মিচা ক'লে কি ডাল হব? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হব?

মিচা ক'লে কি ডাল হব?

Share This
 আৰ. ৰাজকুমাৰ
(১)
চাবচিডি থকা গেচৰ চিলিণ্ডাৰৰ সংখ্যা কমাব নালাগে বুলি জগতে চিঞৰিলে নুশুনিলে।
কমাই বাৰটাৰ পৰা ছটা কৰিলে, তাৰ পাছত নটা...
এতিয়া আৰ. ৰাজকুমাৰে পেচ ধৰিলে... ৯টাৰে নহব... আংকল ১২ টা!
পাঁচ মিনিটতে দেশৰ পৰা চাবচিডি বাৰ্ডেনৰ দোষ-গুণ পাহৰি তন্ত্ৰী নামৰ মন্ত্ৰীয়ে কৰিলে ঘোষণা!
হয় হজুৰ! (কেবিনেট চেবিনেট পাছতো বহিব! মিচা কলে কি ডাল হবহে)

(২)
অসমৰ ছটা জনগোষ্ঠীক জনজাতি কৰণৰ বাবে সংসদীয় কমিটিয়ে পৰামৰ্শ দি থৈছে।
দিনে দিনে আন্দোলন, খিলঞ্জীয়া, থলুৱাৰ স্বাৰ্থ ৰক্ষাৰ বাবে আন্দোলন, জগতে চিঞৰিলে নুশুনিলে।
কালি আৰ. ৰাজকুমাৰে পেচ ধৰিলে... জৈন আংকলক মাইনৰিটি লাগিবই...
আবেলি কলে, গধূলি হৈ গ'ল ঘোষণা...

(৩)
দিল্লীত নিজা কৰ্তব্যত গাফিলতি কৰা পুলিচক কৰিব লাগে নিলম্বন। নিজা এলেকাত হোৱা অপৰাধৰ ঘটনাৰ বাবে বাবে প্ৰশ্নোত্তৰ দিবলৈ কৰিব লাগে দ্বায়বদ্ধ। অপৰাধীক ৰক্ষণাবেক্ষণ নহয়, দিব লাগে শাস্তি।
তদন্ত চলিলে সাক্ষী নষ্ট আৰু নিজৰ পদ-মৰ্যদাৰে ভয় প্ৰদান কৰাৰ বাবেই নিলম্বন কৰাটো জগতত প্ৰথম চৰ্ত । জগতে জানে জগতে চিঞৰিলে, আংকলে নুশুনিলে... দিল্লীত চিএমো ধৰ্নাত, জগতৰ মানুহ ৰাজপথত ঠাণ্ডাত টাঙোন খাইছে।

সন্ধিয়া চিণ্ডে আংকল যাব আৰ. ৰাজকুমাৰৰ তালৈ... তেৱেহে ঠিক কৰিব, কাৰ কি হব বিলৈ!

(৪)

আংকলবোৰে ৰাজকুমাৰলৈ কিয় ইমান ভয় কৰে নো।
ৰাজকুমাৰে যদি কয়, আপুনি কৰক... কি কি যে নকৰিব, সেয়াও অকল্পনীয়...

কাৰণটো কি বাৰু...
আৰ. ৰাজকুমাৰ চিনেমাখনৰ সংলাপটোৱেই নেকি... "চাইলেণ্ট হো জা... নাহিতো মে..ভায়োলেণ্ট হো জাওংগা"...

ভায়লেণ্ট হলেই যে ডেউকা ভাঙি দিব, ৰাজনীতিৰ আকাশত উৰিব নোৱাৰাকৈ পাখি ভঙাৰ ভয়।

উস বেচেৰা বুঢ়া বুঢ়া অসহায় আংকলবোৰ... 
আৰু আমি অসহায় আংকলৰ খেল চাও...ৰং পাও... "চা চা কোনে কাক নচুৱায়, কোনে কাক নিচুকায়..."

No comments:

Post a Comment