প্ৰযুক্তিঃ অনলাইন ক্লাছৰ এপছ আৰু ব্যৱহৃত নব্য-প্ৰযুক্তিবোৰঃ এক তুলনামূলক আলোচনা :: দেৱজ্যোতি বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰযুক্তিঃ অনলাইন ক্লাছৰ এপছ আৰু ব্যৱহৃত নব্য-প্ৰযুক্তিবোৰঃ এক তুলনামূলক আলোচনা :: দেৱজ্যোতি বৰা

প্ৰযুক্তিঃ অনলাইন ক্লাছৰ এপছ আৰু ব্যৱহৃত নব্য-প্ৰযুক্তিবোৰঃ এক তুলনামূলক আলোচনা :: দেৱজ্যোতি বৰা

Share This
অনলাইন ক্লাছৰ এপছ আৰু ব্যৱহৃত নব্য-প্ৰযুক্তিবোৰঃ এক তুলনামূলক আলোচনা
দেৱজ্যোতি বৰা
ভালে-বেয়াই এক নিৰ্দিষ্ট চন্দৰে গৈ থকা সমস্ত পৃথিৱীৰ জীৱন যাত্ৰা যেন হঠাৎ স্তব্ধ হৈ গ’ল৷ হয়; কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্ববাসীৰে স্বাভাৱিক জীৱন যাত্ৰা মষিমূৰ কৰি একপ্ৰকাৰ গৃহবন্দী হৈ থাকিবলৈ যেন বাধ্য কৰিলে৷ সমগ্ৰ বিশ্বৰে প্ৰায় প্ৰতিটো খণ্ডতে প্ৰভাৱ পেলোৱা ক’ভিড-১৯ অথবা কৰ’না মহামাৰীয়ে সমগ্ৰ মানৱ জাতিক যি তিতা-কেঁহা দিলে সেয়া কোনেও কেতিয়াও পাহৰিব নোৱাৰে৷ কৰ’নাই আমাৰ সামাজিক, আৰ্থিক, শৈক্ষিক আদিকে ধৰি প্ৰায় সকলোবিলাক ক্ষেত্ৰতে ঋণাত্মক প্ৰভাৱ বিস্তাৰ কৰিলে যদিও আওপকীয়াকৈ কিছু কিছু ক্ষেত্ৰত ইয়াৰ ধনাত্মক প্ৰভাৱো নুই কৰিব পৰা নাযায়৷ বিশেষকৈ পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত লক্ডাউনে অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে৷ দিল্লী, কলকাতাৰ নিচিনা অতিকে প্ৰদূষিত চহৰসমূহৰ বাসিন্দাসকলে বহু যুগৰ মূৰত দিনত নীলা আকাশ আৰু নিশাৰ আকাশত তৰা দেখিবলৈ পাইছে৷ পৰিস্কাৰ-পৰিচ্চন্নকৈ থাকিব নজনা আমাৰ দেশৰ ভালেসংখ্যক লোকে কৰ’নাৰ আপাহতে ন-কৈ চাফ-চিকুনৰ আদিপাঠ শিকিছে; হাত ধুবলৈ শিকিছে; চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ শিকিছে৷ এয়া কৰ’নাৰ কিছুমান সুফল৷ কিন্তু এইবিলাকৰ উপৰি কৰ’নাৰ যিটো পাশ্বৰ্ক্ৰিয়াই আমাক উৎসাহিত কৰিছে সেইটো হৈছে অনলাইন ক্লাছৰ প্ৰচলন৷

অনলাইন ক্লাছ কোনো নতুনকৈ হোৱা কথা নহয়৷ বিগত সাত-আঠ বছৰমানৰ পৰা ছেগাচোৰোকাকৈ বিশ্বৰ বিভিন্ন স্থানৰ উন্নত শিক্ষানুষ্ঠানসমূহে অনলাইন ক্লাছৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ এক অভিনৱ পদ্ধতিৰ সোৱাদ দিছিল যদিও সৌ সিদিনালৈকে আমাৰ দেশৰ মুষ্টিমেয় কেইখনমান শিক্ষানুষ্ঠানেহে এই নতুন প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰিছিল৷ কিন্তু সম্প্ৰতি টানত পৰি ৰাম বোলাৰ দৰে আমাৰ দেশৰ অধিকাংশ শিক্ষানুষ্ঠানেই অনলাইন ক্লাছৰ সূচনা কৰিবলৈ বাধ্য হৈছে আৰু ইয়াৰ দ্বাৰা কিছু পৰিমাণে হ’লেও উপকৃত হোৱা দেখা গৈছে৷ এই লেখাত ঘাইকৈ অনলাইন ক্লাছৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিসমূহৰ ভিতৰত কেইটামানৰ সম্পৰ্কে চমুকৈ আলোচনা কৰিবলৈ লোৱা হৈছে৷

১. গুগুল ক্লাছৰূমঃ অনলাইন ক্লাছ বুলি ক’লেই সৰ্বপ্ৰথমে যিটো নাম মনলৈ আহে সেইটো হৈছে গুগুল ক্লাছৰূম৷ গুগুল প্লে’ ষ্ট’ৰৰ পৰা নিচেই সহজে এই এপটো ডাউনলোড কৰি মোবাইলত গুগুল ক্লাছৰূমৰ সুবিধা গ্ৰহণ কৰিব পৰা যায়৷ এনড্ৰইদৰ উপৰি আই অপাৰেটিং ছিষ্টেমযুক্ত আই ফোনতো গুগুল ক্লাছৰূম ব্যৱহাৰ কৰিব পৰা যায়৷ কেৱল সেয়াই নহয়, কম্পিউটাৰ বা লেপটপতো গুগুল ক্লাছৰূমৰ সুবিধা আহৰণ কৰিব পৰা যায়৷ ইয়াৰ বাবে ব্ৰাউজাৰৰ এড্ৰেছ বাৰত www.classroom.google.com বুলি লিখি নিজৰ Gmail একাউণ্টৰ দ্বাৰা Log in কৰিব পাৰে৷ উল্লেখযোগ্য যে গুগুল ক্লাছৰূমৰ সুবিধা গ্ৰহণ কৰিবলৈ হ’লে ব্যৱহাৰকাৰীৰ Gmail-ত এটা একাউণ্ট থকাটো প্ৰয়োজন৷ এই ব্যৱস্থাত শিক্ষকে হোৱাটছএপ অথবা ফে’চবুক গ্ৰুপৰ দৰে এটা শ্ৰেণী বা ক্লাছ সৃষ্টি কৰে আৰু তেওঁৰ ছাত্ৰ-ছাত্ৰীসকললৈ ক্লাছটোৰ এটা লিংক পঠাই দিয়ে৷ উক্ত লিংকটোত ক্লিক কৰিয়েই ছাত্ৰ-ছাত্ৰীসকলে সংশ্লিষ্ট ক্লাছটোত যোগদান কৰিব পাৰে৷ ইয়াৰ দ্বাৰা পাৱাৰ পইণ্ট প্ৰেজেণ্টেছন অথবা টেক্সট ফাইল বিতৰণ কৰাটো নিচেই সহজ৷ 

ছাত্ৰ-ছাত্ৰীক ঘৰত কৰিবলৈ কাম দিয়া আৰু ছাত্ৰ-ছাত্ৰীয়ে সেয়া সম্পূৰ্ণ কৰি ঘূৰাই দিয়াৰ পাছত শিক্ষকে সেইখিনি পৰীক্ষা কৰি প্ৰয়োজনসাপেক্ষে তাত শুদ্ধা-শুদ্ধি কৰি নিজৰ মন্তব্যসহ ছাত্ৰ-ছাত্ৰীলৈ প্ৰেৰণ কৰিব পাৰে৷ গুগুল ক্লাছৰূমৰ দ্বাৰা শিক্ষকে একাধিক পচন্দযুক্ত প্ৰশ্নকাকত প্ৰস্তুত কৰিব পাৰে আৰু একাধিক ছাত্ৰ-ছাত্ৰীয়ে একেখন প্ৰশ্নাৱলীকে নিজ নিজ ধৰণে সমাধান কৰি সেয়া শিক্ষকলৈ ঘূৰাই পঠাব পাৰে৷ গুগুল ক্লাছৰূমৰ দ্বাৰা শিক্ষকে প্ৰস্তুত কৰা ক্লাছ একোটাৰ তথ্যখিনি পাছলৈয়ো আন আন ছাত্ৰ-ছাত্ৰীৰ সৈতে ব্যৱহাৰ কৰিব পৰাকৈ জমা হৈ থাকে৷ গুগুল ক্লাছৰূমৰ দ্বাৰা শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উভয়েই উপকৃত হোৱা দেখা গৈছে৷ কেৱল সেৱামূলকভাৱে আগবঢ়োৱা গুগুলৰ এই ব্যৱস্থা সম্পূৰ্ণৰূপে বিনামূলীয়া আৰু বিজ্ঞাপনমুক্ত৷ 

২. জুমঃ গুগুল ক্লাছৰূমৰ ইমানবিলাক সুবিধাৰ পাছতো যিটো ইয়াত পোৱা নাযায়, সেয়া হৈছে প্ৰকৃত সময়ত ইজনে-সিজনক দেখি নথকাৰ কথাটো বা উপস্থিতি অনুভৱ নকৰাটো৷ এই সমস্যাৰ সমাধান পোৱা যায় ‘জুম’ (Zoom) নামৰ এপবিধত৷ এনড্ৰইদ অথবা আই অপাৰেটিং ছিষ্টেমৰ উপৰি উইণ্ড’জ আৰু মেকিনট’ছতো ‘জুম’ ব্যৱহাৰ কৰিব পৰা যায়৷ মোবাইলৰ ক্ষেত্ৰত প্লে’ ষ্ট’ৰৰ পৰা এপবিধ ডাউনলোড আৰু ইনষ্টল কৰি ইয়াৰ সুবিধা ল’ব পৰা যায়৷ আনহাতে লেপটপৰ ক্ষেত্ৰত ব্ৰাউজাৰৰ এড্ৰেছ বাৰত www.zoom.us বুলি লিখি সংশ্লিষ্ট ছাইটটোলৈ গৈ এখন নতুন মিটিং আয়োজন (Host) কৰিব পাৰে অথবা আন কোনোবাই আয়োজন কৰা মিটিং এখনত যোগদান (Join) কৰিব পাৰে৷ সাধাৰণতে শিক্ষকে ‘জুম’ৰ দ্বাৰা একোটা ক্লাছ আৰম্ভ কৰিবলৈ হ’লে প্ৰথমে এখন মিটিঙৰ আয়োজন কৰে আৰু তাত যোগদান কৰিবলৈ তেওঁৰ ছাত্ৰ-ছাত্ৰীসকললৈ তাৰ এটা লিংক পঠাই দিয়ে৷ উক্ত লিংকটোত ক্লিক কৰিয়েই ছাত্ৰ-ছাত্ৰীসকলে সংশ্লিষ্ট মিটিংখনত বা ক্লাছটোত যোগদান কৰিব পাৰে৷ 

এনেদৰে ইয়াত একোখন সভাত এশজন পৰ্যন্ত লোকে যোগদান কৰিব পাৰে৷ ‘জুম’ৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে যে ইয়াত যোগদান কৰাসকলে ইজনে সিজনক ভিডিঅ’ৰ দ্বাৰা পোনপটীয়াকৈ চাই থাকিব পাৰে৷ আৰু এইদৰেই, শ্ৰেণীকোঠাৰ দৰে এটা আভাষী পৰিৱেশ সৃষ্টি কৰি শিক্ষাদান পৰ্ব আগুৱাই নিব পৰা যায়৷ অৱশ্যে, বিশেষ কিবা কাৰণত কোনোবাজনে ইচ্ছা কৰিলে নিজৰ কেমেৰা অফ্ কৰিও ৰাখিও সভাখনত অংশগ্ৰহণ কৰিব পাৰে৷ ‘জুম’ৰ দ্বাৰা আয়োজন কৰা সভা এখনত হাই-উৰুমী নহ’বৰ বাবে সাধাৰণতে সদস্যসকলে নিজৰ নিজৰ মোবাইল বা লেপটপৰ মাইকটো অফ্ কৰি লোৱাটো বাঞ্ছনীয়৷ এনেক্ষেত্ৰত এজনে কৈ থাকোতে আনসকলৰ ফালৰ পৰা অনাহুত শব্দ কিছুমান আহি সভাখনৰ বা ক্লাছটোৰ পৰিৱেশ বিনষ্ট কৰি নেপেলায়৷ আকৌ, কোনো এজনে মাজতে কিবা ক’ব লগা হ’লে বা শুধিব লগা হ’লে, নিজৰ মাইকৰ বুটামটো অন্ কৰি ল’লেই হয়৷ ‘জুম’ৰ দ্বাৰা অনলাইন ক্লাছ এটা চলাই থকা শিক্ষক এজনে প্ৰয়োজনসাপেক্ষে নিজৰ মোবাইল বা লেপটপৰ স্ক্ৰীনখন আনসকলক দেখুৱাব বা Share কৰিবও পাৰে৷ ইয়াৰ দ্বাৰা নিজৰ লেপটপত একোৱা পাৱাৰ পইণ্ট প্ৰেজেণ্টেছন বা শিক্ষামূলক ভিডিঅ’ এটা চলাই থাকি একে সময়তে সকলো অংশগ্ৰহণকাৰীৰ আহিলাসমূহতো সেয়া প্ৰদৰ্শন কৰিব পৰাটো সম্ভৱ৷ ‘জুম’ৰ ব্যৱহাৰ আৰু কাৰ্যব্যৱস্থাসমূহ অতিকে সহজ-সৰল আৰু সেয়ে বিগত দিনসমূহত এই ব্যৱস্থাবিধে বেছ জনপ্ৰিয়তা অৰ্জন কৰা দেখিবলৈ পোৱা গৈছে৷ ‘জুম’ৰ এই বিনামূলীয়া ব্যৱস্থাৰ দ্বাৰা একোখন সভা সাধাৰণতে একেৰাহে চল্লিশ মিনিট পৰ্যন্ত চলাব পৰা যায়৷ লকডাউনৰ সময়ছোৱাত অনলাইন ক্লাছ চলোৱাৰ ক্ষেত্ৰত ‘জুম’ নামৰ ব্যৱস্থাবিধে এক বিশেষ ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে৷ 

৩. গুগুল মিটঃ গুগুল মিটৰ দ্বাৰাও একে সময়তে বহুজন ব্যক্তিৰ সৈতে প্ৰকৃত সময়ত ভিডিঅ’ কনফাৰেন্সিং কৰিব পৰা যায়৷ এনড্ৰইদ অথবা আই অপাৰেটিং ছিষ্টেম, উইণ্ড’জ আৰু মেকিনট’ছ এই আটাইকেইটা প্লে’টফৰ্মতে ‘গুগুল মিট’ নামৰ ব্যৱস্থাবিধ ব্যৱহাৰ কৰিব পৰা যায়৷ গুগুল মিটক মোবাইলত ব্যৱহাৰ কৰিবলৈ হ’লে প্লে’ ষ্ট’ৰৰ পৰা ইয়াৰ এপবিধ ডাউনলোড কৰি ইনষ্টল কৰিব লাগিব৷ আকৌ, যদিহে ইয়াক লেপটপ বা ডেস্কটপত ব্যৱহাৰ কৰিব খোজা হৈছে তেনেক্ষেত্ৰত ব্ৰাউজাৰৰ এড্ৰেছ বাৰত www.meet.google.com বুলি লিখি ৱেবছাইটটোলৈ গৈ এখন মিটিং আয়োজন (Host) কৰিব পাৰে অথবা আনে আয়োজন কৰা মিটিং এখনত যোগদান (Join) কৰিব পাৰে৷ গুগুল মিটৰ দ্বাৰা আৰম্ভ কৰিব খোজা এটা ক্লাছৰ বাবে প্ৰথমে এখন মিটিং সৃষ্টি কৰে বা আয়োজন কৰে আৰু তাত যোগদান কৰিবলৈ তেওঁৰ ছাত্ৰ-ছাত্ৰীসকললৈ তাৰ এটা লিংক বা কোড পঠাই দিয়ে৷ সেই লিংকটোত ক্লিক কৰি অথবা কোডটো যথাস্থানত বহুৱাই ছাত্ৰ-ছাত্ৰীসকলে সেই ক্লাছটোত বা মিটিংখনত অংশ গ্ৰহণ কৰিব পাৰে৷ গুগুল মিটৰ দ্বাৰা আয়োজন কৰা এখন সভাত একে সময়তে আঢ়ৈশজন লোকে যোগদান কৰিব পাৰে৷ এনেদৰে অংশগ্ৰহণকাৰীসকলে গুগুল মিটৰ দ্বাৰা একেখন সভা বা একেটা ক্লাছত অংশ গ্ৰহণ কৰাৰ পাছত তেওঁলোকে ইজনে-সিজনৰ সৈতে প্ৰকৃত সময়ত প্ৰত্যক্ষভাৱে ভিডিঅ’ কনফাৰেন্সিঙৰ দ্বাৰা ভাৱ বিনিময় কৰিব পাৰে৷ 

গুগুল মিটৰ প্ৰধান সুবিধাটো হৈছে ইয়াৰ বিশ্বাসযোগ্যতা তথা প্ৰযুক্তি বিশ্বৰ বৰককাইস্বৰূপ গুগুলৰ নিৰ্ভৰযোগ্যতা৷ গুগুল মিটৰ দ্বাৰা আয়োজন কৰা সভাসমূহ অতিকে নিৰাপদভাৱে সংযোজিত হৈ থাকে যিটো এই ধৰণৰ অন্যান্য ব্যৱস্থাসমূহত বৰ সুনিশ্চিত নহয়৷ গুগুল মিটৰ জৰিয়তে অনলাইন ক্লাছ এটা পৰিচালনা কৰি থকা শিক্ষক এজনে টেক্সট ফাইল প্ৰদৰ্শন কৰিবলৈ, পাৱাৰ পইণ্ট প্ৰেজেণ্টেছন দিবলৈ অথবা কোনো ভিডিঅ’ ফাইল দেখুৱাবলৈ নিজৰ মোবাইল বা লেপটপৰ স্ক্ৰীনখন আনসকলৰ সৈতে Share কৰিব পাৰে৷ ইয়াৰ দ্বাৰা একে সময়তে সকলো অংশগ্ৰহণকাৰীৰ আহিলাসমূহতো সেয়া দেখা পোৱা যায়৷ গুগুল মিটৰ ব্যৱহাৰ নিচেই সহজ আৰু সেয়ে শেহতীয়াকৈ এই ব্যৱস্থায়ো বেছ জনপ্ৰিয় হৈ উঠিছে৷ গুগুল মিটে শিক্ষাৰ্থীসকলক বিশেষভাৱে উপকৃত কৰা দেখা পোৱা গৈছে৷ 

৪. হোৱাটছএপঃ হোৱাটছএপৰ কথা নতুনকৈ বিশেষ ক’ব লগা নাই যদিও লকডাউনৰ সময়ছোৱাত আটাইতকৈ বেছি পৰিমাণে ব্যৱহাৰ হোৱা অনলাইন ক্লাছৰ মাধ্যমটো হৈছে হোৱাটছএপ৷ হোৱাটছএপ গ্ৰুপৰ দ্বাৰা শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত যোগাযোগ স্থাপন হয় আৰু ইয়াৰ দ্বাৰা টাইপ কৰা আখৰ, ফটো, অডিঅ’ অথবা ভিডিঅ’ ক্লিপিঙৰ দ্বাৰা একোটা অনলাইন ক্লাছ সম্পাদন কৰা হয়৷ হোৱাটছএপ গ্ৰুপৰ আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে, এই ব্যৱস্থাত প্ৰকৃত সময়ত কোনোজন উপস্থিত থাকিব নোৱাৰিলেও পৰৱৰ্তী সময়ত তেওঁ সকলোখিনি আলোচনা বা সমল আহৰণ কৰিব পাৰে; যিটো ‘জুম’ বা ‘গুগুল মিট’ৰ ক্ষেত্ৰত সম্ভৱ নহয়৷ 

স্মাৰ্টফোন ব্যৱহাৰকাৰী অধিকাংশ লোকেই হোৱাটছএপৰ সৈতে সুপৰিচিত আৰু তাৰ ফলস্বৰূপেই এই ব্যৱস্থা কোনেও কাকো নিশিকোৱাকৈয়ে পোনচাটেই ব্যৱহাৰ কৰিব পৰাটো সম্ভৱ হৈ উঠিছে৷ ছাত্ৰ-ছাত্ৰী বা শিক্ষক-শিক্ষয়িত্ৰীৰ উপৰি অভিভাৱক-অভিভাৱিকাসকলো হোৱাটছএপৰ সৈতে সুপৰিচিত বাবে যিকোনো স্তৰৰ ক্ষেত্ৰতে এই ব্যৱস্থা ব্যৱহাৰ কৰিব পৰা যায়৷ মোবাইলৰ উপৰি হোৱাটছএপক প্ৰয়োজনসাপেক্ষে কম্পিউটাৰ বা লেপটপৰ দ্বাৰাও ব্যৱহাৰ কৰিব পাৰি বাবে বহুক্ষেত্ৰত ইয়াৰ ব্যৱহাৰকাৰ্য অধিক সহজসাধ্য হৈ পৰে৷ অনলাইন ক্লাছৰ ক্ষেত্ৰত হোৱাটছএপৰ জনপ্ৰিয়তা অদ্বিতীয় বুলি ক’লেও বোধহয় ভুল কোৱা নহ’ব৷ 

৫. ফে’চবুক লাইভঃ অনলাইন ক্লাছৰ ক্ষেত্ৰত এক অভিনৱ সংযোজন হৈছে ফে’চবুক লাইভ৷ ফে’চবুক লাইভ যে অনলাইন ক্লাছৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় সেয়া বোধকৰোঁ ইয়াৰ সৃষ্টিকৰ্তা মাৰ্ক জুকাৰবাৰ্গেও ভবা নাছিল৷ কিন্তু তেনে নভবা কথা এটাকে ভাবি উলিয়ালে আমাৰ দেশৰ একাংশ শিক্ষক-ছাত্ৰই৷ ফে’চবুক লাইভৰ দ্বাৰা এজন শিক্ষকে নিচেই সহজে তেওঁৰ ক্লাছসমূহ আগুৱাই নিব পাৰে৷ ‘জুম’ অথবা ‘গুগুল মিট’ৰ ক্ষেত্ৰত হয় কি, এজন ছাত্ৰই যদি প্ৰকৃত সময়ৰ ক্লাছটো কিবা কাৰণত সময়মতে অংশ গ্ৰহণ কৰিব নোৱাৰিলে তেনেহ’লে সেইটো পৰৱৰ্তী সময়ত তেওঁ আহৰণ কৰিব নোৱাৰে৷ কিন্তু ফে’চবুক লাইভৰ ক্ষেত্ৰত সেয়া সম্ভৱ৷ ফে’চবুকৰ সৈতে বৰ্তমানৰ প্ৰজন্ম অতিকে সুপৰিচিত আৰু তাৰ সুবাদতে শিক্ষকে এটা ফে’চবুক গোট গঠন কৰি সেই গোটৰ ভিতৰত ফে’চবুক লাইভৰ দ্বাৰা তেওঁৰ বক্তব্যখিনি সম্প্ৰচাৰ কৰিব পাৰে৷ অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়োজনসাপেক্ষে ‘কমেণ্ট’ৰ দ্বাৰা তেওঁলোকৰ মতামত জনাব পাৰে অথবা কিবা সুধিব লগা থাকিলে সেয়া সুধিব পাৰে৷ লকডাউনৰ মাজতে অনলাইন ক্লাছৰ ক্ষেত্ৰত ফে’চবুক লাইভে এক ইতিবাচক ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে৷ 

৬. কোড-টণ্ট্ৰাঃ এই নতুন প্ৰযুক্তিটো ভাৰতত নিৰ্মিত আৰু সেয়া www.codetantra.com নামৰ ৱেব চাইটৰ যোগেদি উপলদ্ধ হৈছে। হাইদৰাবাদত আৰম্ভ কৰা এই ভাৰতীয় ষ্টাৰ্ট-আপ কোম্পানীটোৱে কিছু ফীজৰ বিনিময়ত তেওঁলোকৰ অনলাইন ক্লাছ, অনলাইন চেমিনাৰ সেৱা বিভিন্ন চৰকাৰী-বেচৰকাৰী স্কুল, কলেজ, বিশ্ববিদ্যালয়লৈ আগবঢ়াইছে। এই সেৱাৰ দ্বাৰা একোখন বিশাল টেকন্-ফেষ্ট বা প্ৰযুক্তিগত চেমিনাৰ সমাৰোহ অনলাইন কৰাটোও সম্ভৱ হৈ পৰিছে। কিয়নো, এই ক্লাউড-বেচড প্ৰগামিং প্ৰযুক্তিৰ দ্বাৰা একোখন সমাৰোহৰ বিভিন্ন ঠাই বা Venue ত একেলগে অনুষ্ঠিত হৈ থকা কেইবাখনো চেমিনাৰ ভুমুকি মৰাৰ ব্যৱস্থা আছে কোড-টণ্ট্ৰাৰ অনলাইন সেৱাত। এই সেৱা অতি কাষ্টমাৰ ফ্ৰেইণ্ডলী আৰু অতি সুৰক্ষিত। বিগত সপ্তাহতে অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে Codetantra প্লেটফৰ্মত সফলতাৰে RESTS-2020 নামৰ ইঞ্জিনিয়াৰিং প্ৰযুক্তিৰ সমাৰোহখন সফলতাৰে অনুষ্ঠিত কৰে। কোড-টণ্ট্ৰাৰ ব্যৱহাৰৰ বিষয়ে জানিবলৈ তেওঁলোকৰ ৱেবচাইট www.codetantra.com ত চাব পাৰিব আৰু ইউ-টিউবতো ইয়াৰ বিষয়ে ভিডিঅ' আছে। এই সেৱাৰ দ্বাৰা প্ৰতিখন স্কুল, কলেজ বা বিশ্ববিদ্যালয়ৰ সু-সংহত একোটা ক্লাছ ৰুমেৰে এক পূৰ্ণ পৰ্যায়ৰ 'অনলাইন শিক্ষানুষ্ঠান' গঢ় দিয়াৰ সক্ষমতা আছে। এই সংস্থাটোৱে নিৰ্দিষ্ট স্কুল বা কলেজৰ বাবে কাষ্টমাইজ কৰি একোটা পৰ্টেল নিৰ্মাণ কৰি দিয়ে আৰু ইয়াক পুনঃ ব্যৱহাৰ বাৰে বাৰে কৰিব পাৰি লগইনৰ জৰিয়তে, কোনো লিংক শ্বেয়াৰ নকৰাকৈ! 'অনলাইন বিশ্ববিদ্যালয়' খুলিব পৰাৰ সক্ষমতা প্ৰদৰ্শন কৰা এই ভাৰতীয় ষ্টাৰ্ট-আপৰ সেৱা 'কোড-টণ্ট্ৰা' অচিৰেই জনপ্ৰিয় হৈ উঠিব বুলি আশা কৰিব পাৰি। 

প্ৰিয় পাঠক, আমাৰ মুলুকত অনলাইন ক্লাছে লকডাউনৰ পৰৱৰ্তী সময়ৰ পৰাহে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে যদিও বিশ্বৰ অন্যান্য ঠাইত আনুষ্ঠানিক শিক্ষাৰ সৈতে এই ব্যৱস্থা ওতপ্ৰোতভাৱে সংযুক্ত হৈ আছে৷ অনলাইন ক্লাছ আনুষ্ঠানিক শিক্ষাৰ বিকল্প নহয়; ই এক পৰিপূৰক ব্যৱস্থাহে মাথোন৷ অনাগত দিনবিলাকত অনলাইন ক্লাছ আমাৰ শিক্ষা ব্যৱস্থাৰো অপৰিহাৰ্য অংগ হৈ উঠিব৷ অনলাইন ক্লাছৰ সু-প্ৰয়োগে আমাৰ শৈক্ষিক ক্ষেত্ৰখনলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিব পাৰে বুলি আমি আশা কৰিব পাৰোঁ৷
লেখকৰ আন আন লেখা পঢ়িবৰ বাবে ক্লিক কৰক তলৰ সূত্ৰঃ https://www.xukhdukh.com/search/label/DevojyotiBorah

1 comment: