জুতি লগা আখলত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখলত

জুতি লগা আখলত

Share This
ইন্দুকল্প শইকীয়াৰ ৰেছিপিঃ
: পুদিনা চিকেন :
পুদিনাৰ সৈতে কুকুৰা মাংসৰ ব্যঞ্জন

চিকেন খিনি ধুই লব
পুদিনা খিনি পিহি ল’ব,
পিয়াজ-তেল-মছলা মাংসত সানি
অলপ সময় থৈ দিব ।

সময় অপচয় নকৰিব
আদা-নহৰু-জলকীয়াও পিহি লব,
তেজপাত-দালচেনী-ইলাচী-লং উলিৱাই
আলু দুটামান পিচ পিচকৈ কাটি ল’ব ।

কেৰাহী খনত তেল বহাই
ভালকৈ গৰম হ’বলৈ দিব,
গৰম তেলত তেজপাত-দালচেনী-ইলাচী-লং
নৰসিংহৰ পাতৰ সৈতে অলপ ভাজি ল’ব ।

সেইখিনি অলপ ৰঙচুৱা হ’লেই
আদা-নহৰু-জলকীয়া-পুদিনা দিব,
তাৰ পিছতে আলু খিনি অলপ ভাজি
মাংস খিনিও বহাই দিব ।

মাংসখিনি জোখত ভাজি
অলপমান পানী দি উতলাই দিব,
এতিয়া মাংসখিনি সিজিলে, 
গৰমে গৰমে খোৱাৰ টেবুলত
 পৰিবেশন কৰি সুন্দৰ ব্যঞ্জনটোৰ
সোৱাদ লওক ৷

No comments:

Post a Comment