সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগ

সাম্প্ৰতিক প্ৰসংগ

Share This
অসমৰ পৰা ৰাজ্যসভাৰ সদস্য আৰু
 কিছু মুকলি চিন্তা 
-টুৱাৰাম দত্ত
অহা ফেব্ৰুৱাৰী মাহতে অসমৰ পৰা ৰাজ্যসভালৈ প্ৰতিনিধিত্ব কৰিবৰ বাবে তিনিখন আসনৰ বাবে অনুষ্ঠিত হব নিৰ্বাচন। সমাগত নিৰ্বাচন সম্পৰ্কে চিন্তা চৰ্চা, ৰাজনৈতিক সমীকৰণে সংবাদ শিৰোনামা লাভ কৰাৰ সময়তে প্ৰাসংগিক কিছু কথা ইয়াত আলোচনা কৰিবলৈ বিচৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ নীতি-নিৰ্ধাৰক সিদ্ধান্ত লবৰ সময়ত ৰাজ্যসভাৰ সদস্য সকলৰ প্ৰভাৱ যথেষ্ট থাকে ৷ একোজন অধ্যয়নপুষ্ট, চিন্তাশীল, গুণী ৰাজ্যসভাৰ সদস্যই বিভিন্ন সময়ত তেখেতৰ গঠনমূলক তথা সুচিন্তিত পৰামৰ্শৰ দ্বাৰা চৰকাৰখনক গতিশীল, সক্ৰিয় আৰু উদেশ্যমুখী কাৰ্যসূচী তৈয়াৰ কৰাত অপৰিসীম বৰঙনি যোগাব পাৰে ৷

ৰাজ্যসভাৰ মাননীয় সদস্যসকলৰ পৰা এনেধৰনৰ যোগাত্মক সঁহাৰি আশা কৰিয়েই বিভিন্ন ক্ষেত্ৰত জীৱনজোৰা দক্ষতা আৰ্জন কৰা ভালেকেইজন অৰাজনৈতিক ব্যক্তিক ৰাজ্যসভালৈ মনোনীত কৰিব পৰা ব্যৱস্হাও ভাৰতীয় সংবিধানত আছে ৷ তেনে ব্যৱস্হাৰ আওতাৰ মাজেদিয়েই লতা মংগেশকাৰ, জয়া ভাদুড়ী, শচীন টেণ্ডুলকাৰ আদিয়ে ৰাজ্যসভাৰ মাননীয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছে ৷ তেখেতসকলে দীৰ্ঘ দিন ধৰি জড়িত থকা নিজাক্ষেত্ৰ খনৰ ওপৰত কেন্দ্ৰীয় চৰকাৰক নীতি-নিৰ্ধাৰনৰ সময়ত সহায় কৰিব পাৰে বা ইতিমধ্যে ভালেকিজনে সহায় কৰি আহিছেও ৷



আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ বেলিকা লক্ষ্য কৰিলে এটা কথা দুখেৰে অনুভৱ কৰা যায় এই অঞ্চলৰ পৰা ৰাজ্যসভালৈ মনোনীত সদস্য প্ৰায় নাই বুলি কলেও বঢ়াই কোৱা নহয় ৷ বিজেপি শাসনত থাকোতে প্ৰয়াত সুধাকন্ঠ ড: ভূপেন হাজৰকা দেৱৰ নাম ঘুনুক-ঘানাক কৈ ওলাইছিল যদিও সময়ত সেয়া বাস্তৱায়িত নহল ৷ শেহতীয়া ভাৱে ড: মৃণাল মিৰি দেৱ মনোনীত হোৱাটো অঞ্চলটোৰ বাবেই আশাব্যঞ্জক খবৰ ৷

কিন্তু আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলত যোগ্য ব্যক্তি ভালেকেইজন আছে ৷ বিশিষ্ট অৰ্থনীতিবিদ্ ড: জয়ন্ত মাধৱ, কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিলীপ কাকতি আদিৰ দৰে বিচাৰি চালে ভালেকেইজন ব্যক্তিয়েই ৰাজ্যসভালৈ মনোনীত হবৰ উপযুক্ত আৰু যোগ্য ৷ এইসকলৰ দৰে ব্যক্তিয়ে সুবিধা পালে প্ৰকৃত মঞ্চত অঞ্চলটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উপস্হাপন কৰি এক গঠনমূলক পৰিৱেশ সৃষ্টি কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্ধাৰন প্ৰক্ৰিয়াক প্ৰভাৱিত কৰি সামগ্ৰিকভাৱে অঞ্চলটোৰ উন্নয়নত অৰিহনা যোগাব পাৰে ৷ কিন্তু মূলকথাটো হ’ল নতুন দিল্লীত এই ধৰণৰ বিষয়ত আৱাজ উঠাব পৰা দল-সংগঠন বা ব্যক্তি আমাৰ মাজত আছেনে ? কোনোবাই এনে একোটা বিষয় লৈ কেতিয়াবা মূৰ ঘমাবনে ?
আমাৰ অসমত ৰাজ্যসভাৰ সদস্য পদ এটা যেতিয়া খালী হয় আমি কি দেখা পাওঁ? শাসনত থকা দলটোৰ ( সেই দলটোৱেই বিধান সভাৰ মজিয়াত ৰাজ্যসভাৰ প্ৰাৰ্থীজন জিকাই অনাৰ সম্ভাৱনা বেছি ) কোনোবা এজন বিধান সভা বা লোকসভাৰ নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীয়ে তাৰ বাবে বিবেচিত হয় ৷ বা কেতিয়াবা দলৰ ভিতৰত সমস্যাৰ সৃষ্টি কৰি দল বা চৰকাৰৰ হানি কৰিব পৰা প্ৰভাৱশালী ব্যক্তিক সন্তুষ্ট কৰি ৰাখিবৰ বাবে এই পদৰ অপব্যৱহাৰ কৰা হয় ৷

কিন্তু এইধৰনৰ কথা-কাণ্ড বোৰ কিমানদূৰ যুক্তিসংগত ? কংগ্ৰেছ, অগপ, বিজেপি যি দলেই নহওক দলীয় ৰাজনীতিৰ ঊৰ্ধত সমগ্ৰ ৰাজ্যখন বা অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত এজন প্ৰকৃতাৰ্থত চিন্তাশীল, গুণী ব্যক্তিক নিৰ্বাচিত কৰি ৰজ্যসভালৈ পঠিয়াব নোৱাৰাৰ কিবা যুক্তি থাকিব পাৰেনে ? যুক্তিৰ খাতিৰত মানি লোৱা হ’ল মনোনীত সদস্যৰ ক্ষেত্ৰত অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক প্ৰভাৱহীনতাৰ বাবেই নতুন দিল্লীয়ে আমাক অৱজ্ঞা কৰিবই ৷ ৰাষ্ট্ৰীয় ৰাজনীতিত বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আদিৰ দৰে আমাৰ প্ৰভাৱ যিহেতু শক্তিশালী নহয় গতিকে এনেধৰনৰ উপেক্ষা সদ্যহতে গ্ৰহণ কৰাৰ বাদে আমাৰ অন্য উপায় নাই ৷
আমি কি কৰিব পাৰো ৷ সাধাৰন নাগৰিক হিচাপে আমি কি কৰাটো উচিত হ’ব ? প্ৰত্যেকটো বিধানসভা বা লোকসভাৰ নিৰ্বাচনৰ আগে আগে আমি প্ৰতিটো দলক প্ৰশ্ন কৰা উচিত এইবাৰ যদি তোমালোকে সুবিধা পোৱা ৰাজ্যসভালৈ কাক পঠিয়াবা সেইটো প্ৰথমে স্পষ্ট কৰা ৷ প্ৰয়োজন হ’লে আগতীয়াকৈ ৰাজ্যসভাৰ প্ৰাৰ্থীজনৰ নাম ঘোষণা কৰা ৷ ৰাজ্যসভাৰ সদস্য পদ এটা অতিশয় গুৰুত্বপূৰ্ণ আৰু সন্মানীয় পদ ৷ ই কোনোবা বিচৰাখিনি নেপাই মুখ ওফোন্দাই থকা অসন্তুষ্ট ৰাজনীতিবিদৰ খেলাৰ পুতলা নহয় ৷

ৰাজ্যসভালৈ মন মেলি থকা তোমালোকৰ প্ৰাৰ্থী জন কিমান যোগ্য ৷ তেওঁৰ অসমৰ সাম্প্ৰতিক সমস্যা বা সংকটৰ ওপৰত অধ্যয়ন আছেনে ? অসমৰ কথা বলিষ্ঠভাৱে সংসদত উপস্হাপন কৰিব পাৰিবনে ? দিল্লীৰ মছনদত বুকু ডাঠ কৰি অসমৰ স্বাৰ্থৰ হকে কাম কৰিব পাৰিবনে ?
এটা কথা অস্বীকাৰ কৰি লাভ নাই যে ৰাষ্ট্ৰীয় ৰাজনীতিত আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চল প্ৰভাৱহীন ৷ স্বয়ং প্ৰধান মন্ত্ৰীয়েই অসমৰ প্ৰতিনিধি-কথাষাৰ শুনিবলৈ যিমান শুৱলা সিমানেই অৰ্থহীন, সেয়া যোৱ এটা দশকৰ অভিজ্ঞতাৰ পৰা সকলোৱে একেমুখে স্বীকাৰ কৰিব ৷ বিগত দশকত অসমৰ পৰা এজনো কেবিনেট পৰ্যায়ৰ কেন্দ্ৰীয় মন্ত্ৰী নাই ৷ উত্তৰ পূৱৰ ৰাজ্য কেইখনে দেশৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত সংখ্যাৰ জোৰৰ অভাৱতে শক্তিশালী পদ লাভ কৰিবলৈ অক্ষম হৈ থকাটো এক চিন্তনীয় বিষয়েই ।
আমাৰ সংবাদ মাধ্যমেও এইক্ষেত্ৰত এক শক্তিশালী জনমত গঠন কৰিবলৈ আগবাঢ়ি অহা উচিত ৷ ৰাজ্যসভাৰ সদস্য এজন অযথা হুলস্হূল সৃষ্টি কৰা তৰাং চিন্তাধাৰাৰ তুলুঙা ব্যক্তি নহয় ৷ ৰাজনৈতিক মুনাফাৰ আশাত অনাহক ইছু সৃষ্টি কৰা ব্যক্তিও হব নোৱাৰে ৷ সমস্যা এটাক দীৰ্ঘদিন জীয়াই ৰাখি কেৱল ৰাজনীতিৰ ৰঙীন বিতচকুৰে লাভালাভৰ আকংখ্যাৰে পৰিচালিত ব্যক্তিও হব নোৱাৰে ৷ এইটো এটা সন্মানীয় পদ ৷ ইয়াত উপযুক্ত আৰু যোগ্য ব্যক্তি নিৰ্বাচিত হবই লাগিব ৷ তদুপৰি মনোনীত অৰাজনৈতিক সদস্যৰ ক্ষেত্ৰত আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলে প্ৰকৃত প্ৰতিনিধিত্ব পাব লাগিব ৷

অনাগত সময়ৰ ৰাজ্য সভাৰ নিৰ্বাচনত এনেবোৰ প্ৰশ্নৰ উত্তৰৰ সন্ধানেই আমি কৰিব লাগিব। আৰু হৰ্ছ ট্ৰেডিঙৰ দৰে গণতান্ত্ৰিক পৰম্পৰাত ছেকা লগোৱা ঘটনাও এইবাৰো সংবাদ মাধ্যমে আশংকা কৰাৰ দৰেই চাগৈ প্ৰত্যক্ষ কৰিব লাগিব। এনেবোৰ ঘটনাক সুক্ষ্ম পৰ্যবেক্ষন কৰি অনাগত সময়ত ৰাজ্য সভাৰ সাংসদ নিৰ্বাচনৰ ক্ষেত্ৰত ৰাজনৈতিক অধিক দায়বদ্ধ ও নিকা কৰি তুলিবলৈ সাধাৰণ ৰাইজেই বাধ্য কৰিব লাগিব।

No comments:

Post a Comment