়াৰ প্ৰতিকাৰ উদ্ভাৱন কৰিব লাগিব এই কথা আজি এক প্ৰত্যাহ্বান হৈ দেখা দিছে। সচেতন ৰাইজ আৰু দায়বদ্ধ সাংবাদিক সমাজে সংবাদ আৰু প্ৰকাশিত তথ্যৰ বিশ্বাসযোগ্যতাক বৰ্তাই ৰখাৰ স্বাৰ্থতে এই বৰ্ধিত অপসংস্কৃতিক ৰোধ কৰাত ভূমিকা লোৱাৰ সময় যে সমাগত, সেই কথাও কিন্তু নিশ্চিত। 

No comments:

Post a Comment