প্ৰৱন্ধঃ বোলছবি শিতানত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ বোলছবি শিতানত

প্ৰৱন্ধঃ বোলছবি শিতানত

Share This
অসমীয়া বোলছবিত "আইটেম ছং": এক পৰ্যালোচনা
# হিমাংশু চহৰীয়া


আইটেম গীত বা আইটেম ছং - বর্তমান সময়ত ছবিজগতৰ সৈতে জড়িত এক জনপ্ৰিয় শব্দ। একে আষাৰে কবলৈ গলে আইটেম গীত ভাৰতীয় চিনেমাত ব্যৱহৃত এক সাংগীতিক প্ৰদর্শন। বলীউড, টলীউডত এই শব্দ বহু আগৰ পৰাই জড়িত। 

আইটেম ছং  মানে কি

আইটেম গীত হ'ল ছবি এখনত ব্যৱহৃত এক সংগীত যাৰ সৈতে সৈতে ছবিখনৰ মূল কাহিনীৰ সৈতে কোনো সংযোগ নাথাকে। পিছে ছবিখনৰ কাহিনীৰ স্বাস্থ্যত ইয়াৰ অৱদান নথকা বুলি কব নোৱাৰি। এই আইটেম ছঙৰ নৃত্যশিল্পীগৰাকীৰ মূল কাহিনীৰ লগত কোনো সংযোগ নাথাকে যদিও অতি কম সংখ্যকতহে সংযোগ থকা দেখিবলৈ পোৱা যায়। অতীতৰ ছবিবোৰত আইটেম ছঙৰ ব্যৱহাৰ আছিল যদিও বর্তমান বহুতো ছবি বজাৰ দৰ বৃদ্ধিত এই আইটেম ছঙসমূহে বিশেষ অৱদান আগবঢ়ায়। এনেকি যে বহুটো ছবিত এনে আইটেম গীতৰ নায়িকাই জনপ্ৰিয়তাত পিছ পেলাই থৈ গৈছে ছবিৰ মূল নায়িকাক।


অসমীয়া ছবিত আইটেম গীত
বলীউডৰ চিনেমাত আমি বহু আগৰ পৰাই আইটেম ছঙৰ ব্যৱহাৰ দেখি আহিছো। কিন্তু যোৱা প্ৰায় এটা দশকৰো অধিক কালত নির্মাণ হোৱা বলীউডৰ প্ৰায় প্ৰতিখন ছবিতে আইটেম গীতৰ ব্যৱহাৰ দেখি আহিছো। ইয়াৰ লগে লগে পিছপৰি থকা কলীউড অথবা টলীউড। কবলৈ বর্তমান সময়ত ছবি এখনৰ অন্যতম হিট র্ফমুলা হৈছে এই আইটেম গীতসমূহ।

আইটেমৰ গীতৰ ক্ষেত্ৰত পিছে বর্তমান পিছ পৰি থকা নাই অসমীয়া ছবিজগতো। বলীউড, কলীউড, অথবা টলীউডৰ লগে লগে আগবাঢ়ি গৈছে আঠসত্তৰ বছৰ গৰকা অসমীয়া ছবিৰ আইটেম গীতো। এই আইটেম গীতসমূহ যেন হৈ পৰিছে বলীউড, কলীউডৰ দৰে অসমীয়া ছবি জনপ্ৰিয় কৰাৰ হট ফৰ্মুলা।

অৱশ্যে অসমীয়া ছবিৰ আইটেম গীত বৰ্তমান নিচেই চালুকীয়া অৱস্থাতে আছে। অসমীয়া ছবিত প্ৰথমটো আইটেম গীতৰ ব্যৱহাৰ কৰা হৈছিল বহু বিৰতিৰ অন্তত নির্মাণ কৰা জনপ্ৰিয় তথা অভিজ্ঞ পৰিচালক মুনীন বৰুৱাৰ চুপাৰহিট ছবি "ৰামধেনু"ত। প্ৰাইড ইট এণ্টাৰটেইণ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ প্ৰযোজনাত নির্মাণ হোৱা এই ছবিখন মুক্তি দিয়া হৈছিল ২০১১ চনত। এই ছবিখনতে ব্যৱহাৰ কৰা হৈছিল অসমীয়া ছবিজগতৰ প্ৰথমটো আইটেম গীত 'ৰাতি নামে চহৰৰ বুকুলৈ......'।

মুম্বাই নিবাসী অসমীয়া সন্তান যতীন শর্মাৰ (মাইনা) সংগীত পৰিচালনাৰে নির্মাণ হোৱা এই ছবিখনৰ আইটেম গীতটিত কণ্ঠ নিগৰাইছিল অসমীয়া সংগীত প্ৰেমীৰ হার্ট থ্ৰ জুবিন গার্গ আৰু বলীউডৰ জনপ্ৰিয় গায়িকা সুনিধি চৌহানে। গীতটিৰ কথা আছিল দিগন্ত ভাৰতী আৰু ইবচন লাল বৰুৱাৰ। এই গীতটিৰ নৃত্যাংশত দেখা গৈছিল জনপ্ৰিয় অভিনেত্ৰী মুনমী ফুকন, জুবিন গার্গ, জয়ন্ত যতীন বৰাক। উল্লেখ্য যে এই ছবিখনৰ এই গীতটিয়ে মুনমী ফুকনক অসমৰ অভিনয় জগতত এক সুকীয়া স্থান লাভ কৰাত বিশেষ সহায় কৰিছিল। এই আইটেম গীতটিও ৰামধেনু অসমীয়া ছবিৰ র্দুদিনৰ দিনটো ২৫ সপ্তাহৰো অধিক সময় ছবিগ্ৰহত থাকি ছবিখন জনপ্ৰিয় হোৱাত বিশেষ সহায় কৰা বুলি বহু চলচিত্ৰ সমালোচকে কব খোজে। অৱশ্যে ছবিখনৰ কাহিনী, পৰিচালনা, অভিনয়, সংগীত আটাইখিনিয়ে উন্নতমানৰ আছিল। 

ৰামধেনু মুক্তিৰ কিছুদিন পিছতে ছবিগৃহলৈ আহে অন্য এখন অসমীয়া ছবি ''এ উইকেণ্ড" যত দর্শকে উপভোগ কৰিবলৈ পাইছিল 'পীৰিতি জাগিছে.......' শীর্ষক অসমীয়া আইটেম গীতটি যিটো আছিল অসমীয়া ছবিৰ দ্বিতীয়টো আইটেম গীত। আর্গিছা চিনে প্ৰডাকচন নিবেদিত এই ছবিখনৰ প্ৰযোজনা আছি আছিল কর্মসুত্ৰে বর্তমান অষ্টেলিয়া নিবাসী অসম সন্তান ছাজ হকৰ আৰু পৰিচালনা কৰিছিল 'হিয়া দিয়া নিয়া', 'হলধৰ', 'ৰাগ- বিৰাগ'ৰ দৰে জনপ্ৰিয় ছবিৰ পৰিচালক দিগন্ত মজুমদাৰে। ছবিখনৰ আইটেম গীতটিত অভিনয় কৰিছিল সেই বর্ষৰ 'ডেন্স ইণ্ডিয়া ডেন্স'ৰ চূড়ান্ত প্ৰতিযোগী জয়া বিশ্বাস আৰু বিশ্বৰূপ মিশ্ৰই। কিন্তু এই গানটোৰ লগতে ছবিখনেও দর্শকৰ আশাপ্ৰদ সঁহাৰি লাভ কৰাত বিফল হয়।

ইয়াৰ পৰৱর্তী সময়ত ২০১১ আৰু ২০১২ চনতো কেবাখনো অসমীয়া ছবি ছবিগৃহলৈ আহে কিন্তু কতো বর্তমানৰ ছবিৰ হিট মছলা আইটেম গীতৰ ব্যৱহাৰ দেখিবলৈ পোৱা নগ'ল।

২০১৩চনৰ ১৯ এপ্ৰিলত ছবিগৃহলৈ আহে জনপ্ৰিয় অভিনেতা ৰবি শর্মাৰ কাহিনী, মৃণাল দাসৰ প্ৰযোজনা আৰু প্ৰণৱজ্যোতি ভৰালীৰ পৰিচালনাৰে নির্মাণ হোৱা একচনধর্মী ছবি ''ৰণাংগন"। এই ছবিখনতে দর্শকে পুনৰবাৰ উপভোগ কৰিব পায় আন এটা অসমীয়া আইটেম গীত। জনপ্ৰিয় অসমীয়া অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে অংশলোৱা এই আইটেম গীতটিত কণ্ঠদান কৰিছে ১৯৯৩ চনত 'সুৰৰ এনে জোনাক' এলবামৰ জৰিয়তে সংগীতজগতত খোজ পেলোৱা কল্পনা পাটোৱাৰীয়ে। হেমেন শর্মাই কৰিঅ'গ্ৰাফী এই আইটেম গীতটিৰ কথা, সুৰ আৰু সংগীতৰ দায়িত্বত আছিল নিপন চুটীয়া।কিন্তু এই ছবিখনেও দর্শকৰ সঁহাৰি লাভ কৰাত বিফল হয়।

আহিবলগীয়া অসমীয়া ছবিত আইটেম গীত

অতি সোনকালে দর্শকে উপভোগ কৰিবলৈ পাব এখন নতুন বিনোদনধৰ্মী অসমীয়া ছবি। কাৰণ অতি শীঘ্ৰেই ছবিঘৰলৈ আহি আছে সিদ্ধার্থ টেলিফিল্মছ নিবেদিত এখন বিনোদন ধর্মী ছবি "মহাসমৰ"। হীৰা গোহাঁইৰ

প্ৰযোজনা আৰু খ্যাতনামা তথা অভিজ্ঞ চলচিত্ৰ পৰিচালক জনচ মহলীয়াৰ পৰিচালনাৰে নির্মাণ হোৱা এই ছবিখনতে দর্শকে আন এটা অসমীয়া আইটেম গীত উপভোগ কৰিবলৈ পাব বুলি জানিব পৰা গৈছে। দীপক দে আৰু অভিজিৎ বর্মণে সুৰ কৰা 'লালমোহন ৰসগোল্লা........' শীর্ষক গীতটিত কণ্ঠ নিগৰাইছে সুকণ্ঠী গায়িকা ববিতা শর্মাই। জিনী মহলীয়াই কৰিঅ'গ্ৰাফী কৰা এই গীতটিত নৃত্য কৰিছে ইউক্ৰেইনৰ নৃত্যাংগনা এৰিণা ক্ৰেভিটে। এই গীতটিৰ চিত্ৰগ্ৰহণ কৰা হৈছে কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। ইতিমধ্যে এই গীতটিয়ে বিশেষ জনপ্ৰিয়তা লাভ কৰিছে কিন্তু ছবিখন কিমান সফল হয় সেয়া সময়েহে কব।

আনহাতে মুক্তিৰ বাবে সাজু কৰা হৈছে "ইউ আৰ নট মাই জুলি" নামৰ আন এখন অসমীয়া ছবি যত দর্শকে দেখিবলৈ পাব আন এটি অসমীয়া আইটেম গীত। বঙালী আৰু অসমীয়া দুয়োটা ভাষাতে মুক্তি পাবলগীয়া এই ছবিখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বটাপ্ৰাপ্ত পৰিচালক এম মণিৰামে। মানস ৰবীনৰ সংগীত পৰিচালনাৰে নির্মাণ হোৱা এই ছবিখনৰ আইটেম গীতটিৰ নৃত্যশিল্পী হিচাপে দেখা যাব বঙালী চিনেমাৰ তাৰকা পাৰিজাত চক্ৰৱর্তীক। উল্লেখ্যে যে ছবিখনৰ কেৱল আইটেম গীতটিৰ বাবেই বাজেট নির্ধাৰণ কৰা হৈছে ১০ লাখ টকা। যিটো সময়ত এখন অসমীয়া ছবিৰ নামত প্ৰযোজকে ২০ লাখৰ ওপৰত বাজেট নির্ধাৰণ নকৰে সেইটো সময়তে কেৱল এটা আইটেম গীতৰ নামতে ১০ লাখ খৰচ কৰাটো অতি চিন্তনীয় বিষয়। তথাপিতো ছবিখনৰ লগতে আইটেম গীতটোক লৈ যথেষ্ট আশাবাদী প্ৰযোজক ভাস্কৰ শর্মাৰ লগতে কাৰ্যবাহী প্ৰযোজক সূচীব্ৰত কলিতা। অসমৰ জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ পংকজ ইংতিয়ে কৰিঅ'গ্ৰাফী কৰা এই আইটেম গীতটিৰ চিত্ৰগ্ৰহণ জিমিত কৰা হৈছে। কিন্তু বর্তমান সময়ত ১০ লাখটকীয়া আইটেম গীত থকা ছবিখন দর্শকে কেনেদৰে আদৰি লয় সেয়া সময়েহে কব।

শেষত এক বিশ্লেষণ :

বর্তমান অসমীয়া ছবিৰ অতি দুর্দিন চলি আছে। যদিও যোৱা দুটা বছৰত বহুতো অসমীয়া ছবি মুক্তি পাইছে আৰু বহুতো ছবি এতিয়া মুক্তিৰ পথত। কিন্তু আঠসত্তৰ বছৰ গৰকা অসমীয়া ছবিৰ নির্মাণৰ এই ধাৰা অতি দুখজনক। 
এতিয়া আহো আইটেম গীতৰ কথালৈ। ২০১১ চনত "ৰামধেনু"ৰ আইটেম গীতটিৰ লগতে ছবিখনেও যথেষ্ট সফলতা লাভ কৰিছিল। শেহতীয়াভাৱে বহুতো ছবি নির্মাতাই অসমীয়া ছবিত এই আইটেম গীতৰ প্ৰয়োগ কৰিছে। কিন্তু এই গীতে সফল কৰিব পাৰিছে জানো ছবিসমূহ। আমি লক্ষ্য কৰিলে দেখিম যে ৰামধেনুৰ বাহিৰে আইটেম গীত ব্যৱহৃত এখন ছবিয়েও দর্শকৰ আশাপ্ৰদ সঁহাৰি লাভ কৰিব নোৱাৰিলে। অৱশ্যে "মহাসমৰ" আৰু "ইউ আৰ নট মাই জুলি" এতিয়াও মুক্তি পোৱা নাই। কিন্তু এই ছবি দুখন কিমান সফল হব সেয়া সময়ে কব। 

এতিয়া প্ৰশ্ন হয় ৰামধেনুৰ সফলতাৰ পিছত ছবি নির্মাতাসকলে ছবি জনপ্ৰিয় কৰিবলৈ আইটেম গীতসমূহক মাধ্যম হিচাপে লৈছে নেকি? কিন্তু ছবি নির্মাতাসকলে মনত ৰখা দৰকাৰ যে একমাত্ৰ আইটেম গীতটিয়ে “ৰামধেনু” ছবিখন সফল কৰা নাছিল। ছবিখনৰ পৰিচালনা, সংগীত অভিনয়, কাহিনী আদি সকলো উন্নত মানৰ আছিল। নে আদাক দেখি উঠিল গা কেটুৰিয়ে বোলে মোকো খা হৈছে নেকি এই ছবি নির্মাতাসকলৰ? কিন্তু অসমীয়া ছবিৰ বর্তমানৰ পানীত হাঁহ নচৰা অৱস্থাৰ দিনত আইটেম গীতৰ চমকেৰে ছবি জনপ্ৰিয় কৰাৰ কথা চিন্তা কৰাৰ পৰিৱর্তে সুস্থ তথা উন্নতমানৰ কাহিনী, অভিনয়ৰেহে ছবি জনপ্ৰিয় কৰাৰ কথা চিন্তা কৰিব লাগে।

(বিঃদ্ৰঃ কাকো সমালোচনা কৰাৰ ইচ্ছা মোৰ নাই। নিজৰ সীমিত জ্ঞানেৰে কিছু তথ্যসহ লেখাটি যুগুত কৰিছো। ধন্যবাদ।-লেখক) লেখকৰ ই-ঠিকনাঃ hmn.mld@gmail.com

No comments:

Post a Comment