চে গুৱেভাৰাৰ ৮৫তম জন্মদিনৰ সৈতে সংগতি ৰাখি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চে গুৱেভাৰাৰ ৮৫তম জন্মদিনৰ সৈতে সংগতি ৰাখি

চে গুৱেভাৰাৰ ৮৫তম জন্মদিনৰ সৈতে সংগতি ৰাখি

Share This
চে গুৱেভাৰা নৱ-প্ৰজন্মৰ বাবে 
মাথো টি-চাৰ্টৰ এখন ছবি নহওক 
তেখেতৰ ৮৫ তম জন্মদিৱস যোৱা ১৪জুনত উদযাপিত হয়৷ 

তাৰ সৈতে সংগতি ৰাখি অসমীয়াৰ সুখ দুখৰ পাঠকক চে গুৱেভাৰাৰ কিছু বিখ্যাত উক্তিৰে তেখেতৰ চিন্তাৰ এক সোৱাদ দিবলৈ চেষ্টা কৰা হৈছে ৷ 

লগতে চে গুৱেভাৰাই নিজে লিখা বা আনে ৰচনা কৰা জীৱন তথা কৰ্মৰ ওপৰত খতিয়ান সমৃদ্ধ কিছু গ্ৰন্থৰ ই-বুক সংস্কৰণৰ ফ্ৰী ডাউনলোডৰ ব্যৱস্থা কৰা হৈছে, নিৰ্বাচিত ই কিতাপৰ পৃষ্ঠাৰ জৰিয়তে ৷

চে গুৱেভাৰাৰ চিন্তা আৰু উক্তিঃ

১. বিপ্লৱৰ অৰ্থ পকিলে সৰি পৰা এটা আপেল নহয়, আপুনি ইয়াক সৰিবলৈ বাধ্য কৰাটোহে ৷

২. আমি জীয়াই থাকিবলৈ কিবা এটা পোৱাৰ বাবে তেতিয়ালৈকে নিশ্চিত হব নোৱাৰো, যেতিয়ালৈকে আমি তাৰ বাবে প্ৰাণ পৰ্যন্ত ত্যাগ কৰিবলৈ সাজু নহও ৷

৩. পৃথিৱীখনক তোমাক সলাই পেলাবলৈ দিয়া, যাতে তুমি পৃথিৱীখনক সলাই পেলাব পাৰা ৷

৪. প্ৰতিদিনেই মানুহে নিজৰ চুলি কেইডাল পোনাব খোজে, তাতকৈ বুকুখন নোপোনাই কিয়?

৫. বাস্তৱবাদী হওক, আৰু অসম্ভৱটো দাবী কৰক ৷

৬. বহুতে মোক এডভেঞ্চাৰ ভাল পোৱা এজন ব্যক্তি বুলি আখ্য কৰিব পাৰে, আৰু সেয়াতো মই হয়েই, কিন্তু এক বেলেগ ধৰণেৰে; যি সকলে নিজৰ বিশ্বাসক প্ৰমাণ কৰিবলৈ নিজৰ চালখনকো নিঃসংকোচে পাতি দিবলৈ কুণ্ঠাবোধ নকৰে সেইধৰণৰ৷

৭. মই কোনো মুক্তিযোদ্ধা নহয়, মুক্তিযোদ্ধা আচলতে নাথাকেই৷ প্ৰকৃততে মানুহেই নিজেই নিজক মুক্ত কৰে ৷

৮. আৰু বহু কেইটা কথাই স্পষ্ট হৈ পৰিছে... আমি ভালকৈয়ে জানো যে এজন মানুহৰ জীৱন পৃথিৱীৰ আটাইতকৈ ধনী মানুহ জনৰ সম্পদতকৈও কেইবাগুণো বেছি মূল্যবান ৷

৯. বিপ্লৱী এজনৰ প্ৰথম কৰ্তব্য হ’ল নিজে শিক্ষিত হোৱাটো ৷

১০. জীয়াই থাকিবলৈ আঠু লোৱাতকৈ মই মৰি যোৱাই ভাল ৷

১১. বৈপ্লৱিক পৰিবৰ্তন একমাত্ৰ মানুহৰ জৰিয়তেহে সম্ভৱ, সেয়ে ব্যক্তি এজনে নিজৰ  বিপ্লৱী সত্তাক প্ৰতিদিনেই সমৃদ্ধ কৰি যাব লাগিব ৷

১২. যদি মই পৰিও যাও, আৰু যেতিয়ালৈকে কোনোবাই মোৰ বন্দুকটো তুলি লব আৰু গুলী চলাইয়েই থাকিব, তেতিয়ালৈকে মই কেয়াৰ নকৰো ৷

১৩. নীৰৱতা হ’ল যুক্তিক বেলেগ এটা অৰ্থৰে দিকহীন কৰাৰ চেষ্টাহে ৷

১৪. মই জানো তোমালোকে মোক হত্যা কৰিবলৈকে ইয়াত গোট খাইছা৷ গুলী কৰা কাপুৰুষসকল, তোমালোকেটো মাথো মানুহ এজনহে হত্যা কৰিবা ৷

১৫. যিখন দেশে লিখিব পঢ়িব নোখোজে, সেইখন দেশ ধ্বংস কৰাই আটাইতকৈ সহজ ৷

নিৰ্বাচিত ই-কিতাপৰ পৃষ্ঠাত উপলদ্ধ হোৱা বিভিন্ন কিতাপবোৰ এনে ধৰণৰঃ

১. চে গুৱেভাৰাৰ "গেৰিলা ৱাৰ-ফেয়াৰ"
২. চে গুৱেভাৰাৰ বিখ্যাত "মটৰ চাইকেল ডায়েৰী"
৩. মটৰ চাইকেল ডায়েৰীক লৈ বনোৱা ছবিৰ সতে আচলৰ ডায়েৰীৰ তুলনা মূলক সমীক্ষা ৷
৪. চে গুৱেভাৰা "অন ৰিভলিউচনেৰী মেডিচিন" ৷
৫. চে গুৱেভাৰাৰ "লেটিন আমেৰিকা ডায়েৰী" (মটৰ চাইকেল ডায়েৰীৰ চিকুৱেল)
৬. চে গুৱেভাৰাৰ জীৱনী "চিম্বল অৱ ষ্ট্ৰাগল", লেখক টনী চাউন’জ

No comments:

Post a Comment