Thursday, July 25, 2013

গল্প-প্ৰৱন্ধ-অনুভৱ-কবিতা

মিঠা পুখুৰীৰ পৰা বিশ্বৰ সকলোতকৈ সৰু বাতানুকূল যন্ত্ৰলৈ
------------------------------------------------------------------
#অজয় লাল দত্ত
 দৃশ্য ১:
-------------
খগেন দাইটিয়ে জানমণিক বিয়া কৰি আনিলে, সোণৰ নহলেও ৰূপৰ সংসাৰ৷ কুৰি বছৰ পাছত খগেন দাইটিৰ সৈতে সন্ধিয়া বকুল এজোপাৰ তলত থিয় দি থাকোতেহে উৰহী গছৰ ওৰ বিচাৰি পালো৷

তেতিয়া খগেন দাইটি চফল ডেকা, একদম তজবজীয়া সুঠাম৷ চালে চকুৰোৱা, মানে গাঁৱৰ আলিয়েদি গ’লে তাঁতৰ পাতৰ পৰা চকু আলিবাটলৈকে যোৱা ধৰণৰ৷ তেনেতে হেনো এদিন খগেন দাইটিয়ে সাপ্তাহিক বজাৰলৈ গৈ থাকোতে বাটৰ ওপৰতে আনৰ বাৰীৰ পৰা সৰি থকা শিলিখা এটি বুটলি খালে৷ ইফালে মূৰৰ ওপৰত মোক খা-মোক খা কৰি থকা খাও খাও ৰ’দ৷ খগেন দাইটি হেনো হঠাত, ভদ্ৰ-ভাষাত তৃষ্ণাতুৰ হৈ পৰিল৷

হঠাত চকু পৰিল দীঘল পদূলিটোৰ শেষত এজনী সুন্দৰী গাভৰু৷ তাই বাৰীৰ বেৰা দৰে হৈ থকা পাত-বাহাৰৰ বহুৰঙী জোপোহাৰ মাজেৰেও যেন তেওঁলৈকে মোহিনী দৃষ্টি দি আছে৷ চকুত চকু, তৃষ্ণাতুৰ মানুহৰ বুকুত এখন প্ৰেমৰ সাগৰ কাষত পোৱাৰ হেন্দোলনি....খগেন দাইটি তাইৰ ফালে মন্ত্ৰমুগ্ধ হৈহে যেন আগবাঢ়ি গ’ল৷ তাইৰ চকুত চকু ৰাখি সঁচা সাহসী পাহুৱাল ডেকাৰ দৰেই এবাতি পানী খুজি খালে৷

আঐ দেহি....ইমান মিঠা পানী দাইটিয়ে জীৱনত খাই পোৱা নাই৷ তাইৰ মুখনিৰ সৌন্দৰ্য, তাইৰ লাৱনী দেহাৰ মাধুৰ্য, সকলোবোৰ যেন মোহনীয় হৈ লাহে লাহে বেৰি আনিলে খগেন দাইটিক৷ খগেন দাইটিয়ে মনে খালে নে প্ৰেম হ’ল ঠিক ধৰিবই নোৱাৰিলে...যি জনী ছোৱালীয়ে চুই দিলেই পানীও মিঠা হৈ পৰে, সেই জনীৰ মৌ-বৰষা মাতে খগেন দাইটিক মোহিয়েই পেলালে....অৱশেষত পিছৰ বহাগতে বিহুতলীৰ পৰা পোনে পোনে সংসাৰ৷

সেই মৌ-মিঠা পানী খুওৱা খুড়ীটিয়ে জীৱনত যি পানী পানী খুৱালে, সেয়া খগেন দাইটিয়ে মৰমৰ টানতে হওক, বা লাজতে হওক মুখ ফুটাই নকলেও চুবুৰীৰ আটায়ে বাৰুকৈয়ে জানে!

দৃশ্য ২:
----------
যোৰহাটৰ মিঠা পুখুৰীৰ নামো হেনো তেনেকৈয়ে মিঠা পুখুৰী হৈছিল৷ কথিত আছে, পাহাৰৰ পৰা নামি আহিলছিল হাটলৈ বুলি অঁকৰা নগা (বি.দ্ৰ. আগতে তেনেকৈয়ে কৈছিল!)৷ তেতিয়া সেই পুখুৰীটোৰ পাৰত শাৰী শাৰী আমলখি আছিল...হাটলৈ অহা নগাই আমলখি খালে...তাৰ পাছত তৃষ্ণা পূৰাবলৈ পুখুৰীৰ পানী...উস ইমান মিঠা..পাহাৰত ইমান মিঠা পানী খুৱাই হোৱা নাছিল...সেই কথাই কালক্ৰমত সৃষ্টি কৰিলে মিঠা পুখুৰীৰ....!

দৃশ্য ৩:
--------
শ্বাহৰুখ খানে ভাৰতৰ মানুহক মূৰ্খ সাজিবলৈ বিজ্ঞাপনত অভিনয় কৰিছে... ঠাণ্ডা ঠাণ্ডা কুল কুল..... এই পাউদাৰ দেহত বৰ্ষণ কৰক...উস ভগৱান..ই কিযে শীতলতা দিব....উস যেন তেওঁ সেইটো মাৰিহে দিন-ৰাতি ঘূৰি ফুৰে৷

এঞ্জেলিনা জ্বলিয়ে সেইদৰে এটা বিজ্ঞাপন কৰি লণ্ডনত পিছে জৰিমনা ভৰিব লগা হ’ল৷ যিমান বগা হোৱা দেখুৱাই বিজ্ঞাপনত , সিমান হেনো বগী নহ’ল এগৰাকী...দিলে নহয় কেচ তৰি, ৰক্ষা পালে কোম্পানীয়েও জৰিমনা ভৰি....

শ্বাহৰুখ নামৰ অভিনেতাজনে লিখি দিয়া সংলাপ মাতে... পাউডাৰটো হেনো পাউদাৰ নহয়, বিশ্বৰ সবাতোতকৈ বাতানুকূল যন্ত্ৰহে...পিছে উত্তৰ প্ৰদেশত....বিহাৰত, চেন্নাইত...মানুহে কলা পিঠি বগা কৰি দিছে.. তথাপি শীতল অনুভৱ নহয় হে নহয় জেঠৰ টি.ফ. ৰ’দত.....

ভাগ্যভাল....শ্বাহৰুখ কাইটিয়ে মাকৰ বহুত মন্নতৰ মূৰত ভাৰত যেন ইলাষ্টিক...বহল হৃদয়ৰ বুকুত জন্ম পালে...য’ত পাউদাৰ এটাক বাতানুকূল যন্ত্ৰ বুলি কৈ বিক্ৰী কৰিলেও জৰিমনা নহয়৷ আল্লা কচম!

দৃশ্য ৪:
-------
সন্ধিয়া কনমানিটোৱে চেৰেলিয়াইছে...সেই প্ৰসংগতে শিশুৰোগ বিশেষজ্ঞ ডাঃ অভয়ৰ অভয়বাণী লবলৈ উপস্থিত হ’লোগৈ৷ কনমানিৰ পেটত বেক্টেৰিয়াৰ আক্ৰমণ, প্ৰতিৰোধকল্পে অভয়ে লিখি দিয়া দৰৱ কেইটিৰ সতে মুখৰ দুৰ্গন্ধ নাশৰ অৰ্থে "হলচ" কোম্পানীৰ মৰ্টন কেইটিমান জেপত ভৰাই ঘৰ পালোহি৷

কনমানিৰ ককায়েক মোৰ ভতিজাক তাৰে এটি দিলো৷ সিও আনন্দতে হলচ মুখত ভৰাই দুই মিনিটতে মোৰ কাষত পুনৰ হাজিৰ হ’লহি৷ বোলে খুড়া... ইমান ঠাণ্ডা হাৱা বলিছে মুখত... কি সুন্দৰ শীতল অনুভৱ.....!!!

সি লাহেকৈ আহি মোৰ গালতে ফুৱাই দিলে... বোলে খুড়া... পাইছেনে ঠাণ্ডা ঠাণ্ডা হাৱা?

মই তাক বুজালো, বোলো মইনা, হলচ এটা ফেনৰ কোম্পানী নহয় বা বাতানুকূল যন্ত্ৰৰ... জিভাত ৰাসায়নিক ক্ৰিয়াৰ ফলতহে তোৰ জিভাখন উশাহ লওতে ঠাণ্ডা ঠাণ্ডা লাগিছে.... বাহিৰলৈ ফুৱালে ঠাণ্ডা হাৱা নাহে!

দ্বিতীয় শ্ৰেণীত পঢ়া কনমানি ভতিজাই কি বুজিলে নাজানো... কিন্তু মই ঠিকেই বুজিলো...আমাৰ দেচ, মহান দেচ...য’ত ডাৰ্মি কুলো এচি, হলচ’টো শ্বাহৰুখে কৈ দিলে...এইচিকি টেইচি.......!!!!

এই শিতানৰ অন্য লেখা পঢ়িবলৈ ইয়াত ক্লিক কৰক

No comments:

Post a Comment