জীৱন-যৌৱন (সম্পৰ্ক) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱন-যৌৱন (সম্পৰ্ক)

জীৱন-যৌৱন (সম্পৰ্ক)

Share This
তেওঁ আপোনাক ঠগিবলৈ আৰম্ভ কৰিছে নেকিঃ তাৰ ছটা সংকেত

সম্বন্ধ একোটা জীয়াই থকাৰ ভেটি হ’ল বিশ্বাস৷ যেতিয়া এই ভেটিলৈ অবিশ্বাস বা সন্দেহৰ কলীয়া ডাৱৰৰ ছাঁ পৰিবলৈ ধৰে, তেতিয়া সুন্দৰ সম্পৰ্ক একোটাৰ মূলখুটাতে ঘূণে ধৰিবলৈ আৰম্ভ কৰে৷ ইয়েই লাগে লাহে ভিতৰি ভিতৰি খুলি খুলি খাই সম্পৰ্কটো ধ্বংস কৰি পেলায়৷ গতিকে জীৱনৰ যিমান পাৰি সন্দেহৰ বীজ ৰোপন হবলৈ নিদিব৷ সন্দেহ হোৱা যেন দেখিলে তাৰ প্ৰকৃতি বিশ্লেষণ কৰি তাক মষিমূৰ কি পেলাওক৷

গতিকে আজিৰ শিতানত আপোনাৰ মনত জাগি উঠা সন্দেহ যে অমূলক নহয়, তাক নিশ্চিত হবলৈ কিছু কথা কবলৈ বিচৰা হৈছে৷ সুক্ষ্ম পৰ্যবেক্ষণে এই ক্ষেত্ৰত আপোনাক নিশ্চয়েই সহায় কৰিব ৷ বাস্তৱত যি ঘটিছে তাক মানি লবলৈ এক সাহসী মনেৰে আপুনি আগবাঢ়ক আৰু জীৱনৰ সন্মুখীন হওক৷

তেওঁৰ মাজত বাৰু আপুনি এই কেইটা সংকেত প্ৰত্যক্ষ কৰিবলৈ ধৰিছে নেকি?

১. তেওঁ নিজৰ কথাবোৰ যেন কিবা এক আবুৰত ৰাখিবলৈ যত্ন কৰিছে৷ সকলো কথা খুলি কোৱাতকৈ বা আপোনাৰ সমুখতে পাতিব নোখোজা হৈছে৷ ফোন আহিলে আপোনাৰ সমুখৰ পৰা আঁতৰলৈ গুচি গৈছে৷ আপুনি থকা বাবে ফোনটোত হঠাত বিজি আছো বুলি কৈ কাটি দিছে৷ তেন্তে ই এক চিন্তাৰ বিষয়৷ এক সম্পৰ্কত বান্ধোনত এনে ৰহস্যই নকৈ গা-কৰি উঠাতো নিশ্চয়কৈ অশোভনীয়৷

২. আপুনিয়েই তেওঁলৈ বাৰে বাৰে ফোন কৰে, মেচেজ পঠায়৷ আৰু তেওঁৰ ফালৰ পৰা কোনো এই ক্ষেত্ৰত আগতীয়াকৈ ফোন বা মেচেজ নাহে বা তেনে কৰাত আগ্ৰহ নেদেখুওৱা হৈছে৷ তেন্তে ইও এক চিন্তাকৰ্ষণ কৰা সংকেত৷ 

৩. আজিকালি সৰু সৰু কথাতে তেওঁ কাজিয়া কৰা হৈছে নেকি? সৰু সৰু কাজিয়াবোৰৰ কাৰণবোৰ ভালকৈ বহি নিজে আত্মানুসন্ধান কৰি চাওক, তাৰ আঁৰত তেওঁৰ প্ৰফেচনেল, ইমচনেল বা শাৰিৰীক অৱসাদ নাইতো৷ সেই কথা সহানুভূতিশীলভাৱে বিশ্লেষণ কৰাৰ পাছতহে অন্য কথালৈ চকু দিবলৈ আৰম্ভ কৰক ৷

৪. যদি আপুনি নকৈ তেওঁক মিচা কথা কোৱা ধৰা পেলাবলৈ লৈছে৷ সেয়াও বিশ্বস্বতা হেৰুৱাবলৈ লোৱাৰ এটা গুৰুত্বপূৰ্ণ লক্ষণ ৷

৫. তেওঁৰ ব্যৱহাৰত পৰিবৰ্তন লক্ষ্য কৰিছে নেকি? বা আপোনাৰ দুয়োৰে কমন বন্ধু বা বান্ধৱীৰ ব্যৱহাৰত, কথা বতৰাত কিবা পৰিবৰ্তন লক্ষ্য কৰিছে৷ সুক্ষ্ম ভাৱে পৰ্যবেক্ষন কৰিব, যাতে এনেকুৱা নহয় যে, তেওঁলোকে এনে বহুকথাই জানে, যিবোৰৰ আপুনি ভূৱেই পোৱা নাই৷ সকলো জানিও দ্বিধাবোধত আপোনাক আঁৰৰ ছবিখনৰ কথা আপোনাক কব পৰা নাই, আৰু আপুনি সকলো শেষ হৈ যোৱাৰ পাছতহে সকলো জানিব পাৰিছে৷ নে হোৱাৰ পৰা বাৰণ কৰিবলৈ মুকলিমুৰীয়া পৰিবেশত বন্ধু-বান্ধৱীৰ সতে কথা-বতৰা পাতক, পুনৰ কৈছো, তেওঁলোকৰক ব্যৱহাৰত কিবা পৰিবৰ্তন আহিছে নেকি, সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰক৷


৬. আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড বা জীৱনসংগীয়ে হঠাত নিজৰ ৰূপ-লাৱণ্যক লৈ বেছিকৈ সচেতন হৈ পৰিছে নেকি? এনে পৰিবৰ্তন, নতুন কাপোৰ, সাজোন-কাচোন আদি নতুন কাৰোবাৰ আগমনক আদৰিবলৈকো হব পাৰে ৷ সেই সাজোন কাচোন যদি আপোনাৰ বাবেই, সেয়া খুবেই আনন্দৰ কথা ৷ পিছে যদি সাজিচে কাচিচে আৰু বাহানা মাৰি অকলশৰে বাৰে বাৰে ওলাই যোৱাৰ লক্ষণ দেখুৱাইছে, তেন্তে নিশ্চয়কৈ কৰবাত কিবা এটা ৰন্ধনৰ হোৱাৰ উপক্ৰম হৈছে৷ 

জীৱনত এনে ধোঁৱা দেখিলে, তাৰ গতি-গোত্ৰৰ পৰা উৎসৰ সন্ধান কৰক আৰু সাহসেৰে বাস্তৱৰ সতে সন্মুখীন হওক, শুভেচ্ছা থাকিল ৷

1 comment:

  1. Apunar likha bhal lage moi apunar likha praai porhu...Agoloi likhi thakibo buli akha karilu....

    ReplyDelete