কামেৰে চানেকি দেখুওৱা মানিক সৰকাৰৰ কথাৰে
স্বাধীনতাৰ পাছত ত্ৰিপুৰাত কংগ্ৰেছ দলে ৩৫বছৰ শাসন চলাইছিল। সেইখিনি সময়ত ত্ৰিপুৰাত বুভুক্ষু মানুহৰ আৰ্তনাদ শুনা গৈছিল। সন্ত্ৰাসবাদী কাৰ্যকলাপো ক্ৰমশঃ বাঢ়ি গৈছিল। কোনো মুহূৰ্ততে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত নাছিল। গাঁৱত বিদ্যুতৰ ব্যৱস্থা, বিদ্যালয়ৰ ব্যৱস্থা, পানী যোগানৰ ব্যৱস্থা তথৈবচ আছিল। কিন্তু এতিয় ত্ৰিপুৰা ৰাজ্যৰ চিনাকি সম্পূৰ্ণ সুকীয়া।
দিল্লীত অৰবিন্দ কেজৰীৱালৰ নেতৃত্বত দুৰ্নীতিবিৰোধী আদৰ্শ লৈ অহা পৰিবৰ্তনৰ জোকাৰণিৰ সৈতে এতিয়া দেশৰ বিভিন্ন কোনত চলি থকা নিকা শাসন ব্যৱস্থাৰ পৰ্যালোচনা কৰি চোৱাৰো প্ৰয়োজনীয়তা বাঢ়ি আহিছে।
ব্যক্তিগত ভাৱে সততা আৰু নিকা ছবিয়েই নহয় ভাৰতৰ আটাইতকৈ কম আৰ্জন কৰা মুখ্যমন্ত্ৰী ৰূপে মানিক সৰকাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগতেই আকৰ্ষণ কৰিছিল। কিন্তু এতিয়া কেজৰীৱালৰ নেতৃত্বত ভি আই পি ধৰণ কৰণক অপ-সংস্কৃতি আখ্যাৰে সাধাৰণ জনতাৰ নেতাই সাধাৰণ ভাৱে বসবাস কৰাৰ আদৰ্শৰ কথা কোৱাৰ লগে লগেই, মানিক সৰকাৰৰ চিৰ-বিৰোধী মোডীৰ প্ৰশংসক সকলেও নিজৰ দলৰ কোনো কোনো নেতাৰ সাধাৰণ জীৱন ধাৰণক চ'চিয়েল মেডিয়া যোগে প্ৰচাৰ দিবলৈ চেষ্টা কৰোতে, সৰকাৰৰ সৰল জীৱন যাত্ৰাক নুই কৰি থৈ যাব পৰা নাই। বিৰোধীয়ে ভাল বুলি প্ৰচাৰ কৰাটোও চাগৈ এইজনা জননেতাৰ বাবে এক সাফল্যই।
ৱিকিপিডিয়াত উল্লেখ থকা তথ্য মতে মানিক সৰকাৰে লাভ কৰা মুখ্যমন্ত্ৰীৰ দৰমহাৰ সমুদায় ধন ভাৰতৰ কমিউনিষ্ট পাৰ্টি(মাৰ্ক্সবাদী)ক জমা দিয়ে আৰু পাৰ্টিয়ে ঘৰ চলাবলৈ দিয়া পাঁচ হাজাৰ ভাট্টাৰেহে পত্নীৰ সৈতে জীৱন নিৰ্বাহ কৰে। তেখেতৰ পত্নী চৰকাৰী চাকৰিৰ পৰা অৱসৰপ্ৰাপ্ত মহিলা। ব্যক্তিগত পৈত্তিক সম্পত্তি বুলি এটা ঘৰ মাতৃৰ মৃত্যুৰ পাছত সৰকাৰ দেৱে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল আৰু সেয়াও এজন আত্মীয়ক দান কৰি একই নিস্বঃ জীৱন যাপন কৰা এক আদৰ্শ তেখেতে দেখুৱাইছে। ৱিকিপেডিয়াৰ তথ্য মতে তেখেতৰ নিৰ্বাচনী শপত নামাত ঘোষিত মতে বেংকতো মাত্ৰ বিশ হাজাৰতকৈ কম ধনহে তেখেতৰ জমা আছে। হাজাৰ লাখ কোটিৰ দুৰ্নীতিয়ে দেশৰ সংবাদ শিৰোনামা দখল কৰি থকা সময়ত এনে নিকা জননেতাৰ কাহিনী আৰু তেখেতৰ কৰ্মৰাজিৰ বিশ্লেষণ কৰাৰ দ্বায়িত্ব আহি পৰা যেন অনুভৱ হৈছে।
তেখেতে এই সপ্তাহতে অসমৰ তেজপুৰত এখন দলীয় জনসভাত অংশ গ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখিছিল। তেখেতৰ বক্তব্যত দাঙি ধৰা বিভিন্ন দিশবোৰে অসমৰ সৈতে তেনেই সৰু ৰাজ্যৰ ত্ৰিপুৰাৰ এক তুলনামূলক বিশ্লেষণৰ প্ৰতিৰূপ উজলি উঠিছে।
কংগ্ৰেছৰ অপশাসনৰ ওৰ পেলাই ১৯৭৮ চনত ত্ৰিপুৰালৈ আহিছিল পৰিবৰ্তনৰ জোৱাৰ। তেতিয়াই চৰকাৰ গঠন কৰিছিল বাওঁপন্থী দল সমূহৰ সন্মিলিত চৰকাৰে। আৰু তেতিয়াৰ পৰাই ত্ৰিপুৰালৈ যেন আহিবলৈ ধৰিছিল বিকাশৰ ধাৰা। সেই বিকাশ আৰু নিকা ৰাজনীতিৰ ভেটিতে সপ্তম বাৰলৈ ত্ৰিপুৰাত বাওঁপন্থী চৰকাৰ এতিয়া লৈকে গঠিত হৈছে আৰু চতুৰ্থ বাৰৰ বাবে মানিক সৰকাৰে মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব পালন কৰিছে। পশ্চিমবংগ, কেৰেলা আদিকে ধৰি বিভিন্ন ৰাজ্য বাওঁপন্থীৰ দুৰ্গ খহি পৰাৰ পাছতো কিন্তু ত্ৰিপুৰাত এই দুৰ্গ অক্ষত থকাটো অতিশয় মন কৰিবলগীয়া।
মানিক সৰকাৰ দেৱে সিদিনা দেশত চলি থকা ব্যক্তিকেন্দ্ৰিক নেতৃত্বৰ প্ৰচাৰ প্ৰপাগাণ্ডা সম্পৰ্কত তেখেতৰ অভিমত তুলি ধৰিছে। তেখেতৰ মতে ৰাহুল গান্ধী, মনমোহন সিং, নৰেন্দ্ৰ মোদীৰ মাজত বিশেষ কোনো পাৰ্থক্য নাই। নৰেন্দ্ৰ মোদী দেশত গোষ্ঠীগত সংঘৰ্ষৰ ৰোল মডেল আৰু এইক্ষেত্ৰত তেখেত দেশৰ এক নম্বৰ হিৰো বুলিও তেখেতে উল্লেখ কৰিলে।
অসমত আন্দোলন, সংঘৰ্ষ, বন্ধ আদিৰ প্ৰকোপত ত্ৰাহি মধুসূধন দেখা জনতাক উদ্দেশ্যি তেখেতে ত্ৰিপুৰা আৰু অসমৰ আৰ্থ সামাজিক উন্নয়নৰ খতিয়ানৰ তুলনা কৰি তেখেতে অসমৰ পুতৌলগা ছবিৰ পৰিবৰ্তে ত্ৰিপুৰাত এতিয়া নাৰ্যপ্ৰাপ্য বিচাৰি অসমৰ দৰে আন্দোলন কৰিব লগা পৰিবেশ নাই বুলিও মন্তব্য কৰে। নাৰ্য প্ৰাপ্যৰ বাবে লাষ্টগেটকে ধৰি বিভিন্ন স্থান কঁপি থকা অসমত আন্দোলন নকৰিব লগীয়া পৰিবেশ আমি সঁচাই কল্পনা কৰিব পাৰোনে?
অসমৰ পথৰ দুয়োকাষে বিস্তীৰ্ণ অঞ্চল ছন পৰি থকা দেখি তেখেতে প্ৰকাশ কৰিলে উদ্বিগ্নতা। তাৰ বিপৰীতে তেওঁৰ ৰাজ্যত কৃষি, গড়কাপ্তানি, স্বাস্থ্য, শিক্ষাৰ অভূতপূৰ্ব উন্নয়নৰ কথা দোহাৰিলে । অসমত এম জি এনৰেগাৰ ধনৰ লুণ্ঠন হোৱাৰৰ দৰে ত্ৰিপুৰা চৰকাৰে কিন্তু এনে লুণ্ঠন চলাবলৈ সুযোগ দিয়া নাই বুলিও উল্লেখ কৰে।
ত্ৰিপুৰাত নিকাকৈ গ্ৰামাঞ্চলৰ পঞ্চায়ত ব্যৱস্থা শক্তিশালী কৰা হ'ল। অসমৰ পঞ্চায়তী শাসনৰ দৰে দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ বা দালালৰাজৰ নামান্তৰ কৰি নহয়। গ্ৰামাঞ্চলৰ প্ৰকৃত উন্নয়নৰ দিশেৰে পঞ্চায়ত ব্যৱস্থাক শক্তিশালী কৰা হৈছে। নগৰ পঞ্চায়তৰ যোগেদিও উন্নয়নৰ পথ প্ৰশস্ত কৰা হ'ল। ত্ৰিপুৰাত এতিয়া গাঁও-চহৰৰ কোনো পাৰ্থক্য নাই। চহৰৰ সমান্তৰাল ভাৱে গাঁৱৰ পথো অতি উন্নত। অসমৰ দৰে জৰাজীৰ্ণ পথ ত্ৰিপুৰাত নাই। তেখেতৰ বক্তব্যত যদি সত্যতা আছে, অসমীয়াই তেন্তে অসমৰ কংগ্ৰেছ চৰকাৰৰ সফলতাৰ জয়গানক নতুনকৈ বিশ্লেষণ কৰাৰ সঁচাই সময় আহিল।
অসমৰ বিদ্যুত খণ্ডৰ যি দুৰৱস্থা, তাৰে সুবিধা লৈ ৰাইজৰ মূৰত নদী-বান্ধ জাপি দিও দিওকৈ থকাৰ পৰিবেশ তাৰ বিপৰীতে ত্ৰিপুৰাত কি হৈছে সেই সম্পৰ্কেও তেখেতে উল্লেখ কৰিলে। অসমতহে বিদ্যুতৰ লুকাভাকু, তাৰ বিপৰীতে ত্ৰিপুৰাই নিজে উতপাদন কৰা বিদ্যুতেৰে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰৰ আন আন ৰাজ্যক বিক্ৰী কৰিছে, ৰাজহ সৃষ্টি কৰিছে বা লগতে পোহৰাই তোলাত অৰিহণাও যোগাইছে।
দেশৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত কলেজ-শিক্ষানুষ্ঠানক উচ্চ শিক্ষাৰ বাণিজ্য কৰিবলৈ উচতনি দিয়াৰ বিপৰীতে এতিয়াও ত্ৰিপুৰাত ত্ৰিপুৰা চৰকাৰে কলেজ পৰ্যন্ত বিনা-পইচাৰে পঢ়োৱাৰ ব্যৱস্থা কৰিছে । অসমৰ দৰে মধ্যাহ্ন ভোজনৰ নামত মাত্ৰ কেন্দ্ৰৰ ধনেৰে খিচিৰি খুৱাই পাল মৰা নাই। সপ্তাহত এদিন মাংস-পনীৰ আৰু মিঠাই খুওৱাৰো ব্যৱস্থা হৈছে। অসমৰ শিক্ষামন্ত্ৰীয়ে এই কথাবোৰলৈ কান দিবলৈ আহৰি পাবনে?
স্বাস্থ্যখণ্ডৰ তুলনা কৰিলে তাতো আমূল পৰিবৰ্তন তেখেতে উল্লেখ কৰিছে। ত্ৰিপুৰাত ১০০জনৰ ভিতৰত ৯৭জনেই বিনামূলীয়া চিকিতসা লাভ কৰে। তাৰ বিপৰীতে অসমৰ কিমান শতাংশ মানুহে চৰকাৰী স্বাস্থ্য সেৱা লবলৈ মানসিক ভাৱে সাজু, আপুনিও এবাৰ নিজকে প্ৰশ্ন কৰক! চৰকাৰী চিকিতসাৰ উন্নীতকৰণৰ নামত জয়ঢোলবোৰৰ আচল ৰূপ সঁচাই জানো বিশ্লেষণ কৰাৰ প্ৰয়োজন অনুভৱ হোৱা নাই?
সৰু-ৰাজ্য, গৰিব ৰাজ্য যদিও কিন্তু ত্ৰিপুৰাই গৰিব জনগণৰ কল্যাণৰ ক্ষেত্ৰত কৃপনালি কৰা নাই। কেন্দ্ৰীয় চৰকাৰেও এতিয়া ত্ৰিপুৰালৈ উন্নয়নৰ খতিয়ান দেখিয়েই চকু মেলি চাবলৈ বাধ্য হৈছে। আনকি আজি সাক্ষৰতাৰ ক্ষেত্ৰতো দেশৰ ভিতৰতে প্ৰথম স্থানত উপবিষ্ট হৈ আছে ত্ৰিপুৰা। তাত ৯৫% শতাংশ লোকেই সাক্ষৰ। বাকী পাঁচ শতাংশ নিৰক্ষৰ লোককো সাক্ষৰ কৰাৰ কামত চৰকাৰে মনোনিবেশ কৰি আছে।
ইপিনে জনগোষ্ঠীয় সমস্যাৰ ক্ষেত্ৰতো ত্ৰিপুৰাত বাওঁপন্থী চৰকাৰে কেতিয়াও সমস্যাৰৰ উদ্ভৱ হবলৈ দিয়া নাই। সাম্প্ৰদায়িক বা নৃ-গোষ্ঠীয় গোট সমূহৰ সমস্যাক সুন্দৰকৈ সমাধানৰ পথ দেখুওৱাৰ বাবে ত্ৰিপুৰাত শান্তি আৰু সম্প্ৰীতি অক্ষুন্ন হৈ আছে। অসমৰ দৰেই বিভিন্ন জাতি-জনগোষ্ঠীৰ বসতিস্থলী ত্ৰিপুৰাক কিন্তু আগ্নেয়গিৰি হবলৈ দিয়া হোৱা নাই। পিছে অসম সাম্প্ৰদায়িক সংঘৰ্ষৰ আগ্নেয়গিৰি স্বৰূপ বুলি টুলুঙা মন্তব্য কৰা অসমৰ মুখ্যমন্ত্ৰীয়ে হাজাৰ হাজাৰ লোকৰ তেজৰ চেকা, ঘৰ-জ্বলাৰ জুই দেখাৰ পাছতো চুবুৰীয়া এই ৰাজ্যত কি ব্যৱস্থাপনা চলিছে তাক চাবলৈ বিদেশ ভ্ৰমণৰ পৰাই আহৰি পাব পৰা নাই!
সাম্প্ৰতিক পৰিবৰ্তিত ৰাজনৈতিক বতাহজাকক অনুধাৱন কৰি মানিক সৰকাৰে মত প্ৰকাশ কৰে যে দুৰ্নীতিগ্ৰস্ত আৰু দালালৰাজৰ পৃষ্ঠপোষক কংগ্ৰেছৰ বিৰুদ্ধে ঢৌ উঠিছে যদিও বিজেপিকো অসমৰ মানুহে বিচৰা নাই। এনে অৱস্থাত বাওঁপন্থী দলেহে সকলো জাতি-জনগোষ্টীক একত্ৰিত কৰি এক বিকল্প পথ দেখুৱাব পাৰিব আৰু এক নিকা সুশাসনৰ ভেটি ৰাইজক উপহাৰ দিব পাৰিব । তেখেতৰ মতে দেশত চৰকাৰ বা মন্ত্ৰীৰ মুখ সলনি হ'লেই নহয়, চৰকাৰৰ নীতি সলনি হব লাগিব। কংগ্ৰেছ আৰু বিজেপিৰ উপযুক্ত বিকল্পৰ সন্ধান ৰাইজেই কৰিব লাগিব।
বিজেপিয়ে মুকলিকৈ হিন্দুত্ববাদ আৰু কংগ্ৰেছে গোপনে সাম্প্ৰদায়িকতাবাদ অব্যাহত ৰখাৰ কথা উল্লেখ কৰি তেখেত কয় যে অসমত ধৰ্মীয় সংখ্যলঘুপ্ৰধান অঞ্চলত সংখ্যালুসকলক আৰু হিন্দু বসতিপ্ৰধান অঞ্চলত হিন্দু সকলক কংগ্ৰেছে উচটনি যোগাই আহিছে। সেয়ে জাতি-ধৰ্মৰ বিভেদৰ ৰাজনীতি কৰা সকলক বিদায় দিয়াৰ চিন্তা ৰাইজে কৰাটো আজিৰ সময়ৰ এক আহ্বান স্বৰূপ।
যি কি নহওক, মানিক সৰকাৰ দেৱৰ ব্যক্তিগত সততা আৰু সৰল জীৱন যাপনে যেনেকৈ দেশৰ বিৰোধী দলকো তেওঁক প্ৰশংসা কৰিবলৈ বাধ্য কৰিছে। সেইদৰে তেখেতৰ সুশাসনৰ উল্লেখে আমাকো তেখেতৰ শাসন ব্যৱস্থাক বিশ্লেষণ কৰাৰ প্ৰতি আগ্ৰহী কৰি তুলিছে। চুবুৰীয়া ৰাজ্যখনে যদি জাতি-জনগোষ্ঠী-সম্প্ৰদায়-সংখ্যালঘু গোষ্ঠী সমূহৰ আশা আকাংক্ষা শান্তিৰ পথেৰে সম্প্ৰীতিৰ বাণীৰে ব্যৱস্থাপনা কৰি ৰাজ্যখনক উন্নত এক ৰাজ্যলৈ উন্নীত কৰিব পাৰিছে।
তেন্তে সেই ব্যৱস্থাৰ বিশ্লেষণ কৰি অসমতো এনে বিষবাষ্প সমূহ নোহোৱা কৰাৰ ব্যৱস্থা হব লাগে। পঞ্চায়তী ৰাজতো দুৰ্নীতি কি দৰে নাইকীয়া কৰিছে তাৰো অধ্যয়ন হব লাগে আৰু যোগাত্মক কথাবোৰ প্ৰতিবেশীজনৰ পৰা আহৰণ কৰি আমাৰ ৰাজ্যখনকো এক শান্তি-প্ৰগতিৰ থলী কৰি গঢ়ি তুলিব লাগে। আমাৰ বোধেৰে ত্ৰিপুৰা উত্তৰ-পূৱৰ ৰাজ্য সমূহৰ ৰাজনৈতিক নেতা, দল সংগঠন তথা সচেতন সকলো লোকৰ বাবেই এক সুশাসনৰ গৱেষণা বা অধ্যয়নৰ বিষয় হৈ উঠাৰ এক গভীৰ প্ৰয়োজনীয়তা আছে। একেধৰণৰ জনগাঁথনি, আন্তঃগাঁথনি, জলবায়ু, ভৌগোলিক অৱস্থিতি, প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ এই ৰাজ্য ৰ শাসন ব্যৱস্থা, এক ক্ষেত্ৰ ভিত্তিক সুক্ষ্ম অধ্যয়েন কৰিলে আমাৰ সমস্যাবোৰ সমাধানৰ বাট বিচৰাৰ বাবে এক আদৰ্শ বা পথপদৰ্শক ৰূপেও পৰিগণিত হোৱাৰ নিশ্চয়কৈ সম্ভাৱনা আছে।
তোৰ লিখাটো পঢ়িলো,কিছুমান চিন্তাই(একান্তই ব্যক্তিগত) মনত দোলা দি গ'ল ।আম আদমি দলৰ উত্থানে বহু চিন্তাৰ খোৰাক দি গ'ল,কিন্তু একে সময়তে কংগ্রেছৰ সহায়ত চৰকাৰ গঠনৰ সিদ্ধান্তই বহুতকে আশাহত কৰিলে । সি যি কি নহওক তোৰ এই লিখা পঢ়ি অলপ কথা কবলৈ মন গ'ল ।আন্না হাজাৰেৰ আলম লৈ কেজৰিৱালে বহু কিবা কিবি কথাৰে এক চমক সৃষ্টি কৰিলে(পিচত তাৰ বিপৰীত কিছু কামকাজ দেখা গৈছে),কিন্তু তেনে চমক নেদেখুৱাকৈয়ে কিছু ৰাজনীতিবিদে নীৰৱে জনসাধাৰনৰ কাম কৰি গৈছে ।আমি কিন্তু তেনেলোকৰ বিষয়ে জানিবলৈ বা জনাবলৈ বিচৰাতকৈ কেজৰিৱালতহে বেছি গুৰুত্ব দিছো ।মানিক সৰকাৰ,পৱন চামলিং,মনোহৰ পাৰিকাৰ আদি এনে ব্যক্তি ।মই জনাত চিকিমেই ভাৰতৰ একমাত্র দেশ য'ত এজনো বিৰোধী বিধায়ক নাই, য'ত ব্যক্তিগত স্বার্থতকৈ সততাক আগস্থান দিয়া হয় আৰু এই সকলোবোৰ চামলিং দেৱৰ দৰে বিচক্ষণ আৰু সৎ নেতাৰ বাবে ।পাৰিকাৰ দেৱৰ কথা নকলোৱেই ।কিন্তু এইসকল নেতাক পাহৰি আমি কেৱল কেজৰিৱালৰ কথাই আলোচনা কৰো, কাৰণ এইসকল একোখন সৰু ৰাজ্যৰ নেতা,যাৰ ৰাষ্ট্রীয় প্রেক্ষাপটত কোনো গুৰুত্ত্ব নাই ।
ReplyDelete