পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. এইবাৰ ধনু-কাঁড় সাজি গিনীজ বুকত নাম অন্তভুক্তিৰ চেষ্টা চলালে স্থাপত্য শিল্পী নগাঁৱৰ গনেশ বৰাইঃ ৪২ফুট দীঘল, ৪০১কেজি ওজনৰ ধনু আৰু ১৩ফুট দীঘল কাঁড় নিৰ্মাণ কৰিলে ১.৫কেজি ওজনৰ৷ পাঁচ জন মানুহে মিলি এই কাঁড় নিক্ষেপ কৰিলে ৯৫ফুট পৰ্যন্ত৷ আগতেও শ্ৰীবৰাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত তিনি চেণ্টিমিটাৰ চন্দন কাঠত বুদ্ধৰ মুৰ্তি সাজি ৰেকৰ্ড গঢ়িছিল৷

২. পিএমজিএছৱাইৰ ক্ষেত্ৰত বিশেষ ৰাজ্যৰ মৰ্যদাৰ সুখবৰঃ এতিয়া উত্তৰ পূৱৰ পাহাৰীয়া ৰাজ্য কেইখনৰ দৰেই এই আঁচনিৰ আধাৰত অসমে লাভ কৰিব ৯০শতাংশ কেন্দ্ৰীয় অনুদান ৷

৩. ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অধ্যাদেশত কেবিনেটৰ অনুমোদনঃ অহা মাহৰ পৰা ১.২৫লাখ কোটি টকীয়া আঁচনিৰ সুবিধা পাব দেশৰ ৬৭% দৰিদ্ৰ নাগৰিকে ৷ প্ৰতিমাহে ১-৩টকা দৰত প্ৰতিজন দৰিদ্ৰই লাভ কৰিব পাঁচ কিলোকৈ খাদ্য শস্য ৷

৪. ডাক বিভাগৰ মহিলা সৱলীকৰণ উদ্যোগঃ গুৱাহাচীৰ ফাঁচী বজাৰত মুকলি হ’ল প্ৰথটো কেৱল মহিলা পৰিচালিত ডাকঘৰ ৷

৫. মহাকবি কালিদাসৰ জন্মভূমিত সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ অধিৱেশনৰ সফল সামৰণিঃ সাংবাদিকৰ ৰাষ্ট্ৰীয় মহিলা কোষৰ সচিব প্ৰধান ৰূপে নিৰ্বাচিত হ’ল অসমৰ নমিতা বৰা ৷

৬. ভাল দিন ঘূৰি আহিছে নেকি অসমীয়া ছবি উদ্যোগলৈঃ থাইলেণ্ডৰ পাট্টায়াৰ সাগৰ তীৰত যতীন বৰা আৰু নিশিতাই নৃত্যাংশত ভাগ লৈ শ্বুটিং কৰিলে নিৰ্মিয়মান অসমীয়া ছবি "জিলমিল জোনাক"ৰ, পৰিচালনা শিৱানন বৰুৱাৰ ৷

৭. প্ৰথমবাৰৰ বাবে অসম লোকসেৱা আয়োগেও ল’ব অন লাইন আবেদন পত্ৰঃ ২৪১টা পদৰ বাবে পৰীক্ষা পাতিবলৈ সাজু হৈছে আয়োগ ৷

৮. বিদ্ৰোহ দমনৰ নামত আৰক্ষীৰ ভুৱা সংঘৰ্ষ নাটকঃ কাৰ্বি আংলংৰ ২০১০ৰ এক ঘটনাক লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৷

৯. নাগৰিক পঞ্জীৰ কাৰ্যকৰীকৰণৰ আৰ্হি তৈয়াৰ সন্দৰ্ভত আজি ৰাজ্য চৰকাৰৰ সৈতে বৈঠকত বহিব আছুৱে ৷

১০. মুঠতে ১.১৫লাখ কোটিৰ উন্নয়নৰ ধন নিৰ্ধাৰণ কৰি নিৰ্বাচনলৈ সাজু হ’ল ইউপিএ-২ চৰকাৰঃ৬০টা বিমান বন্দৰত ২০হাজাৰ কোটি, ৰেলত ৪৫হাজাৰ কোটি আৰু শক্তি খণ্ডৰ উন্নয়নত ৪৫হাজাৰ কোটি খৰছ কৰাৰ বাবে গ্ৰহণ কৰিলে সিদ্ধান্ত ৷

চিন্তনীয় বাতৰিঃ
১. নৈ-পৰীয়া ৰাইজক স্থানান্তৰৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়েঃ বানৰ আশংকাৰত চাৰিখন জিলাত জাৰি কৰিলে ৰেড এলাৰ্ট ৷

২. বহিৰাগত বণিয়াৰ হাতোৰাত বন্দী ৰাজ্যৰ ব্ৰইলাৰ পালনৰ ব্যৱসায়ঃ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত থলুৱা পালকে দাবী কৰিলে চৰকাৰী হস্তক্ষেপৰ ৷

৩. ৰাজনাথ সিঙৰ উপস্থিতিত সমৰ্থক সহ বিজেপিত যোগ দিলে অগপ ত্যাগ কৰা জ্যেষ্ঠ নেতা অতুল বৰাইঃ বিজেপি এক মন্বৰ দল হব অসমত বুলি দাবী কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে ৷

৪. আমবাৰীত আস্থাহীনতা বৈঠকৰ ফ্লপ শ্ব’, বৈঠকলৈ গ’ল মাথো তিনিজন অগপৰ পদত্যাগী নেতা ৷

৫. প্ৰসংগ ফোন টেপিং আৰু ছিণ্ডিকেটৰ অভিযোগঃ ডিৱাই ৩৬৫ টিভি চেনেল আৰু অখিল গগৈলৈ বিধান সভাৰ বিশেষ অধিকাৰ কমিটীৰ শ্ব’কজ ৷

৬.শিক্ষাৰ্থীৰ বিশ্বাস জিনিব পৰা নাই কটন ৰাজ্যিক বিশ্ববিদ্যালয়েঃ দিল্লী বিশ্ববিদ্যালয়ত ২.৫ লাখ আবেদনৰ লগত তুলনা কৰিবলৈকো নগন্য হৈছে কটনৰ স্নাতকৰ ৪২০০ আবেদনপত্ৰ৷

৭. কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰে আছুৰ আলোচনাঃ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থক সুৰক্ষাৰ দ্বায়িত্ব কৰ্তৃপক্ষই লবই লাগিব বুলি দাবী কৰিলে আছুৱে ৷

৮. বিশ্ব পৰ্যটন মানচিত্ৰত অৱহেলিত হৈ ৰৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত নতুনকৈ ঘোষিত হোৱা ষষ্ঠ সংযোজন এলেকাঃ ৩৭,৬০০ হেক্টৰ এলেকা এতিয়াও পৰ্যটন শূণ্য হৈ ৰোৱাৰ বাতৰি ৷

৯. লখিমপুৰত মৃতকৰ নামতো আছে জৱকাৰ্ডঃ এনে জৱকাৰ্ডৰ নামত ধন আত্মসাতৰ বাতৰিয়ে পালে সংবাদ শিৰোনামা ৷

১০. অসম আৰক্ষী অনাতাঁৰ কেন্দ্ৰত থালী হৈ আছে সহস্ৰাধিক অপাৰেটৰৰ পদঃ সাক্ষাৎকাৰৰ ১৪মাহৰ পিছতো নিযুক্তি নোহোৱাত প্ৰাৰ্থীৰ ক্ষোভ প্ৰকাশ ৷

১১. অমৃতসৰ এক্সপ্ৰেছত বৃহৎ পৰিমানৰ আফিং উদ্ধাৰঃ ডিমাপুৰৰ পৰা এই সামগ্ৰী লৈ দাৰ্জিলিঙলৈ গৈ থাকোতে দুগৰাকী যুৱতী গ্ৰেপ্তাৰ ৷

১২. লামডিঙত পিষ্টলসহ ডিজেএনএৰ দুৰ্ধষ সদস্য গ্ৰেপ্তাৰঃ লাংটিঙৰ বোমা বিস্ফোৰণৰ মূল অভিযুক্ত বুলি সন্দেহ ৷

No comments:

Post a Comment