মনৰ কথাঃ ৰাইজ আশ্বস্ত হোৱাকৈ স্বাস্থ্য মন্ত্ৰীয়ে উত্তৰ দিয়ক :: কিশোৰ কুমাৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ ৰাইজ আশ্বস্ত হোৱাকৈ স্বাস্থ্য মন্ত্ৰীয়ে উত্তৰ দিয়ক :: কিশোৰ কুমাৰ কলিতা

মনৰ কথাঃ ৰাইজ আশ্বস্ত হোৱাকৈ স্বাস্থ্য মন্ত্ৰীয়ে উত্তৰ দিয়ক :: কিশোৰ কুমাৰ কলিতা

Share This

ৰাইজ আশ্বস্ত হোৱাকৈ স্বাস্থ্য মন্ত্ৰীয়ে উত্তৰ দিয়ক
কিশোৰ কুমাৰ কলিতা
অসমৰ স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৰে আমিও চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নহয়। উচ্চতৰ মাধ্যমিক পর্যায়লৈ বিজ্ঞানৰ ছাত্ৰ আছিলোঁ যদিও আজিও চিকিৎসা শাস্ত্রক এক দুর্বোধ্য বিজ্ঞান বুলিয়ে বিবেচনা কৰোঁ। এই বিজ্ঞান বুজিবলৈ প্ৰচুৰ মেধা, দক্ষতা আৰু নিৰন্তৰ প্ৰয়াসৰ প্ৰয়ােজন বুলি ভাবোঁ। 
আমাৰ সেই ক্ষমতা নাই বাবে মাজে-সময়ে চিকিৎসাবিষয়ক কোনাে খােকোজা লাগিলে দুই-চাৰি চিকিৎসক বন্ধুক ফোন কৰো। গতিকে চিকিৎসা শাস্ত্রবিষয়ক দুই-চাৰিটা প্রশ্ন সােধাৰ ক্ষেত্ৰত আমাৰ মনৰ মাজত ভালেমান দ্বিধাগ্রস্ততা আছে। কিন্তু অসমৰ ক্ষেত্ৰত ক’ভিড-১৯ৰ সংক্রমণ, তাৰ চিকিৎসা, লকডাউন আদি সমগ্র বিষয়। অসমৰ স্বাস্থ্যমন্ত্রীজনৰ নিৰ্দেশত চলি আছে, সেয়েহে মন্ত্রীজনক কেইটামান প্রশ্ন সােধাৰ সাহস গােটাইছো। আমি নিশ্চিত যে অসম মন্ত্রীসভাৰ আন মন্ত্ৰীৰ সহজাত প্রবৃত্তিৰ লেখীয়াকৈ স্বাস্থ্যমন্ত্রীজনে এই প্রশ্নবােৰৰ উত্তৰ নিদিব আৰু পৰােক্ষভাৱে উত্তৰ দিলেও সেইবােৰ প্রকাশিত বা প্রচাৰিত হ’ব তেওঁৰ প্ৰভাৱিত কাকত-চেনেলত।

প্রথম প্রশ্ন, ৩০ জুনপর্যন্ত দেশৰ ৰাজধানী নতুন দিল্লীত ৮৩ হাজাৰৰাে অধিক লােকৰ দেহলৈ কৰ'না ভাইৰাছৰ সংক্রমণ হােৱাৰ পাছতাে আৰু ভাইৰাছৰ দ্বাৰা আক্রান্ত ২,৭০০ লােকৰ মৃত্যু ঘটাৰ পাছতাে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজধানী দিল্লীত গণসংক্রমণ হােৱা নাই বুলি দাবী কৰিছিল। ইয়াৰ বিপৰীতে গুৱাহাটীত এক সহস্রাধিক লােকৰ দেহত কনা সংক্রমণ ধৰা নৌপৰোঁতেই স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত কৰ'না ভাইৰাছৰ গণসংক্রমণ হােৱা বুলি দাবী কৰি সমগ্ৰ কামৰূপ মহানগৰ জিলাত লকডাউন ঘােষণা কৰিছিল। এতিয়া কথা হৈছে যে নতুন দিল্লীত যদি ৮৩ হাজাৰ লােক সংক্রমিত হােৱাৰ পাছতাে তাত গণ-সংক্রমণ হােৱা বুলি ঘােষণা কৰা নাই, তেন্তে গুৱাহাটীত মাথোঁ এহাজাৰ লােক সংক্রমিত হােৱাৰ পাছতে গণ-সংক্রমণ হােৱা বুলি ঘােষণা দিয়া হ'ল কিয় ? কোনটো পর্যায়ৰ পৰা গণসংক্রমণ। হােৱা বুলি ধৰা হ'ব তাৰ কিবা চৰকাৰী নির্দেশাৱলী আছেনে? নে এনেভাৱে ঘােষণা দিয়াৰ কৰ্তৃত্ব মন্ত্ৰীৰ হাতত এৰি দিয়া হৈছে?

দ্বিতীয়তে, প্রথমাৱস্থাত ক’ভিড ৰােগীৰ চিকিৎসাৰ ক্ষেত্ৰত ৰােগীজনক কমেও তিনিবাৰ নিগেটিভ পােৱাৰ পাছতহে ঘৰলৈ যাবলৈ দিয়া হৈছিল। সম্প্রতি এবাৰ নিগেটিভ পালেই ৰােগীজনক ঘৰলৈ যাবলৈ দিয়া হৈছে। প্ৰথমতে কোৱাৰেণ্টীনৰ সময়সীমা ১৪ দিন আছিল, এতিয়া এই সময়সীমা কোনাে ক্ষেত্ৰত তিনি দিনলৈকে কম কৰা হৈছে। একেদৰে কোৱাৰেণ্টীন বাধ্যতামূল কৰা হৈছিল যদিও এতিয়া স্থানৰ অভাৱত সেই স্থিতিৰ পৰা আঁতৰি আহি বহিঃৰাজ্যৰ পৰা অহা লােকে নিজ ঘৰতে কোৱাৰেণ্টীন হৈ থাকিলেও হ'ব বুলি কোৱা হৈছে। এনে সিদ্ধান্তসমূহ স্বাস্থ্যমন্ত্রীজনে নিজা বিবেচনাৰে সাল-সলনি কৰি আছে নে আই চি এম আৰৰ নির্দেশক্রমে কৰিছে? যদিহে আই চি এম আৰৰ নির্দেশ অনুসৰিহে সকলাে ব্যৱস্থা লৈ থকা হৈছে, তেন্তে স্বাস্থ্যমন্ত্রীজনে ৫ জুলাইত আই চি এম আৰৰ শেহতীয়া নির্দেশনাটো পালন নকৰে বুলি কিয় ঘােষণা দিলে? উল্লেখ্য যে আই চি এম আৰৰ নতুন নির্দেশ অনুসৰি লক্ষণ নথকা কৰনা পজিটিভ ৰােগীক চিকিৎসালয়ত ভর্তি কৰােৱাৰ প্রয়ােজন নাই। কৰ’না পজিটিভ হলেও ঘৰতেই অর্থাৎ হ'ম আইছ’লেশ্বনত চর্তসাপেক্ষে থাকিব পাৰিব। অৱশ্যে আন জটিল ৰােগত আক্রান্ত ৰােগীৰ কভিড-১৯ পজিটিভ হলে চিকিৎসালয়ত ভর্তি হ'ব লাগিব। ৬০ বছৰৰ উৰ্ধৰ লােকৰ বাবেও এই নতুন নির্দেশনা প্রযােজ্য নহ'ব। এই নতুন নির্দেশনা অসমত প্রযােজ্য কৰাটো অসম্ভৱ বুলি উল্লেখ কৰি অসমৰ স্বাস্থ্যমন্ত্রীজনে কৈছে যে যদি অসমত হম-আইছ’লেন কৰা হয়, তেন্তে ফ্লেট আৰু কলনীৰ লােকসকলে ব্যাপকভাৱে হৈ-চৈ কৰিব, যাক তেওঁ নিয়ন্ত্রণ কৰিব নােৱাৰে। মন্ত্রীজনে প্রকৃততে নিজৰ অসহায় অৱস্থাটোৰ স্বীকাৰােক্তি দিছে নে প্রশাসনিক কর্তৃত্ব নথকাৰ অক্ষমতাৰ কথা দোহাৰিছে? যদিহে ঘণ্টাৰ ভিতৰতে পুলিচ-মিলিটাৰী লগাই গুৱাহাটী মহানগৰীত পূর্ণ লকডাউন আৰােপ কৰিবলৈ তেওঁ সমর্থ, তেন্তে কিহৰ বাবে ‘হম আইছ’লেশ্বন’ কৰিব পৰা নাযায় ?

তৃতীয়তে, স্বাস্থ্যমন্ত্রীজনে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ চীনৰ পৰা পঞ্চাছ হাজাৰ পি পি ই কিট অনা বুলি সংবাদমেল পাতি ঘােষণা কৰিছিল। কেৱল সংবাদ মেলেইনহয়, লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ ব্লু ডার্টৰ এখন বিমানৰ কাষত থিয় হৈ ফটো তুলি সেই ফটো নিজৰ টুইটাৰ একাউণ্টত পােষ্ট কৰা দেখা গৈছিল। পৰৱৰ্তী সময়ত সেই কিটখিনি ব্যৱহাৰ নকৰি গুদামত ৰাখি থােৱা বুলি মন্ত্রীজনেই সংবাদ মেলত সদৰী কৰিছিল। সেই কিটখিনিৰ কি হল? কোনােধৰণৰ বিচাৰ-বিবেচনা নকৰি ৰাজকোষৰ ধন অপব্যৱহাৰ কৰাৰ নৈতিক দায়িত্ব কোনে গ্ৰহণ কৰিব?

চতুর্থতে, ভাৰতীয় চিকিৎসা সংস্থাৰ অসম শাখাই অসমৰ স্বাস্থ্যমন্ত্ৰীলৈ অসন্তুষ্টি প্রকাশ কৰি ৭ জুলাইত যিখন স্মাৰকপত্ৰ প্রেৰণ কৰিছে, তাত কোৱা হৈছে যে অসমৰ স্বাস্থ্য বিভাগে কাৰো সৈতে আলােচনা নকৰাকৈ হুৰমূৰকৈ সিদ্ধান্তবােৰ লৈছে। চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলক একেৰাহে এঘাৰ দিনৰ বাবে সেৱাত জড়িত কৰি মাথোঁ ৩ দিনৰ কোৱাৰেণ্টীনত ৰাখি পুনৰ সেৱাত মকৰল ৰা কাৰ্যৰ বিৰােধিতা কৰি সংস্থাটোৱে এনেদৰে কৈছে। ইয়াত উল্লেখ কৰা নিষ্প্রয়ােজন যে পূর্ণ পি পি ই কিট পৰিধান কৰি একেৰাহে ১১ দিন ডেইপুৰি নিয়া গৰমত ক’ভিড ৱাৰ্ডত, যিবােৰৰ সৰহভাগতে শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা নাই, কাম কৰাটো অতিকৈ কষ্টকৰ আৰু ক্লান্তি। ভাৰতীয় চিকিৎসা সংস্থাই শংকা কৰে যে চৰকাৰৰ এনে সিদ্ধান্তই সন্মুখত থাকি কাম কৰাসকলক হতাশ কৰিব। প্রশ্ন হ’ল— পূর্ণ কিট পিন্ধি একো একোজন চিকিৎসক বা স্বাস্থ্যকর্মীক আচলতে কিমান সময় কামত নিয়ােজিত কৰাটো স্বাস্থ্যসন্মত? এইক্ষেত্ৰত আই চি এম আৰৰ কিবা নির্দেশাৱলী আছেনে?

শেহত, চিকিৎসক সকলৰ সংস্থাটোৱে কৈছে যে আই চি এম আৰে ইতিমধ্যে এন্টিজেন টেষ্টক কম সংবেদনশীল বুলি কৈছে যেতিয়া ক’ভিড আছেনে নাই তাক নিশ্চিত কৰিবলৈ পি চি আৰ পৰীক্ষা অতি জৰুৰী। এতিয়া কথা হৈছে— গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন কোণত ৰেপিড টেষ্টৰ নামত যি এন্টিজেন টেষ্ট কৰি থকা হৈছে, সেইবােৰত যিবােৰ নিগেটিভ ওলাইছে, সেইবােৰ ক্ষেত্ৰত পি চি আৰ টেষ্টৰ ব্যৱস্থা কৰা হৈছেনে? নে চৰকাৰে এন্টিজেন টেষ্টৰ দ্বাৰাই সকলাে দায়িত্ব সামৰিব বিচাৰিছে? আমাৰ নিচিনা সাধাৰণ নাগৰিকৰ মনত জন্ম হােৱা এনে সন্দেহবােৰ চৰকাৰে দূৰ কৰিবনে? স্বাস্থ্য মন্ত্ৰীয়ে ৰাইজ আশ্বস্ত হব পৰাকৈ এই প্ৰশ্নবোৰৰ উত্তৰ দিবনে?

লেখকৰ e-mail:kishorassam @gmail.com , লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে।
 লেখকৰ আন প্ৰকাশিত লেখাবোৰ পঢ়িবলৈ তলৰ সূত্ৰত ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/KISHOR%20KUMAR%20KALITA

1 comment: