লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগ বাতৰিৰে সত্যৰ সন্ধান)
প্ৰতিদিনৰ ছবি
১. পুলিচ ট্ৰেইনিং কলেজত নাই পৰ্যাপ্ত শৌচাগাৰ৷  প্ৰাতঃ কৰ্ম কৰিবৰ বাবে লানি পাতিব লগা হোৱাৰ বাবে আৰক্ষী বাহিনীৰ লোকে পুৱতি নিশাই উঠিব লগা হোৱাটো আচলতে এক পৰিকল্পনামূলক ভাৱে জীৱন-শৈলী শুধৰণিৰ ব্যৱস্থাহে বুলি জনালে গৃহ বিভাগৰ এজন কেৰাণীয়ে৷ ভৰ-দুপৰলৈকে শুই থাকিলে, ক’ত পাতিহাঁহ ধৰিব পাৰিব, সেয়ে এই ব্যৱস্থাৰে সোনকালে শুই উঠাৰ অভ্যাস গঢ়াৰ এক আদৰ্শনীয় ব্যৱস্থা কৰাৰ বাবে বিভাগটোলৈ তেখেতে ধন্যবাদো জ্ঞাপন কৰিছে ৷

২. অসমবাসীলৈ সুখবৰঃ বিটিএডিত ধন দাবীয়ে গঢ়িবলৈ ওলাইছে বিশ্ব অভিলেখ৷ সেয়ে ধনদাবীৰ সকলো ঘটনা লিপিবদ্ধ কৰি এই অভিলেখ গঢ়িবলৈ সাহয় কৰিবলৈ "অভিলেখ অসম" নামৰ সংগঠনে  আহ্বান জনাইছে৷ তাৰ বাবে, ধন দাবী পত্ৰ্ৰৰ জেৰক্স কপি ই-মেইল কৰিলেই হব আৰু আৰক্ষী আৰু সংগঠনৰ পৰা তথ্য গুপুতে ৰখা হব বুলি উদ্যোক্তা সকলে জনাইছে ৷

৩. বিধান সভাৰ বৰ্ষাকালীন অধিবেশন উপলক্ষে লাষ্ট-গেট চাহ-ভাত ব্যৱসায়ী সন্থাৰ ফালৰ পৰা সদৌ অসম প্ৰতিবাদী ৰাইজলৈ জনাইছে বৈপ্লৱিক অভিনন্দন৷ অনাগত পাঁচ দিনত হব লগা সকলো প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন দিব আৰু চাহ-ভাত যোগান ধৰি সেৱা আগবঢাই ৰাইজৰ সেৱা কৰিব বুলি দৃঢ়মত প্ৰকাশ কৰি সন্থাৰ পৰা অসমীয়াৰ সুখ দুখলৈ বিজ্ঞপ্তি প্ৰেৰণ ৷

৪. শ শই পঠালে শেষ টেলিগ্ৰাম ৷ হাই-কামাণ্ডেলৈ পঠালে ৰাইজে দুৰ্নীতিৰ পৰা মুক্তিৰ টেলিগ্ৰাম৷ প্ৰত্যুত্তৰত হাইকামাণ্ডৰ পৰা আহিল টেলিগ্ৰাম "হমে বহু মত দো"৷ তাকে লৈ ৰাইজ বিপাঙত ৷ বহু মত দি লোকসভাত জিকাবলৈ কৈছে নে, বোৱাৰী নিদিবলৈ বুলি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ কৈছে, সেয়া বুজিব নোৱাৰি ৰাইজ বিপাঙত পৰাৰ খবৰ৷ প্ৰশ্নটো সুধিবলৈ পুনৰ এদিনৰ বাবে টেলিগ্ৰাম সেৱা খুলি দিবলৈ পোষ্ট অফিচত জনালে গোহাৰি ৷ পোষ্ট অফিচৰ পৰা ফেচবুক পেজতে তাৰ উত্তৰ বিচাৰিবলৈ দিহা দিয়াৰ ৰসাল খবৰ ৷

৫. নিমপুলি ৰোপনৰ দুই কোটি টকাৰ খবৰে সংবাদ পত্ৰৰ শিৰোনামা পোৱাত শিৱসাগৰ বন বিভাগে প্ৰকাশ কৰিলে তীব্ৰ প্ৰতিবাদ৷ ১০০০কোটিৰ শিৰোনামা থকা ৰাজ্যত মাত্ৰ ২কোটিৰ কেলেংকাৰীৰ সংবাদ চপোৱাটো অতিশয় নিন্দনীয় আৰু এনে বাতৰিয়ে বন বিভাগক হেয় প্ৰতিপন্ন কৰিছে বুলি কৰিলে ক্ষোভ প্ৰকাশ ৷ ইয়াৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰো উঠিল অভিযোগ৷ বন-বিভাগৰ প্ৰধান কাৰ্যালয়ৰ পৰা এনে চিকা মাৰি হাত গোন্ধোৱা বাতৰি সৃষ্টি নকৰিবলৈকো আহিল সতৰ্কবাণী ৷ বিশাল দুৰ্নীতিৰে শিৰোনামা দখলৰ বাবে বন-বিষয়াক উৎসাহ প্ৰদান কৰিবলৈ সংঘবদ্ধ হ’ল বিষয়া সন্থাও ৷

৬. ছিণ্ডিকেটৰ পৃষ্ঠপোষক কোন? তদন্তকাৰী সংস্থাই ছিণ্ডিকেট চলোৱা কাৰ্যালয়ৰ পৰা জব্দ কৰা পেড আদিত পৃষ্ঠপোষকৰ নামতো নথকাত বিপাঙত পৰিছে আৰক্ষী ৷ কাম কৰা ল’ৰাক ধৰি জেললৈ পঠিয়ালেও অহা স্বাধীনতা দিৱসত সাহসীকতাৰ বঁটা পাব বুলি কোৱাত পিছে আৰক্ষী বাহিনী উল্লাসিত হৈ পৰা বুলি ওলাইছে গোপন খবৰ ৷

৭. ফ্ৰীজৰ পৰা কণী চুৰ কৰি ৰাইজৰ হাতত আহত হ’ল চোৰ ৷ গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত এই বহুমূলীয়া সামগ্ৰী চোৰ কৰি গণ পিটনৰ সন্মুখীন হোৱা চোৰক চিকিৎসালয়লৈ প্ৰেৰণ৷ পিটন দিয়া বীৰ সকলে কয় যে, ইমান চৰা দামৰ দিনত ফ্ৰীজৰ পৰা কণী চুৰ কৰি নিয়া কাৰ্য কোনো পধ্যেই গ্ৰহণ যোগ্য নহয় আৰু এনে ঘটনাত আৰক্ষীয়েও নিস্পৃহ ভূমিকা গ্ৰহণ কৰাতহে স্থানীয় ৰাইজে আইন হাতত তুলি লবলৈ বাধ্য হ’ল ৷

৮. এইবাৰ অৰ্থনৈতিক অৱৰোধ কৰি বেপাৰী সন্থাক সহায় কৰিবলৈ আহিল জনগোষ্ঠীয় সংগঠন৷ এনেয়ে বজাৰত ছিণ্ডিকেটৰ চৰাদাম, এইবাৰ নামনি অসমৰ অৰ্থনৈতিক অৱৰোধৰ ফলত গাড়ীয়ে গাড়ীয়ে কণী ট্ৰাকতে গেলি গৈছে বুলি জনালে অসম কণী বেপাৰী সন্থাই৷ সেয়ে এনেবোৰ কাৰ্যসূচীয়েহে আচলতে মূল্যবৃ্দ্ধি ঘটাইছে, ছিণ্ডিকেটে নহয় বুলিও ইণ্ডিকেচন দিয়ে সন্থাই৷ সেয়ে অহা সপ্তাহত একোটা কণীৰ দাম দহ টকাৰ তলত দিলে নোপোচাবই বুলিও সুখদুখক এচ এম এচ যোগে জনাইছে ৷

৯. পুনৰ পেট্ৰ্লৰ দাম বাঢ়িল ডেৰ টকাকৈ৷ সেয়ে সকলো ৰাইজকে গুৱাহাটীৰ মেট্ৰ ৰেলত ভ্ৰমণৰ সুযোগ লবলৈ আহ্বান জনালে পৰিবহন বিভাগে৷ সপোনতো নিজৰ গাড়ীত উঠাৰ কথা ভাবিব নোৱাৰা দিনত, সপোনতে অন্ততঃ মেট্ৰত উঠিবলৈ সুযোগ দিয়াটোও হেনো এই চৰকাৰৰ এটা বৃহৎ সফলতাই ৷

১০. এইবাৰ গঠন হব কৃষকৰ নতুন ৰাজনৈতিক দল৷ সেয়ে সকলো পৃষ্ঠপোষকতা কৰিব বিচৰা বেপাৰী, ঠিকাদাৰ, দোকানী, ব্যৱসায়ীক আগতীয়াকৈ নিজৰ নিজৰ অংশীদাৰিত্ব কিনি ৰাখিবৰ বাবে বিত্ত সম্পাদকে আহ্বান জনাইছে৷ পাছত ইয়াৰ শ্বেয়াৰে আকাশলংঘী মূল্য চুলে, তাৰ বাবে কৃষক বাহিনী কোনো পধ্যেই জগৰীয়া নহব বুলিও সকিয়াই দিছে ৷

No comments:

Post a Comment