ৰাজনৈতিক বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাজনৈতিক বিশ্লেষণ

ৰাজনৈতিক বিশ্লেষণ

Share This
অসমত কিমান সফল হব আম আদমী পাৰ্টিঃ 
সাংগঠনিক কাম-কাজ, নৈতিকতাৰ প্ৰশ্ন ইত্যাদি
অজয় লাল দত্ত
আম আদমী পাৰ্টিয়ে দিল্লীত চৰকাৰ গঠন কৰাৰ লগে লগে দেশজুৰি দলটোৰ প্ৰতি যি প্ৰৱল উতসাহ উদ্দীপনাৰ সৃষ্টি হৈছে তাৰ প্ৰভাৱ অসমতো নপৰাকৈ থকা নাই। ইমান দিনে নীৰৱে নিজৰ কাম কাজ চলাই অহা দলটোৰ ৰাজ্যিক সমন্বয়ৰক্ষী সমিতিয়েও সংবাদ মেলযোগে অসমত চলি থকা সাংগঠনিক কাম-কাজৰ কথা ৰাজহুৱা কৰিছে।  গুৱাহাটীতে বিগত এটা সপ্তাহতে দহ হাজাৰতকৈ অধিক লোকে সাধাৰণ সদস্য হোৱা বুলিও তথ্য প্ৰকাশিত হৈছে।


তাৰোপৰি মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী, প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী, ফৰেনছিক বিজ্ঞানী ডাঃ পদ্মপাণিকে ধৰি অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে দলটোত যোগদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ কথাই ৰাজ্যৰ সংবাদ মাধ্যমৰ শিৰোনামত স্থান পাইছে।

ৰাষ্ট্ৰীয় স্তৰতো ইনফ'চিচৰ মুখ্য অৰ্থনৈতিক বিষয়া বালা, ৰয়েল বেংক অৱ স্কটলেণ্ডৰ শীৰ্ষ পদত থকা মীৰা সান্যাল, এপ'লৰ দৰে কোম্পানীত উচ্চ পদবীত থকা লাল বাহাদুৰ শাস্ত্ৰীৰ নাতিয়েক আদৰ্শ শাস্ত্ৰীয়েও নিজৰ পেশাগত ক্ষেত্ৰ ত্যাগ কৰি আম আদমী পাৰ্টিত যোগদান কৰাৰ খবৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খলকনি তুলিছে। শেহতীয়াকৈ গোৱাৰ অন্যতম সংগীতশিল্পী ৰেম' ফাৰ্নাণ্ডেজেও এই দলত যোগদান কৰা আৰু গোৱাত দুটাকৈ কাৰ্যালয় স্থাপন কৰি দলীয় সাংগঠিনক কাম-কাজত হাত দিয়া বুলি প্ৰকাশ কৰিছে। তাৰোপৰি সাধাৰণ ভাৰতীয় মানুহক আকাশত উৰাৰ সপোন ফলৱতী কৰি ডেক্কান এয়াৰলাইনছ প্ৰতিস্থা কৰা কেপ্তেইন গোপীনাথেও এই দলত যোগদান কৰাৰ খবৰে সংবাদ শিৰোনাম দখল কৰিছে। কংগ্ৰেছ আৰু বিজেপি এৰিও যুৱ নেতা এতিয়া এই দলৰ পদূলিত ভৰ্তি হোৱাৰ খবৰে বাৰুকৈয়ে ৰাজনৈতিক দল সমূহৰ লগতে ৰাজনৈতিক বিশ্লেষক তথা সমীক্ষক সকলক কথাবোৰ বিভিন্ন দিশৰ পৰা পৰ্যালোচনা কৰিবলৈ বাধ্য কৰিছে।

এই দলে অনাগত লোকসভা নিৰ্বাচনতো অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে আৰু যিমান বেছিকৈ পাৰি সিমান লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলিও ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ পাছত ব্যক্ত কৰিছে। লগতে অহা ১০-২৬ জানুৱাৰীলৈ দেশৰ মফচলীয় চহৰ সমূহত এক সদস্য ভৰ্তি অভিযান চলোৱাৰ কথাও ঘোষণা কৰিছে।

এতিয়া প্ৰশ্ন হৈছে, এই ৰাষ্ট্ৰীয় ৰাজধানীত হৈ থকা পৰিবৰ্তনৰ ধ্বনিয়ে সঁচাকৈয়ে অসমতো প্ৰভাৱ পেলাবনে? অসমত এই ধৰণৰ ৰাজনীতিক আগুৱাই নিবলৈ যোগ্য ব্যক্তি সকল কোন? সঁচাই সেই সকল যোগ্য ব্যক্তিয়ে নিজৰ ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি আগবাঢ়ি আহিবনে? নিকা-মূল্যবোধৰ ৰাজনীতিৰে দেশৰ ব্যৱস্থা পৰিবৰ্তনৰ ঢৌয়ে অসমতো জোৱাৰ তুলিবনে? 

এই সন্দৰ্ভে মনত উদয় হোৱা প্ৰশ্নবোৰৰ উত্তৰ পাবলৈকে এই দলৰ অসমৰ যুটীয়া সমন্বয়ক ভবেন সন্দিকৈৰ সতে দূৰভাষযোগে কিছু প্ৰশ্ন উত্থাপন কৰিছিলো, কিছু আলোচনাৰে কিছু মনৰ কথা জনাইছিলো। তেখেতৰ সতে হোৱা কথা-বতৰাৰ সময়ত তেখেতক যথেষ্ট উতসাহী অনুভৱ কৰিছিলো আৰু নগাঁৱত সদ্য সমাপ্ত এক নাগৰিক সভাত প্ৰায় ডেৰ শতাধিক ৰাইজে অংশ গ্ৰহণ কৰাৰ কথাও তেখেতে জনাইছিল। ৰাইজৰ মাজত প্ৰৱল উতসাহে যথেষ্ট প্ৰেৰণা যোগোৱা বুলিও তেখেতে ব্যক্ত কৰিছিল। বৰ্তমান অসমত এখন দহ-বাৰজনীয়া আহ্বায়ক সমিতিয়ে সমন্বয়ৰক্ষী সকলৰ সৈতে সাংগঠনিক কাম কাজ আগুৱাই নিয়াৰ চেষ্টা কৰি আছে। আঠ খন জিলাত ইতিমধ্যে সাংগঠনিক কাম-কাজ আগুৱাই নিব পৰাকৈ তদৰ্থ আহ্বায়ক সমিতিৰ দ্বায়িত্ব স্বেচ্ছাসেৱক হবলৈ আগবাঢ়ি অহা সকলক অৰ্পণ কৰা হৈছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত কৰ্পৰেট খণ্ডত সেৱা আগবঢ়াই সফল হোৱা ব্যক্তি সকলৰ যোগদান কৰাৰ দৰেই অসমৰ ৰাজ্যিক সমিতিকো বিভিন্ন জন অসমীয়াই দেশ-বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা আগ্ৰহ প্ৰকাশ কৰি যোগাযোগ কৰিছে।  যুটীয়া সমন্বয়কজনে জনোৱা মতে যি কোনো লোকেই আম আদমী পাৰ্টিৰ সাধাৰণ সদস্য পদৰ বাবে দহ টকা মাচুল দি সদস্য পদৰ বাবে আবেদন কৰিব পাৰে। এনেদৰে সদস্য ভৰ্তি কৰিবৰ বাবে ৰাজহুৱা স্থান, অনুষ্ঠান আদিতে সভ্য ভৰ্তিৰ ব্যৱস্থা কৰা হৈছে। তেতিয়া প্ৰশ্ন তুলিছিলো, যদি কোনো দুৰ্নীতি-পৰায়ন, কলা-বজাৰ কৰা লোক যদি দলৰ সদস্য হবলৈ আহিছে তেন্তে তেখেতৰ পেশাগত বা তেখেতৰ ব্যক্তিগত পৃষ্ঠভূমি, ইতিহাস খুঁচৰি চোৱা গৈছে জানো? তেখেতে কি গোপন উদ্দেশ্য লৈ দলৰ সভ্য পদ গ্ৰহণ কৰিবলৈ আহিছে সেয়া নিশ্চিত হৈ লোৱা হৈছে জানো। বিতৰ্কিত মানুহৰ দলভুৰ্ক্তিয়ে দলটোকো অযথা বিতৰ্কৰ মাজলৈ টানি নিনিব জানো?

তেখেতে প্ৰত্যুত্তৰত কোৱা কথাখিনিৰ সাৰাংশ এনেধৰণৰ- যি কোনো ব্যক্তিয়েই এনে ৰাজহুৱা স্থানত সদস্য ভৰ্তি হৈ সাধৰণ সদস্য ৰূপে যোগদান কৰিব পাৰে। কিন্তু চাৰি মাহ তেখেতে দলটোৰ বাবে কৰা স্বেচ্ছাসেৱী কাম-কাজৰ ভিত্তিতহে তেখেতক সক্ৰিয় সদস্য ৰূপে গ্ৰহণ কৰা হয়। সক্ৰিয় সদস্য হবৰ বাবে সেৱা কৰাৰ  যি মন, সেয়া কামেৰে ফুটি উঠিব লাগিব। তেতিয়ালৈ তেখেত সকলৰ ইতিহাস আদিৰ বিষয়েও স্থানীয় সমিতিৰ পৰা জ্ঞাত হবলৈ যথেষ্ট সময় নিশ্চয়কৈ পোৱা যাব। একেদৰেই যি সকল বিশিষ্ট ব্যক্তিয়ে যোগদান কৰা বুলি সংবাদ শিৰোনামাত প্ৰকাশ পাইছে, তেখেত সকলো আন সকলৰ দৰেই সাধাৰণ সদস্যহে। কোনো দলীয় পদবীত পোনে পোনে যোগদানৰ ব্যৱস্থা এই দলত কৰা হোৱা নাই। যোগদান কৰিলেই যে অনাগত দিনত লোকসভা বা আন  নিৰ্বাচনত টিকট পাব সেয়াও নিশ্চয়তা নাই। সেয়া স্থানীয় লোকৰ জনমত ভিত্তিতহে আৰু প্ৰাৰ্থীত্ব বিচৰাজনৰ অৰ্হতা, ইতিহাসৰ ভিত্তিতহে বিচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে।

তেতিয়া প্ৰশ্ন কৰিছিলো, অসমৰ জন-গাঁথনি, নৃ-গোষ্ঠীয় ৰাজনীতিৰ এক বিশেষ ভূমিকা শেহতীয়াকৈ আঞ্চলিক ৰাজনীতিত প্ৰৱলভাৱে উজ্বলি উঠিছে। জনগোষ্ঠীয় নেতা সকলৰ হাতে হাতে এতিয়া উন্নয়ন পৰিষদৰ চাবি-কাঠি, ৰাজকোষৰ ধন লৈ এতিয়া স্ব-গোষ্ঠীয়ৰ উন্নতিৰ নামত কাম-কাজত লাগিছে। বাকী সংখ্যালঘু ৰাজনীতিত জাত-পাত-ধৰ্মৰ বিভেদ বা চিন্তা, জাতিৰ নেতা, ধৰ্মৰ নেতাৰ প্ৰভাৱো উলাই কৰিব নোৱাৰা ধৰণৰ হৈ পৰা অৱস্থাত মাত্ৰ নিকা ৰাজনীতিৰ, ব্যৱস্থা পৰিবৰ্তনৰ আশাত সঁচাই অসমীয়া মানুহ আহিবনে।

তেখেতে কোৱামতে এইবোৰ প্ৰশ্ন তেখেতেও কেন্দ্ৰীয় কমিটিৰ ওচৰত ইতিমধ্যেই উত্থাপন কৰিছিল আৰু আম আদমী লিখা টুপি যে অসম আন্দোলন, অসম গণ পৰিষদ, কংগ্ৰেছ আদিয়ে কেইবাবাৰো টুপি পিন্ধোৱা অসমীয়া ৰাইজে পিন্ধিবলৈ বিচাৰিব সেয়াও সন্দেহ প্ৰকাশ কৰিছিল! কিন্তু জাতি হিচাবে আজি আমি এই কথা পাহৰি গলে নহব, অসম আৰু অসমীয়াক স্বাধীন কৰাৰ নামতে হাজাৰ হাজাৰ ডেকা-গাভৰুৱে প্ৰাণ দিবলৈ কুণ্ঠাবোধ কৰা নাছিল, অসম আন্দোলনৰ নামতো ৮৫৫জনকৈ অসমীয়াই প্ৰাণ দিলে, গোষ্ঠীগত আন্দোলনটো প্ৰাণ গৈয়েই আছে। আনকি প্ৰতিস্থিত ৰাজনৈতিক ব্যৱস্থাই একো পৰিবৰ্তনৰ আশা দেখুৱাব নোৱাৰা বুলি অনুভৱ কৰি এতিয়া শ শয়ে যুৱক-যুৱতী মাওবাদী হবলৈ ঢাপলি মেলা বুলি চৰকাৰেই স্পষ্ট কৰিছে। তেনে ক্ষেত্ৰত তেজ দিব নলগা, জীৱন ত্যাগ কৰিব নলগা অথচ এক সত আৰু নিকা সমাজ প্ৰতিস্থাৰ বাবে আশাৰ বাট দেখুওৱা অৰবিন্দ কেজৰিৱালৰ দৰে নেতাই দিশ দিয়া এক গণতান্ত্ৰিক ব্যৱস্থা পৰিবৰ্তনৰ আন্দোলনলৈ এই একে অসমীয়া জাতিৰ ডেকা সকল নাহিবইবা কিয়? সঁচাই এই উত্তৰটোৱে সৃষ্টি কৰা প্ৰশ্নটোৱে  বহুতো নতুন চিন্তাৰ পোখা মেলালে।

অসমৰ চাহ বাগিচাৰ লগত জড়িত আদিবাসী লোক সকলৰ মাজত থকা অসন্তুষ্টি, নেতা হৈ যুগে যুগে নিজৰ মানুহকে ঠগি অহা স্ব-গোষ্ঠীয় লোকৰ প্ৰতি বিৰাগে, এই সকল লোকৰ মাজতো আম আদমী পাৰ্টিক এক বিকল্প ৰূপে আদৰি লোৱাৰ বাবে উতসাহজনক সঁহাৰিৰ সৃষ্টি কৰা বুলি প্ৰকাশ কৰিছে। একেধৰণেৰে ধৰ্মীয় সংখ্যালঘু ৰাইজেও গেৰুৱা দলৰ উত্থানত শংকিত হোৱাৰ বিপৰীতে, আম আদমীয়েই এই সময়ত এক সামাজিক সুৰক্ষা নিশ্চিত কৰিব পৰা দল ৰূপে গণ্য কৰাৰো এক চিন্তাস্ৰোত সৃষ্টি হোৱা বুলি প্ৰকাশ কৰিছে।

ছমাহৰ ভিতৰতে লোকসভা নিৰ্বাচনত কিবা বাজীমাত কৰিব পাৰকেই বা নোৱাৰক অহা ২০১৬ বিধান সভা নিৰ্বাচনলৈ আম আদমী দলে এক বিকল্প ৰাজনৈতিক শক্তি ৰূপে, এক সুস্থ ৰাজনৈতিক ব্যৱস্থাৰ পৃষ্ঠপোষকতা কৰা দলৰূপে অসমৰ ৰাইজৰ হিয়াৰ আমঠু হৈ পৰিবই সেই সম্ভাৱনা ক্ৰমাত উজ্জ্বল হৈ উঠিছে। দুৰ্নীতিক এই সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ বাবে একৰকম বাধ্য হৈ মানি লব লগীয়া হৈ অতীষ্ঠ হোৱা অসমীয়া জনগণেও এক সুস্থ সামাজিক পৰিবৰ্তনৰ বাট এই দলৰ মাজেদিয়ে পাবলৈ সক্ষম হব বুলি দৃঢ়তা প্ৰকাশ কৰিছে। লগতে দেশ-বিদেশ নিজৰ মেধা-বীক্ষাৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰা নতুন অসমীয়া সকলেই এই পৰিবৰ্তনৰ যাত্ৰাক আগুৱাই নিব লাগিব, সেয়াই এক নিশ্চিত সত্য হৈ ধৰা দিছে।

সততাৰ ৰাজনীতিক নিচা হিচাবে লৈ সমাজ সেৱা কৰিবলৈ অহাটো ৰজা হৰিশ্চন্দ্ৰ হবলৈ যোৱাৰ সতেই তুলনা কৰিব লগীয়া কথা। এই পথ ইমান উজু নহয়। পেশাৰ বাবে কৰা ৰাজনীতিৰ বিপৰীতে এনে পথেদি গতি কৰিবলৈ পদে পদে পৰীক্ষা নিৰীক্ষাৰ সন্মুখীন হোৱাতো নিৰ্ঘাত। সেয়ে প্ৰফেচনেল কেৰিয়াৰ এৰি হঠাত ঢাপলি মেলা বহু ভলণ্টিয়াৰ, দলত্যাগ কৰি অহা কিছু নেতা দীৰ্ঘদিনৰ বাবে এই পৰীক্ষাত কিমান দিনলৈ টিকি থাকিব পাৰিব সেয়াও এক জটিল প্ৰশ্ন।

তথাপি পৰিবৰ্তনৰ বাহিৰে পৃথিৱীত একোৱেই সত্য বা স্থায়ী নোহোৱাৰ কথাক মানি লৈ যোগাত্মক দৃষ্টিৰে এই পৰিবৰ্তনৰ জোৱাৰক আমি বিশ্লেষণ কৰিব তথা গ্ৰহণ কৰিব লাগিব। মাত্ৰ নিজে সুবিধাজনক স্থিতিত থাকি ত্যাগ কৰিবলৈ অহা সকলৰ প্ৰতি সদা-সন্দেহৰ বীজ মেলি থকাৰ সহজ সমালোচনাৰ তাড়ণা আমিও অন্ততঃ ত্যাগ কৰিব লাগিব। যোগাত্মক পৰিবৰ্তনৰ বাবে যোগাত্নক সমালোচনা কৰাত পিছে সকলো নাগৰিকেই অংশগ্ৰহণ কৰিলেহে এই ৰাজনৈতিক পৰিবৰ্তনৰ বাহক স্বৰূপ চেষ্টাটো সফলতাৰ দিশে যোৱাত সহায়ক হব। পিছে এই দলৰ সকলো স্তৰৰ নেতা-কৰ্মীৰ ব্যক্তিগত নৈতিকতাই এই ৰাজনৈতিক দলৰ আটাইতকৈ ঠুনুকা অথচ প্ৰতিটো খোজৰ অতি গুৰুত্বপূৰ্ণ কথা হব সেয়াহে নিশ্চিত।

No comments:

Post a Comment