বিনিয়োগ সন্মিলন অসম
ধীমান সিনহা
(১)
যোৱা সপ্তাহত অসমত বিনিয়োগ সম্পৰ্কীয় প্ৰথম বিনিয়োগকাৰীৰ সন্মিলন 'এডভান্টেজ আছাম' অনুষ্ঠিত হৈ যায়। এয়া অসমত বিনিয়োগ সম্পৰ্কীয় প্ৰথম গুৰুত্বপূৰ্ণ প্ৰচেষ্টা আছিল ভাৰতীয় অৰ্থনীতি মুকলি কৰাৰ প্ৰায় তিনিটা দশকৰো অধিক কাল পিছত। তাৰ আগতে কিয় হোৱা নাছিল তাৰ বাবে এটা সহজ উত্তৰ হ'ল উগ্ৰপন্থীৰ সমস্যা, কিন্তু উত্তৰটো সিমান সহজো নহয়। কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থাৰ সমস্যাটো আকৌ অনগ্ৰসৰতা আৰু অনা উদ্যোগীকৰণৰ ৰাজনৈতিক ব্যাধিৰ সৈতে জৰিত আৰু ইটোৰ পৰা সিটো সৃষ্টি হৈ আকৌ সিটোক প্ৰভাবান্বিত কৰিছে (চাকনৈয়া)। সি অইন এটা প্ৰসংগ, কিন্তু চন দুহাজাৰৰ পিছৰ পৰা সন্ত্ৰাসৰ যিটো পাৰম্পৰিক সংজ্ঞা ব্যৱহৃত হয়, সেই অৰ্থত উত্তৰ পূৰ্বাঞ্চলত উগ্ৰবাদৰ সমস্যা নাই। গুড়গাঁওতো হত্যা অপহৰণ হয়, দিল্লীতো গুলি চাকু চলে, মুম্বাইতো বোমা ফুটে- সেই ধৰণৰ বিক্ষিপ্ত সমস্যা আছে থাকিব, কিন্তু নিবেশ কৰা মূলধনক লৈ ত্ৰাসিত হ'ব লগীয়া পৰিস্থিতি এতিয়া নাই। গতিকে দেৰীকৈ হ'লেও এয়া এক জৰুৰী আয়োজন আছিল। সেয়া সফল আছিল নে সফল নাছিল তাক লৈ দুটা নজৰ চলি আছে ৰাজনৈতিক মহল সমূহত, ছছিয়েল মেডিয়াত।
চৰকাৰী পন্হী আৰু আধুনিক গোলকীকৰণৰ বা মোডী মডেলৰ অৰ্থনীতিৰ দ্বাৰা অনুপ্ৰাণিত সকলে ক'ব খোজে কেৱল অখ্যাতনামা দুজনমান পূজিপতিক লৈ কৰা কোনো আয়োজন নাছিল এয়া, দস্তুৰমত ভাৰতীয় উদ্যোগ আৰু বাণিজ্য জগতৰ সকলো পূৰুধা ব্যক্তি বা অনুষ্ঠানে প্ৰত্যক্ষ অংশগ্ৰহণ কৰিছিল। তদুপৰি জাপান আৰু দক্ষিণ পূৱ এছিয়াৰ ভালেকেইখন ৰাষ্ট্ৰ, বাংলাদেশ, ভূটান, নেপাল আদিয়ে ইয়াত অংশ গ্ৰহণ কৰিছিল। আটাইতকৈ ডাঙৰ কথা, চৰকাৰী পক্ষৰ মতে, প্ৰথম প্ৰচেষ্টাতে প্ৰায় এক লাখ কৌটি টকা মূল্যৰ বিনিয়োগ সম্পৰ্কীয় বুজাবুজিৰ চুক্তি হৈছে বিভিন্ন কোম্পানী, নিগম আৰু ৰাজ্য চৰকাৰৰ মাজত- সেয়া সঁচাই এক ডাঙৰ ৰাশী। ইয়াৰ বিপৰীতে বিৰোধী সকলৰ মতে বুজাবুজিৰ চুক্তি হোৱা মানেই নিবেশ হোৱা নুবুজায়। তেওঁলোকৰ শংকা সেই ৰাশীৰ এক শতাংশও হয়তো প্ৰকৃত বিনিয়োগ হৈ নুঠিবগৈ। আকৌ বুদ্ধিজীৱী, ছছিয়েল মেডিয়াত মত প্ৰকাশ কৰা একাংশৰ প্ৰতিক্ৰিয়াও স্তিমিত। এনেয়ে উদ্যোগীকৰণ হোৱা নাই বুলি আন্দোলন, তাল ফাল কৰি থকা সকলে যেন বিনিয়োগক লৈ কিছু ৰক্ষণশীল, কিছু ভ্ৰমাত্মক শংকাত শংকিত। ইয়াৰ কাৰণ মই স্বাধীনোত্তৰ কালৰ পৰা সৃষ্টি কৰা একঘৰণৰ কুম্ভক বৃত্তিৰ চাকৰীয়াল মধ্যবিত্ত আৰু মধ্যভোগীৰ মানসিকতা বুলি ভাবোঁ। ষাঠীৰ পৰা তেওঁলোকৰ ক্ষুদ্ৰ স্বাৰ্থক শিখণ্ডি কৰি ন্যস্তস্বাৰ্থ জৰিত মহলবোৰে সংগতিবিহীন তথ্য আৰু বিকৃত স্বপ্নৰ ওপৰত সমাজিক অশান্তি আৰু ফলাফল বিহীন আন্দোলন সমূহৰ সৃষ্টি কৰিলে, অসম অনগ্ৰসৰতা আৰু স্থবিৰতাৰ কেন্দ্ৰ হৈ পৰিল। দুটামান উদাহৰণ দিছোঁ। সেই ষাঠীতে কোৱা হ'ল অসমৰ তেল আৰু গেছৰ ওপৰত ভাৰতৰাষ্ট্ৰ ধনী হৈছে আৰু বাৰাউনীক তেনে 'উপনৈবেশীকতা'ৰ উদাহৰণ বুলি লৈ ৰক্তক্ষয়ী আন্দোলন গঢ়ি তোলা হ'ল। প্ৰথম কথা কেন্দ্ৰীয় সূচীৰ কোনো সম্পদৰ ওপৰত ৰাজ্যৰ কোনো অধিকাৰ নাই ৰয়েল্টিৰ বাহিৰে, দ্বিতীয় কথা গুৰুত্ব পাব লাগিছিল ৰয়েল্টি বৃদ্ধিৰ দাবী- সেয়া নহৈ কেন্দ্ৰৰ সম্পদ ক'ত শোধন কৰিব তাক লৈ ইমান তেজ পানী কৰাৰ যুক্তি নাছিল আৰু ইয়াত যদি বাৰাউনী হ'লহেতেন খুউব বেছি দেৰ দুহাজাৰ মানুহৰ অধিক সংস্থাপন হ'লহেতেন। আৰু আটাইতকৈ ডাঙৰ কথা, আজিৰ তাৰিখত অসমৰ তেল বাহিৰলৈ নিয়া বাদেই দিয়ক অসমৰ ৰিফাইনেৰী কেইটা চলাবলৈ লাখ লাখ বেৰেল তেল আমদানি কৰিব লগীয়া হয় বাহিৰৰ পৰা। ৰাজ্যৰ চাহ আৰু অন্যান্য উদ্যোগ সমূহৰ বা ঘৰুৱা চাহিদা মাৰিব পৰা গেছৰ উৎপাদন বা ভঁৰাল নাই বুলিলেই হয়। এই দিশত সদ্যহতে ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ সৈতে অসম পাইপলাইনৰ দ্বাৰা যুক্ত হোৱাৰ ফলত ৰাজ্যখনত এক যুগান্তকাৰী পৰিবৰ্তন আহিব বুলি আশা কৰা হৈছে, চহৰে চহৰে পাইপেৰে গেছ সংযোগলৈকে। তেনেবোৰ জড় স্থবিৰতাই এইবাৰো গা কৰি উঠিছে সমাজিক মেডিয়া বা কিছু বুদ্ধিজীৱী আলোচকৰ আলোচনাৰ মাজত। বিৰোধীৰ কথা সুকীয়া তেওঁলোকৰ বিৰোধ কৰাটো ধৰ্ম আৰু তাতেও গুৰুত্ব পূৰ্ণ কথাটো আহে এইখন ৰাজ্যৰ পৰা কেন্দ্ৰীয় অৰ্থমন্ত্ৰী, প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো ভাৰতীয় গোলকীকৰণৰ জনক মনমোহন সিঙে কিয় ফুটাকড়ি এটাও বিনিয়োগ কৰিব নোৱাৰিলে অসমত। অশান্ত পৰিস্থিতি সিমানো নাছিল কিন্তু ৯৬ৰ পিছত আৰু ৰাজহুৱা খণ্ডৰ বিনিয়োগত কি বাধা আছিল, এই সন্মিলনত যদি কেৱল ভাৰতীয় তেল নিগমে অহা কেইটামান বছৰত দহ হাজাৰ কৌটিৰ বিনিয়োগৰ প্ৰস্তাব আগবঢ়াব পাৰে?
কিন্তু তাৰ পিছতো যুক্তিপূৰ্ণ কিছুমান সাবধানতা আৰু শংকা থাকিব পাৰে। কিন্তু সেয়া আলোচনা কৰিব লাগিব তথ্য সহকাৰে, সু-সংযত ভাবে, বিজ্ঞসকলক লগত লৈ, যদি আধুনিক গোলকী পূজিবাদৰ দ্বাৰা বিনিয়োগ কৰি ৰাজ্যখনত ক্ষিপ্ৰ উন্নয়ন সাধন কৰিব লাগে। নিজৰ জীৱন শৈলী পূৰ্ণ গোলকীকৰণ কৰি, মোডীৰ দলক নিৰকুংশ সংখ্যাগৰিষ্ঠতাত বিজয়ী কৰি উঠি পূজী আৰু পূজীপতিৰ প্ৰতি তাহানিৰ সমাজবাদী আওকণীয় মনোভাব প্ৰদৰ্শন কৰাটো কিন্তু একধৰণৰ আধুনিক প্ৰতিক্ৰিয়াশীলতাই হ'ব। তেনেহ'লে কি কি 'যুক্তিপূৰ্ণ সাবধানতা' লোৱা উচিত বা শংকা পোষণ কৰা উচিত? প্ৰথম কথা এনেধৰণৰ পূজিমেলাৰ সকলো প্ৰতিশ্ৰুতি (বুজাবুজিৰ চুক্তি) কিন্তু সকলো ৰাজ্যৰ ক্ষেত্ৰত সম্পূৰ্ণভাবে নালাগে আনকি কিয়দাংশও বাস্তবত ৰূপান্তৰিত নহয়। পূজিমেলা আৰম্ভ হয় মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী থকা কালীন 'ভাইব্ৰেন্ট গুজৰাট' নামৰ পূজীপতিৰ বিৰাট সমাবেশ সমূহৰ পৰা। লাহে লাগে বিভিন্ন ৰাজ্যলৈ সেয়া বিয়পিবলৈ ধৰে। গুজৰাটত সেয়া সাংঘাটিক ভাবে সফল আছিল, পাঞ্জাবত প্ৰায় সফল আছিল, দক্ষিণৰ ৰাজ্যসমূহত কোনো কোনো ক্ষেত্ৰত ভীষণভাবে সফল আছিল (চেন্নাইত বাহন নিৰ্মান ক্ষেত্ৰ, কৰ্ণাটক আদিত তথ্য প্ৰযুক্তি আদি) , পশ্চিম বংগ আদিত সেই ধৰণৰ সফলতা নাছিল। বহুকেইটা কাৰকে কাম কৰে এনেবোৰ প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি ৰক্ষাৰ মাজত সংগতিৰ ক্ষেত্ৰত। প্ৰথম কথা ৰাজ্যএখনৰ আন্তঃগাঁথনি, ৰপ্তানি সম্ভাবনীয়তা আৰু কিমান সোণকালে নিবেশৰ লাভ আহিব সেই আদিম হিচাব। দ্বিতীয় কথা, ৰাজ্যখনৰ ৰাজনৈতিক শ্ৰেণীটোৰ নিবেশ আজুৰি আনিব পৰা ৰাজনৈতিক দম বা ক্ষমতাৰ ওপৰত আৰু তৃতীয়তে দক্ষ সুলভ শ্ৰমৰ সুচলতা বা শ্ৰমিকৰ বাৰ মহীয়া সমস্যা ধৰ্মঘট আদি যিবোৰ ঠাইত কম বা য'ত চৰকাৰী প্ৰত্যুৎসাহ, কৰ ৰেহাই বা ৰাজসাহায্য দিয়া হয়। অসম বা উত্তৰ পূৰ্বাঞ্চল ইমান বছৰে একধৰণে বিস্মৃত ক্ষেত্ৰৰ ৰূপত বিৰাজ কৰিছিল গতিকে ইয়াত যদি ধ্ৰুপদী অৰ্থনৈতিক হিচাবৰ পৰা চায় তেনেহ'লে সেই পাৰম্পৰিক আকৰ্ষণৰ কাৰকবোৰ দুৰ্বল। আন্তঃগাঁথনিৰ চিৰিয়াছ উন্নয়ন আৰম্ভ হৈছেহে মাথোন, ইমান বছৰৰ দয়াপৰবশ বা দুৰ্নীতি দকা হকাৰ কুটিৰ উদ্যোগ অৰ্থনীতিৰ পিছত এটা ব্যবসায়িক বা পূজিবাদী শ্ৰেণী লাহে লাহে বিকাশ হ'বলৈ আৰম্ভ কৰিছে, আনকি অসম বা উত্তৰ পূৰ্বাঞ্চলৰ চৰকাৰী তন্ত্ৰসমূহেও ইমান দশকৰ পিছত লাহে লাহে পূজিবাদ নিৰ্ভৰ স্বয়ংসম্পূৰ্ণ অৰ্থনীতিৰ বিষয়ে সচেষ্ট হ'বলৈ আৰম্ভ কৰিছে। কিন্তু দুটামান অইন ৰাজ্যৰ ক্ষেত্ৰত নথকা বিশেষত্ব আছে ইয়াত। এই অঞ্চল এক অপৰিসীম গুৰুত্বপূৰ্ণ মধ্যমাঞ্চল ভাৰত আৰু চীন তথা দক্ষিণ পূৱ এছিয়াৰ মাজত। যি প্ৰাক গোলকীকৰণ যুগত দুৰ্নীতিপূৰ্ণ সৰ্বভাৰতীয় ৰাজনৈতিক শ্ৰেণী আৰু ক্ষমতালোভী সামৰিক কৰ্মকৰ্তা সকলৰ কাৰণে এক চৰণীয়া পথাৰ আছিল তাক আজিৰ তাৰিখত ওলোটাই ললেই হৈ পৰে অপৰিসীম গুৰুত্বপূৰ্ণ এক ভৌগলিক ক্ষেত্ৰ য'ত প্ৰতি টকা নিবেশৰ লাভত চাৰি অনা ওপৰঞ্চি সামৰিক কৌশলগত (ষ্ট্ৰেটেজিক) লাভ আছে। আৰু কেৱল সেয়াই নহয় ওচৰতে চীন আৰু দক্ষিণ পূব এছিয়া, বাংলাদেশ, নেপাল, ভূটান আদিৰ লোভনীয় বাণিজ্য ক্ষেত্ৰসমূহ য'ত ৰপ্তানীৰ সম্ভাবনা প্ৰচুৰ। কিন্তু সেই সম্বন্ধে ইয়াৰ ৰাজনৈতিক শ্ৰেণী আৰু কেন্দ্ৰীয় ৰাজনীতিত থকা মানুহখিনি দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব। তৰুণ গগৈৰ লেখিয়া হতোদ্যম কৰা মন্তব্য কাম্য নহয়। আনকি সামৰিক 'মহল' সমূহেও যি কাম ইমান বছৰে ইবাটে কৰিছিল, এতিয়া সিবাটে কৰা উচিত। গোলকীয় অৰ্থনীতিত বাধ্য কৰিব নোৱাৰে, কিন্তু বিনিয়োগৰ সু পৰিবেশ সৃষ্টি কৰিব পাৰে, দিশ নিৰ্দেশ কৰিব পাৰে বা যুদ্ধকালীন তৎপৰতাত সত্তৰ বছৰৰ পৰা ৰখি থকা আন্তঃগাঁথনিৰ সুবিধাৰ উন্নতি কৰিব পাৰে। কিন্তু বিৰোধীৰ নিৰাশাই সঁচা হ'ব পাৰে যদি মাৰ্ছেদিজ আৰু আলোকসজ্জিত গুৱাহাটীৰ ওপৰিও সেই সন্মিলনৰ বুজাবুজিবোৰৰ প্ৰতিটো দফা বাস্তবত ৰূপান্তৰিত কৰিবলৈ আন্তৰিক আৰু দৃঢ় প্ৰচেষ্টা নচলায়- আনুষ্ঠানিক অৰ্থত চৰকাৰী মন্ত্ৰী বিষয়াৰ দ্বাৰা বা সামৰিক অসামৰিক হেঁচা (ইমান বছৰৰ আড়ষ্টতা ভাঙিবলৈ হেচাও দৰকাৰ হ'ব) প্ৰয়োগৰ দ্বাৰা। অনানুষ্ঠানিক ভাবে অসমৰ উন্নয়নৰ বাবে দল মত নিৰ্বিশেষে নূন্যতম জাতীয় সহমত, ইয়াৰ সমাজিক ৰাজনৈতিক সংগঠক, উদ্যোগী , পূজিপতি শ্ৰেণীটোৰ দ্বাৰা এই বুজাবুজিক বাস্তবায়িত কৰিবলৈ সৰ্বভাৰতীয় স্তৰত মতামত , প্ৰচাৰ আদিৰ দ্বাৰা।
কিছুমান শংকাৰ কাৰণো আছে। বুজাবুজিৰ চুক্তি বা এতিয়ালৈকে হোৱা বিনিয়োগ বা বিনিয়োগৰ ধৰণ আদিলৈ যদি চায় লক্ষ্য কৰিব অধিকাংশ বিনিয়োগ কিন্তু ভাৰত চৰকাৰৰ নিয়ন্ত্ৰনাধীন নিগম সমূহৰ সৈতে হৈছে। সেয়া প্ৰকৃত পূজিবাদী অৰ্থত বিনিয়োগ নহয়, পূজি সিঞ্চন ( পাম্প প্ৰাইমিং)। চৰকাৰে ইছ্ছা কৰিলে সচিব পৰ্যায়ত নিৰ্দেশ জাৰী কৰি সেই বিনিয়োগ কৰিব পাৰিলে হেতেন। কিন্তু তথাপিতো আশাবাদী কাৰণ ইমান বছৰে সেয়া হবলগীয়া উদ্যম আছিল। দ্বিতীয়তে এতিয়ালৈকে ব্যক্তিগত খণ্ডৰ ভিতৰত কেৱল পতঞ্জলি গ্ৰুপৰ নিবেশ সৰ্বাধিক প্ৰায় তেৰ হাজাৰ কৌটি। সেয়াও প্ৰশংসনীয় কিন্তু সেই একেই সমস্যা। প্ৰকৃত পূজিবাদী অৰ্থত পতঞ্জলি উদ্যোগ তেনেধৰণৰ মূলসূতিৰ বাণিজ্যিক ঘৰানা নহয়। তাৰ বিপৰীতে যদি টাটাৰ প্ৰতিশ্ৰুতি চায়, কেৱল ৮৫০ কৌটি তাকো কেঞ্চাৰ হস্পিটাল নিৰ্মানত (আনকি টাটাৰ বিৰাট চাহ ব্যৱসায়তো কোনো নতুন বিনিয়োগৰ প্ৰস্তাব নাই)। মুকেশ আম্বানিয়ে কৈছে ২৫০০ কৌটি টকা দুবছৰত বিনিয়োগ কৰিম, কিন্তু প্ৰকল্প হিচাবে তেওঁ কেৱল জিলা সদৰসমূহত জিও ফ'নৰ একোটা অফিছ খোলাৰ কথা ক'লে। সেয়া হাস্যকৰ, আনকি নিয়োগ অৰ্থনীতি (টেৰিছিয়াৰী ক্ষেত্ৰৰ) তো তাৰ ফলাফল হব নগণ্য। একেধৰণে মোডীয়ে নিজেও কোনো উত্তৰ পূৰ্বাঞ্চল সাপেক্ষ বা আছিয়ান দুৱাৰমুখ সাপেক্ষ পেকেজ ঘোষণা কৰাৰ সলনি হাস্যবদনে কেৱল কেন্দ্ৰীয় বাজেটখন আলোচনা কৰিলে, সেয়া কৰাৰ কথা নাছিল (অৱশ্যে এতিয়ালৈকে ভাজপা বা মোডীক উত্তৰ পূৰ্বাঞ্চল লৈ কোনো বিশেষ পেকেজ ঘোষণা বা বিশেষ সাংবিধানিক ৰক্ষাকবচৰ ঘোষণা কৰা নেদেখিলোঁ, সেয়া কৰাৰ কথা আছিল, এতিয়া যোৱাৰ সময় সমাগত)। ভূটান আহিল, জাপান আহিল- নিজৰ নিজৰ দেশৰ কথা বা ভাৰতৰ অৰ্থনীতিৰ দুই এটা দিশ আওৰাই গ'ল, কোনো সময় নিৰ্দিষ্ট অসম ভি্ত্তিক বিনিয়োগৰ প্ৰস্তাব নেদেখিলোঁ। সেয়া কৰিবলৈকেহে তেওঁলোকক আমন্ত্ৰণ কৰা হৈছিল। এই গোটেইটো গঢ় (পেটাৰ্ণ) সেই পুৰণিকলীয়া সামৰিক ৰাজনৈতিক লবীৰ গোন্ধ থকা। যেন দয়াপৰবশ বিনিয়োগ, যদিহে আঙুলি ঠাৰত নাচা। বোধহয় পুৰণি পাৰম্পৰিক প্ৰতিস্থানধৰ্মীতা পৰিবৰ্তন কৰিবলৈ আৰু অলপ অধিক হেঁচা লাগিব। অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ আজিৰ তাৰিখৰ বিশিষ্ট অৱস্থানে সেই হেচাও আনিব, কিন্তু আমিও দকা হকাৰ ক্ষুদ্ৰ জগতখনৰ উৰ্ধত মূলসূতিৰ উদ্যোগ আৰু বাণিজ্যনিৰ্ভৰ অৰ্থনীতিৰ বাবে গামোচা আগবঢ়াব লাগিব। প্ৰথমতেই পৰিকাঠামোৰ দ্ৰুততম পৰিবৰ্তন, বিনিয়োগ আৰু নিয়োগৰ বাবে প্ৰয়োজনীয় শান্তি আৰু সুস্থিৰতা আৰু কৰ্ম সংস্কৃতিৰ আমূল পৰিবৰ্তন। সেই দহৰ স্কেল দালত চৰকাৰৰ প্ৰথম প্ৰচেষ্টাক মই সাত নম্বৰ দিম, কিন্তু স্কেলডালৰ দুটামান কোব মোডী চৰকাৰেও পাব- কাৰণ বিনিয়োগ সন্মিলন বাজেট আলোচনাৰ মঞ্চ নাছিল।
(২)
অলপ কবিতা
১৯৯২ চনত টি ছিৰেজে এখন অতি জনপ্ৰিয় গজলৰ কেছেট প্ৰকাশ কৰিছিল। ইংৰাজীত নামটো আছিল আছিয়ান। আচলতে উৰ্দুত 'এন' টো অনুনাসিক শব্দ হিচাবে উচ্চাৰিত হয়। মূল উৰ্দু 'আছিয়াঁ'। ঘৰ বা গৃহ। আজি মনত পৰিল। অনুৰাধা পৌডৱাল আৰু পংকজ উদাসৰ কন্ঠৰ গজল কেইটা আজিও মন চুই যায়। কাৰ কবিতা পাহৰিলোঁ, দুটামান শাৰী।
'তেৰে খামোছ হোতোঁ পে মুহাব্বত গুণগুণাতে হ্যে
ম্যে তেৰা হুঁ তু মেৰা হ্যে এহী আৱাজ আতী হ্যে
................................................................................
জৰুৰী তো নেহী কী বোলনে ছে প্যাৰ হোতা হ্যে
কি আখোঁ আখোঁ মে ভী প্যাৰ কা ইজহাৰ হোতা হ্যে
তেৰী আখেঁ মেৰী আখোঁ কো এ্য কহকৰ বুলাতি হ্যে...'
(তোমাৰ নিস্তদ্ধ ওঁঠ দুটাত সেয়া ভালপোৱাৰ গুণগুণনি
মই তোমাৰ আৰু তুমি মোৰ, তাৰেই প্ৰতিধ্বনি
...............................................................................
এয়াটো প্ৰয়োজনীয় নহয় যে প্ৰেমত ভাষা থাকিবই
কাৰণ চাৰি চকুৰ মিলনেও প্ৰেমৰ কথাকে ক'ব
তোমাৰ দুচকুৱে মোৰ দুচকুক তাকেই কৈ ৰিঙিয়াই...)।
(লেখাটি দৈনিক অগ্ৰদূতৰ পাতত লেখকৰ পষেকীয়া কলম 'প্ৰায় নিৰপেক্ষ'তো প্ৰকাশ পাইছে)
No comments:
Post a Comment