মিচা কলে কি ডাল হব (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা কলে কি ডাল হব (হাস্য ব্যংগ)

মিচা কলে কি ডাল হব (হাস্য ব্যংগ)

Share This
তপা মানুহৰ ফণী কিনাৰ অধিকাৰ 
আৰু 
ৰাহুলদাৰ ভাষণ বিভ্ৰাট
------------------------------------------------------------
ৰাহুলদা কালি অভিনয়ৰ মঞ্চত খুৱ জোশত আছিল। জাপানীজ মানুহৰ পৰ্যবেক্ষণত বৰঘৰৰ পৰা লিখি অনা হিন্দী কথাবোৰ ভাষণৰ ৰূপত অভিনয় ডেলিভাৰী কৰিবলৈ যাওঁতে দাদা ভাবুক হৈ পৰে, মাজে মাজে উত্তেজিতও। তেখেতে ভাষণৰ যোগেদিয়ে কালি সকলোৱে ভাল পোৱাকৈ অভিনয় কৰি দেখুৱাবলৈ প্ৰৱল প্ৰচেষ্টা কৰে। জাপানীজ ডাইৰেক্টৰৰ নিৰ্দেশনাত এই অভিনয়ে বহুত লোকৰ প্ৰশংসা তথা তোষামোদকাৰীৰ উচ্চ জয়জয়কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ৰাহুল দাই বিৰোধী পাৰ্টিয়ে দেশত তপা মানুহক ফণী বেচাৰ কাম কৰিছে বুলি অভিমান কৰে। আৰু এইসকলে গুজৰাটী মাৰ্কেটিঙ মেনেজাৰক লৈ কৰা,  মাৰ্কেটিঙ বৰ জৱৰদস্ত বুলিও প্ৰশংসা কৰে।  পিছে এতিয়া ৰাম-মোডী ফেন ক্লাৱে ৰাহুল দাক দেশৰ বেছি ভাগ মানুহৰ "চুলি সৰাই কোনে তপা কৰিলে" বুলিও মৰমেৰে প্ৰশ্ন কৰিছে। 

লগতে এই ফণী শ্ৰীমতীৰ বাবেহে সদ্যহতে তপা ৰাইজে সংগ্ৰহ কৰা বুলি প্ৰকাশ কৰি, শ্ৰীমতীক এবাৰ মৰমতে চুলি ফনিয়াই দিলে সংসাৰত কিমান ইতিবাচক প্ৰভাৱ পৰে সেয়া জানিবলৈ বা বুজিব নোৱাৰাৰ বাবে ৰাহুলদালৈ দুখ প্ৰকাশ কৰিছে আৰু মাতৃক "হমে বহু মত দো" বুলি প্ৰাৰ্থনা কৰিবৰ বাবে বন্ধ কৰিবলৈকো উপদেশ দিছে।

লগতে সচেতন ফেন ক্লাৱে ৰাহুল দাক তপা মানুহৰো যে আজিকালি চুলি গজে সেই কথালৈ আঙুলিয়াই দিবলৈ ক্ৰিকেট কমেণ্টেটৰ হৰ্ষ ভোগলেৰ উদাহৰণ দিছে আৰু সেই কথা ফটোসহ জনাবৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাহুলদালৈ ফেক্স কৰাৰ জোৱাৰ আহিছে। পিছে ৰাহুলৰ ফেক্স মেচিনত কাগজ দিবলৈ কোনো চামচাই আহৰি নোপোৱাৰ বাবে এই উদাহৰণ তেখেতে ছপা ৰূপত লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলিও জানিব পৰা গৈছে।

 মূল্যবৃ্দ্ধিৰ কৰাল গ্ৰাসত পৰি সাধাৰণ মানুহে হাঁহাকাৰ কৰাৰ কথা উল্লেখ কৰি গেৰুৱা পাৰ্টিৰ তৰফৰ পৰা তপা লোকৰ বাবে সুন্দৰ বিজ্ঞাপনেৰে প্ৰচাৰ কৰা ফণী সোনকালেই অফাৰ থাকোতেই সংগ্ৰহ কৰি লবলৈ আহ্বান জনাইছে। কাৰণ পাছত নতুন প্ৰযুক্তিৰ ফলত বা বামদেৱৰ তেলৰ প্ৰভাৱত আপোনাৰো তপা মূৰলৈ চুলি আহিবও পাৰে, কিন্তু মূল্যবৃদ্ধিৰ কোৱত তেতিয়া হয়তো মানুহৰ সাধাৰণ ফণী কিনিবলৈকো আপোনাৰো শকতি নাথাকিব বুলি আশংকা প্ৰকাশ কৰিছে।

মূল্যবৃদ্ধি, দুৰ্নীতি, পদে পদে দালালী, খোজে খোজে যুৱ কংগেচীৰ উদ্ভাণ্ডালি,  গেচৰ চিলিণ্ডাৰ ৰাজ-সাহাৰ্য নোহোৱাকৈ এজেঞ্চিৰ পৰা কিনাৰ চিন্তা, ব্লেকৰ পৰা কিনাৰ চিন্তাই ভাৰতৰ আধা মানুহ তপা হোৱাৰ মূল কাৰণ বুলি সামাজিক গৱেষণা সংস্থাই প্ৰকাশ কৰিছে। উচ্চ শিক্ষাৰ ব্যৱসায় খুলি দিয়াৰ পৰা ফীজ দিয়াৰ যি চিন্তা সিও মানুহৰ চুলি সৰাৰ অন্যতম কাৰণ বুলি মন্তব্য কৰিছে।

পুলিচ প্ৰশাসনৰ শিঠিলামিত প্ৰতিদিনেই ঘৰৰ ছোৱালী-বোৱাৰী ওলাই গলে সুৰক্ষিত ভাৱে ঘৰলৈ ঘূৰি আহিবনে বুলি চিন্তাতো ৰাইজৰ চুলি সৰা বুলি জানিব পৰা গৈছে। চাকৰিৰ বাবে লাখ টকাৰ উপঢৌকন, পেঞ্চনৰ বাবে তাঁতবাতি, ব্যৱসায়ত ধাৰ দি দি লালবাতি, চান্দা-বৰঙণি-গুণ্ডা টেক্স আদিৰ উপদ্ৰৱো ভাৰতীয় মানুহ তপা হোৱাৰ অন্যতম কাৰণ বুলি জানিব পৰা গৈছে।

পিছে ৰাহুলদাই তেওঁলোকৰ চৰকাৰে এটা দশক ধৰি শাসনত থাকোতে দেশৰ মানুহ তপা হোৱাৰ হাৰ বৃদ্ধিৰ কাৰণটো অনুধাৱন নকৰিলে। তাৰ বিপৰীতে তপা মানুহে ফণী কিনাক লৈ উপহাসহে কৰা পৰিলক্ষিত হল। এয়া তপা মানুহ আৰু শাসনত ত্ৰস্ত হোৱা সাধাৰণ মানুহৰ মানৱ অধিকাৰ হনন তথা আত্ম সন্মানত লগা কথা বুলিও নতুন তপা নাগৰিক সন্থাই মত প্ৰকাশ কৰিছে।

তথাপি ছয় সাতমাহৰ পাছতে দেশৰ পৰিবেশ পৰিস্থিতি ভাল হব আৰু বামদেৱৰ তেল ব্যৱহাৰ কৰি সকলো ত্ৰস্ত হৈ তপা হোৱাৰ মানুহৰ চুলি গজিব বুলি গুজৰাট কাৰ্যালয়ৰ পৰা জানিব পৰা গৈছে। আৰু সেয়ে সকলোৱে নিজৰ নিজৰ ফণী সংগ্ৰহ কৰি ভাল  দিন অহাৰ দিন গণিবলৈ মাৰ্কেটিঙ মেনেজাৰ নৰেন ভাইয়ে দিল্লীৰ কাৰ্যনিৰ্বাহক সভাৰ পৰা ৰাইজলৈ আহ্বান জনাইছে।

সেই আপাহতে অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ পাৰে "চুলি গজিবওতো পাৰে ৰাহুলদা" নামৰ সামাজিক নাটখন লিখি উলিয়াইছে অবিজিত ভট্টাচাৰ্যই। অহা বসন্তত অসমৰ নগৰে চহৰে খলকনি তুলিব লগীয়া এই নাটখন পিছে চাবলৈ নাপাহৰিব! 

No comments:

Post a Comment