লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সপোনৰ বাতৰিৰ সন্ধান)
১. সংবিধান মতে অলিম্পিক সন্থাৰ সভাপতি হব পাৰে ৭০ বছৰলৈ৷ পিছে সকলো বাধা নেওচি, ৭৮ বছৰত সভাপতি হৈ অভিলেখ গঢ়িলে গগৈ চাৰে৷ নতুন অভিলেখ স্থাপনত জ্যোষ্ঠ নাগৰিক সন্থাই জনালে অভিনন্দন ৷


২. বফৰ্চ কেলেংকাৰীৰ মূল অভিযুক্ত কুট্টুকোচি ঢুকাল মিলানতঃ দহটা জনপথত আনন্দোল্লাসৰ খবৰ৷ লগতে প্ৰতিৰক্ষা বিভাগৰ ঠিকাদাৰ সন্থাই কুট্টোৰোচিৰ আদৰ্শৰে আগুৱাই যাবলৈ সকলো ঠিকাদাৰী কোম্পানীক জনালে আহ্বান ৷ বফৰ্চৰ সত্যতাবোৰ লুকাই পৰাৰ উজ্জ্বল সম্ভাৱনাত দেশ জুৰি হাতোৰা পাৰ্টিৰ আতচবাজী ৷

৩. হিন্দুস্তানত নিজকে হিন্দু জাতীয়তাবাদী বুলি কৈ প্ৰৱল হাস্যৰস যোগালে নৰেন মোদীয়ে, ধৰ্ম নিৰপেক্ষ হাতোৰা পাৰ্টিৰ হৈ দিগবিদিক সিঙে কয়, ধৰ্ম-নিৰপেক্ষ দেশত এনে স্থিতি লোৱাটো অতি দুৰ্ভাগ্যজনক৷ তাতে ৰমজান মাহত এনে ঘোষণা ৰাজনৈতিক চাতুৰীৰ বাহিৰে একোৱেই নহয়৷

৪. তিনি টকাকৈ তিনি গাড়ী কণী আনি পোৱালেহি ৰাইজীৱ ভৱনঃ দলে ছিণ্ডিকেটৰ ফলত কণীৰ দাম বাঢ়িছে আৰু তদন্ত কৰাব বুলি কোৱাত ছিণ্ডিকেট যে নাই তাকে প্ৰমাণ দিবলৈ কণী বেপাৰী সংঘই পঠালে কণী ৷ পিছে এই কণী ঘূৰাই  পঠাই সংঘলৈ আহিল পত্ৰ, আমাক নালাগে কণী, সময়ত মাথো পঠাই থাকিব চান্দা বৰঙণি!

৫. সমাজ সেৱা বিভাগে বনালে ৬৩০ কোটি টকাৰে ৰান্ধনিশাল৷ ৰান্ধনিশালৰ আচিলাৰে সমাজ সেৱা বিভাগৰ ঠিকাদাৰৰ ঘৰৰ অট্টালিকা নিৰ্মাণ সহজ কৰি তোলাৰ বাবে সমাজ সেৱা বিভাগৰ মন্ত্ৰীলৈ ঠিকাদাৰৰ পত্নী সংঘই দিব "গৃহলক্ষ্মী বঁটা" দিবলৈ ওলোৱা বুলি কৰিলে ঘোষণা ৷

৬. অহা বিশ আগষ্টৰ পৰা বিশ কেজিকৈ পাব তিনি টকীয়া চাউল, জৱ-কাৰ্ড, থেলা চলোৱা, ৰিক্সা চলোৱা, হাজিৰা কৰা বিভাগত ব্যাপক পদখালীৰ সম্ভাৱনা৷ বাংলাদেশৰ পৰা নতুন কৰ্মী বাহিনী আমন্ত্ৰণৰ বাবে কাঁটাতাঁৰ দাঙি দিবলৈ বিপিএল সন্থাই মুখ্যমন্ত্ৰীলৈ জনালে দাবী ৷

৭. ৰাজ্যত নিষিদ্ধ হোৱাৰ পাছতো ব্যপক হাৰত চলি আছে গুটখাৰ ব্যৱসায়৷ জন-সাধাৰণৰ চাহিদা পূৰণ কৰি ৰখাৰ বাবে সচেতন নাগৰিক মঞ্চই স্বাস্থ্য বিভাগলৈ পঠালে অভিনন্দন পত্ৰ৷ সেই পত্ৰত "জীয়াই থকালৈকে গুটখা চোৱাবি, মৰিলে চোৱাবি কি?" বুলি ফঁকৰা যোজনা লিখি, ক’লা বেপাৰী সকলৰ সৈতে চলাই থকা এনে যোগানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

৮. অসমৰ হাতী চিকাৰৰ কাহিনীয়ে পালে বিশ্ব জুৰি সমাদৰ, সেয়ে গঁড় চিকাৰী সন্থাই অসমৰ ঐতিহাসিক গঁড় চিকাৰৰ কাহিনীক বিশ্বসভাৰ আগত উজ্বলাই তুলিবলৈ ল’লে শপত৷ এনেবোৰ কাহিনীৰ কিতাপ লিখিবলৈ গঁড় চিকাৰী সন্থাই হেৰি পটাৰ লিখা জে কে ৰাউলিঙকে কাজিৰঙালৈ মাতিবলৈ গ্ৰহণ কৰিলে সিদ্ধান্ত ৷

৯. এমাহতে বিকল হ’ল মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ২০০ কোটি টকীয়া প্ৰকল্প, এতিয়া ৰিপেয়াৰৰ কাম কৰি থলুৱাই ভাত মোকোলাব পাৰিব বুলি সাংবাদিকক জনালে গৌতম মন্ত্ৰীয়ে ৷ থলুৱাৰ বাবে এনে নিয়োগৰ সম্ভাৱনা মুকলি কৰি দিয়াৰ বাবে বেকাৰ সন্থাৰ পৰা মন্ত্ৰী গৌতমলৈ জ্ঞাপন কৰিলে আন্তৰিক কৃতজ্ঞতা ৷

১০. মটৰ চাইকেল উইংগাৰ জ্বলাই বন্ধ সফল কৰা বাবে দুস্কৃতিকাৰী সকললৈ আয়োজকে জনালে কৃতজ্ঞতা ৷ এনেদেৰে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি থাকিলে তেওঁলোকে ৰাষ্ট্ৰীয় দলৰ হৈ কাম কৰাৰ অচিৰেই সুযোগ লাভ কৰিব পাৰিব আৰু ৰাষ্ট্ৰীয় মঞ্চতো এনে জলন্ত প্ৰতিবাদ সাব্যস্চজ কৰিবলৈ সুযোগ লাভ কৰিব বুলি ৰাভা হাছংৰ পৰা ৰসেন্দ্ৰই আত্ম-বিশ্বাস জাহিৰ কৰিছে ৷

No comments:

Post a Comment