Saturday, July 6, 2013

কবিতা

মামণি ৰয়ছম
#অৰুপজ্যোতি সন্দিকৈ


ৰৌদ্ৰোজ্জ্বল ৰঙা ফোঁটটো নোহোৱা হ’ল
সৃষ্টিৰ পখিলাজাকো কোনদিশে উৰি গুচি গ’ল |
হাতৰ কলমটোৱে চিৰদিনলৈ জিৰণি ল’লে
বৰপেৰাৰ কাগজবোৰো উঁয়ে কুটি কুটি খালে |
এক অজান বেদনাত দঁতাল হাতীটোৱেও
মৃত্যুৰ বাটেদি মেলানি মাগিলে |

মানৱ প্ৰেমিকা তুমি
মনস্বীনী নাৰী |
জগলীয়াৰ পাৰত অঙ্কুৰিত হৈ
চন্দ্ৰভাগাৰ পাৰত জিলিকি উঠিলা |
এদিন নিয়তিয়ে মাৰিলে কুটিল হাঁহি
জীৱনেও সলালে গতি |
তথাপি কঁপালৰ ফোঁটটো জিলিকাই ৰাখিলা
বুকুৰ যান্ত্ৰনাক আধালিখা দস্তাবেজত লিখিলা |
তোমাৰ কলমেৰে বৈ আহিল
এখন বিধবা নদী
সেই নদীত প্ৰাণ পাই উঠিল
নীলকণ্ঠী ব্ৰজৰ ৰূপত
বিধবাৰ মৰ্মন্তুত বেদনাৰ ছবি |

মানবদৰদী তুমি
কৰুণাময়ী নাৰী |
তোমাৰ কাজলসনা উজ্জল চকুযুৰিত
শ্ৰমিকৰ চকুলো ভাঁহি উঠে
মামৰে ধৰা তৰোৱালত
নিঃকিনৰ যান্ত্ৰনাই ছটফটাই উঠে |

শান্তি যুঁজৰ নিৰ্বিৰোধ নায়িকা তুমি
কনকলতাৰ দৰে স্বদেশপ্ৰেমী তুমি |
অসমৰ শান্তিৰ বাবে
এখোজ আগুৱাই গ’লা,
তোমাৰ কলমৰ যাদুৰে
অস্ত্ৰধাৰীকো দংশন কৰিলা |

কিন্তু ?
এইয়া যে অতীত হ’ল
মৃত্যুৰ পৰশেৰে সকলো স্মৃতি হ’ল |
বহু কাম আধৰুৱা হৈ ৰ’ল
কলমৰ চিয়াহীও শুকাই গ’ল
নিলিখা দস্তাবেজ হৃদয়তে থমকি ৰ’ল |
মাঁথো থাকি গ’ল সৃষ্টিৰ জৰীডাল
সেই জৰীকে ধৰি ভৱিষ্যতৰ জাতিয়ে আগুৱাই যাব
ডগ্‌মগীয়া ৰঙা ফোঁটটো আকৌ উজলি উঠিব |

সৃষ্টিৰ পুজাৰী তুমি
হে, অসমৰ বৰ জীয়ৰী
তোমাৰ তুলনা নাই
তোমাৰ ওচৰত শব্দই ত’ল পৰি ৰয় |
মানবদৰদী তুমি
অতুলনীয় নাৰী
অতুলনীয় নাৰী ||

No comments:

Post a Comment