পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. সমন্বয়ৰ বাৰ্তা বিলাই সফল ভাৱে সামৰণি পৰিল ঐতিহাসিক জোনবিল মেলাৰঃ গোভা দেওৰজা জোনবিল মেলা সমিতিৰ উদ্যোগত বৰ্ণিল ৰূপত তিনি দিনীয়াকৈ আয়োজিত এই মেলাত বিনিময় প্ৰথা, সমজোৱা মাছ ধৰাকে ধৰি বিভিন্ন কাৰ্যসূচীৰ লগতে ১৪জনকৈ পোৱালি ৰজা সমবেত হৈ ৰাজদৰবাৰ অনুষ্ঠিত কৰি পৰম্পৰাগত ৰূপত পাহাৰ আৰু ভৈয়ামৰ মাজত সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিলে।
কালি নৱী-মুম্বাইস্থিত অসম ভৱন প্ৰাংগনত  মুম্বাই অসম এচোচিয়েছনৰ ভোগালী বিহু উদযাপনৰ দুটি দৃশ্য


২. শিল্পী দিৱসৰ দিনাৰ পৰা আৰম্ভ হোৱা তেজপুৰ গ্ৰন্থমেলালৈ ৰাজইজৰ বিপুল সহাঁৰি, প্ৰথম দিনাই ১০ লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰীৰ সুখবৰঃ ৰূপকোঁৱৰৰ সোঁৱৰণত অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীয়েও ৰঙ চৰালে গ্ৰন্থমেলাত।

৩. ৰাগিনীৰ উদ্যোগত তথা সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত অসমীয়া বোলছবি জগতৰ কেৱল অভিনেত্ৰী সকলৰ অভিনয়েৰে "ৰাম বিজয় ভাওনা" প্ৰদৰ্শিত হব গীতা নগৰ স্কুল খেলপথাৰত, অহা ২৪-২৫ জানুৱাৰীত, সন্ধিয়া ৬বজাৰ পৰা।

৪. নিহাৰিকা নামৰ সংস্থাই আয়োজন কৰিছে কাইলৈ গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰথম সংগীত (ৰাভা, জ্যোতি আৰু ভূপেন্দ্ৰ) প্ৰতিযোগিতাৰ ।

৫. চাৰিং অঞ্চলৰ মগৰহাটৰ মাহীকুৰ সংঘই সদৌ অসম ভিত্তিত আয়োজন কৰা ভলীবল প্ৰতিযোগিতাত তিনিচুকীয়া দল হ'ল চেম্পিয়নঃ যোৰহাটিৰ লাহিং দলক কৰিলে পৰাজিত।

৬. বাগসা জিলাৰ মুছলপুৰত ভেনাছ ক্লাৱৰ সৌজন্যত অহা ২৪-২৫ জানুৱাৰীত আয়োজিত হৈছে থানুৰাম দাস আৰু নিৰ্ভাষা বৰ্মন সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী দিবা নৈশ ভলীবল প্ৰতিযোগিতাৰঃ গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবেই আয়োজিত হৈছে এই প্ৰতিযোগিতাখনি।

৭. অহা ৫ ফেব্ৰুৱাৰী পৰা প্ৰকাশ পাব এখন নতুন অসমীয়া দৈনিক বাতৰি কাকত "আমি অসমৰ জনগণ": সম্পাদনা কৰিব সঞ্জীৱ গোস্বামীয়ে।

৮. দুধনৈত আৰম্ভ হৈছে গোৱালপাৰা জিলা বড়ো সাহিত্য সভাৰ ৩৭তম অধিৱেশনঃ শৰনাৰ্থী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত দুদিনীয়াকৈ হোৱা এই অধিবেশনে অনুষঅঠিত হৈছে "দক্ষিণপাৰত বড়ো ভাষাৰ বৰ্থমান আৰু ভৱিষ্যত" শীৰ্ষক আলোচনাচক্ৰও।

৯. গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱক উদ্যোগত অহা ২০-২৩ জানুৱাৰীত ক্লাৱৰ কৰ্টত আৰম্ভ হব চতুৰ্থ ইণ্ডিয়া ক্লাৱ আইটা চেম্পিয়নশ্বিপ ছুপাৰ ছিৰিজ শীৰ্ষক টেনিছ প্ৰতিযোগিতা।

১০. লাচিতজ্যোতি মহিলা সমিতি আৰু হনুমান সেৱা নিধি ট্ৰাষ্ট মানৱ সেৱা সংঘৰ সৌজন্যত অহা ২ ফেব্ৰুৱাৰীত আয়োজিত হৈছে জ্যোতি শ্ৰদ্ধাঞ্জলি উদযাপন অনুষ্ঠানঃ এই অনুষ্ঠানতে সম্বৰ্ধনা জনাব গণ শিল্পী সূৰ্য দাস আৰু সুদক্ষিণা শৰ্মা।

১১. কোকৰাঝাৰৰ চেৰফাংগুৰিত পাঁচগৰাকী লোকক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ পাঠে উগ্ৰপন্থীৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ নিৰ্দেশ জাৰি কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়েঃ এনডিএফবি(সংবিজিত)  গোটলৈ অভিযোগৰ আঙুলি টোৱাই সংবিজিত কাৰ্বি লোক বাবেই বড়োসকলক ধ্বংস হোৱাটো বিচাৰিছে বুলি মন্তব্য কৰিলে হাগ্ৰামা মুহিলাৰীয়ে।

No comments:

Post a Comment