পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. লাংগুল গেমছ ভিলেজলৈ যোৱা পথটো মেৰী কমৰ নামেৰে নামাকৰণতে দ্বায়িত্ব সামৰিলে মণিপুৰৰ ৰাজ্য চৰকাৰেঃ এইবাৰ ৰাইজৰ সতে নিজৰ ধন ভাঙি পথ নিৰ্মাণ তথা মেৰামতি কৰাই নিদৰ্শন দেখুৱাইছে অলিম্পিয়ান বক্সাৰ মেৰী কমে৷
হাতে কামে মেৰী কম
২. নেচনেল আৰ্কাইভছ অৱ ইণ্ডিয়াৰ অৰ্থ সাহাৰ্যৰে নগাঁৱত পুৰণি তথা বিৰল পুথি প্ৰকাশিতঃ দুৰ্গাবৰ কায়স্থৰ "গীত ৰামায়ণ" আৰু ইউ এন গোহাঁইৰ বুৰঞ্জীমূলক পুথি "আসাম আণ্ডাৰ দ্যা আহোম"ক প্ৰকাশ কৰি উলিওৱা বাবে প্ৰায় ৬০গৰাকী সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰা উন্মোচনী সভাত "প্ৰহৰ" নামৰ অনুষ্ঠানটোৱে লাভ কৰিলে ভূয়শী প্ৰশংসা৷

৩. খাদ্য সুৰক্ষাত আগস্থান পাব মহিলাই, সেই উদ্দেশ্য অনুষ্ঠিত হ’ল মন্ত্ৰীগোটৰ প্ৰথমখন বৈঠকঃ কাৰ্ড ইছ্যু কৰা হ’ব পৰিয়ালৰ জ্যেষ্ঠা মহিলা গৰাকীৰ নামতহে ৷

৪. অসমত বসবাস কৰা জৈন সম্প্ৰদায়ৰ লোক সকলক আজি ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে দিলে সংখ্যালঘুৰ আনুষ্ঠানিক স্বীকৃতি ৷

৫. সম্পূৰ্ণ থলুৱা প্ৰযিু্ক্তিৰে সফল উৎক্ষেপন ইনছাট-৩ডি কৃত্ৰিম উপগ্ৰহৰঃ ভাৰতীয় মহাকাশ সংস্থাৰ এই সফলতাই সম্ভৱ কৰিলে এতিয়াৰ পৰা স্বদেশী কৃত্ৰিম উপগ্ৰহৰ পৰা বতৰৰ আগলি বতৰা পোৱা ব্যৱস্থাৰ ৷

৬. বৰহোলাৰ সেউজী কানন শাখা সাহিত্য সভাৰ উদ্যোগঃ "শিশুৰ বৌদ্ধিক বিকাশত ৰসৰাজৰ সাধু কথা ভূমিকা" শীৰ্ষক আলোচনা চক্ৰৰ কৰিলে আয়োজন৷

৭. শিৱগাৰত দহটা গণ সংগঠনৰ আন্দোলনৰ ফলশ্ৰুতিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূ্ল্য নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনে গঠন কৰিলে টাস্ক ফৰ্চ৷

৮. অনুষ্ঠিত হ’ল অসম কবি সন্মিলনৰ ষষ্ঠবিংশ সাধাৰণ সভাঃ অভয় বৰুৱা সভাপতি আৰু নীল কমল বৰা হ’ল প্ৰধান সম্পাদক ৰূপে নিৰ্বাচিত৷

৯. টিংখাংত চলি থকা সদৌ অসম লালি মুণ্ডা সোঁৱৰণী মহিলা ফুটবলত কোৱাটাৰ ফাইনেলত উপনীত হল খোৱাং ঘনকান্ত গগৈ মহাবিদ্যালয়ঃ পৰাজিত কৰিলে মৰিগাঁও দলক৷

১০. নলবাৰীত অনুষ্ঠিত হব অহা ১৫ আগষ্টৰ পৰা অনন্ত চৌধুৰী-ৰুদ্ৰান্ত ডেকা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা৷

১১. নেপালত চলি থকা ছাফ অনুৰ্ধ ১৬ ফুটবলত ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় দলেঃ এতিয়া সন্মুখীন হব আফগানিস্তানৰ দলৰ সৈতে৷

১২. গ্ৰেণ্ড মাষ্টাৰ তথা কমনৱেলথ চেম্পিয়ন অভিজিৎ গুপ্তাক সন্মানীয় অৰ্জুন বঁটাৰ বাবে মনোনীত কৰিলে অল ইণ্ডিয়া ছেছ ফাউণ্ডেছনে৷

১৩. শংখ মৃদং খোল বজাই চলন্ত মটৰ চাইকেলেৰে অভিনৱ প্ৰতিবাদ চতিয়াৰ যুৱক বসন্ত দাসৰঃ বিশ্ব অভিলেখৰ লক্ষ্যৰে ১২২কিল’মিটাৰ পথ হাতেৰে নধৰাকৈ মটল চাইকেল চলাবলৈ গৈ দুৰ্ভাগ্যজনক ভাৱে দুৰ্ঘটনাৰ হ’ল সন্মুখীন৷

১৪. ৰাজ্যৰ কোনো শিক্ষানুষ্ঠানতেই ৰেগিং সহ্য কৰা নহ’ব বুলি সকিয়াই দিলে সদৌ অসম ছাত্ৰ সন্থাই৷

১৫. অনলাইন আবেদন কৰি পুৰণি চিলেবাছ মতেই দিব পাৰিব অসম লোকসেৱা আয়োগৰ পৰীক্ষাঃ বিভিন্ন বিভাগৰ ২৪১টা পদৰ বাবে অতি সোনকালেই প্ৰকাশ কৰিব বিজ্ঞাপন৷

১৬. লখিমপুৰত গ্ৰেনেড বিস্ফোৰণ কৰা চাৰিজন সন্ত্ৰাসবাদীক কৰায়ত্ত কৰিলে আৰক্ষীয়েঃ আলফাৰ সদস্যৰ লগতে ব্যৱসায়ীও জড়িত থকাৰ প্ৰকাশ পালে তথ্য৷

১৭. চি এম জে বিশ্ববিদ্যালয়ৰ পৰা চাৰি হাজাৰ ভুৱা থেছিছ উদ্ধাৰ কৰিলে মেঘালয় আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাইঃ বৌদ্ধিক বাণিজ্যৰ অবৈধ কেন্দ্ৰ হৈ পৰা বিশ্ববিদ্যালয়খন বন্ধ কৰাৰ বাবে মেঘালয় চৰকাৰৰ তৎপৰতাক শলাগ লৈছে সচেতন মহলে৷

চিন্তনীয় খবৰঃ
১. ৰাজ্যত এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা লোকৰ সংখ্যা হ’ল গৈ ৭৪জনঃ শতাধিক আক্ৰান্তক লৈ ৰাজ্য জুৰি এই ৰোগে লৈছে ভয়াবহ ৰূপ৷

২. পাক সংগঠনৰ নিৰ্দেশত অসমত কূটাঘাতৰ পৰিকল্পনা লৈছে পৰেশ পন্থীয়েঃ আইন শৃংখলা পৰ্যালোচনা কৰি এনে কূটাঘাত ৰোধৰ ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰীয়ে দিলে নিৰ্দেশ৷

৩. বিপিএফ দলৰ সৈতে মিত্ৰতাৰ কথা চিন্তা কৰিছে বিজেপিয়েঃ ক্ষমতালৈ আহিলে পৃথক বড়োলেণ্ড গঠন কৰি দিয়াৰ বাবে আগবঢ়াইছে টোপ৷

৫. বিশ্ব হিন্দু পৰিষদৰ প্ৰবীণ ভাই টোগাড়িয়াই প্ৰকাশ কৰিলে তথ্যঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবেই ১০হাজাৰ কোটি টকা খৰছ কৰে বৰ্হি ৰাষ্ট্ৰই৷

৬. মাওবাদীৰ নতুন কৌশলঃ প্ৰতিঘৰ দুখীয়া পৰিয়ালৰ পৰা বিচাৰিছে কমেও এজনকৈ যোদ্ধা, ৰাঁচীৰ পৰা এই বাতৰিয়ে পালে সংবাদ শিৰোনামা৷

৭. হত্যা-অপহৰণ-কাণ্ডত অতীষ্ঠ হৈ পৰিছে বংগলী যুৱ ছাত্ৰ সংগঠনঃ অৱশেষত দিলে অনিৰ্দিষ্টকালীন বিটিচি বন্ধ ঘোষণাৰ ভাবুকি ৷

No comments:

Post a Comment