যি কথা নহয় সঁচা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যি কথা নহয় সঁচা

যি কথা নহয় সঁচা

Share This
(সামাজিক ব্যংগৰে সত্যৰ সন্ধান)
সেউজ বিপ্লৱৰ লক্ষ্যৰে "মানুচৰ খেতি"

সেউজ বিপ্লৱ কৰিব কোনে?  ঘাম বোৱাব কোনে? হাল বাব কোনে? ভূঁই ৰোৱ কোনে? এই সকলোবোৰৰ উত্তৰ হ’ল মানুচে৷ মানুচ অবিহনে এইচব সম্ভৱ নহয়৷ সেই কথা একদম ক্লীয়েৰ !!

সেয়ে সেউজ বিপ্লৱৰ বাণী দিয়া সকলে আকৌ জনসংখ্যা বৃ্দ্ধিৰ বাতৰিত কিয় হামৰাও কাঢ়ে তাকে লৈ "আমচু" নেতৃবৰ্গই ভীষণ চিন্তা ব্যক্ত কৰিছে ৷ এই আমচু মানে হ’ল "আচামৰ মেজৰিটিৰ চ’লি ইউনিয়ন", মানে সংখ্যগুৰু সকলৰ আপা-চলি সকলে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে পাতি লোৱা এটা সংগঠন ৷

আমচুৰ নতুন কৰ্মসূচীখন সংবাদ মাধ্যম যোগে ফাদিল হৈ যোৱাত সকলোৱে ভূয়সী প্ৰশংসা কৰিছে ৷ আমচুৰ ইমান ভাল ভাল প্লেনিং বোৰক সমালোচনা কৰা চাংবাদিক মখাক উত্তম মধ্যম শোধাব লাগে বুলি সজাগ ৰাইজে কোৱাকুই কৰিছে ৷ সেউজ বিপ্লৱৰ বাবে আমচুই থিক কৰা সেউজীয়া পতাকাখন দেখি এজাক ধৰ্মক লৈ খেলা কৰা চাম্বাদিকে এইটো ইছলামিস্তান গঠনৰ প্ৰক্ৰিয়া বুলি বহুত ডাঙৰ ডাঙৰ কথা কৈ দিছে ৷

আচলতে এইবোৰ ধৰ্মৰ ভিত্তিত দেশ শাসন কৰিব খোজা টুটকীয়া গেৰুৱা আৰু জনজাতীয় দলৰ অপ-প্ৰচাৰ৷ আপোনাক যদি চস্তাত চবজি লাগে, চৰত খেতি কৰিব লাগিবলৈ মানুচ লাগিবনে নাই৷ মাত্ৰ সেই কাৰণেই আপোনাক কম দামত চবজি খুৱাবৰ বাবে আমচুই এইবোৰ ভাল ভাল প্লেনিং কৰিছে ৷ ইয়াত কোনো ধৰ্মৰ কথা নাহে, মৌলবাদীৰ কথা নাহে ৷ একমাত্ৰ একমাত্ৰ লক্ষ্য সেউজ বিপ্লৱ হে!
সেয়ে খেতিকৰা মানুহবোৰে খেতি কৰাৰ স্বাৰ্থতে প্ৰথমে মানুচৰ খেতি কৰিব লাগে৷ মানুচ বেচি হ’লে বেচি খেতি কৰিব পাৰি ৷ মানুচ বেছি হ’লে সংখ্যাগুৰু বুলি গণতান্ত্ৰিক ৰাজনীতিত বেছি ভোটাৰ থকা গোট বুলি বিশেষ মৰম চেনেহ পাব পাৰি ৷ সেই কাৰণেই সকলো খেতি কৰা মেজৰিটি মানুহক আমচুই কৈছে,  প্ৰথমে মনপুতি মানুহৰ খেতি কৰা, তাৰ পাছতহে আন খেতিত মন দিবলৈ অনুৰোধ জনাইছে ৷



মানুচৰ খেতিৰ ওপৰত বিশেষ কৰ্মশালা পতাৰ লগতে, সেউজ বিপ্লৱক সফল কৰি তুলিবলৈ চৰকাৰৰ পৰাও কিছু সহযোগ কামনা কৰিছে ৷ সেইবোৰ ভিতৰত উদ্যোগ বিভাগৰ দৰে ইয়াতো চিংগল ৱিন্ড’ৰ ব্যৱস্থা বিচাৰিছে ৷  তাৰ বাবে কিছু দাবী আমচুৱে যুগুতাই উলিয়াইছে-

১. মানুচৰ খেতিৰ বাবে বেছিকৈ বিয়া পতাটো সহজ কৰি দিব লাগে৷ পট্টা নাথাকিলেও চৰত খেতি কৰিব পৰাৰ দৰে, এনেয়েও মানুচৰ দুই এটা খেতি কৰি ট্ৰায়েল দিয়াটো আইনমতে সন্মতি দিবই লাগে৷ যদি বিয়া পাতা, বিয়া ভাঙাতো চিংগল ক্লিক টাইপৰ ব্যৱস্থা হব লাগে ৷

২. ৰাতি দেৰিলৈকে টিভি চিভি চাই থাকিলে মানুচৰ খেতিত ব্যাঘাত জন্মে৷ সেয়ে লাইটতো বেছি দিবই নালাগে ৷ সেইটো দিশত সহযোগ কৰা বাবে বিদ্যুত বিভাগলৈ আমচুৱে হিয়া ভৰা শুভেচ্ছা জনাইছে আৰু এইদৰেই মিনিমাম ১৬ঘণ্টা লাইট নোহোৱাকৈ ৰাখিবলৈ দাবী জনাইছে ৷

৩. স্বাস্থ্য বিভাগে দিয়া মেলেৰিয়া আঠুৱাবোৰ অলপ ডাঠ কৰিব লাগে যাতে বাহিৰৰ পৰা ভিতৰলৈ একো নেদেখে, সেই কথাটোৰ বাবে স্বাস্থ্য মন্ত্ৰীক স্মাৰক পত্ৰ দিছে ৷ গৰম দিনত ঠিকমতে হাৱাও চলি থাকিব, আৰু খেতিও চলিব পাৰে সেয়া নিশ্চিত কৰিবলৈও আহ্বান জনাইছে ৷ এই কামটো কৰি দিলে গ্ৰীষ্ম ঋতুটো কৰ্মী বাহিনীয়ে "কামতে" মনোনিৱেশ কৰি থাকিব পাৰিব বুলি ভালকৈ বুজাই দিছে ৷ এইদৰে সহায় কৰিলেহে অহা ইলেকচনত চিএম বনাবৰ কাৰণে আমচুই সহযোগ  দিব বুলিও চিঠিত লিখি দিছে ৷

৪. ঠাণ্ডা দিনত কম্বলৰ তলত এই খেতি কৰিবলৈ বৰ সুবিধা ৷ সেয়ে পঞ্চায়ত, পৌৰ সভা, স্বায়ত্ব শাসন. বিধান সভা,, লোক সভা আৰু পাৰিলে বেছি ইলেকচন পাতাৰ বাবেও আমচুৱে দাবী জনাইছে ৷ বেছি দেৰী দেৰীকৈ ইলেকচন হ’লে কম্বল ফাটি যায়, আৰু ই উৎপাদনত প্ৰভাৱ পেলায় বুলিও নিৰ্বাচনী আয়োগলৈ পত্ৰ ফেক্স কৰিছে ৷

৫. স্বাস্থ্য বিভাগে এইচব মুন্নাভাই এম বি বি এচ ডাক্তাৰ গাঁৱ-চৰলৈ পঠোৱাতো বন্ধ কৰক৷ সেইবোৰ যদি পঠাইছেও তেন্তে আঁতৰাই নিয়ক৷ মাত্ৰ গাঁৱে চৰে মানুহৰ খেতিত সাৰ দিয়া হেকিম, বৈদ্য, কবিৰাজ আদিৰে উভৈনদী কৰি তুলিবৰ বাবেও সন্থাই দাবী তুলিছে ৷ এইচৱ মানুচ সৃষ্টি কৰা, ভোটাৰ সৃষ্টি কৰা দৰৱো বিনামূলীয়াকৈ দিবলৈ তেওঁলোকে দাবী তুলিছে ৷ 

৬. মানুচৰ খেতিত সফল সকলৰ বাবে বিশেষ বৃ্দ্ধ পেঞ্ন, আৱাস গৃহ আঁচনি আদিৰ লগতে দেচত মানৱ সম্পদ বৃদ্ধি কৰাৰ বাবে পুৰস্কৃত কৰাৰ বাবেও দাবী জনাইছে ৷

৭. এইদৰে খেতিত উৎপাদিত মানুচ পোৱালি বোৰক খাটি ভাৰতীয় বুলি জন্মতে টাটু কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈকো দাবী তুলিছে ৷

৮. স্বাস্থ্য বিভাগে বিভিন্ন কৰ্মশালাৰ জৰিয়তে এনে খেতিৰ টিপচ প্ৰদান কৰিলে সাধাৰণ ৰাইজ আৰু উপকৃত হব বুলিও আশা প্ৰকাশ কৰিছে৷

এইদৰে সেউজ বিপ্লৱৰ সেনানী বৃদ্ধিৰ জৰিয়তে পাচলিৰ ক্ষেত্ৰত, মানুচ সম্পদৰ ক্ষেত্ৰত, জিকিব পৰাকৈ নিজা ভোটাৰ সৃষ্টিৰ ক্ষেত্ৰত অতি সোনকালেই আত্ম-নিৰ্ভৰশীল হব পৰাটো মুঠেই অসম্ভৱ নহয় বুলি আমচুই দাবী কৰিছে ৷

মাত্ৰ এই সেউজ বিপ্লৱৰ বাবে প্ৰচাৰ তথা প্ৰসাৰৰ বাবে যাওঁতে সেউজীয়া পতাকাত কাঁচি জোন থকাৰ কথাটো চাংম্বাদিকে আঙুলিয়াই দিয়াত এই কথা স্পষ্ট কৰি দিয়ে যে, জোনবাইৰ কোনো ধৰ্ম নাই ৷ 

আৰু বগা পটি এটাও পতাকাত থকাৰ কথাও বাখ্যা কৰি কয় যে- সন্ত্ৰাসে ধ্বংসহে আনে, সেয়ে আমচু শান্তিত বিশ্বাসী, আৰু প্ৰৱল মৰম চেনেহৰ মাজেৰেও যে দেশলৈ পৰিবৰ্তন আনিব পাৰি ৷ জনগাঁথনি সলাই, ৰাজনীতি সলাই পেলাব পাৰি, সেউজ বিপ্লৱ আনিব পাৰি..... ৷ মানুচৰ খেতিতো তাৰেই এক সৱল উদাহৰণহে!

No comments:

Post a Comment