লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. আজি অসমৰ শ্ৰেষ্ঠ মাৰোৱাৰীৰ মৃত্যু দিৱস মাৰোৱাৰী ব্যৱসায়ী দুজনৰ উদ্যোগত জাক-জমকতাৰে পালন কৰাৰ খবৰ আহিছে।  লগতে সেইজন শ্ৰেষ্ঠ মাৰোৱাৰীৰ পাছত এই সকল উদ্যোগী মাৰোৱাৰীকো ৰাইজে সমানে সন্মান আৰু আসন দিয়াৰ দৰকাৰ বুলি আয়োজক শংকৰ-ঘিচাভাই যুটীয়ে ৰাইজলৈ আহ্বান জনাইছে। বুদ্ধিজীৱি পোহাৰ পৰা, চিনেমা বনোৱালৈ, চান্দা বৰঙণিৰ বাবেই আলুৰ বেপাৰ কৰা, ৰাস্তাৰ ঠিকাৰ পৰা পেপাৰৰ বেপাৰলৈ দ্বায়িত্ব লৈ অসমক উজ্বলাই তোলা এনে নতুন প্ৰজন্মৰ মাৰোৱাৰী সকলক স্বীকৃতি দিয়াতো অসমীয়া মানুহৰ আজিৰ দিনৰ এক প্ৰধান কৰ্তব্য বুলিও আয়োজকদ্বয়ে প্ৰকাশ কৰিছে।

২. প্ৰথম দিনাই হাতোৰা পাৰ্টিৰ লোকসভা টিকটৰ বাবে ১১ গৰাকীয়ে আবেদন দিছে। ঘোঁচ দিবলৈ যাওঁতে দিল্লীত ধৰা পৰি জেললৈ যোৱা, লটাৰী খেলৰ ধনৰে পাৰ্টিলৈ অৰিহণা দিব পৰা, আনৰ পাখি কটাৰ জোগাৰ থকা সকলৰ মাজত টিকটৰ বাবে তয়াময়া ৰণ হব বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে।

৩. ৫০০কোটি টকা খৰছ কৰি এটি সুন্দৰ ভাষণ তথা টিভিত জীৱনৰ দুখলগা তথ্য-চিত্ৰ প্ৰচাৰ কৰি সেই টকা সঠিক ঠাইত খৰচ কৰাতো প্ৰতীয়মান কৰিবলৈ সক্ষম হ'ল আজি ৰাহু গান্ধীয়েঃ এটা ধুনীয়া ভাষণ হিন্দীত লিখি দিবলৈ জাপানীজে কিমান ললে তাকে গাঁৱে গাঁৱে থকা হাতোৰা পাৰ্টিৰ তৃণমূলীয় কৰ্মীয়ে জানিব বিচাৰি ৰাহুলৈ এচ এম এচ কৰা বুলি জানিব পৰা গৈছে।


৪. বিগত ৬০বছৰে গা নুধুৱা মানুহজনে এতিয়া পাতিব খুজিছে বিয়াঃ বিয়া পাতিলে মাহ হালধিৰে গা-ধুবলৈ পায় আৰু হালধি ছালৰ বাবে অতি উত্তম বুলি ৰসাল গগৈ চাৰৰ পৰা জানিব পাৰিয়ে এই মানুহজনে বিয়াত সন্মতি দিয়া বুলি জানিব পৰা গৈছে। বিয়া পাতিবলৈ তেওঁ অসমলৈ আহিব আৰু অসমীয়া বিয়াক ইয়াৰে বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰিব বুলিও ৰসাল গগৈদেৱে আশা প্ৰকাশ কৰিছে।

৫. সকলো জিলা, ব্লক আৰু গাওঁ পঞ্চায়তত হাতোৰা পাৰ্টিৰ দালাল মজুত আছে আৰু সেয়ে নিৰ্বাচনত চিন্তা কৰিব লগা একো নাই বুলি মত প্ৰকাশ কৰিছে ছোনি-আম্মাই। অহা নিৰ্বাচনো দালাল সকলৰ ভৰসাতে জিকিবই আৰু তাৰ বাবে মদ, কম্বল, নোট ব্যৱস্থাপনাৰ কৰ্মশালা অতি শীঘ্ৰেই দেশজুৰি অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে।

৬. ৰাজ্যসভা নিৰ্বাচনৰ বাবে ভোগালী অসমত আৰম্ভ হৈছে নতুন ৰাজনীতিঃ ভোজভাতৰ পাছতে এতিয়া হৰ্ছ-ট্ৰেডিঙ নামৰ পৰম্পৰাগত খেলৰ বাবে দিছপুৰ চৌহদত যোজা চলিছে। এই খেলত ভাগ লবলৈ বিগত সময়ত নিজৰ প্ৰতিভা দেখুওৱা প্ৰতিভাধৰ শৰ্মাক অংশ লবলৈ দিয়া নিদিয়াকলৈ দোমোজা হোৱা বুলি কইনাধৰাৰ পৰা জানিব পৰা গৈছে।

৭. নদী বান্ধৰ সামগ্ৰী এইবাৰ বাচেৰে কঢ়িওৱাৰ দৰে এক ক্ৰিয়েটিভ উপায় আৱিস্কাৰ কৰিছে নদী-বান্ধ গঢ়োতা সংস্থাই। ট্ৰাকত নিলে প্ৰতিবাদ, টেক্স ধেৰ হয় বাবেই এনে অনুপম বু্ধি লৈ নিজৰ কাম হাচিল কৰিব লগাত পৰিছে বুলি মহাপ্ৰৱন্ধকে জনাইছে। আমাৰ দেশত জোগাৰ-বাজী কৰাৰ বাহিৰে উপায়েই কি বুলিও তেওঁ "প্ৰতিবাদী অসম" কাকতৰ সাংবাদিকক প্ৰশ্ন তুলিছে।

৮. "পুলিচক মেনেজ কৰাৰ ১০০টা কিটিপ" নামৰ হাতপুথিখন অৰবিন্দ কেজৰীৱাললৈ স্পীড পোষ্টত পঠাইছে জালুকবাৰীৰ আম আদমী প্ৰতিভাধৰ শৰ্মাই।  কেচ-ডায়েৰী হেৰুৱাৰ পৰা উত্তৰ কাছাৰৰ পৰা ফাইললৈকে কেনেকৈ মেনেজ কৰিছে সকলো টিপছ এই নৱতম গ্ৰন্থতে লিপিবদ্ধ কৰা বুলি শৰ্মাৰ ঘৰৰ সূত্ৰত প্ৰকাশ। এতিয়া দিল্লীত পুলিচ মেনেজ কৰিব নোৱাৰা কেজৰীৱালক সহায় কৰিবলৈকে শৰ্মাই এনে পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে।

৯. বিগত ৬০বছৰে গা নুধুৱা মানুহজনে এতিয়া পাতিব খুজিছে বিয়াঃ বিয়া পাতিলে মাহ হালধিৰে গা-ধুবলৈ পায় আৰু হালধি ছালৰ বাবে অতি উত্তম বুলি ৰসাল গগৈ চাৰৰ পৰা জানিব পাৰিয়ে এই মানুহজনে বিয়াত সন্মতি দিয়া বুলি জানিব পৰা গৈছে।

১০. আম পাৰ্টিৰ এজন বিধায়কে বিসম্বাদী ৰূপ লোৱা বুলি টিভিত দেখা পোৱা গৈছে। সঠিক ৰূপত কেনেকৈ বিসম্বাদ কৰিব লাগে সেই বিষয়ে শিকিবলৈ তেওঁ জালুকবাৰী বিসম্বাদ বিশ্ববিদ্যালয়লৈ সোনকালেই আহিব বুলি জানিব পৰা গৈছে।

১১. এতিয়া টুইটাৰতে তালাক দি অভিলেখ গঢ়িব শশী ককাইদেৱে। টুইটাৰতে বিমানৰ একনমি ক্লাছক গৰু-মহ যোৱা শ্ৰেণী বুলি লিখি চাকৰি যোৱাৰ পাছত এতিয়া টুইটাৰতে তালাক দিয়াৰ বাবে প্ৰস্তুতি চলিছে বুলি জানিব পৰা গৈছে। ইছলামিক দেশত টুইটাৰক জনপ্ৰিয় কৰণৰ বাবেহে শশী চাৰে মনে মনে ব্ৰেণ্ড এম্বেচেদৰ হৈ ধন লোৱা আৰু তাৰ পাছতে এই প্ৰস্তাৱেৰে সংবাদ শিৰোনামা দখল কৰা বুলি চিআইডিৰ দয়াই সন্দেহ প্ৰকাশ কৰিছে।

No comments:

Post a Comment