যৌন সচেতনতা, কণমানিৰ সুৰক্ষা আৰু পচকো আইন
ধ্ৰুৱজ্যোতি শইকীয়া
লিখিম বুলি বহু দিনৰ পৰাই ভাবি আছিলো এই বিষয়টোত, প্ৰাসঙ্গিকতা আছে৷ এনেবোৰ কথা আমি আমাৰ লজ্জাৰ আৱৰণত সামৰি থওঁ, এইয়া অসামাজিক৷ যৌন সচেতনতা সেয়ে আমাৰ পৰা এতিয়াও বহু দূৰৈত৷ সৰলতাৰে আমি আমাৰ কণমানি কেইটাক মুকলি মনেৰে এৰি দিওঁ আমাৰ চিনাকি তথা সম্পৰ্কীয় মানুহবোৰৰ সৈতে৷ আমি ভাবোঁ, সিহঁত এতিয়াও সৰু হৈ আছে৷ শিশু নিৰ্বোধ৷ আমি বিশ্বাস কৰি পেলাওঁ কেতিয়াবা ভুল মানুহত৷
চুমা খোৱা, কোচত লোৱা, গাত হাত বোলোৱা ইত্যাদি প্ৰকাশবোৰ আমি বহুতেই সৰলতাৰে লৈ আহিছো, কিন্তু এই সৰল প্ৰকাশবোৰৰ অন্তৰালতে কোনো কোনো মানসিক ৰোগীৰ সোমায় থাকে একোতা অভিপ্ৰায়, সেয়া জানো আমি লক্ষ্য কৰোঁ৷ চিনাকি কতজনৰ সৈতে আমি আমাৰ শিশুটি সুৰক্ষিত বুলি ভাবি লওঁ৷ কেতিয়াবা মন কৰিছেনে আপোনাৰ শিশুটি কাৰোবাৰ উপস্থিতিত অস্বস্তি অনুভৱ কৰা? তেনে সাৱধান হওক, আপোনাৰ সন্তানৰ ওপৰত বিশ্বাস কৰি কিয়, কি ইত্যাদি প্ৰশ্নবোৰ সোধক৷ সিহঁতে প্ৰকৃত মৰম আৰু কাৰোবাৰ যৌন ক্ষুধাৰ স্পৰ্শ মাজৰ পাৰ্থক্য নাজানে? শিশুটিক খং নকৰিব৷
মোৰ মায়ে সৰুতে এষাৰ কথা কৈছিল, মোৰ সৰু ভাইটোৰ প্ৰসঙ্গত, "ডাঙৰে সৰুক সন্মান কৰিলেহে, সৰুৱে ডাঙৰক সন্মান কৰে৷" এই কথাষাৰৰ বিশ্লেষণ অভিব্যক্তিত প্ৰকাশ পায়৷ গাওঁবোৰত কণ কণ ল'ৰাৰ গুপ্তাংগত স্পৰ্শ কৰি, কেতিয়াবা নাঙঠ কৰি মৰম কৰাৰ বা তাৎচিল্ল কৰাৰ প্ৰকাশ কিছুমান দেখিবলৈ পোৱা যায়৷ সচেতন হওক! শিশুৰো আত্মসন্মান থাকে, সিহঁতে মাথো তাক প্ৰকাশ কৰিব নাজানে আৰু তাৰে সুবিধাই বহুতেই লয়৷ আমি যাক বিশ্বাস কৰোঁ, আমাৰ শুভাকাংশী বুলি ভাবোঁ, তেঁওলোক বাৰু প্ৰকৃততে বিশ্বাসীনে??
মোৰ ক্ষেত্ৰত হোৱা এক ঘটনা৷ ইংৰাজী মাধ্যমত পঢ়ি অসমীয়া মাধ্যমলৈ অহাৰ বাবে মা-দেউতাই এগৰাকী বিশ্বাসী শিক্ষকৰ হাতত মোৰ পঢ়াৰ দায়িত্বভাৰ দিছিল৷ মই তেতিয়া তেৰ কি চৈধ্য বছৰীয়া ল'ৰা, ডাঙৰ হৈ অহাৰ অনুভৱ কৰাৰ সময়, সেই সময়তে পঢ়োৱাৰ সুবিধা লৈ জীৱনত প্ৰথম তথা শেষৰ বাৰলৈ নিপীড়িত হৈছিলো, শাৰীৰিক ভাবে৷ ঘটনাক্ৰম বৰ্ণনা নকৰোঁ, কাৰণ আজিও ঘৃণা উপজে সেই ঘটনাৰ স্মৰণত৷ কিন্তু এই লেখাটোৰ বাবেই মোৰ জীৱনৰ সেই ঘটনাটোৰ কথা উল্লেখ কৰিছো৷ বিবাহিত সেই শিক্ষক গৰাকীৰ ক্ষুধাৰ হাতোৰাত পৰা মই সেই সময়ত মোৰ ঘনিষ্ঠ এজন বন্ধুক কোৱাৰ বাদে কাকো কোৱাৰ সাহস নহ'ল৷ নাজানিছিলো কি হ'ল, ভয়ো খাইছিলো, বুজি পোৱা নাছিলো মা-দেউতাক জনাম নে নাই৷ মা-দেউতাক বিনা দ্বিধাই সকলো কথা কবলৈ যিকণ স্বস্তিৰ অনুভৱৰ প্ৰয়োজন সেইকণৰ আশ্বাস নাছিল বোধহয়৷
সেই ঘটনাটোৱে মনটোত বহু দিনলৈ এক অস্বাভাৱিক পিড়া দি থাকিল, শাৰীৰিক পীড়াৰ কথা নকলেও কিজানি সকলোৱে অনুভৱ কৰিব পাৰিব৷ দশম-একাদশ শ্ৰেণীলৈকে সেই ঘটনাটো কি আছিল বুজা হোৱা নাছিলো৷ ঘৃণা উপজিছিল শিক্ষকজনৰ ওপৰত, আজিও সেই ঘটনাটো মনত পৰিলে শিঁয়ৰি উঠো৷ কথাটো মোৰ জীৱনৰ এক উদাহৰণহে, শিশুৰ নিৰ্বোধতাৰ সুযোগ লোৱাতো যুগ যুগ ধৰি চলি অহা এক অকথিত অভিজ্ঞতা বহুতৰ বাবে৷ এক গোপন অধ্যায় মোৰ জীৱনৰ৷ এতিয়া ভাবক আপুনি আপোনাৰ শিশুটিৰ ক্ষেত্ৰত কি কৰিব৷ আত্মীয় স্বজন সকলোকে বৰ্জন কৰিব নে শিশুটিক সৰুৰে পৰা যৌন শিক্ষাৰ পাঠবোৰ সময়োচিত ভাবে দিয়াৰ দিহা কৰিব৷ কেনেকৈ?? মই কওঁ, বন্ধু হৈ৷
মন কৰক আমি কেনেদৰে দূৰ হৈ পৰোঁ আমাৰ সন্তানৰ পৰা৷ আমাৰ নিজস্ব ব্যস্ততাৰ দোহাই দি আমি আমাৰ সন্তানক আঁতৰায় পথাওঁ আমাৰ কাষৰ পৰা৷ মন কৰকছোন আপোনাৰ শিশুটিয়ে প্ৰথমবাৰলৈ মা-দেউতা বোলা বাৰলৈ৷ কিমান আগ্ৰহ আছিল, কিমান উৎসাহেৰে কাণ পাতি ৰৈছিল পুনৰবাৰ কণমানিটোৰ মুখত মা-দেউতা শুনিবলৈ৷ কেতিয়াবাতো আমি জোৰ কৰিয়ে পেলাওঁ, মা বুলি কোৱা…দেতা বুলি কোৱা…ইত্যাদি৷ তাৰপিছত লাহে লাহে আমি শুনিবলৈ পায় সুখী হওঁ সিহঁতৰ কল্পনা-অভিজ্ঞতাবোৰ৷ আগ্ৰহেৰে শুনো, শুনিবলৈ সোধো, আজি স্কুলত কি কৰিলা? কি খেলিলা ইত্যাদি ইত্যাদি৷
সময়ৰ সৈতে কণমানিকেইটা ডাঙৰ হয় আৰু আমাৰো পূৰ্বৰ আগ্ৰহ, আমাৰ প্ৰশ্নবোৰ হেৰাবলৈ লয়৷ এবেগেতমান আঁতৰি যায় সিহঁত৷ শিশুৰ মনে গুৰুত্বহীন বোলা অনুভৱটো বেছিকৈ অনুভৱ কৰে৷ ডাঙৰ হৈ অহাৰ লগৈ লগে বাস্তৱ অভিজ্ঞতাৰ সন্ধানত বিভিন্ন ভাল-বেয়া কামবোৰ আপোনাৰ শিশুটিৰ সংস্পৰ্শলৈ আহে, আৰু আপুনি প্ৰথমবাৰলৈ আপোনাৰ শিশুটিৰ দুষ্টালিৰ বতৰা পায় শাস্তি বিহে, গালি গালাজ কৰে অথবা কৈ পেলায় "আমাৰ সন্তানে এনে কাম নকৰে৷" আপুনি একপক্ষীয় হৈ কেৱল আপোনাৰ কথা ভাবি শিশুটিক এক ফাৰ্লং মান আঁতৰ কৰি পেলায়৷ এনে ঘটনাৰ বাবেই শিশুৱে মাক-দেউতাকৰ পৰা কথা লুকুৱাবলৈ লয়, মিছা কোৱা আৰম্ভ কৰে৷ দায়ী কোন বাৰু?
যদি আপুনি শিশুটিৰ বন্ধুহৈ সুধিলে হয়, আজি কি হ'ল৷ মাৰ পিট কৰিছিলা? কিয়? আৰু শিশুটিৰ কথাৰ আঁৰ লৈ বুজায় গ'ল হেতেন কি পৰিস্থিতিত কি কৰিলে ভাল হয়, মাৰপিট নকৰি মিটমাতেৰে কেনেদৰে সমস্যা এটাৰ সমাধান হয়, আপুনি শিশুটিৰ বাবে এজন উপদেশক বন্ধু ৰূপে পৰিচিত হ'ল হেতেন৷ সি আপোনাক বিশ্বাসত লৈ ভৱিষ্যতৰ সকলো ঘটনা আলোচনা কৰিলে হেতেন, কিন্তু শাস্তিৰে আপুনি সেই বিশ্বাসকণ হেৰুৱায় পেলালে৷ বন্ধু হওক, বুজাওক আৰু ভাল-বেয়া সকলো পৰিবেশত সন্তানটিৰ কাষত ঠিয় হওক, তাক আস্বস্ত কৰক যে আপুনি তাৰ বন্ধু৷
বয়ঃসন্ধিৰ যি সময় সেই সময়কণৰ বাবে প্ৰথমৰ পৰাই সাজু হোৱাতো ভাল৷ আপুনি আপোনাৰ সন্তানৰ বিশ্বাসত তাৰ শ্ৰেষ্ঠ বন্ধু হওক৷ কথাখিনিৰ প্ৰাসঙ্গিকতা আছে বাবেই উল্লেখ কৰিলো৷ শিশুৰ প্ৰতিটো পদক্ষেপত যৌন শিক্ষা দিবলৈ আপুনি অভিভাৱক নহৈ বন্ধু হোৱাতো অতিকে জৰুৰী৷ এই জটিল বিষয়টো উপস্থাপন আপুনি বন্ধুহৈ কৰিব পাৰিব৷ সৰুৰে পৰাই শিশুটিৰ আত্মসন্মানৰ বিষয়ে সচেতন হওক৷ কথা পাতক, কথা সুধক, আচৰণৰ পৰিবৰ্তনবোৰ লক্ষ্য কৰিবলৈ চাব আৰু কিবা আচহুৱা পালে আপোনাৰ সন্তানৰ কাষত বন্ধুৰ দৰে ঠিয় হওক৷
স্পৰ্শৰ বিষয়ে শিকাওক৷ আপোনাৰ সন্তানে কোনে কি কৰিলে বেয়া পায় জানক৷ আপোনাৰ চিনাকি সকলৰ ওপৰতো চকু ৰাখিব, কাৰণ চিনাকি জনৰ একোটা দুষ্কৰ্মই আপোনাৰ শিশুটিৰ মনত কি প্ৰভাৱ পেলাব আপুনি নাজানে৷ বয়স সাপেক্ষে আপোনাৰ অভিজ্ঞতাৰ পৰা প্ৰতিটো অনুভৱ ব্যাখ্যা কৰিবলৈ চাব৷ যৌন শিক্ষা লাজৰ বিষয় নহয়, এয়া এক সুষ্ঠিৰ সমাজৰ বাবে আৱশ্যকীয় সচেতনতাহে৷ মনত ৰাখিব ল'ৰা হওক বা ছোৱালী এই নিৰ্বোধ সময়কণত বহুতেই অনাকাংক্ষিত ভাবে যৌন নিপীড়নৰ সন্মুখীন হয়৷ সাৱধান হওক! সকলো স্পৰ্শ বা চুম্বন বা গালে মুখে হাত দিয়াতো সদায় মৰমৰ বহিৰ্প্ৰকাশ নহবও পাৰে৷
শিশুৰ সুৰক্ষাৰ বাবে থকা পচকো 'Protection of Children Against Sexual Offences Bill, 2011' ৰ বিষয়ে ৰাইজে জানক আৰু সজাগতাৰ সৃষ্টি কৰক। দেশে বিদেশে #METOO #LOUDLYNO আদি হেচটেগৰে এই বিষয়বোৰত কি কি সচেতনতা বৃদ্ধিৰ বাবে আন্দোলন গঢ়ি উঠিছে ৰাইজ সজাগ হওক আৰু সজাগ কৰক। ভাৰতত গুৰুকূলত গুৰু-শিষ্য-শিষ্যাৰ সম্পৰ্কৰ 'পবিত্ৰতা'ক লৈ প্ৰশ্ন নকৰাৰ পৰম্পৰাক কিন্তু বিগত সময়চোৱাত ভণ্ড গুৰুৰ সঘন ধৰা পৰাৰ বাতৰিয়ে সেই পৰম্পৰা ভংগ কৰি আইনী কথাৰে সমাজক সুগঠিত কৰাৰ আহ্বানো সময়েই সমাজলৈ আগবঢ়াইছে।
ভাল লাগিল, আধুনিকতাৰ নামত আজিৰ সমাজখন বহু ক্ষেত্ৰত বিপথে পৰিচালিত হব ধৰিছে৷
ReplyDeleteসাৱধান হব লাগে৷