ৰসাল হিতোপদেশত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰসাল হিতোপদেশত

ৰসাল হিতোপদেশত

Share This
ছাত্ৰ নেতা বিষয়ক ৰসাল উক্তিঃ
১. ছাত্ৰ নেতাক ভাল পোৱাতো ছাত্ৰীৰ বাবে গৌৰৱ, কিন্তু বিয়া পতাব পৰাটো এক গৌৰৱময় অভিলেখেই ৷

২.  মোৰ সৰু ল’ৰাটোৰ ৰিটায়াৰ হবলৈ পাঁচ বছৰ বাকী, ডাঙৰটো এতিয়াও ছাত্ৰ নেতা, বুলি ক’লে আচৰিত নহব ৷ মনত ৰাখিব জীৱনটো এক পঢ়াশালি, আমি সকলোৱেই আজীৱন ছাত্ৰই !

৩. ছাত্ৰ নেতা সকল চিৰ-সেউজ, চব দেৱানন্দ; লগৰ ল’ৰাৰ জীয়েক পুষ্পিতা হ’ল, কিছুমানৰ ছাত্ৰ নেতাৰ ভেশেই নগ’ল ! (এখন উপন্যাসৰ এশাৰী, প্ৰকাশৰ দুবছৰৰ পাছতো যাৰ প্ৰতিবাদ নহ’ল! চাগৈ, মৌনম সন্মতি লক্ষনম!!)

৪. ছাত্ৰ নেতাৰ দাড়ি মুখ ভৰাই ৰাখিব পৰাকৈ গজে মানে নিজৰ গাড়ী এখন হোৱাটো নিশ্চিত ৷

৫. উদ্ভিদবিদে গছক যিমান ঘৃণা কৰে, ছাত্ৰ নেতাই চান্দা বৰঙণিৰ ধান্দাক তাৰ দুগুণ ঘৃণা কৰে ৷

৬. সাংস্কৃতিক কাৰ্যসূচীৰ বাবে স্পনচ’ৰ কৰিলে প্ৰতিবাদ কাৰ্যসূচী পচপণ্ড হোৱাটোৱেই নিয়ম ৷

৭. ছাত্ৰ নেতাৰ আকৰ্ষণীয় ৰিটায়াৰমেণ্ট প্লেন এচিএছ বা বিধায়ক হোৱাৰ সহজ পথটো হঠাত বন্ধ হৈ গ’ল৷ সেয়েই ছাত্ৰ নেতা প্ৰফেশ্বনটোৰ পৰা যোৱা দশকটোত ৰিটায়াৰ লোৱা প্ৰায় শূণ্য হৈ গ’ল৷

৮. ছাত্ৰ নেতাৰ বাকদত্তা সকলেই জাতিটোৰ আটাইতকৈ ধৈৰ্যশীলা নাৰী, কেতিয়া নিব ঠিকনা নাই৷ সেয়ে ভনীয়েকহঁতৰো পলাই যোৱাৰ বাহিৰে উপায়ো নাই!

৯.ছাত্ৰ নেতাই আন ছাত্ৰৰ দৰে  কিতাপ পঢ়িব লাগিব বুলি কি কথা আছে? এটা উত্তৰ দিয়ক, কোন শ্ৰমিক নেতাই শ্ৰম কৰা দেখিছে...খালী ইউনিয়নবাজীয়েইতো তেওঁলোকৰ কৰ্তব্য ৷

১০. প্ৰতিবাদ এক হবি নহয়, এক নিয়মিত কাৰ্যসূচী, গণতান্ত্ৰিক প্ৰক্ৰিয়াত এৰাবা নোৱাৰা অন্য এক অভিৰুচি!

১১. ক’লা বগা কাপোৰ পিন্ধিলেই তেওঁলোকৰ জীৱন ব্লেক-এণ্ড-হোৱাইট বুলি ভুল নাভাবিব ৷ তেখেত সকলৰ মন আৰু জীৱনশৈলী আপোনাতকৈ বেছি ৰঙীনহে!

No comments:

Post a Comment