ভোগালী গুজৱ-২০১৪ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভোগালী গুজৱ-২০১৪

ভোগালী গুজৱ-২০১৪

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান

১. আজি একেৰাতিতে গাহৰি মাংস আৰু ৰঙীন পানীয় বিক্ৰী ও খোৱাৰ ক্ষেত্ৰত বিশ্ব অভিলেখ সৃষ্টি কৰিছে অসমে। একেৰাতিতে ইমান পৰিমানৰ মদে-গাহৰিয়ে ভক্ষণ কৰা কোনো ষ্টেট ইউনাইটেড ষ্টেটতো নাই বুলি যোৰহাটৰ অভিলেখ বৰুৱাই পৰিসংখ্যা গোটাই থকাৰ পৰাই দূৰভাষ যোগে মন্তব্য কৰিছে। এই আন্তৰ্জাতিক অভিলেখ আকৌ অহাবছৰ অসমীয়াইহে কেৱল ভাঙিব পাৰিব বুলিও বৰুৱাই দৃঢ়তা প্ৰকাশ কৰিছে।



২. পাৰম্পৰিক খাদ্য ভক্ষণ প্ৰতিযোগিতাত খৰিকাত দিয়া আধা সিজা গাহৰিৰ সৈতে বগা ভাতৰ মাৰ ভক্ষণ কৰি আঢ়ৈশ য়ুৱকৰ অৱস্থা শৌচনীয় হৈ পৰাৰ তাজা খবৰ। প্ৰতিযোগিতা স্থলীৰ অস্থায়ী শৌচাগাৰ উভৈনদী হৈ বোৱাৰ উপক্ৰম হোৱাৰো ঘৃণনীয় খবৰ।

৩. সুন্দৰী মহিলা সমিতিয়ে আয়োজন কৰা মেগী বনোৱা প্ৰতিযোগিতাত অভিলেখ সংখ্যক সুন্দৰী তথা নৱ-প্ৰজন্মৰ কিশোৰীয়ে অংশ লোৱাৰ বাতৰি। দুই মিনিটতে মানে টিলিকতে খানা ৰেডি কৰা এই প্ৰতিযোগিতাই আমাৰ নৱ-প্ৰজন্মৰ গতিশীল পৃথিৱীত মাতৃ সকল বা ভৱিষ্য মাতৃসকলক ৰান্ধনীশালত সোমোৱাৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ দিয়া বুলি জানিব পৰা গৈছে। সদায় বনকৰা ছোৱালীৰ হাতেৰে খাই খাই আজিহে নিজৰ হাতৰ মেগী খায়, নিজেওযে বনাব জানে সেয়া অনুভৱ কৰা আৰু এয়াই ভোগালীৰ শ্ৰেষ্ঠতম অনুভৱ বুলি সুন্দৰী মহিলা সকলে ব্যক্ত কৰিছে।
আইতা পিঠা নহয়, মেগী খাওঁ...

৪. লাষ্টগেটৰ লাছ-ভেগাচ ক্লাৱে উৰুকাৰ নিশা ভোজ ভাত খোৱাৰ পাছত পাৰম্পৰিক মেজি ৰখাৰ উদ্দেশ্যে আয়োজন কৰিছে অহোৰাত্ৰি জুৱা প্ৰতিযোগিতাঃ তিন পাত্তি, ৰামী আদি পাৰম্পৰিক খেল সমূহৰ লগতে অত্যাধুনিক কেচিনোৰ কেইবাটাও খেল ৰাইজৰ মনোৰঞ্জনৰ বাবে অনা বুলি ক্লাৱৰ উদ্যোক্তাই জনাইছে।

৫. ভোগালী বিহুৰ চুৰি কৰা পৰম্পৰা ৰক্ষা কৰিবলৈ কেইবাজনো সচেতন নাগৰিকৰ উদ্যোগত অফিচৰ পৰা কেলেংকাৰীৰ তথ্য থকা ফাইল চুৰিৰ কাৰ্যসূচীৰ আয়োজন কৰাৰ গোপন খবৰ। তাৰ বাবে বাঘা বাঘা চোৰ সকলক অফিচৰ নকল চাবি, গডৰেডৰ নম্বৰ আদি ইতিমধ্যে গতাই দিয়া গৈছে আৰু সকলো সুকলমে হলে অহা বছৰতো এইদৰে নতুন কেলেংকাৰী কৰি লাইফ ভোগালী কৰি থাকিব বুলিও নাগৰিক সকলৰ ফোন টেপিঙৰ পৰা গম পোৱা গৈছে।

৬. বেলতলা বজাৰত ৰসাল গগৈ চাৰে কিনিলে মিঠা আলু, কাঠ আলু ইত্যাদি। মূল্যবৃদ্ধি হোৱাত সন্তোষ প্ৰকাশ কৰি তেখেতে ক্ষুদ্ৰ ব্যৱসায়ী সকলক কয় যে, দাম নবঢ়ালে লাভ বাঢ়িব কেনেকৈ? লাভ নাবাঢ়িলে উন্নতি হব কেনেকৈ। গতিকে উন্নতিৰ বাবে মূল্যবৃদ্ধি এডাল জখলাহে আৰু বিহুৰ বজাৰতে ভালদৰে লাভ লুটি লবলৈকে আৰু অলপ চৰা-দাম কৰা ভাল বুলিও তেখেতে টিপছ প্ৰদান কৰে। সন্তুষ্ট হোৱা ক্ষুদ্ৰ ব্যৱসায়ী সকলে উলাহতে ছাৰৰ মোনাত কিবা-কিবি ভৰাই দিবলৈ হেতা-উপৰা কৰা বুলিও সূত্ৰত প্ৰকাশ।
বিহু বুলি আৰু গোন্ধতো অকন থাকিবই দিয়াচোন
৭. "আজি উৰুকাৰ বাবে, আপুনি যদি চৰাদামতেই নিকিনে, কিনিব কোনেনো কোৱা...." বুলি এটা ভূপেন্দ্ৰ ভোগালী গীত পৰিবেশন কৰিছে সুকণ্ঠী গায়িকা বিজয়া বাইদেৱেঃ চেলবেল-৩৬৫ ত ৰাইজলৈ ভোগালীৰ শুভেচ্ছা দি বাইদেৱে কয় যে, অহাবাৰ মুডী প্ৰধানমন্ত্ৰী পালে ৰাইজৰ মুডো সলনি হব আৰু অহাবাৰ ভোগালী সস্তাদৰতে সৰ্ব-ভাৰতীয় উতসৱৰ ৰূপত কৰিব পাৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

৮. খেতি মন্ত্ৰী নীলামন ডেকাই অহাবাৰ এই কৃষকৰ উতসৱক বিশ্ব দৰবাৰলৈ নিয়াৰ উদ্দেশ্যে বেংককত আন্তৰ্জাতিক মাঘ বিহু উদযাপনৰ দিহা কৰিব বুলি জানিবলৈ দিছে। ৰসাল গগৈ চাৰেও বিদেশত বিহুৰ নাম শুনি আনন্দিত হোৱা আৰু তালৈকে বিদেশী বিয়ৈ-বিয়নীকো আমন্ত্ৰণ জনাব বুলি সন্তোষ প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে।

৯. কুৰিয়াৰ কোম্পানীৰ পৰা জানিব পৰা মতে অসমৰ পৰা এই কেইদিন পঠোৱা কুৰিয়াৰ পিঠা-পনা-লাৰুৰ সোৱাদে বিভিন্ন চহৰত কুৰিয়াৰ বয় সকলক আপ্লুত কৰিছে আৰু দুপৰীয়া মাত্ৰ অসমৰ পৰা অহা টোপোলাহে ডেলিভাৰী কৰিবলৈ বিচৰা বুলি তথ্য প্ৰকাশ পাইছে। ফটা পেকেট ডেলিভাৰী লৈ প্ৰৱাসী অসমীয়াই "মাখিয়ে মিঠৈ খালে" বুলিয়ে সন্তোষ লভাৰ দুখৰ খবৰ।

১০. সদৌ অসম পাৰম্পৰিক ভোগালী বিহু উদযাপন সমিতিয়ে আয়োজন কৰা কাঠআলু খনা প্ৰতিযোগিতাত অতি কম সংখ্যক প্ৰতিযোগীয়ে অংশ লোৱাৰ বাবে প্ৰতিযোগিতা বাতিল কৰিব লগীয়া হৈছে। তাৰ পৰিবৰ্তে ৰাজনৈতিক সিন্ধি খনা প্ৰতিযোগিতাত হাত, পদুম আৰু হাতী পাৰ্টিৰ যুৱক সকলে অলেখ উতসাহ উদ্দীপনাৰে অংশ লোৱাৰ বাতৰি আমালৈ আহিছে।

No comments:

Post a Comment