বিশেষ লেখা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

বিশেষ লেখা

Share This
হীৰেন ভট্টাচাৰ্যৰ কবিতাত জীৱন, প্ৰেম ইত্যাদি
===============================
#ৰবীন্দ্ৰ বৰা
সাম্প্ৰতিক অসমীয়া কবিতাৰ জগতখনত সঘনাই উচ্চাৰিত হোৱা এটা নাম হৈছে হীৰেন ভট্টাচাৰ্য | হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ জনপ্ৰিয়তাৰ কথা কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে | বিশেষকৈ , তৰুণচাম কবিৰ অধিক সংখ্যকৰ কাব্য-চৰ্চাৰ ক্ষেত্ৰত এই গৰাকী কবিৰ কাব্য শৈলীৰ প্ৰভাৱ অথবা অনুকৰণৰ প্ৰতি আগ্ৰহ বাৰুকৈয়ে উপলব্ধি কৰা যায় | হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ জনপ্ৰিয়তাই হয়তো ইয়াৰ কাৰণ |

ষাঠিৰ দশকৰ প্ৰাৰম্ভণিতে কবি হিচাপে আত্মপ্ৰকাশ কৰা হীৰেন ভট্টাচাৰ্যই খ্যাতি আৰু জনপ্ৰিয়তা লাভ কৰে সত্তৰ আৰু আশী দশকৰ কালছোৱাত |

হীৰেন ভট্টাচাৰ্য আত্ম-সচেতন কবি | প্ৰেম আৰু জীৱনৰ বিশাল পৰিধিত বিচিত্ৰ অভিজ্ঞতাৰে কবি হীৰেন ভট্টাচাৰ্য‍ই স্বকীয় প্ৰকাশ ভংগীৰে সৃষ্তি কৰা কবিতাৰ যোগেদি এখন সুকীয়া আসনত সমাসীন হ’ল |

হীৰেন ভট্টাচাৰ্যৰ বিশিষ্ট কাব্য সংকলন "সুগন্ধি পখিলা"ৰ কবিতাসমূহৰ মাজত জিলিকি উঠিল কবিৰ কাব্য-প্ৰতিভাৰ স্বাক্ষৰ | "সুগন্ধি পখিলা"ৰ কবিতাসমূহত সিচঁৰতি হৈ আছে এহাতে জীৱন-প্ৰেমৰ বিশ্লেষণত কাল-চেতনাৰ উজ্জ্বল ৰঙৰ ছবি আৰু আনহাতে বাস্তৱতাই গৰকি যোৱা আধুনিক জীৱনত গৰজি উঠা এখন উত্তাল পৃথৱী | ইয়াৰ মাজেদি কবিয়ে বিছাৰি ফুৰিছে জীৱনক গ্ৰহণ কৰাৰ বাবে প্ৰেমৰ মুক্তি |

গীতিধৰ্মিতা হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ প্ৰধান আকৰ্ষণীয় সম্পদ | কবিৰ প্ৰায়বোৰ কবিতাক আৱৰি আছে বনগীত-বিহুগীতৰ ব্যঞ্জনাময় ধ্বনি বৈচিত্ৰ‍্যই |সেইবাবেই কবিৰ কবিতাসমূহত লোকগীতৰ সুৰৰ কঁপনি আৰু দুখবোধে আৱৰা ৰমন্যাসিক কবিৰ কবিতাৰ গীতিধৰ্মিতাৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায় | কবিৰ প্ৰায়খিনি কবিতাত প্ৰখৰ আনুভূতিক জীৱনৰ স্পন্দিত ৰূপটো বিয়পি থকাৰ উমান পোৱা যায় | তথাপি এইবোৰ কবিতাত আধুনিক জীৱনৰ যন্ত্ৰণা আৰু বাস্তৱ-চেতনা বিদ্যামান | এনেবোৰ কবিতাৰ কোমল ধ্বনিয়ে কাব্য ৰসগ্ৰাহীসকলৰ হৃদয় স্পৰ্শ কৰাৰ লগতে প্ৰেমৰ ৰূপটোকো প্ৰকাশ কৰে৷ দৰাচলতে, আধুনিক অসমীয়া কবিতাক অধিক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত হীৰেন ভট্টাচাৰ্যৰ অৰিহনা নিঃসন্দেহে উল্লেখনীয়৷
"প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়৷" (ভোগালি)

কঠিন বাস্তৱৰ মুখামুখি হৈয়ো কবিয়ে জটিল জীৱনক সহজভাৱে গ্ৰহণ কৰাৰ সাহসেৰে প্ৰেমৰ প্ৰকৃতাৰ্থক উপলব্ধি কৰিছে৷

হীৰেন ভট্টাচাৰ্যৰ অনেক কবিতাত প্ৰেমৰ বিচিত্ৰ অভিজ্ঞতাৰ ছবিখন পৰিস্ফুট হৈ আছে আৰু এই ব্যঞ্জনাধৰ্মী ছবিৰ মাজত আধুনিকতাই আৱৰা জীৱনৰ অৰ্থ প্ৰকাশ ঘটিছে৷ কবিয়ে প্ৰকৃত প্ৰেমৰ গভীৰ অৰ্থৰ অবিহনে জীৱনৰ কথা ভাবিব পৰা নাই৷ জীৱনৰ বিস্তৃত অভিজ্ঞতাৰ মাজত প্ৰেমৰ সন্ধান লৈ কবিয়ে কৈছে-
"মই
এক আচৰিত
প্ৰেমৰ পিঞ্জৰাত
বন্দী
মোৰ
দুৱাৰৰ অদূৰত
তুমি!
যেন সোণালী শস্যভূমি৷" (প্ৰেমৰ পিঞ্জৰ)

এনে প্ৰেমৰ বিশালতাত বন্দী কবিয়ে বিচাৰি পাইছে জীৱনৰ বাস্তৱতাক য'ত কবিয়ে নিজৰ স্থিতিক অনুভৱ কৰিছে পৰম বিশ্বাসেৰে-
"মোৰ বুকুত কি জ্বলে!
মোৰ দুখ, মোৰ আনন্দ
কিহে আৰু ব্যাপক কৰি তোলে৷
মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণগুণ শব্দ
এনেকৈ ৰু-ৰুৱাই জ্বলে" (প্ৰেমৰ কবিতা)

মানুহৰ মৌল-চেতনা প্ৰেম হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য৷ তেওঁৰ অনেক কবিতাত প্ৰেমৰ উল্লেখ আছে, কিন্তু কবিৰ কাষত প্ৰেম ৰোমাণ্টিক উচ্ছাস আৰু আবেগৰ স্বপ্নভংগৰ ৰূপ, ই জীৱন গঢ়াৰ বাবে এক সৰল স্বপ্নৰ মন্ত্ৰহে মাথোন৷ সেইবাবেই হীৰেন ভট্টাচাৰ্যৰ প্ৰেমৰ কবিতাসমূহ বাস্তৱতা আৰু আধুনিকতাৰ পৰশেৰে সজীৱ আৰু নিটোল৷
"প্ৰেমৰ কথাতো আৰু আনক ক'ব নোৱাৰি৷
নিশ্বাসৰ দৰে নিশব্দে ই যেন বিচাৰি ফুৰে
শব্দ, বৰ্ণ আৰু পোহৰৰ উত্স৷" (আৰু এটি বসন্তৰ)

যদিওবা এয়া প্ৰেমৰ এক সাৰ্থক সংজ্ঞা তথাপি প্ৰেমৰ কবিয়ে 'হৃদয়-স্পন্দিত মৃত্যুৰ ছন্দেৰে' ৰূঢ় আৰু ৰুক্ষ বাস্তৱতাত জীৱনক উপলব্ধি কৰিছে-
"আৰু এটি বসন্তৰ
এই এক আশ্চৰ্য মুহূৰ্তত মোৰ নিশ্বাস
ক্ৰমে দ্ৰুত আৰু দ্ৰুততৰ হৈছে
স্নায়ুৰ মাজেৰে চলিছে
শাণিত এক অস্ত্ৰ...." (আৰু এটি বসন্তৰ)

বাস্তৱৰ কঠিন মজিয়াত থিয় দি থকা কবি ভট্টাচাৰ্যই জীৱনৰ ঘাত-সংঘাত, বিষাদ-ব্যৰ্থতাৰ স'তে মুখামুখি হৈ জীৱনক পূৰ্ণ কৰাৰ বাবে সহজভাৱে গ্ৰহণ কৰাৰ দৰ্শনকে আকোঁৱালি লৈছে৷ সেয়ে, হীৰেন ভট্টাচাৰ্যৰ দুখ-বিষাদভৰা কবিতাবোৰৰ মাজত প্ৰেমৰ গান শুনিবলৈ পোৱা যায়৷

শস্যভূমি, পথাৰ, নৈ, গছ-গছনি, চৰাই-চিৰিকতি, পখিলা, মৌ-মাখি, ফুল, বিভিন্ন ঋতুৰ বিচিত্ৰ পৰিৱেশ আদিৰ অভিজ্ঞতা হীৰেন ভট্টাচাৰ্যৰ একাধিক কবিতাত উল্লেখিত হৈছে আৰু এইবোৰ অভিজ্ঞতাৰেই কবিয়ে জীৱনৰ বিস্তৃতি আৰু প্ৰেমৰ বিশালতাক প্ৰকাশ কৰি আহিছে চিত্ৰৰূপময় আৰু ধ্বনিময় ভাষাৰে নিৰ্মিত কবিতাৰ মাজত৷ কবি ভট্টাচাৰ্যৰ কবিতাত যিদৰে নৈসৰ্গিক জগতৰ বুকুত মানৱ-জীৱনৰ বিশ্বাস আৰু বিস্ময় জিলিকি উঠিছে সিদৰে প্ৰাত্যাহিক জীৱনৰ ঘ্টনাৱলীৰ ৰূঢ়তা, সংশয় আৰু শংকাই আৱৰা গতিশীল জীৱনৰ স্পন্দন শুনা যায়৷ কিন্তু তেওঁৰ কোনোটো কবিতাতেই জীৱনৰ নেতিবাচক ৰূপটো বিচাৰি পোৱা নাযায়৷ এয়া নিশ্চয় ভট্টাচাৰ্যৰ কবিতাৰ পৰম সম্পদ৷
"মই সেইদিনা অনুভৱ কৰিছিলোঁ
এই বেদনাহত ৰাতিৰ বুকুত শুই থকা প্ৰাণ-সূৰ্যৰ উত্তাপ৷
আৰু শুকান ডালে ডালে বৈ অহা
দুঃসাহসিক পাতৰ প্ৰত্যয়-দীপ্ত সেউজীয়া তৰংগ৷" (অভিজ্ঞান)

কবিয়ে জীৱনক নিবিড়় ভাবে উপলব্ধি কৰিবলৈ সক্ষম হৈছে আৰু অশুভ দিনৰ বুকুত নতুন প্ৰভাতৰ বাৰ্তা শুনিবলৈ পাইছে অশান্ত মনৰ মাজত । কালচেতনাই কবিতাটোৰ বক্তব্যক সুসংহত আৰু সুষম কৰি তুলিছে । প্ৰতীকী ভাষাৰ ব্যঞ্জনাই কবিৰ আশাবাদক প্ৰকাশ কৰিছে আৰু ‘পোহৰৰ কি অদ্ভুত স্পন্দন’ত কবিৰ চিন্তাৰ স্বচ্ছতা উজ্বলি উঠিছে ।

হীৰেন ভট্ৰাচাৰ্যৰ সৰহভাগ কবিতাই চুটি আৰু সেই চুটি কবিতাৰ চিত্ৰকল্পসমূহৰ মৌ-মাখিৰ গুণগুণনিৰ দৰে সুমধুৰ, জোনাকৰ দৰে কোমল আৰু বৰষুণৰ দৰে জীপাল আৰু অৰ্থপূৰ্ণ ।

জীৱনৰ যান্ত্ৰণাৰে কবিয়ে মানুহৰ সত্যৰ সন্ধান কৰিছে । ‘তেজৰ আখৰেৰে’ কবিতাত কবিয়ে কৈছে ‘কবি মই নাছিলো কোনোকালে ব্যৰ্থতাৰ এন্ধাৰে মোক মাথো সত্যক সহজে ল’বলৈ শিকালে ।‘ মানৱ জীৱনৰ যন্ত্ৰণাদগ্ধ সত্যৰ সন্ধান কবিৰ অনেক কবিতাত প্ৰতিফলিত হৈছে । কেতিয়াবা ‘তোমাৰ খোজত’ত ‘ভাঁজে ভাঁজে কঁপি উঠে এমুঠি কঠিন শোক ।‘ আচলতে মই মৰি গৈছোঁ তিলে তিলে বৰ কষ্টকৰ এই উশাহ ।‘ (ব্যৰ্থ-শৰ),’মই এন্ধাৰ সপোনেৰে গৈ আছোঁ গোপনে গোপনে গৈ আছোঁ ...। সমুখত আক-বাক্ এডাল সাপ । ‘ (এন্ধাৰত সাপ) , মোৰ সকলো দুখ, একেটি স্বপ্ন ।‘ (অশ্ৰুৰ প্ৰচ্ছায়া) আৰু অনেক কবিতাত দুখৰ অভিজ্ঞতাৰে ৰচনা কৰিছে জীৱনৰ কবিতা ।

এইবোৰ আনুভূতিক জীৱনৰ ভাবাবেগখিনিৰে সিক্ত কবিতাত কবিৰ বৰ্তমানৰ চিন্তা আৰু ধ্যান –ধাৰণা সিচঁৰতি হৈ আছে । ‘বসন্ত এদিন’, ‘এদিন শৰত’, ‘বসন্ত বিলাস’ , ‘নৈ গুমগুমায়’ ,’স্মৃতি তাৰ সুগন্ধি পখিলা’ ,’বসন্তৰ গান’ , ‘ধুমুহা ,ঘৰ-জেউতি’, ‘সেই নদী’,‘আৰু এটি বসন্ত’ , ‘পথৰুৱা গীত’ , ‘আহিনৰ লেণ্ডস্কেপ’ , ‘বাঁহীৰ মাত’ , ‘আবেলিৰ বেলি’ , ‘কতনা বহাগ’ , ‘মৌ-মাখিজাক’ , ‘এথোপা ফুল’ , ‘ফাগুনৰ গান’ , ‘বসন্তৰ স্তৱক’ , আদি বিভিন্ন কবিতাত এহাতে আনুভূতিক জীৱনৰ গভীৰতা আৰু আনহাতে ৰূঢ়় বাস্তৱৰ জটিলতাক কবিয়ে একোখন ৰঙীন ছবিৰ দৰে দাঙি ধৰিছে । এইবোৰ কবিতাত প্ৰকৃতি, প্ৰেম আৰু জীৱনৰ মাজত কবিয়ে ‘কঠিন কাঠৰ আঁহ ফালি টানি আনো অভিজ্ঞতাৰ তেজ লগা শব্দ ‘( পৃথিৱী মোৰ কবিতা ) জুকিয়াই লৈছে পৰম বিশ্বাসেৰে ।

‘জোনাকী-মন’ শীৰ্ষক এলানি চুটি কবিতাত কবিয়ে জীৱনৰ মুখামুখি হোৱা বাস্তৱৰ একোটি জটিল মুহূৰ্তক প্ৰকাশ কৰিছে পৰম আন্তৰিকতা আৰু সহৃদয়তাৰে । শায়েৰীশায়েৰী লগা এইবোৰ চুটি কবিতাত বিক্ষিপ্ৰ  হৈ আছে জীৱন,জগত আৰু বাস্তৱৰ প্ৰতি থকা কবিৰ সহজবোধ । প্ৰতিটো কবিতাই একোটি মনোৰম চিত্ৰকল্প হোৱা কাব্যিক বৈচিত্ৰ্যৰ মাজত জীপাল হৈ আছে কবিৰ জীৱৰ প্ৰতি থকা উপলব্ধি আৰু সমাজচেতনাৰ উজ্বলতা । তথাপি আমি ক’ব পাৰোঁ যে এইবোৰ চুটি কবিতাই কঢ়িয়াই লৈ ফুৰিছে কবিৰ আত্মিক-বেদনাৰ প্ৰজ্ঞা । কবিয়ে কৈছে-
‘যি দুখকেই দিয়া
মই বহন কৰিব পাৰো সেই দাহন ।
অটল কৰ্ষিত অমৰ্ত্যৰ মাটিৰে পূৰ্ণ
মোৰ অবাক অৱগাহন ।‘
( জোনাকী মন ৭-নং)
‘ভঙা কলিজাত কোনে বিনায়ঃ
কবিতা মোৰ দুখ ঋতুৰ এপাহ খৰিকাজাঁই ।‘
(জোনাকী মন-৩২ নং)

একেদৰে ‘জোনাকী –মন’ (হেমন্তৰ কেইটামান কবিতা), ‘স্থিৰ চিত্ৰ’, ‘দুশাৰীমান ‘ , ‘বসন্ত –বিলাস’ , ‘সোঁৱৰণী অনুসৰণত’, ‘স্পপ্নৰ স’তে’, ‘অন্য পাণ্ডুলিপি’, ‘এতিয়াও অমৃত’, ‘প্ৰেমৰ দাবী যে বহুত’ , ‘থাকে বুকু জুৰি’ আদি চুটি কবিতাসমূহত কবিৰ মনৰ ভিতৰত থকা ৰ’দৰ চোকা গন্ধৰ (দুশাৰীমান) শব্দেৰে কবিয়ে নিৰ্মাণ কৰিছে কাব্য-শিল্প ।

কবি হীৰেন ভট্ৰাচাৰ্যই কোনোকালেই সমাজ জীৱনৰ পৰা আঁতৰি থকাৰ প্ৰয়াস কৰা নাই । আধুনিক যুগৰ কৃত্ৰিম সভ্যতা আৰু সংস্কৃতিয়ে কবিক অহৰহ আমনি কৰিছে । দেশ আৰু সমাজ জীৱনৰ সংকট কালত এই গৰাকী প্ৰেম আৰু জীৱনৰ কবিয়ে হাতত কলম তুলি লৈছে আৰু দেশ, কাল আৰু সমাজ-চিন্তাৰে সামাজিক চেতনাবোধৰ কবিতা ৰচনা কৰিছে । হীৰেন ভট্ৰাচাৰ্যৰ কাব্য-জীৱনৰ অনেক সাৰ্থক কবিতা এনে কবিতাৰ মাজতে বিচাৰি পোৱা স্বদেশ প্ৰেমৰ সুন্দৰতা ।

নাজিম হিকমতৰ সোঁৱৰণীত ৰচিত ‘যন্ত্ৰণা’ শীৰ্ষক কবিতাটোত কবি ভট্ৰাচাৰ্যই জনগণৰ বিপ্লৱৰ প্ৰতি সঁহাৰি জনাই বিশ্ব মানৱৰ মুক্তিৰ সম্ভেদ দাঙি ধৰি কৈছে-
‘ কাল সমুদ্ৰত আহিছে জোৱাৰ
যেন ক্ষুব্ধ অজগৰ
জনতাৰ প্ৰগলভ কণ্ঠত
দুৰ্দম প্ৰতিবাদ ।‘
(যন্ত্ৰণা)

কবিৰ ‘পতাকা’ কবিতাটোত মুক্তিকামী জনতাৰ বিশাল জীৱনৰ শক্তিমন্ত ৰূপ প্ৰতিফলিত হৈছে আৰু কবিয়ে ‘মোৰ দেশৰ ক্লিষ্ট দেহত/ পতাকাখনৰ জৰীগছিৰে/ তেজৰ টোপাল/ নিগৰি আহিছে ।‘ বুলি স্বদেশৰ চিন্তাৰে ভিয়েতনামৰ মুক্তি সংগ্ৰামৰ স্বাগত জনাইছে ।

পুঁজিবাদী সমাজ ব্যৱস্থাই গ্ৰাস কৰি পেলোৱা জনগণৰ জীৱনৰ মুক্তিৰ বাবে কবিৰ প্ৰতিবাদৰ কন্ঠস্বৰ প্ৰতিধ্বনিত হৈছে আত্মপক্ষ শীৰ্ষক কবিতাত । কবিয়ে গভীৰভাৱে উপলব্ধি কৰিছে যে এদিন এই জনতাই সাৰ পাই উঠিব ।

আই মই সঁচাকৈয়ে
বৰ হিংস্ৰ হৈ উঠিছো ।
মোৰ নিয়াৰিৰ
কাচিখনলৈ এবাৰ চালেই
বুজিব পাৰিবা
কাৰ ডিঙিৰ জোখেৰে গঢ়িছো । (আত্মপক্ষ)

স্বদেশ আৰু দেশবাসীৰ কল্যানৰ বাবে কবিৰ অশান্ত হৃদয়ৰ বাৰ্তা অনেক কবিতাত প্ৰকাশ পাইছে । । মোৰ হিম-শিতল/কলিজা কামুৰি ধৰে/আত্মীয়াতাৰ কঠিন শোকে । ( মোৰ দেশ আৰু আনুষংগিক) কবিক যন্ত্ৰণা কাতৰ কৰি তুলিছে । কবিয়ে চৌপাশে দেখা পাইছে স্বদেশৰ বিপৰ্যস্ত ৰূপ –
আকালৰ চোতাল । শস্যৰ পথাৰ উদং
কিশোৰৰ হেৰাল
স্বপ্ন স্বাধীনতা।গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত
মূলত যি বিহ ? উছন গ’ল গাওঁ। নষ্ট নগৰ ।
মৃত্যুৰ মলিন ছাঁত অশ্নীল বনিজ । ( সংকট দিন)
সংকট দিন সাম্প্ৰতিক সময়ৰ কাৰুণ্যৰ ছবিখন উজ্বলি উঠিছে । মোৰ আইৰ দুকু ত দেশ মাতৃৰ হাহাকাৰ বিয়পি পৰিছে । কবিৰ হৃদয় ব্যথিত হৈছে –
হৃদয়ৰ গভীৰতাত শুনো
এটি কৰুণ সুৰ ;
দিঠকত মোৰ আইৰ দুচকু
চকুলোৰে ভৰপুৰ । ( মোৰ আইৰ দুচকু )

শ্বহীদৰ ত্যাগৰ সনাতন ৰূপ আৰু জীৱনৰ কৰুণ সত্যক দাঙি কবিয়ে অমৰত্নৰ কথা সুঁৱৰিছে –“যাৰ/তেজত তিৰবিৰাইছিল/তৰালি/বুকুত/গুণগুণাইছিল/মৌ-মাখি/সি নিজানে নিতালে/শুই আছে ।”(শ্বহীদ)

হীৰেণ ভট্টাচাৰ্যৰ দীঘল কবিতাসমুহৰ এটা হৈছে –মোৰ দেশ । বিশ্বৰ সকলোবোৰ স্বদেশ প্ৰেমৰ কবিতাৰ দৰেই- মোৰ দেশ-তো কবিয়ে বন্দনা কৰিছে স্বদেশৰ । কবিৰ স্বদেশৰ প্ৰতি থকা গভীৰ অনুৰাগ,প্ৰেম-প্ৰীতি,আশা-আকাংক্ষা আদি প্ৰকাশ পাইছে এই কবিতাৰ মাজেৰে ।“মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ”বলি কৈ স্বদেশৰ ঐশ্বৰ্যৰ বিপুল সম্ভাৰখিনি কবিয়ে ফঁহিয়াই দেখুৱাইছে । স্বদেশৰ বিপুল শক্তিৰ মাজত কবিয়ে জীৱনৰ সকলো সম্পদ বিচাৰি পাইছে । এই স্বদেশেই কবিৰ বুকুত থাপি দিছে এক উজ্বল সপোন । যৌৱনৰ প্ৰাচ্যুৰ্য, জীৱনৰ নতুন অৰ্থ লৈ এই দেশৰ জনগণৰ জীৱন-যাত্ৰাৰ সহযোগী হৈ কবিয়ে জীৱনক উপলব্ধি কৰিছে। এই কবিতাটোত ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ আলোকপাত হৈছে । অনৈক্যৰ মাজত ঐক্য আৰু বিৰোধৰ মাজত সংহতিয়ে গঢ় দিয়া ভাৰতীয় মহাজীৱনৰ পুৰ্ণ ৰূপটোকে কবিয়ে পূৰা মাত্ৰাই প্ৰকাশ কৰিছে । কবিৰ সৰল ভাষাত স্বদেশৰ সুখ-শান্তি সমৃদ্ধি আৰু কল্যাণৰ বাৰ্তাৰে কবিতাটোৱে নিটোল ৰূপ পাইছে ।

বিশ্বৰ সকলো দেশৰ সকলো মানুহৰ খবৰ ল’বলৈ কবি উদ্বিগ্ন হৈ পৰিছে । বিশ্বজনীন মনোভাব কবিৰ কাব্য-জীৱনৰ পথ প্ৰশস্ত কৰিছে । ‘মোৰ আইৰ হাত ধৰি’ দেশৰ পৰা/দেশান্তৰলৈ মই গৈ আঁছো । আন্তৰ্জাতিক বুলি কবিয়ে বিশ্বখনকে এখন দেশ আৰু বিশ্ববাসীক এটা জাতি হিচাপে উপলব্ধি কৰিছে। দেশে দেশে অমানৱীয় কাৰ্যকলাপত মানৱতাৰ পৰাজয়ত কবি উৎকন্ঠিত হৈ পৰিছে আৰু নতুন জীৱনৰ আশা আৰু আকাংক্ষাৰে প্ৰকাশ কৰিছে-
‘বহল যেতিয়া বধ্যভুমি
চীনৰ পৰা পেৰু, ক্ৰুচৰ কঠিন কাঠত তুমি;
উদ্বাসিত দেহ, আৰ্দ্ৰ বুকু,
দহো দেশে মোৰ নিতৌ নতুন যীশু । (দেশে দেশে)

হীৰেন ভট্টাচাৰ্যৰ এইবোৰ কবিতাত মানৱতাৰ প্ৰতি থকা বিশ্বাস আৰু আস্থা প্ৰকাশ পাইছে । সমাজ-জীৱনৰ পৰিৱৰ্তিত অৱস্থা,জটিল পৰিস্থিতিত আনৱীয় মুল্যবোধেৰে অবক্ষয় আৰু কালচেতনা কবিৰ কাব্য চিন্তাত উজলি উঠিছে । শংকা,সন্দেহ আৰু মানুহৰ অবিশ্বাসে কবিক মাজে মাজে হতাশ কৰি তুলিছে । হীৰেন ভট্টাচাৰ্যৰ সামগ্ৰিক কবিতাৰ ভাষ্য চিত্ৰৰূপময় আৰু ধ্বনিময় । সুনিৰ্বাচিত শব্দচয়ন আৰু অন্যায়সলদ্ধ আৰু মনোৰম চিত্ৰকল্পই কবিৰ পৰিশীলিত ভাষাক ব্যঞ্জনাময় কৰি তুলিছে । লোক-জীৱনৰ সৰল প্ৰাণৰ মাত কথাৰে কবিয়ে নিজস্ব কাব্য ভাষা এটা গঢ়ি তুলিবলৈ সক্ষম হৈছে । কবিৰ শব্দ-শক্তি মন কৰিবলগীয়া । তেওঁৰ কবিতাৰ শব্দবোৰত অভিধানগত অৰ্থতকৈ ব্যঞ্জনাই প্ৰাধান্য লাভ কৰিছে ৷ "Poetry" গ্ৰন্থখনত Elizabeth Drew য়ে কৈছে , “The poet’s craft is to turn words into deeds .” কবি হীৰেন ভট্টাচাৰ্যই কবিতাৰ শব্দবোৰ মহ‌ত্‍ কাৰ্য্যলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে |

হীৰেন ভট্টাচাৰ্য ৰ প্ৰায়বোৰ কবিতাত গীতি–ধৰ্মিতাই আৱৰি আছে | কিছুমান কবিতাত বনগীত–বিহুগীতৰ ধ্বনিৰ প্ৰভাৱ পৰিলক্ষিত হয় | কবিগৰাকীৰ অনেক কবিতাৰ পংক্তিয়ে কাব্যৰসিক সকলৰ মনত দোলা দি যায় | কবি অডেনে কৈছে "Poetry is remarkable speech" কবি ভট্টাচাৰ্যৰ কবিতাৰ মাজত অনেক স্মৰণীয় বাক্য থুপ খাই আছে |

শেষত , আমি উল্লেখ কৰিব খোজো যে প্ৰেম আৰু জীৱনৰ কবি হীৰেন ভট্টাচাৰ্যই আধুনিক অসমীয়া কবিতাৰ জগতখনত এখন সুকীয়া আসন দখল কৰি লৈছে | আধুনিক অসমীয়া কবিতাৰ ইতিহাসত হীৰেন ভট্টাচাৰ্যই আধুনিক কাব্যৰীতিৰে প্ৰেম আৰু জীৱনৰ কবিতাক নতুন আয়তন দিলে আৰু এতিয়াও কাব্য জীৱনৰ সাধনাৰে কবিয়ে অপেক্ষা কৰিছে –
"কোনে ৰ’দ আনি দিব মোক ধলপুৱাতে
শস্যৰ কাৰণে ৰ’দ , বৃক্ষৰ কাৰণে ৰ’দ
ৰ’দ কবিতাৰ কাৰণে |"
( কবিতাৰ কাৰণে ৰ’দ )
লেখাটো যুগুতাই দিয়াৰ বাবে অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটাৰে সন্মানিত কবি, সমালোচক তথা প্ৰবীণ সাহিত্যিক ৰবীন্দ্ৰ বৰা দেৱলৈ কৃতজ্ঞতা জনালো ৷ লগতে অসমীয়া ইউনিকোডত ততাতয়াকৈ সকলো খিনি সজাই দিয়াৰ বাবে চেন্নাইস্থিত হেমাঞ্জলী চুতীয়া, ইন্দোৰস্থিত অঞ্জল বৰা, দিল্লীস্থিত মাধুৰীমা ঘৰফলীয়া, বেংগেলুৰস্থিত বিকাশ দাস আৰু অৰুণাচলস্থিত মনীষা বৰা হালৈৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷-অসমীয়াৰ সুখ দুখ সম্পাদনা কক্ষ

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages