সম্পাদকীয়ঃ অসমীয়াক অশান্তি কৰি অশান্ত কৰিছে কোনে? - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
সম্পাদকীয়ঃ অসমীয়াক অশান্তি কৰি অশান্ত কৰিছে কোনে?

সম্পাদকীয়ঃ অসমীয়াক অশান্তি কৰি অশান্ত কৰিছে কোনে?

Share This
গতানুগতিক ভাৱেই ২০১৮ বৰ্ষটো শেষহৈ নতুন বছৰ এটা আমাৰ সমাজ-জীৱনত সংযোগ হ’ল। নতুন বছৰৰ আৰম্ভণিতেই গত বছৰৰ ভিন্ন প্ৰাপ্তি-অপ্ৰাপ্তিৰ সামগ্ৰিক বিশ্লেষণ কৰি আগন্তুক বছৰটো গঠনাত্মক চিন্তাৰে আগুৱাই নিয়াৰ পৰিকল্পনা বৈজ্ঞানিক জীৱনবোধত বিশ্বাসী প্ৰতিজন ব্যক্তিয়ে কৰে বুলি আমি বিশ্বাস কৰোঁ। আৰু বৈজ্ঞানিক জীৱন আদৰ্শত বিশ্বাসী হিচাপে অসমীয়া সচেতন সমাজেও তেনে চিন্তাৰে সমৃদ্ধহৈ ২০১৯ বৰ্ষটো কিছু বিশেষ সামাজিক বিষয়ক ৰাজনৈতিক চিন্তাতকৈ অধিক গুৰুত্ব দিবলৈ সংকল্পবদ্ধ হৈছিল।
 

ৰাইজে নতুন বছৰটোত গুৰুত্ব দিব বিচৰা বিষয় কেইটা আছিল,
ক। আধুনিক সমাজৰ প্ৰত্যাহ্বান সকলো প্ৰদূষণৰ প্ৰতি সামাজিক সজাগতা সৃষ্টি কৰা।
খ। সংৰচনাত্মক চিন্তাৰ পৰিৱেশৰ বাবে সুস্থিৰ গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ ৰচনা কৰা।
গ। উৎপাদনমুখী জাতীয় চিন্তাৰ বাবে এক সামূহিক কৰ্মমুখী চিন্তাৰ পৰিৱেশ ৰচনা। 
ঘ। অসমীয়াৰ সংস্থাপন তথা অৰ্থনৈতিক স্বাৱলম্বন।
ঙ। বিকাশমান ভাৰতৰ সৈতে অংগৰাজ্য ৰূপে  উত্তৰ-পূৱৰ সমবিকাশ।

আমি উপৰোক্ত পৰিকল্পনা সমূহ বছৰৰ নতুন সপ্তাহতে আংশিকভাৱে ৰূপায়ন কৰাৰ বাবেও ৰাইজে উদ্যম গ্ৰহণ কৰিছিল। 
“যোগাত্মক চিন্তা”ক মূল সমল হিচাপে গ্ৰহণ কৰি লিখাৰে বছৰটোৰ আৰম্ভণিৰ দিন কেইটা বাতৰি কাকতৰ পৃষ্ঠা ভৰি পৰিছিল।  অসমৰ বিভিন্ন প্ৰান্তৰ পঢ়ুৱৈয়ে তেনে পজিটিভ লেখা পঢ়ি মানসিকভাৱে যথেষ্ট আপ্লুত হোৱা বুলি ফোন, মেজেজ আৰু ই-মেইল কৰি লেখক সমাজকো প্ৰেৰণা যোগাইছিল। যিটো অসমৰ যোগাত্মক চিন্তাৰ বৌদ্ধিক পৰিৱেশৰ দিশে অগ্ৰসৰ হবলৈ প্ৰচুৰ সাহৰ কথা যেন অনুভৱ হৈছিল।

বছৰৰ তৃতীয় দিনটোত অনুষ্ঠিত হৈছিল ওদালগুৰি জিলাৰ ঝাৰগাঁৱত এক গ্ৰন্থ চৰ্চাৰ অনুষ্ঠান। গণশিল্পী, সমাজ উত্তৰক শুক্ৰাচাৰ্য ৰাভাৰ স্মৃতিত নিৰ্মাণ কৰা মুকলি পৰিৱেশত গ্ৰন্থ চৰ্চাৰ অনুপম অভিনৱ প্ৰয়াস। গ্ৰন্থ চৰ্চা এই নিৰৱ প্ৰাকৃতিক পৰিৱেশে আমাক মহানগৰীৰ গ্ৰন্থমেলাৰ যান্ত্ৰিক কোলাহল পৰিৱেশলৈ মনত পেলাই দিছিল, গ্ৰন্থ অধ্যয়ন যেন এতিয়া মানৱ জীৱনৰ এক সুস্থিৰ অভ্যাস নহয় ই যেন যান্ত্ৰিক জীৱনত নিজস্ব বৌদ্ধিকতাক স্থবিৰ কৰিবলৈ ভোগবাদীয়ে গ্ৰহণ কৰা কৌশলপূৰ্ণ এক ফেশ্বনহে। এই চেগতে ওদালগুৰিৰ ঝাৰগাঁৱত গ্ৰন্থ অধ্যয়নৰ প্ৰাকৃতিক পৰিৱেশ ৰচনা কৰা মূল ব্যক্তি সুৰেন্দ্ৰনাথ ৰাভা দেৱলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আজি সমাজখনত সংৰ্কীণ চিন্তাক মষিমূৰ কৰি বৈজ্ঞানিক চিন্তাক আগুৱাই নিবলৈ আপোনালোকে আৰম্ভ কৰা গ্ৰন্থ যাত্ৰা একান্তই শলাগযোগ্য। 

কিন্তু অতি পৰিতাপৰ কথা যে শেহতীয়াকৈ সাম্প্ৰতিক সময়ক একমাত্ৰ ৰাজনৈতিক গাদী দখলৰ মুকলি-ঘোষিত প্ৰতিযোগিতাৰে, অসমৰ উত্তৰণমুখী জাতীয় চিন্তাক অস্থিৰ কৰি তোলা হৈছে। অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া বিদেশী বিতাড়নৰ দাবীক ওফৰাই এতিয়া ধৰ্মনিৰপেক্ষ দেশত ধৰ্মৰ নামত নাগৰিকত্ব দিয়াৰ এক অগণতান্ত্ৰিক ৰাজনৈতিক পৰিৱেশৰ সূচনা হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে জনজাতিকৰণ আৰু সাংবিধানিক ৰক্ষা কবচকলৈ নিকৃষ্ট দৰদামৰ বজাৰকেন্দ্ৰিক ৰাজনৈতিক পৰিৱেশ সূচনা হৈছে। এনে ভয়ংকৰ ৰাজনৈতিক পৰিৱেশত অসমৰ জাতীয় ৰাজনৈতিক চিন্তা হঠাত যেন দিকভ্ৰান্ত্ৰ হৈ পৰিছে। জাতীয় সত্তাৰ প্ৰতি শ্ৰদ্ধাশীল প্ৰতিজন অসমীয়া শংকিত হৈ পৰিছে, সৰ্বস্তৰত হৈছে সংবিধান বিৰুধী মৌলিক ধৰ্মীয় চিন্তাৰ বিৰুধে গণতান্ত্ৰিক প্ৰতিবাদ। স্থবিৰ হৈ পৰিছে ৰাজ্যৰ সাংস্কৃতিক উত্তৰণ যাত্ৰা, ছাত্ৰ পৰা কবি সাহিত্যিকলৈকে, শিক্ষক সমাজৰ পৰা ন্যায় ব্যৱস্থাত জড়িত উকীল সমাজলৈকে সকলো এতিয়া জাতীয় স্বাভিমানক সুৰক্ষিত কৰিবলৈ জাতীয় গণতান্ত্ৰিক সংগ্ৰামত জড়িত হৈ পৰিছে। জনপ্ৰিয় শিল্পী অসমৰ যুৱ প্ৰজন্মৰ সামাজিক আদৰ্শ জুবিন গাৰ্গে মুকলিকৈ এনে সংকীৰ্ণ পৰিৱেশৰ অৱসান বিচাৰি মুখ্যমন্ত্ৰীলৈ মুকলি পত্ৰ লিখিব লগীয়া এক অস্থিৰ সাংস্কৃতিক প্ৰতিকূল পৰিৱেশ অসমত সূচনা হোৱাটো অসমৰ জাতীয় জীৱনৰ উত্তৰণৰ স্বাৰ্থত সঁচাকৈয়ে অতি দুৰ্ভাগ্যজনক।

সাম্প্ৰতিক অসমৰ অস্থিৰ ৰাজনৈতিক পৰিৱেশে সচতেন অসমীয়াক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে, ক্ৰমাত যেন হেৰাব লৈছে আমাৰ পৰিকল্পিত যোগাত্মক চিন্তাৰ উৎসাহ সমূহ আৰু ইয়াকে লৈ বিশাল অসমীয়া সমাজ যেন বৰ্তমান সাংঘাটিক মানসিক অশান্তিত ভুগিবলৈ আৰম্ভ কৰিছে। দিনক দিনে বৃদ্ধি পোৱা চৌপাশৰ অস্থিৰতাই থলুৱা সমাজৰ মানসিক অৱস্থাক গভীৰ শংকাৰে ভাৰাক্ৰান্ত কৰি তুলিছে। 

আজিৰ এই অস্থিৰ পৰিৱেশত আমি নিজকে নিজেই প্ৰশ্ন কৰিবলৈ বাধ্য হৈছোঁ , আছে নে এতিয়া অসমত পৰিৱেশ, গ্ৰন্থ চৰ্চা কৰা? পৰিৱেশকলৈ ৰাইজক সজাগ কৰা? আছে নে পৰিৱেশ শিশু সকলক সংৰচনাত্মক চিন্তাৰ প্ৰতি আকৰ্ষিত কৰিব পৰাকৈ গ্ৰন্থাগাৰ খুলি বৌদ্ধিক জাগৰণ সৃষ্টি কৰা? আছে নে পৰিৱেশ সেউজ বিপ্লৱৰ প্ৰতি যুৱচামক উৎসাহিত কৰা? নে সকলো ৰাজনৈতিক কলুষতাই ৰেলআলিৰ পৰা বিচ্যুত কৰিছে। কোনে কি উদ্দেশ্যত পথচ্যুত কৰিছে অসমীয়াৰ শান্তিপ্ৰিয় আৰু সমাজ উত্তৰণৰ ধনাত্মক চিন্তাধাৰাক? এই উপাদান সমূহক ৰাইজে চিনাক্ত কৰিবৰ হ'ল।

প্ৰকৃত অৰ্থত প্ৰৱঞ্চনাৰ ৰাজনীতিৰ প্ৰভাৱত আজি তেনে পৰিৱেশ হঠাত অসমৰ আকাশৰ পৰা লুপ্ত হৈ পৰিছে। স্বাধীনমনা, স্বাভিমানী অসমীয়া জাতিটোক পুনৰবাৰ আত্ম পৰিচয়কলৈ শংকিত কৰি তুলিলে ভাৰত ৰাষ্ট্ৰ ব্যৱস্থাই। এপিনে বিদেশী বিতাড়নক আওকান কৰি ধৰ্ম ভিত্তিত বিদেশী সংস্থাপনৰ বাবে সংবিধানৰ মূল আধাৰ “ধৰ্মীয় নিৰপেক্ষতা” ক অগ্ৰাহ্য কৰি সংবিধান সংশোধন কৰিব বিচৰা হৈছে, আনহাতেদি শাসকীয় পক্ষৰ মন্ত্ৰীয়ে অসম চুক্তিক মুকলিকৈ নস্যাৎ কৰি অসমৰ ৰাইজৰ বাবে ‘সাংবিধানিক ৰক্ষা’ কবচৰ কথা কবলৈ আৰম্ভ কৰিছে অথচ ‘সাংবিধানিক ৰক্ষা’ কবচ অসম চুক্তিৰ ৬ নং দফাত সন্নিবিষ্ট হৈছে। মুঠতে যুক্তিহীন এক বিশৃংখল ৰাজনৈতিক পৰিৱেশ। শেহতীয়াকৈ ছয় জনগোষ্টীৰ জনজাতিকৰণলৈও ৰাজনীতি। এটা কথা সকলো পক্ষই জানে অসমত জনগোষ্ঠীয় সাংস্কৃতিক সমন্বয়ৰ সুস্থিৰ পৰিৱেশ নগঢ়াকৈ নতুনকৈ ছয় জনগোষ্ঠীক জনজাতিৰ সাংবিধানিক মৰ্য্যদা দিয়াটো সম্ভৱ নহয়, কিন্তু অতি কৌশলগতভাৱে এক মাত্ৰ অসমত জনগোষ্ঠীয় বিভেদ আনিবলৈ জনজাতিকৰণকলৈ ৰাজনীতি কৰা হৈছে। এক কথাত ঐতিহাসিক সংগ্ৰামে পৰিপুষ্ট অসমীয়া জাতিক ভাৰত ৰাষ্ট্ৰ -ব্যৱস্থাই পুনৰ এবাৰ সংগ্ৰাম কৰিবলৈ বাধ্য কৰিলে। এইখিনিতে উল্লেখ কৰা ভাল আমি ৰাষ্ট্ৰ ব্যৱস্থা বুলি কওঁতে দেশৰ সেই ব্যৱস্থা কথা কৈছোঁ যি ব্যৱস্থাই দেশৰ বিস্তৃত সম্পদক কেন্দ্ৰমুখী কৰিব পাৰে , যি বৈচিত্ৰ সংহতিতকৈ মৌল ধৰ্মীয় নীতিক সাম্প্ৰতিক সময়ত অধিক গুৰুত্ব দিয়ে।

২০১৯ বছৰৰ প্ৰথম দিনটোৰ খবৰ কাগজবোৰ পঢ়ি মনবোৰ সেউজ হৈছিল, আমি অতিকৈ আনন্দিত হৈছিলোঁ যেতিয়া অসমৰ প্ৰতিখন খবৰ কাগজত অসমৰ চুকে-কোনে জাগৃত হোৱা সেউজ বিপ্লৱ সমূহৰ বিষয়ে বিতংভাৱে পঢ়িবলৈ পাইছিলোঁ। এনে খবৰত উৎসাহিত হৈ আমিও অভিজ্ঞ জেষ্ঠ, কনিষ্ঠ জনৰ লগত কথা পাতিছিলোঁ আৰু সামূহিক চিন্তাৰে কৃষি কৰ্মক আগুৱাই নিয়াৰ বিষয়ে আলোচনা কৰিছিলোঁ। কিন্তু পৰিতাপৰ কথা সাম্প্ৰতিক জাতীয় সংকটৰ পৰিৱেশত এই বিষয় আলোচনা কৰা সাহস যেন আমি হেৰুৱাই পেলাইছোঁ। নিতৌ প্ৰতিবাদৰ খবৰে বাতৰি কাকত, ইলেকট্ৰনিক মিডিয়া, ছ’চিয়েল মিডিয়া পৰিপূৰ্ণ হৈছে অথচ শাসকীয় পক্ষ কৌশলপূৰ্ণভাৱে নিৰৱ নতুবা বিভ্ৰান্তিৰ চিন্তাৰে সৰৱ। অসমীয়া ৰাইজৰ এটা মৌলিক প্ৰশ্ন উত্তৰ দিবলৈ কাৰো যেন আহৰি নাই, “ বিদেশী বিতাড়ন বুলি কৈ বিদেশী সংস্থাপনৰ যা-জোগাৰ কিয়?”

উপৰোক্ত চিন্তাবোৰে প্ৰতিজন অসমীয়াক বতৰ্মান সময়ত নিতৌ অশান্তিত ৰাখিছে। আৰু এই অশান্তিৰ মাত্ৰা আৰু বৃদ্ধি হয় যেতিয়া  জানিব পাৰোঁ যে অসমৰ বৌদ্ধিক ব্যক্তি সকল অসমৰ এই অস্থিৰ সামাজিক পৰিৱেশকলৈ আৰু অধিক শংকিত। গণতান্ত্ৰিক প্ৰতিবাদক শাসক দলে ভেঙুচালি কৰে, ভাষণ দিলেও সেয়া হয় ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ, অশান্ত অসম কোন দিশে বুলি প্ৰশ্ন কৰিবৰ বাবেও যেন ভয় কৰিব লাগিব মানুহে, কিয় সৃষ্টি কৰা হৈছে তেনে পৰিৱেশ।

এই ক্ষণত প্ৰতিটো ৰাজনৈতিক দলক সুধিবলৈ মন গৈছে যে, গণতন্ত্ৰত ৰাজনীতিৰ দায়িত্ব কি? সমাজ সুস্থিৰ কৰা নে অসুস্থিৰ সমাজৰ বহু বিভক্ত ৰাইজৰ ভোটেৰে গাদী দখল কৰা? সাম্প্ৰতিক সময়ত আমাৰ প্ৰচলিত ব্যক্তি/দল কেন্দ্ৰিক ৰাজনীতিয়ে অসমৰ সৃষ্টিশীল ব্যক্তি সকলক নিৰৱ গতিশীল সমাজ সাধনাৰ পৰিৱেশ দিব পাৰিছে নে? যদি নাই পৰা তেন্তে গতানুগতিক ধনসৰ্বস্ব ৰাজনীতিৰ বিপৰীতে সমাজমুখী ৰাজনীতিৰ কথা চিন্তা কৰা প্ৰয়োজনীয়তা আহি পৰিছে নেকি? 

ক্ৰমশ: আমাৰ চিন্তাবোৰ সৃষ্টিশীল সাংস্কৃতিক পৰিৱেশৰ পৰা আঁতৰি  নিকৃষ্ট ৰাজনীতিৰে মন মগজু ভৰাই ৰাখিবলৈ বাধ্য হৈছে। আমি বুজি উঠিছোঁ এতিয়া দেশত জাতীয় ৰাজনীতি বা দেশীয় ৰাজনীতি বুলি একো চেতনাই আমাৰ মাজত নোহোৱা হৈছে বা নোহোৱা কৰা প্ৰয়াস কৰা হৈছে। সকলোবোৰ হৈ পৰিছে দলীয় নীতি পূৰ্ণ কৰা আৰু ব্যক্তিগত ক্ষমতাৰ বাসনা পূৰ কৰা নিৰ্লজ অংকহে।কিন্তু সদায় এনেকৈয়ে থাকিম নে? নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ওলোটা খৰ মাৰাৰ ভাওনা দেখি, সকলো দেখি বুজিও সহ্য কৰি! এনে অপশক্তিবোৰক ৰাইজে চিনাক্ত কৰি শক্তিহীন কৰিবৰ সময় সমাগত।

সদৌ শেষত আমি কিন্তু সদায় আশাবাদী আৰু সেয়েহে আশা কৰোঁ সাম্প্ৰতিক অসমৰ জাতীয় উদগিৰণে এটা কৰ্মপটু কৰ্মশীল জাতীয় চেতনা সৃষ্টি কৰিব যাৰ আন্দোলিত শক্তিত সমাজ ৰূপান্তৰ উত্তৰণৰ দিশে গতিশীল কৰিব।
সুখ-দুখৰ সম্পাদকীয় সমূহৰ একত্ৰ লিংকঃ http://www.xukhdukh.com/search/label/EDITORIAL?&max-results=6

No comments:

Post a Comment