সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাৰতীয় মুছলমানৰ আত্মমন্থন জৰুৰী
ইঞ্জিনীয়াৰ জাকিৰ হুছেইন
কোনো এখন দেশৰ ৰাষ্ট্রযন্ত্ৰ সেই দেশৰ সংখ্যালঘুসকলৰ প্রতি কেনে ধৰণৰ পক্ষপাতহীন আচৰণ কৰে আৰু কেনেকৈ তেওঁলোকৰ বিশ্বাসভাজন হয় বা আস্থা অর্জন কৰে, সেয়া ন্যায়পৰায়নতাৰ এক এচিড (Acid) টেষ্ট মাথো। ভাৰতৰ মুছলিমসকলৰ অর্থনৈতিক, সামাজিক তথা শিক্ষাগত অৱস্থান সম্পর্কে জনাৰ বাবে কেইবছৰমান আগেয়ে ভাৰত চৰকাৰে চচাৰ কমিটি নামৰ এক বিশেষ কমিটি গঠন কৰিছিল। কিন্তু মুছলমানৰ দুৰৱস্থাৰ কাৰকসমুহ অনুধাৱন কৰিবলৈ ৰাজেন্দ্ৰ চচাৰ কমিটিৰ প্ৰতিবেদন অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে জানো? অৱসৰপ্ৰাপ্ত ন্যায়াধীস মাৰকাণ্ডে কাটজুক এজন মুছলমান ব্যক্তিয়ে লিখা পত্ৰ এখন তেওঁ অলপতে ৰাজহুৱা কৰে। ব্যক্তিজনে খেদ প্ৰকাশ কৰি উল্লেখ কৰে যে মুছলমানৰ ফেচবুক, হোটাচ্আপ পোষ্ট পঢ়িলেই তেওঁলোকৰ দুৰৱস্থাৰ বিষয়ে স্পষ্ট ধাৰণা কৰিব পাৰি। তেওঁলোকৰ বেছিভাগ পোষ্টতে মোডীবিৰোধ, বিজেপি চৰকাৰ অথবা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বিৰুদ্ধে অপবাদ, মুছলমানৰ বেয়া দিনৰ ভৱিষ্যতবানী বা আশংকাৰে ভৰা সাবধানবানী। যেন তেওঁলোকে এই শাসনকালৰ আগেয়ে ভুস্বৰ্গত বসবাস কৰিছিল। সকলো বিষয়ত ঈশ্বৰ (আল্লাহ)ৰ পৰা সকলো বিচৰা মনোভাৱ এটালৈ অহৰহ চলি আছে। চচিয়েল মিডিয়াত নমাজ পঢ়ি থকা সৰু লৰা-ছোৱালীৰ ফটো বা ভিডিঅ’, ইছলামীয় আইনৰ মহিমা, গা-গছত, মেঘ, মাটীত লিখা আল্লাহৰ নাম, বোৰখা পিন্ধনৰ সুফল, এই মছজিদ সেই মছজিদ, ইৰাক-চিৰিয়াত নিহত হোৱাসকলৰ বাবে বেহেষ্টৰ প্ৰাৰ্থনা, কমলেশ তিৱাৰীৰ দৰে লোকৰ বিপক্ষে বদ দোৱা দিয়া হেজাৰ-বিজাৰ পোষ্ট, ৬ দিচেম্বৰ নতুবা বাবৰি মছজিদৰ বিষয়ে ফটো সম্বলিত পোষ্ট। এয়া স্মাৰ্টফোন, লেপটপ ব্যৱহাৰকাৰী শিক্ষিত ফেচবুক-টুইটাৰত ব্যস্ত মুছলমানৰ দুৰৱস্থা। ইয়াৰ পৰাই অশিক্ষিত অথবা কম পঢ়া-শুনা কৰা শ্ৰমিক-কৃষকসকলৰ অৱস্থা কেনে হ’ব তাৰ অনুমান কৰিব পাৰি। অৱসৰপ্ৰাপ্ত ন্যায়াধীশগৰাকীক ব্যক্তিজনে এনেবোৰ বিষয়ে উনুকিয়াই উল্লেখ কৰিছে যে তেওঁ মুছলমান সমাজৰ দোষ-ক্ৰুটি উলিওৱাৰ চেষ্টা কৰা নাই। বৰং মুছলমান সমাজৰ পিছপৰা দিশটোহে উজাগৰ কৰিছে যিদৰে চচাৰ কমিটি প্ৰতিবেদনত উল্লেখ আছে। পাৰ্থক্য এইখিনিয়ে যে চচাৰ প্ৰতিবেদনত মুছলমান সমাজ কিমান অনুন্নত সেই দিশবোৰ সন্নিবিষ্ট কৰা হৈছে আৰু তেওঁ উনুকিয়াইছে কিয় এই দুৰৱস্থা।

মাৰকাণ্ডে কাটজু ডাঙৰীয়াই উল্লেখ কৰা ব্যক্তিজনে উনুকিয়াই দিয়া দিশবোৰৰ সত্যাসত্যতা নিৰোপন কৰা সিমান সৰলো নহয়। এয়া বৰ্তমান সকলো ধৰ্মাৱলম্বী লোকৰে মাজত বহুল প্ৰচাৰিত ট্ৰেণ্ডত পৰিণত হৈছে। ধৰ্মক অধিকাংশই ব্যক্তিগত বিষয় হিচাবে ধৰি ৰাখিব পৰা নাই বা উপলব্ধিও কৰিব পৰা নাই। ইফালে ধৰ্মক ৰাজনীতিৰ সৈতে একাকাৰ কৰা প্ৰৱণতাই আৰ্থ-সামাজিক কাথামো সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। ৰাজনৈতিক নেতা এগৰাকী কঠোৰপন্থী নে নৰমপন্থী সেই বিষয়ে সততে জনসাধাৰণ অৱগত নহয়। তেওঁলোকক সেইৰূপে প্ৰস্তুত আৰু উপস্থাপন কৰে কোনে? মিডিয়াই নহয় জানো? তেওঁলোকৰ উক্তি বা কত্যুক্তি সমূহক এনেভাৱে প্ৰস্তুত কৰা হয় বা বাৰে বাৰে উপস্থাপন কৰা হয় যে সেই গৰাকী নেতাৰ তেনে এক ব্ৰেণ্ড ইমেজ সৃষ্টি হয়। সেইগৰাকী নেতাই পৰবৰ্তী পৰ্যায়ত নিজকে তেনেভাৱেই প্ৰস্তুত কৰিবলৈ বাধ্য হয় ইচ্ছা বা অনিচ্ছা স্বত্বেও! উত্তৰ প্ৰদেশৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ এজন কঠোৰপন্থী নেতা হিচাবেই মিডিয়াই সজাই পৰাই জনসাধাৰণৰ সম্মুখত প্ৰস্তুত কৰিছিল! তেওঁক মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচন কৰোতেও আপত্তি, আশংকা আছিল বহুতৰে! কিন্তু তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰা ৰাষ্ট্ৰীয় মিডিয়া সংস্থাসমূহে তেওঁৰ ইমেজ মেক অভাৰ কৰাৰ চেষ্টাত ব্ৰতী হৈছে। কঠোৰপন্থী হোৱাৰ বিপৰীতে তেওঁৰ ব্যক্তিত্বৰ যে আন বহুকেইটা অন্তহীন দিশ আছে সেইকথা এই মিডিয়া সংস্থাসমূহে নাজানিছিল নেকি? জনসাধাৰণক বিপথে পৰিচালিত কৰা হয় কিয়? এয়া বিশেষকৈ মুছলমানৰ বিপক্ষে এক অপৰাধ নহয় জানো? মুছলমানে সেইবাবেই তেনে এক মনোভাৱ লবলৈ বাধ্য। যোগীজীয়ে মুখ্যমন্ত্ৰী হোৱাৰ পাছত লোৱা বিভিন্ন পদক্ষেপে সকলো শ্ৰেণীৰ নাগৰিকৰে হিতসাধন কৰিব। তেওঁ যোগাসনৰ সুৰ্যনমস্কাৰৰ সৈতে মুছলমানে পঢ়া নামাজৰ সৈতে সামঞ্জস্যৰ বিষয়ে উল্লেখ কৰি দুয়ো ধৰ্মাৱলম্বীৰ মাজত সৌহাৰ্দ্য স্থাপনৰ প্ৰয়াস কৰিছে। মোডীজীৰ আদৰ্শৰে অনুপ্ৰাণিত যোগীয়েও ‘চবকা চাথ চবকা বিকাশ’ মুলমন্ত্ৰৰে মহীয়ান।

প্ৰায় পাঁচটা দশক শাসনভাৰ চলোৱাৰ পাছত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে উপলব্ধি কৰিছিল যে মুছলমান সমাজ আৰ্থ-সামাজিক দিশটোৰ প্ৰতি নজৰ দিয়া উচিত। তেওঁলোকৰ শাসনকালত ভোটবেংক ৰাজনীতি তথা স্বজন-তোষনৰ ফলত মুছলমান সমাজ কিমান দুৰ্দশাগ্ৰস্ত সেই বিষয়ে বুজ লোৱাৰ প্ৰয়োজনবোধ কৰিছিল চাগে। তেওঁলোক এইক্ষেত্ৰত কিমান সফল হৈছিল সেই বিষয়ে নিশ্চিত হোৱাৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছিল। কমিটিৰ সভাপতি আছিল দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতি ৰাজেন্দ্র চাচাৰ। তেওঁৰ নেতৃত্বত এই কমিটিয়ে সমগ্ৰ ভাৰত জুৰি মুছলমানসকলৰ ওপৰত বিশাল সমীক্ষা চলাই। এই সমীক্ষাত যিবোৰ বিষয় উত্থাপন কৰা হৈছিল সেইবোৰ হৈছে, মুসলমানসকল কি ধৰণৰ কর্মৰাজীৰ সৈতে জড়িত, বার্ষিক আয় কিমান, শিক্ষাগত যোগ্যতা কেনে, চৰকাৰী সাহায্য যেনে বেংক ঋণ পাবলৈ কিমান সক্ষম, কোন কোন এলাকাত তেওঁলোক থাকে, সেই স্থানবিশেষত পানীযোগান, বিদ্যুৎ যোগান, বাট-পথৰ অবস্থা কেনে, সম্পত্তি বা মাটিজমিৰ পৰিমান কিমান ইত্যাদি। প্রায় দেৰ বছৰ ধৰি সমীক্ষা চলোৱাৰ পাছত কমিটিয়ে এক বিশাল প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনখন প্রায় ৪৫০ পৃষ্ঠাৰ। নির্ভিক সত্যানুসন্ধানী এই প্ৰতিবেদন প্রকাশিত হোৱাৰ পাছতে ভাৰতবৰ্ষৰ প্ৰায় সকলো মিডিয়াই মুছলিম বঞ্চনাৰ বিষয়টো উপস্থাপন কৰে। এই কমিটিয়ে অৱস্থা কেনেকৈ পৰিবৰ্তন কৰিব পাৰি সেই বিষয়েও চুপাৰিচ কৰে। সর্বভাৰতীয় উর্দু নিবন্ধকাৰ এজনৰ মন্তব্য আছিল, “পৃথিবীৰ দ্বিতীয় বৃহত্তম মুছলিম জনগোষ্ঠী যে ভাৰতত বাস কৰে সেই সত্য এতিয়া এটা পুৰণি আৰু বহুল প্রচলিত গল্প। নতুন তথা আলোড়ন সৃষ্টিকাৰী বিষয় হল তেওঁলোকৰ সামাজিক অবস্থান, আর্থিক শোচনীয়তা, কর্মসংস্থানত অস্তিত্বহীনতা আৰু ৰাজনৈতিক শক্তিহীনতা।” সর্বভাৰতীয় ইংৰাজী নিবন্ধকাৰ Dr. S. Ausaf Saied Vasfiয়ে লিখে, “Muslim Condition is worse than that of Dalits. The only ‘sector’ where Indian Muslims are more than adequately represented is in Jail.” (মুছলিমৰ অৱস্থা দলিতসকলতকৈও অৱনমিত। একমাত্র চেক্টৰ যত ভাৰতীয় মুছলিমৰ প্রতিনিধিত্ব সমানুপাতিক বা অধিক সেয়া হ’ল জেল)।

আজি মুছলমানে ভাৰতীয় ৰাজনীতিত ইউ-টাৰ্ণ লোৱাৰ সময় সমাগত। উত্তৰ প্ৰদেশত বিজেপিৰ আশাতিত জয়লাভে নতুন চিন্তাৰ উদ্ৰেক কৰিছে আৰু ই সকলোৰে বাবে দৃষ্টি উন্মোচক হোৱা উচিত। মাত্ৰ পোন্ধৰ শতাংশ জনসাধাৰণৰ বিপক্ষে মেৰুকৰণ কিদৰে সম্ভৱপৰ হয়, সেই বিষয়ে এবাৰ দৃষ্টিনিক্ষেপ কৰা উচিত। দুয়ো সম্প্ৰদায়ৰ মাজৰ আটাইতকৈ বিভেদকামী বিষয়বোৰ মুলতঃ ১. ৰাম মন্দিৰ, ২. ইউনিফৰ্ম চিভিল কোড, ৩. তিনি টালাক, ৪. হজ চাবচিডি, ৫. গো-মাংস বা পশুধন নিধন। আটাইকেইটা অলাগতিয়াল বিষয়ে দুয়ো সম্প্ৰদায়ৰ মাজত ৰাজনৈতিক দুৰত্ব বৃদ্ধি কৰিছে। ফলত আৰ্থ-সামাজিক দিশত ই বিস্তৰ প্ৰভাৱ পেলাইছে। এই কেইটা বিষয় মুছলমানে সম্পূৰ্ণৰূপে এৰাই চলাৰ চেষ্টা কৰিব লাগে আৰু সম্পূৰ্ণ ইউ টাৰ্ণ লোৱা উচিত। ৰাম মন্দিৰ-বাবৰি মছজিদ বিষয়ত মুছলমানে বাদ-বিবাদ নকৰি এক সমিলমিলৰ পক্ষত সহমতত উপনীত হ'ব লাগে। বিষয়টো ধাৰ্মিক নহৈ অহস্মমতা বিবাদ (ইগো ক্লেছ) হৈ পৰা পৰিলক্ষিত হৈছে। মুছলমান সমাজৰ আশংকা হ’ল এই যে বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ প্ৰতিস্থা হোৱাৰ পাছত আন আন আৰাধনা কেন্দ্ৰ বা মছজিদটো আক্ৰমন চলোৱা হ’ব। এনে আশংকা অমুলক যেনেই লাগে। এই বিষয়টো ইতিমধ্যে অকাৰণত বিবাদিত কৰি থকা হৈছে আৰু বহু নিৰপৰাধী লোকে প্ৰাণ হেৰাইছে। নিজৰ এলেকাৰ মছজিদটোতে নামাজ পঢ়িব বিচাৰিলে পঢ়ক। যিঠাইত কোনো দিনে নামাজ পঢ়া নাই বা পঢ়াৰ কোনো দুৰ্বাৰ আশা পুহি ৰখা নাই সেই ঠাইৰ বাবে অমুলক আৱেগিক হৈ লাভ কি? সেই ঠাই মক্কা বা মদিনাটো নহয় আৰু ইছলামীয় নিয়ম অনুসৰি পৃথিৱীৰ যি ঠাইত নামাজ পঢ়া হয় সিয়ে আৰাধনা উপযোগী বা মছজিদ।

ভাৰতৰ সকলো নাগৰিকৰ বাবে এক অভিন্ন দেৱানি বিধি বা ইউনিফর্ম চিভিল কোড বাস্তবায়নৰ লক্ষ্যৰে দেশৰ ৰাষ্ট্ৰীয় আইন কমিচনে অলপতে এক জনমত সংগ্ৰহৰ প্রক্রিয়া আৰম্ভ কৰে। তেওঁলোকে দেশৰ সকলো নাগৰিকৰ পৰা দেশত প্ৰচলিত বিভিন্ন দেৱানী আইন বিষয়ত মতামত বিছাৰে। মুছলমানসকলৰ মাজত তিনি তালাক প্রথা বা হিন্দু সমাজত কোনো কোনো অংশত মৈত্রী-কাঢ়ি নিয়া বা বহুবিবাহৰ দৰে বিষয়ত যিবোৰ প্ৰথা বৰ্তমানে প্ৰচলিত সেইক্ষেত্ৰত নাগৰিকসকলৰ মতামত কি তাক নিশ্চিত কৰাৰ প্ৰয়াস কৰিছে। কিন্তু ভাৰতৰ মুছলীম পাৰ্চনেল ল’ বোর্ডে এই প্রক্রিয়াক বৰ্জনৰ আহ্বান জনাই বিধিপথালি দিয়ে। অভিযোগ কৰে যে ইউনিফর্ম চিভিল কোড প্রণয়নৰ নামত আইন কমিচনে দৰাচলতে বিজেপি চৰকাৰে গোপন এজেণ্ডা বাস্তবায়িত কৰিব বিচাৰিছে। সেয়ে ভাৰতৰ মুছলমান সমাজৰ আটাইতকৈ প্রভাৱশালী সংগঠন মুছলীম পাৰ্চনেল ল’ বোর্ডে এই জনমত সংগ্ৰহৰ ক্ষেত্ৰত তীব্র আপত্তি দৰ্শাই। বহুধর্মীয়, বহু মতাদৰ্শৰ দেশ ভাৰতত ইউনিফর্ম চিভিল কোড কেতিয়াও প্রযোজ্য হ’ব নোৱাৰে বুলি বহুতৰে ধাৰণা। বিবাহ, বিবাহ-বিচ্ছেদ, সম্পত্তি বা উত্তৰাধিকাৰৰ দৰে বিষয়বোৰ বিভিন্ন ধর্মৰ পাৰ্চনেল আইনৰ অধীন আৰু আইন কমিচনে এই বিষয়বোৰত হস্তক্ষেপ কৰা উচিত নহয় বুলি বহুতে মতপোষন কৰে। কিন্তু তাৰ পাছতো যদি চৰকাৰে উইনিফৰ্ম চিভিল কোড প্ৰনয়ণেৰে এক অভিন্ন আৰু সমান আইন প্ৰস্তুত কৰে তাত মুছলমানে প্ৰতিবাদ কৰাৰ কাৰণ নাই। আইন কমিচনে নিজৰ ৱেবচাইটত চাৰি পৃষ্ঠাৰ এটি প্রশ্নপত্র আপলোড কৰি লিখিছে যে দেশখনত অব্যাহত থকা সামাজিক অন্যায়ৰ প্ৰথাসমূহ দূৰীকৰণৰ উদ্দেশ্যে এক সমান নাগৰিক আইন প্রণয়ন কৰিব পৰা যায় নে নাযায় তাক নিশ্চিতিৰ উদ্দেশ্যে এই উদ্যোগ গ্ৰহণ কৰা হৈছে। প্রশ্নপত্রত মুছলমানসকলৰ মাজত প্রচলিত তাৎক্ষনিক তিনি তালাক প্রথা সম্পূৰ্ণৰূপে ৰদ কৰা, বাহাল ৰখা অথবা এই ক্ষেত্ৰত সংশোধনৰ প্ৰয়োজনীয়তা সম্পৰ্কত নাগৰিকসকলৰ মতামত বিচৰা হৈছে। হিন্দুসকলৰ ক্ষেত্রত নাৰীয়ে পৈত্ৰিক সম্পত্তিৰ উত্তৰাধিকাৰ সম্পৰ্কত সহজ আইন পৰিবর্তন কৰা উচিত হয় নে নহয়, সেই ক্ষেত্ৰটো মতামত আহ্বান কৰা হৈছে। খ্রিষ্টানসকলৰো বিবাহ বিচ্ছেদ চূড়ান্ত কৰাৰ আগেয়ে দুবছৰ বাধ্যতামূলকভাবে অপেক্ষা কৰা যি ৰীতি আছে, সেয়া কিমানদুৰ নাৰী-বিৰোধী সেই ক্ষেত্ৰটো ভাৰতীয় নাগৰিকসকলে মতামত দিব পাৰিব। ফলত এটা কথা স্পষ্ট ভাৰতৰ প্রায়কেইটা প্রধান ধর্মৰ বিভিন্ন বিতর্কিত বিষয়সমূহক লৈ ৰাষ্ট্ৰীয় আইন কমিচন মতামতৰ আহ্বান কৰিছে। স্মৰ্তব্য যে কমিচনে আইন মন্ত্রণালয়ৰ পৰামর্শদাতা হিচাবে কাম কৰে আৰু প্ৰত্যক্ষভাৱে আইন প্রণয়নৰ কোনো ক্ষমতা তেওঁলোকৰ নাই। যদি অভিন্ন তথা সমান আইন প্ৰৱৰ্তন কৰা হয় তেন্তে ৩৭১কৰ দৰে অনুচ্ছেদ বাতিল কৰিব লাগিব। অৱশ্যে চৰকাৰৰ হৃদয় পৰিবৰ্তনো হ'ব পাৰে। তেওঁলোকে সংখ্যলঘু মুছলমানৰ আৰ্থ সামাজিক উত্তৰণৰ কথাও ভাৱিব পাৰে।

মুছলীম পাৰ্চনেল ল’ বোৰ্ডৰ আকোৰ গোজ স্থিতিয়ে সমস্যাবোৰ জটিল কৰিছে। তাৎক্ষণিক তিনি তালাক বা বহুবিবাহৰ দৰে বিষয়বোৰ সংশোধনৰ পক্ষপাতি কিয় নহয় তাকলৈ চিন্তাৰ উদ্ৰেক হোৱা স্বাভাৱিক। শ্বৰিয়ত আইন আৰু কোৰৱানৰ হাৱালা দি সকলো ঠিকেই আছে বুলি উভতগোৰে নাচিলে নহ'ব। বিভিন্ন মুছলীম দেশত এই প্ৰথা সংশোধনী হৈছে বা সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে। কিছুমান ভ্ৰান্ত ধাৰণাৰ বশবৰ্তী হৈ নাৰীবিৰোধী, অনাইছলামীয় প্ৰথাৰ সংস্কাৰ সাধন নকৰিলে উন্নতিৰ দিশে আগুৱাই অগ্ৰসৰ হ’ব নোৱাৰিব। আমাৰ সমাজ বিশেষকৈ ভাৰত, বাংলাদেশ, পাকিস্থানত এটা ভ্ৰান্ত ধাৰণা আছে যে তালাক তালাক তালাক বুলি স্বামীয়ে তিনি বাৰ ক'লেই তালাক হৈ যায়; যেন ই লৰা ধেমালি, এক পুতলা দৰা-কইনাৰ হে খেল। এনেবোৰ কুপ্ৰথাই ইচলামক আৰু সমগ্ৰ মুছলমান সমাজক হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে। কিন্তু প্ৰকৃতাৰ্থত তালাক প্ৰথা কি, ইয়াক ইচলামৰ দৃষ্টিত পৰ্যালোচনা কৰা উচিত। তালাক প্ৰথা হৈছে বিবাহ বিচ্ছেদ কৰা এটি দীঘলীয়া প্ৰক্ৰিয়া| যেতিয়া স্বামী-স্ত্ৰীৰ মাজত মতানৈক্যৰ সৃষ্টি হয় তেতিয়া দুয়োজনে মিলি প্ৰথমে মিমাংসা কৰাৰ প্ৰয়াস কৰিব লাগে। ইয়াৰ পাছতো যদি মিমাংসা নহয় তেতিয়া পৰিয়ালৰ মানুহ মাতি আনি মিমাংসাৰ চেষ্টা চলাব লাগিব। তাৰ পাছতো যদি সফল নহয় তেতিয়া বিবাহ বিচ্ছেদৰ এই পন্থা অৱলম্বন কৰিব পাৰিব। যেতিয়া স্বামীয়ে তালাক দিব তেতিয়া লগত দুজন সাক্ষী থকাটো বাধ্যতামূলক। ইয়াৰ পাছত অৰ্থাৎ তালাক হৈ যোৱাৰ পাছত তিনিমাহলৈ তেঁওলোক একেলগে একেখন ঘৰত থাকিব পাৰিব কিন্তু কোনো শাৰিৰীক সম্বন্ধ স্থাপন কৰিব নো্ৱাৰিব। তিনিমাহ সময় একেলগে থাকিবলৈ দিয়া হয় যাতে তেওঁলোকৰ বিবাহ বিচ্ছেদক লৈ অনুশোচনা হয়; পুনৰ বিবেচনা কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ পাছতো যদি মিমাংসা নিস্পত্তি নহয় তেন্তে প্ৰকৃতাৰ্থত তালাক হ'ব। আৰু তালাক দিলে স্বামীয়ে মহিলা গৰাকীক দিবলগীয়া সামগ্ৰী তথা দেনমোহৰ (বিয়াৰ সময়ত পুৰুষে মহিলাক দিবলগীয়া যাবতীয় ধন-সম্পত্তি) আদি সকলো মহিলা গৰাকীক দিব লাগিব| কিন্তু উক্ত নীতি-নিয়ম এচামে নিজৰ কুঅভিপ্ৰায় চৰিতাৰ্থ কৰিবলৈ তাৎক্ষণিক ভাৱে তিনিবাৰ তালাক দি এই প্ৰথাৰ অপব্যাৱহাৰ অব্যাহত ৰাখিছে। কিছুমানে আকৌ আধুনিক তথ্য প্ৰযুক্তি অপব্যৱহাৰ কৰি ফোনযোগে বা এছএমএছ কৰি নতুবা ইমেইল যোগেও তিনি তালাক দিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। ই সম্পূৰ্ণ অইচলামীয় আৰু একপ্ৰকাৰ ভণ্ডামী।

হজ চাবচিডি উঠাই দিয়াৰ বাবে বিভিন্ন মুছলমান ব্যক্তি তথা সংগঠনৰ দাবীক ন্যায্য দাবী হিচাবে বিবেচনা কৰি আৰু হজ চাবচিডিক লৈ হোৱা অহেতুক সাম্প্ৰদায়িক ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত মহামান্য উচ্চতম ন্যায়ালয়ে ২০২০ চনৰ ভিতৰত এই চাবচিডি উঠাই দিয়াৰ আদেশ দিছে। এই আদেশক আমি ব্যক্তিগত ভাৱে আঁদৰণি জনাও। হজ যাত্ৰীক চাবচিডি অথবা কোনো ধৰণৰ আৰ্থক সাহায্যৰ প্ৰয়োজনীয়তা নাই। কাৰণ আৰ্থিকভাৱে সচ্চলসকলেহে হজযাত্ৰা কৰাৰ বাবে আগবাঢ়ি অহা উচিত। হজযাত্ৰাত কোনো ধাৰ্মিক বাধ্যবাধকতা নাই আৰু ইচলাম ধৰ্মৰ মতে নিজে নিজক হজযাত্ৰাৰ বাবে আৰ্থিকভাৱে সামৰ্থবান কৰি তুলিব পাৰিলেহে হজ যাত্ৰা কৰা উচিত। স্মৰ্তব্য যে কেন্দ্ৰীয় চৰকাৰে দিয়া হজ চাবচিডি প্ৰত্যক্ষভাৱে হজ যাত্ৰীয়ে নাপায় বৰং ভাৰত চৰকাৰী খণ্ডৰ এয়াৰলাইনচ এয়াৰ ইণ্ডিয়াকহে দিয়া হয়। হজ কমিটিৰ তত্বাবধানৰ যোগেদি হজ কৰিবলৈ যোৱা হজযাত্ৰীৰ পৰা উৰাজাহাজৰ খৰচ লোৱাৰ পাছতো এয়াৰ ইন্ডিয়াৰ যিখিনি ঘাটি থাকে, সেয়া চৰকাৰে এয়াৰ ইন্ডিয়াক দি দিয়ে| চৰকাৰে এয়াৰ ইণ্ডিয়াক চাবচিডি দিয়াৰ পাছতো হজ কমিটিৰ যোগেদি হজ কৰিবলৈ যোৱা মানুহে এয়াৰ টিকটৰ বাবদ, ব্যক্তিগত খণ্ডৰ এয়াৰ লাইনৰ যোগেদি যোৱা যাত্ৰীতকৈ বহু বেছি টকা দিব লাগে| যাৰ ফলত বহু দিনৰে পৰা বিভিন্ন মুছলমান ব্যক্তি-সংগঠনে এই চাবচিডি উঠাই দি হজ কমিটিৰ যোগেদি যোৱা হজ যাত্ৰীক ব্যক্তিগত খন্ডৰ এয়াৰ লাইনৰ যোগেদি যাব দিয়াৰ অনুমতি দিব লাগে বুলি দাবী জনাই আহিছে| সেয়ে হজ চাবচিডি উঠাই দিয়াৰ আশংকা সম্পূৰ্ণ অৰ্থহীন। শেহতীয়াকৈ এই কথা কেন্দ্ৰীয় নাগৰিক উদ্যয়ন মন্ত্ৰীয়ে সংসদত জনাই যে হজ যাত্ৰীয়ে হজযাত্ৰাৰ যাৱতীয় খৰচ নিজে বহন কৰে। ইয়াত স্বজন তোষনৰ কোনো কথা নাই যদিও বিগত চৰকাৰসমূহে ইয়াক মুছলমানৰ বাবে বিশেষ ৰেহাই হিচাবে জহাই আহিছে। উল্লেখযোগ্য যে অসমকে ধৰি বহু কেইখন ৰাজ্যতে মূখ্যমন্ত্ৰী তীৰ্থযাত্ৰা আচঁনি আছে আৰু ইয়াৰ জৰিয়তে ৰেহাই মূল্যত ৰেলৰ টিকট তথা থকা খোৱাৰ ব্যৱস্থা কৰা হয়| আনকি দেশৰ বাহিৰত অৱ্স্থিত (তিব্বত, চীন)ত অৱস্থিত মানস সৰোবৰ যাত্ৰাৰ বাবেও তীৰ্থযাত্ৰী সকলক কেন্দ্ৰীয় চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে| নেপালত অৱস্থিত মুক্তিনাথ মন্দিৰত যাবলৈও হিন্দু আৰু বৌদ্ধ তীৰ্থযাত্ৰী সকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয়| ভাৰতীয় খৃষ্টান সকলে ইজৰাইল-প্যালেষ্টাইনত অৱস্থিত জেৰুজালেম আৰু বেথেলহেমৰ দৰ্শন কৰিবলৈও কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ আঁচনি আছে| সেই সাহায্য বৰ্তমানে দুগুন কৰিছে। শিখ সকলক পাকিস্থানত অৱস্থিত গুৰু নানকৰ জন্মস্থান দৰ্শন কৰিবলৈও চৰকাৰে আৰ্থিক ভাবে সহায় কৰে গুৰু দৰ্শন যাত্ৰা আচঁনি যোগেদি।

No comments:

Post a Comment