বিশ্লেষণঃ জাতি-মাটিৰ চৰকাৰৰ নতুন 'ভূমি-সংস্কাৰ': উত্তৰহীন প্ৰশ্নবোৰ :: সমুদ্ৰজিত গোহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ জাতি-মাটিৰ চৰকাৰৰ নতুন 'ভূমি-সংস্কাৰ': উত্তৰহীন প্ৰশ্নবোৰ  :: সমুদ্ৰজিত গোহাঁই

বিশ্লেষণঃ জাতি-মাটিৰ চৰকাৰৰ নতুন 'ভূমি-সংস্কাৰ': উত্তৰহীন প্ৰশ্নবোৰ :: সমুদ্ৰজিত গোহাঁই

Share This
জাতি-মাটিৰ চৰকাৰৰ নতুন 'ভূমি-সংস্কাৰ': উত্তৰহীন প্ৰশ্নবোৰ
সমুদ্ৰজিত গোহাঁই
বিশ্বৰ লগতে দেশ, দেশৰ লগতে ৰাজ্যত এতিয়া অতিমাৰীৰ অৱস্থা। স্বাস্থ্য খণ্ডৰ এই প্ৰত্যাহ্বানৰ লগতে দেশ তথা ৰাজ্যবাসীয়ে আকৌ যুঁজিব লগা হৈছে বানৰ লগতো। সীমান্তৰ যুদ্ধৰ দামামাহে যেন, মেডিয়া-চ'চিয়েল মেডিয়াৰ খবৰৰ সোঁতত এতিয়া মানুহ ত্ৰস্ত হৈছে। মনবোৰ অশান্ত হৈছে। তাৰ মাজে মাজে চলিছে নিৰ্বাচনমুখী ৰাজনীতিৰ আখৰাও, চলিছে ডিজিটেল গণ-সমাবেশ। খাৰুৱা তেলৰ নিম্নতম দামৰ স্বত্বেও পেট্ৰ'ল-ডিজেলৰ উৰ্ধগামী দৰ, কেৱল এই অস্বাভাৱিক পৰিৱেশত উচ্চ হাৰৰ কৰ প্ৰৱৰ্তনৰ ফলত। অৰ্থনীতিক লৈ চিন্তা, বৰ্ধিত নিবনুৱাক লৈ চিন্তা, কেন্দ্ৰীয় চৰকাৰৰ পেকেজৰ সুফল কোনে পাব, কোন প্ৰকৃততে উপকৃত হব, কোন কেৱল বঞ্চিতৰ শাৰীতেই থাকি যাব, তাকে লৈও ৰাইজৰ মনত চিন্তাৰ প্ৰৱাহ।
তাৰ মাজতে, অসমত নতুন ভূমি-সংস্কাৰ কৰা এক নীতিৰ সিদ্ধান্ত লৈছে জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা ৰাজ্য চৰকাৰে। উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে অত্যন্ত গৌৰৱেৰে ঘোষণা কৰিছে যে এতিয়াৰপৰা ৰাজ্যৰ কৃষিভূমি সমূহ মাত্ৰ এখন আৱেদন পত্ৰ প্ৰেৰণ কৰিয়ে যিকোনো ব্যক্তিয়ে উদ্যোগ প্ৰতিষ্ঠাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব৷ তেওঁৰ মতে কেবিনেটৰ এনে সিদ্ধান্তই উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সততে দেখা দিয়া সমস্যাসমূহ যেনে বিভিন্ন বিভাগৰ অনুমতি সংগ্ৰহৰ প্ৰয়োজনীয়তা নাইকীয়া কৰিব!ৰাজ্যিক কেবিনেটৰ এই সিন্ধান্তই প্ৰকৃতাৰ্থত উদ্যোগীক সহায় কৰিব সঁচা কিন্তু এই নীতিৰ বাবে আমাৰ থলুৱা কৃষকসকল নিজৰ ৰাজ্যতেই ভূমিহীন হোৱাৰ আশংকাকো নুই কৰিব নোৱাৰি৷ চৰকাৰৰ এনে অবিবেচক সিন্ধন্তৰ বাবে অসমৰ অধিকাংশ ভূমিয়েই বহিৰাগত বৃহৎ বণিকগোষ্ঠীৰ দখললৈ গুছি যোৱাৰ আশংকা ঘনীভূত হৈছে৷ আৰু সেই শংকাৰ বাবেই এতিয়া সচেতন ৰাইজৰ মাজত বহু প্ৰশ্নই মূৰ দাঙি উঠিছে।

এনে দৰে বহিৰাগতৰ দখললৈ কৃষিভূমি যোৱাৰ পিছত আমাৰ সাধাৰণ কৃষকসকলৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি অহাটোৱে স্বাভাৱিক৷ উদাহৰণস্বৰূপে ধৰি লোৱা হ’ল কোনোবা এজন ব্যক্তিয়ে উদ্যোগ প্ৰতিষ্ঠাৰ বাবে যিকোনো এডোখৰ কৃষিভূমি লঘূ বা মজলীয়া উদ্যোগ প্ৰতিষ্ঠাৰ নামত ক্ৰয় কৰিলে আৰু কিবা কাৰণত তেওঁ সেই ভূমিত নিৰ্দ্ধাৰিত তিনি বছৰ সময়সীমাৰ ভিতৰত কোনো উদ্যোগ প্ৰতিষ্ঠা কৰিব নোৱাৰিলে ,তেতিয়া ব্যক্তিগৰাকীয়ে সেই ভূমিখিনি কি কৰিব?তেওঁ আন কোনোবা 'উদ্যোগীক’ পুনৰ উদ্যোগ প্ৰতিষ্ঠাৰ নামত সেই ভূমি অধিক মূল্যত বিক্ৰী কৰিব নে চৰকাৰে সেই ভূমি সেই উদ্যোগীজনৰ পৰা পুনৰ ঘূৰাই ল’ব?আৰু যদি চৰকাৰে নিৰ্দিষ্ট সময়সীমাৰ পিছত ঘূৰাই লয় চৰকাৰে সেই ভূমিৰে কি কৰিব?চৰকাৰে সেই ভূমি যদি উভতাই লৈ নিলাম কৰে তেন্তে সেই নিলাম প্ৰক্ৰিয়া কেনেধৰণৰ হ’ব?সেই নিলাম প্ৰক্ৰিয়া সৎ আৰু নিকা হোৱাৰ বাবে চৰকাৰৰ কাৰ্যপন্থা কি হ’ব?এই সকলো বিষয় যদি এই ভূমিনীতি প্ৰয়োগ কৰাৰ আগতেই স্পষ্ট কৰা নহয় তেন্তে এই সমগ্ৰ প্ৰক্ৰিয়াটো বুমেৰাং হৈ পৰিব৷

সৰ্বানন্দ সোণোৱাল চৰকাৰে জাতি ,মাটি ,ভেটি সুদৃঢ় কৰাৰ নামত ৰাজ্যৰ পৰা জনমত লৈছিল৷ কিন্তু কাৰ্যক্ষেত্ৰত ইয়াৰ প্ৰতিফলনহে কাৰ্যতঃ হোৱা নাই এতিয়ালৈ৷ চৰকাৰ খনৰ হাতত এতিয়া আছে মাথো আঠ মাহ সময়৷ এই সময়চোৱাত ৰাজ্য চৰকাৰে ক’ভিডৰ এই সন্ত্ৰাসৰ মাজতো কেবিনেট অনুষ্ঠিত কৰি খৰতকীয়াকৈ কৃষি ভূমি শ্ৰেণী বিভাজন উঠাই লোৱাৰ যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তই ৰাজ্যখনৰ অৰ্থনীতি, কৃষিখণ্ড, সমাজ-ব্যৱস্থা সকলোৰে ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকাই অধিক৷ 

আগতে উল্লেখ কৰাৰ দৰে যদি সেই ভূমি উদ্যোগপতিয়ে উদ্যোগৰ নামত ব্যৱহাৰ কৰিব নোৱাৰৰ বাবে চৰকাৰক ঘূৰাই দিব লগা হয় তেন্তে সেই ভূমি নিলাম কৰোতে কেনেধৰণৰ প্ৰক্ৰিয়া অৱলম্বন কৰিব তাৰ কোনো স্পষ্ট নীতি তৈয়াৰ কৰা নাই৷ নিলাম প্ৰক্ৰিয়া কিমান স্বচ্ছ আৰু নিকা হ’ব তাক লৈ যথেষ্ট সন্দেহৰ থল আছে৷ যি চৰকাৰৰ দিনত বিনামূলীয়া চাউল বিতৰণৰ নামত দলীয় সদস্যৰ আত্মীয় কুটুম্বক অগ্ৰাধিকাৰ দিয়া হয়,প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত বিয়াগোম কেলেংকাৰী হয় সেই ৰাজ্যত এনে ভূমিৰ নিলাম প্ৰক্ৰিয়া কিমান নিকা হ’ব তাত যথেষ্ট সন্দেহৰ অৱকাশ আছে৷সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই কৃষিভূমিবোৰত উদ্যোগ স্থাপন কৰোতে কোনো ধৰণৰ পৰিৱেশ প্ৰদূষণৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নহ’ব! আৰু এনে ভূমিত উদ্যোগ স্থাপন হ’লে নিকটবৰ্ত্তী অঞ্চলৰ পৰিৱেশ ই প্ৰদূষিত কৰিব৷ এনেদৰে প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ অনুমতি নোলোৱাকৈ যিয়ে যেনেকৈ পাৰে কৃষিভূমিত যদি উদ্যোগ প্ৰতিষ্ঠা কৰে তেন্তে ই ৰাজ্যখনৰ সমগ্ৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব ৷

তদুপৰি এটুকুৰা কৃষিভূমি উদ্যোগ প্ৰতিষ্ঠাৰ নামত ব্যৱহাৰ হোৱাৰ পিছত তাৰ কাষৰ অঞ্চলৰ কৃষিপথাৰ সমূহ খেতিৰ অনুপযোগী হৈ পৰিব৷ ইয়ো ৰাজ্যখনৰ অৰ্থনীতি আৰু কৃষিখণ্ডত যথেষ্ট নঞৰ্থক প্ৰভাৱ পেলাব৷ এনেবোৰ কথাত কাক, কেনেকৈ দায়বদ্ধ কৰা হব, সেই প্ৰশ্নবোৰৰ উত্তৰ এই নীতিয়ে দিবনে? 
সবাতোকৈ গুৰুত্বপূৰ্ণ আন এটা দিশ হ’ল যে কেবিনেটে নিজাববীয়াকৈ কৃষিভূমি অধিগ্ৰহণ কৰাৰ সিন্ধান্তও হয়তো অনাগত দিনত ল’ব পাৰে যিয়ে ৰাজ্যখনৰ কৃষিখণ্ডত ব্যাপক প্ৰভাৱ পেলোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷

বৰ্তমানৰ চৰকাৰে 'এডভানটেজ আছাম 'অনুষ্ঠিত কৰি বৃহৎ বৃহৎ ঘোষণা কৰিছিল যে অসমলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্যোগী আহিব আৰু অসমখন ঔদ্যোগিক হাবলৈ ৰূপান্তৰিত হ’ব!কিন্তু বাস্তৱ ক্ষেত্ৰত অসমৰ যিকেইটা উদ্যোগে হাজাৰ হাজাৰ লোকক কৰ্মসংস্থাপন দি ৰাখিছিল সেই কেইটাও উদ্ধাৰ কৰিব নোৱাৰিলে এই চৰকাৰখনে৷ কাছাৰ কাগজ কল,জাগীৰোড কাগজ কল,চেনি কল আজি মৃত্যু গহ্বৰত৷ ইয়াৰ লগত জড়িত হাজাৰ হাজাৰ কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালে এসাঁজ খাই এসাঁজ নোখোৱাকৈ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে৷ অসম চৰকাৰৰ নিজা উদ্যম সমূহৰ নিশকতীয়া অৱস্থাৰ উন্নতিকল্পেও কোনো বাস্তৱিক পদক্ষেপ লোৱা দেখা নগ'ল। কেৱল ৰাজনৈতিক নেতাক চেয়াৰমেন আদি পদবীত বহোৱাৰ বাহিৰে। অসমত ষষ্ঠ অনুসূচীৰ আধাৰত ৰাইজক সাংবিধানিক সুৰক্ষা কৱচ দিয়াৰ কথা কোৱা চৰকাৰখনে গঠন কৰি দিয়া সমিতিৰ পৰামৰ্শৱলীৰ ওপৰত কেন্দ্ৰ চৰকাৰে কি সিদ্ধান্ত ললে সেয়াও আজিও স্পষ্ট নহ'ল। আনকি সেই সমিতিৰ দায়িত্ব লোৱা অৱসৰপ্ৰাপ্ত ন্যায়াধীশে সেই বিষয়ত ৰাজহুৱা মাধ্যমত আশাহত হোৱাৰহে বাতৰি প্ৰকাশ পোৱাত ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টিহে হৈছিল। গতিকে, তেনে জটিল সময়ত, এনেবোৰ জ্বলন্ত সমস্যা সমাধানত গুৰুত্ব নিদি চৰকাৰে এই সময়ত এনে বিৰ্তকিত ভূমি-সংস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কিবা প্ৰয়োজনীয়তা আছিল জানো? নে ৰাইজ-সমাজ অতিমাৰীত ব্যতিব্যস্ত হৈ থকাৰ সুযোগত এই কাম কৰা হৈছে, এইবোৰ প্ৰশ্নৰ উত্তৰ কিন্তু ৰাইজে পাব লাগিব, সেই কথাও কিন্তু নিশ্চিত।
লেখক ডুবাই নিবাসী এগৰাকী অৰ্থনৈতিক ক্ষেত্ৰৰ বিশেষজ্ঞ তথা পৰামৰ্শদাতা।

1 comment:

  1. ভাল পালোঁ৷চৰকাৰী নীতিটো স্পষ্ট নহ’য়৷

    ReplyDelete