আইন অমান্যকাৰী অজ্ঞানী জাতি
সুৰজিত নেওগ
আমি সদায় নিয়ম নীতি নমনা আইন অমান্যকাৰী অজ্ঞানী জাতি হৈ থাকিম নেকি? চিৰদিন চিৰকাল? ৰ'ব, নিজৰ গাত লাগি ফটককে খঙতে কিবা এটা কৈ নিদিব... এবাৰ পঢ়ি লওক!!
(১) ট্ৰেফিক পইন্টত আপুনি গাড়ী, বাইকত বা বাচত বহি অপেক্ষা কৰি আছে, সেউজীয়া লাইটটো জ্বলাত বা ট্ৰেফিক পুলিছজনে সংকেত দিছে আপোনাক যাবলৈ, আপুনি যাবলৈ সাজু হৈছে, তেনেতে দেখিলে পুৰুষ মহিলা এসোপা আপোনাৰ আগেয়ে পথটো পাৰ হৈ যাবৰ বাবে হেতে-ওপৰা লগাইছে... !! ইপিনে পুনৰ ৰঙা লাইটটো জ্বলি উঠিল... আপুনি পিছৰবাৰৰ সেউজীয়া লাইটৰ বাবে আকৌ অপেক্ষা কৰিলে....
(২) পুৱাৰ সময়কণত খৰখেদাকৈ ওলাই অহিছে আফিচলৈ... গাড়ী , বাইক, অটো, টেক্সি, বাচ সকলো দৌৰিছে... হঠাৎ আপুনি ৰৈ গ'ল দিছপুৰ জনতা ভৱনৰ সন্মুখত; কিয়? ট্ৰেফিকজনে বাহনবোৰ ৰখাই দিছে ৰৈ থকা মানুহখিনিক পথটো পাৰ হ'বৰ বাবে। মন কৰিব সেই ঠাইৰ ঠিক ১০০ ফুট দুৰত এখন উৰনীয়া পদসেতু আছে। চৰকাৰে ভাবি চিন্তি তাত সেইখন স্থাপন কৰিছে যাতে এনেকৈ দিনটোত শ-হাজাৰ মানুহে নিতৌ সুকলমে পথটো পাৰ হৈ যাব পাৰে ওপৰেৰে..। এনেকৈ পাৰ হোৱা ৯০% মানুহ কিন্তু সচিবালয়ৰ কৰ্মচাৰি। এই মানুহখিনিৰ কোনেও সেইখন সেতুখন ব্যৱহাৰ নকৰে...।
(৩) চিটি বাচত উঠিব লগা হ'ল; আপুনি যতে ঠিয় হৈ আছে তাতে হাতখন দাঙি দিলে, বাচখন পথৰ সোমাজতে ৰ'ল। আপুনি ঠিয় হোৱা ঠাইৰ পৰা মাত্র এশফুট দুৰত হয়তো চিটিবাচ আস্থান। কিন্তু আপোনাৰ সময় নাই, তালৈ গৈ আপুনি বাচত উঠাৰ। আৰু আপুনি যদি নিজৰ বাহনেৰে সেই বাচখনৰ পিছে পিছে আহি আছেম আপুনিয়েই বাচৰ ড্ৰাইভাৰক হয়তো চৌদ্ধপুৰুষ উজাৰি গালি পাৰিব তেতিয়া...
(৪) মন কৰিব, গুৱাহাটীৰ মূলপথ কেইটাৰ প্ৰ্তিটোতে ঠায়ে ঠায় জেব্ৰা ক্ৰচিং আছে। প্ৰ্ধানত য'ত মুল পথটোৰে সোহাঁতে ঘুৰাৰ সুবিধা থাকে। আপুনি হয়তো জেব্ৰা ক্ৰচিং মানে কি নাজানে; কাৰণ জনাহলে আপুনি পথটো পাৰ হওঁতে সেই জেব্ৰা ক্ৰচিঙেৰে পাৰ হ'ল হেতেন। নতুবা আপুনি যদি নিজা বাহন বা বাইক চলাই আছে, তেতিয়া আপুনি নিশ্চিত ভাৱে এই জেব্রা ক্ৰচিঙৰ ঠিক আগত এক নিৰাপদ দুৰত্বত গাড়ীখন ৰখাই সংকেতলৈ অপেক্ষা কৰিলেহেতেন। আপোনাৰ যিহেতু জ্ঞান নাই, সেয়ে আপুনি ঘুৰিবৰ বাবে আধা-আধি ৪৫ ডিগ্ৰি কোণত সিটো ফালে ঘুৰিলেই... কেৱল সুযোগৰ অপেক্ষাত...!!
(৫) ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনা এটা ঘটিল... ধৰক বাহন এখনে কোনোবা এজনক মহতিয়াই নিলে.... দুৰ্ঘটনা সদায় দুৰ্ঘটনাই। কোনেও জানি বুজি নকৰে। আপুনি দুৰ্ঘটনাস্থলীৰ ওচৰে পাজৰে থাকে। আপোনাৰ দিনটো একো কাম নাই... ধিতিঙালি কৰি কটায়। বছ, কোনে পাই আপোনাক। মূল পথটো অৱৰোধ কৰি টায়াৰ জ্বলাই দিয়্ক। লগে লগে কোনেও একো বুজি নোপোৱা অৱস্থা হৈ শ শ যান বাহন দুয়োকাষে লানি লাগিল। আপোনাৰ ওঠৰ কোণেৰে এক চেদিষ্টিক প্লেজাৰৰ হাঁহি ওলাই আহিল... মুখেৰে বিৰবিৰালে '@#$ (অশ্লীল), গাড়ী চলাই দেমাকি দেখুৱাবলৈ আহ...!! আৰু সেই যান যতত হয়তো কোনো দুৰ্ভগীয়া ৰোগীয়ে প্ৰান পৰ্য্যন্ত হেৰোৱালে...
(৬) আপোনাৰে কোনোবা অঙহী বঙহীৰ বিয়া। এক ৰেচিডেঞ্চিয়েল অঞ্চলত অৱস্থিত বিবাহ বাহৰত দৰা আহিল ৰাতি বাৰ বজাত। আপোনাক কোনে পায়? আধা ঘন্টা ধৰি আপুনি কাণ -তাল মৰা শব্দেৰে ফটকা ফুটাই থাকিল। কাৰণ আপোনাৰ প্ৰিয় অঙহী বঙহীৰ বিয়া এদিনহে হ'ব। উচতম ন্যায়ালয়ৰ নিৰ্দেশ (নিশা ১০ বজাৰ পিছত যিকোনো উচ্চ প্ৰাবল্যৰ ফটকা ফুটুৱা নিষেধ) কোনে মানে? কাৰণ এনে নিয়মা মানি থাকিলে আপোনাক লোকে হাঁহিব। আপোনাৰ এইকন কথা বুজিবলৈও ক্ষমতা নাইযে সে ইবিবাহ বাহৰটোত হয়তো মাহে ৫-১০ খন বিয়া হয়। আৰু তাৰ চাৰিওকাষৰ মানুহ খিনি গোটেই বছৰটো এনেকৈ অশান্তিত কটায়..
(৭) আমি যিহেতু অসমীয়া, গতিকে আমাৰ উৎসৱ পাৰ্বনত আমি পুৱতি নিশালৈ মাইক বজাম, গান বজাম। তাত কোনে কি ক'ব? যেনে ধৰক বিহুত, পূজাত, অখণ্ড কীৰ্তনত...!! ন্যায়লয়ৰ ৰায় অসমীয়াৰ বাবে নহয়।
(৮) জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁমাজত ঘাইপথ প্ৰাধিকৰণে চালক, সাধাৰণ ৰাইক, পদযাত্ৰী সকলোৰে সুৰক্ষা সুবিধাৰ বাবে একোখন টিনৰ বেৰ বা জালি লগাইছে আজি দুমাহ মানৰ পৰা। তাৰ মাজত ঠায়ে ঠায়ে ইফালৰ পৰা সিফাললৈ পাৰ হবলৈ কিছু দুৰে দুৰে (১ কিমি) ফাঁক ৰাখিছে। এতিয়া ৰাইজৰ আপত্তি, যাৰ য'ত যেনেকে মন পাৰ হ'ব নোৱাৰে.. কোনোবাই ১০০ মিটাৰ ঘুৰি যাব লাগে। গতিকে এইবোৰ আতঁৰাই পেলাব লাগে... এৰাঃ ...
আচলতে এনেকৈ কৈ শেষ কৰিব নোৱাৰি। আমিবোৰ ইমান অজ্ঞানী, আইন অমান্যকাৰি তথা নিয়ম নমনা জাতি যে আমাক কোনেও একো শিকাব নোৱাৰে। আমাৰ বাবে যিকোনো নিয়ম, আচৰণবিধি, আইন আদি কথাবোৰ কেৱল ভংগ কৰিবৰ বাবেহে... !! কাৰণ আমিযে অসমীয়া...মিচা ক'লে কি ডাল হব নহয়নে... !!
[বি.দ্ৰ. - ময়ো অসমীয়া দেই ]
১০০% সচাঁ কথা লিখিলে দেই। ✌
ReplyDelete