লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সপোনৰ বাতৰিৰ সন্ধান )
১. বৰ্ধিত মূল্য বৃদ্ধিৰ মাজত যাতে ৰাজ্যৰ শিশু সকল অপুষ্টিত নোভোগে, তাৰ বাবে সষ্টম হ’ল গগৈ৷ স্কুলৰ মিড মে মিলৰ লগত সপ্তাহত দুটাকৈ বয়ল কণী, এদিন ব্ৰইলাৰ আৰু  দুদিন চালানী মাছ ফ্ৰাই খুৱাবলৈ নিজৰ পুষ্টিকৰ পুঁজিৰ পৰা মোকোলাই দিলে কেইবাশ কোটি টকা ৷ বিভাগীয় মন্ত্ৰীক বুঢ়া আঙুলি দেখুৱাই, এইবাৰ সচিবালয়ে নিজে কিনি দিব মাছ আৰু কণী!
প্ৰতিদিনে পুষ্টিঃ স্কুললৈ আহা বাচা

২.  "আন্দোলনত থৰকাচুটি হেৰুৱাতকৈ ছুটিত নোযোৱা কিয়? ফ্ৰেছ হৈ আহিবা... ইমান অশান্তিত কেনেকৈ কৰাহে অফিচ, অলপ শান্তিত আৰাম কৰা বয়স হৈছে"- বুলি মেট্ৰিক পৰীক্ষা বিভাগৰ শীৰ্ষ আমোলাক চাৰে  দিলে ছুটিঃ লগত দিলে গ্ৰীষ্মকালীন ছুটি কটাবলৈ সাতদিন সাতৰাতিৰ চৰকাৰী পেকেজ ৷ "বেংককত সফলভাৱে মেট্ৰিক কেনেকৈ পাতে" সেয়া এই ছুটিতে শিকি আহিবলৈ চাৰে টিপচ দিয়ে ৷ আৰু খবৰটো  সংবাদ মাধ্যমত ফাদিল নকৰিবলৈ হাক দিয়া বুলিও ছাৰৰ ৰান্ধনিয়ে জনাইছে৷

৩. মায়াৰ সংসাৰৰ পৰা মুক্তি লভিবলৈ চাইস্থ্য বিভাগে "জাপানীজ এন.কে.ফেলাইটিজ'' নামৰ বিশেষ আঁচনি ঘোষণা কৰিছে ৷ প্ৰতিদিনে স্বৰ্গযাত্ৰাৰ ন ন খবৰে সংবাদ শিৰোনামা লাভ কৰাত "মায়া-মুক্তি ভকতীয়া সংঘ"ৰ পৰা চাইস্থ্য মন্ত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰিছে৷ বিদেশী টেকনলজিৰে স্বৰ্গাৰোহনৰ এই নতুন পদ্ধতিক অধিক কাৰ্যকৰী আৰু ব্যাপক কৰি তুলিবলৈ আহ্বান জনাইছে৷

৪. "জাপানীজ এন কে" আঁচনি যোগে স্বৰ্গাৰোহন কৰিব বিচৰা লোক সকলে SMS যোগে নিজৰ টিকট বুক কৰিব পাৰে ৷ টুইটাৰ যোগে নিজৰ টিকটৰ কনফাৰ্মেচন খোদ বিভাগীয় মনতিৰিয়ে দিব বুলি বিশেষ খবৰ৷ তৎকাল টিকটৰ বাবে চৰকাৰী হস্পাতালত খৰধৰকৈ পঞ্জীয়ন কৰাৰ আহ্বান ৷

৫. কোন বিষয়াই টেণ্ডাৰিংত পেপাৰৰ মালিকৰ লগত সহযোগ কৰা নাই, তাৰ সতেজ খবৰৰ বাবে চাই থাকিব "ঠিকাদাৰ দৰ্পন": পেপাৰৰ চাইড বিজনেজ কৰা ঠিকাদাৰ সকলৰ নতুন উদ্যাম ৷

৬. "বুঢ়া বাঁহ ক’ত পোন হোৱা দেখিছে?"সভাপতি সলনি কৰিলেও সংস্কাৰ নহয় বুলি ঘোষণা কৰিলে হাতী পাৰ্টিৰ মুখ্য মাউতে ৷ বুঢ়া মানুহে বুঢ়া হাতী পালন কৰি থকাৰ যন্ত্ৰণাৰ কথা ৰাইজে দয়া কৰি বুজক বুলি আহ্বান জনায়, তেখেতে মিটিঙতে সাতটা পিল সেৱন কৰে আৰু নেতৃত্বৰ ভাৰ এনেকৈয়ে বহন কৰি যাব বুলি শপত বাক্য পাঠ কৰে ৷

৭. বাঁহ শিল্পৰ সতে সম্পৰ্ক নথকা কলিকতীয়া প্ৰতিষ্ঠানক লৈ ছয় গা/ত স্থাপিত হ’বহ বেম্বু পাৰ্ক ৷ এই বিষয়ে কৰা অনুসন্ধানত আমাৰ সাংবাদিক সাহ্যমধুৰক কলিকতীয়া কোম্পানীৰ বাবু মশায়ে নিজৰ আত্ম-বিশ্বাস জাহিৰ কৰি কয় যে- কলিকতীয়া কোম্পানীয়ে বাঁহ দিয়াৰ কি নতুন অভিজ্ঞতা লাগে৷ সাৰদা, ৰোজ ৰোজ ভেলী আদিয়ে দিয়া বাঁহৰ উদাহৰণ দিয়েইতো আমি কাম পাইছো৷ বাঁহৰ ক্ষেত্ৰত কলিকতীয়া কোম্পানী দায়েই নাম্বাৰ ওৱান, মিচা ক’লে কি ডাল হব!

৮. মন্ত্ৰীৰ সৈ সকলো লেনদেন সঠিককৈ চলাই থকা শীৰ্ষ বিষয়া সকলৰ বাবে বিশেষ বৰ্ধিত চাকৰিকাল বিধেয়ক অনাৰ বাবে "আশীৰ্বাদ পুষ্ট বিষয়া সন্থা"ই জনালে দাবী ৷ ক’লে হিচাব নিকাচ বুজি পোৱা কামৰ মানুহক বয়সৰ বাহানাত আঁতৰালে নচলিব ৷ "চাৰ থকালৈকে আমিও থাকিম" শীৰ্ষক শ্লগানেৰে জুলাইত মুখৰ কৰিব বিধান সভা চৌহদ ৷

৯. আদালতত দোষী সাব্যস্ত হ’লেই পদ খাৰিজ হব মন্ত্ৰী-বিধায়কৰ৷ এতিয়া দোষী সাব্যস্ত হোৱা মন্ত্ৰী বিধায়ক দৰৱত দিবলৈ নোপোৱাত সেই দৃষ্টান্তমূলক ইতিহাসৰ বাবে ভাৰতে বাট চাব লাগিব পাৰে, কেইবা দশক ৷ উচ্চতৰ ন্যায়ালয়ে কৰিলে দুখ প্ৰকাশ৷

১০. ইমান দিনে মাছৰ ছিণ্ডিকেট আছিল, কণীৰ ছিণ্ডিকেট আছিল, তথাপি তেখেত শুই আছিল৷ এতিয়া মূল্যবৃদ্ধিৰ ফলত মাছ ৰাইজে কিনিব নোৱাৰা হোৱাতহে তাৰ গেলা গোন্ধত সাৰ পালে বুলি জনালে ৰসাল গগৈয়ে৷ ক’লে
গেলা কণী ৰাইজে মৰাৰ আগে আগে সাৰ পোৱাটোৱেই আছলতে ইংগিত দিয়ে যে-এতিয়াও লক্ষ্মণ ৰেখা কোনেও পাৰ কৰা নাই ৷

No comments:

Post a Comment