পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. অসমীয়া লোকশিল্পী তেজপুৰৰ পুষ্পেন্দ্ৰ বৰাই গঢ়িলে এক অভিলেখঃ  নিজহাতে বনোৱা ২৭ফুট দৈৰ্ঘ্যৰ বাঁহীত অহৰ্নিশে কীৰ্তনৰ ঘোষা, জ্যোতি সংগীত আৰু বিহুগীতৰ সুৰ পৰিবেশন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত লিপিবদ্ধ কৰিলে নিজৰ নাম ৷
২. ন-হাজাৰটা অস্ত্ৰোপচাৰেৰে দেশৰ ভিতৰত শীৰ্ষত অসমঃ অপাৰেশ্বন স্মাইলেৰে হাজাৰ হাজাৰ শিশুৰ মুখত উজলিছে হাঁহি ৷

৩. নগাঁও জিলা সাহিত্য সন্মিলনীৰ উদ্যোগত নৱকান্ত বৰুৱাৰ স্মৃতি দিৱস, পৰবৰ্তী বৰ্ষৰ পৰা অনুষ্ঠিত হব স্মাৰক বক্তৃতা ৷ সন্মিলনীয়ে ক’লে- নৱকান্ত বৰুৱাই পাব লাগিছিল জ্ঞানপীঠ বঁটা ৷

৪. অনাগত লোকসভা নিৰ্বাচনৰ পূৰ্বেই নিজস্ব এক ৰাজনৈতিক দল গঠন কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়েঃ বিপ্লৱৰ জৰিয়তে ৰাজনৈতিক ক্ষমতা দখলেই দলটোৰ লক্ষ্য হব বুলি প্ৰকাশ পালে তথ্য ৷ কাকীত বহা কাৰ্যনিৰ্বাহকে ল’লে সিদ্ধান্ত ৷

৫. জাজৰিত বিহু কৰ্মশালাত ভাগ ল’লে ঢোল ওজা সোমনাথ বড়াইঃ ক’লে ঢোল জীয়াই থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব ৷

৬. বঙাইগাঁৱৰ খাৰিজা দোলাইগাঁৱত স্থাপিত হৈছে চিলাৰায়ৰ প্ৰতিমূৰ্তিঃ গ্ৰাম্য সমিতিয়ে অহা ২২ছেপ্তেম্বৰলৈ চলাইছে উন্মোচনৰ প্ৰস্তুতি ৷

৭. নাইনিতালৰ স্পল্প শিক্ষিত কৃষক কুৱেৰ সিংৰ উদ্ভাৱনীয়ে পালে উত্তৰাখণ্ড নৱীকৰণ শক্তি সংস্থাৰ স্বীকৃতিঃ পথাৰত পানী যোগানৰ মেচিনত উদ্ভাৱনী শক্তিৰে বিজুলী উৎপাদন কৰি ছমাহে পোহৰাই আছিল নিজৰ গাঁও ৷

৮. ঢকুৱাখানাত অনুষ্ঠিত হ’ল সংবাদ প্ৰস্তুতিৰ কৰ্মশালাঃ লখিমপুৰ জিলা সাংবাদিক সংন্থাৰ উজনি মণ্ডলে গ্ৰহণ কৰিলে উদ্যোগ ৷

৯. অৱেশষত ডেৰশ বছৰীয়া ইতিহাস সামৰি স্তব্ধ হ’ল টেলিগ্ৰাফ সেৱাঃ জৰুৰী খবৰৰ দ্ৰুত সেৱাৰ স্থান ল’লে ইণ্টাৰনেট আৰু মোবাইলে ৷

১০. আজিৰ পৰা অনুষ্ঠিত হৈছে অসম বিধান সভাৰ পাঁচ দিনীয়া বৰ্ষাকালীন অধিবেশনঃ এইবাৰো গুটখা নিষিদ্ধকৰণ বিধেয়কৰ ভাগ্য এতিয়াও অনিশ্চয়তাত ৷

চিন্তনীয় খবৰঃ
১. পুনৰ মূল্যবৃ্দ্ধি, ১.৫৫ টকাকৈ বাঢ়িল পেট্ৰ’লৰ মূল্যঃ ছয় সপ্তাহত চাৰিবাৰকৈ মূল্যবৃদ্ধিৰে দেশত নতুন অভিলেখ ৷

২. নিমখ কেলেংকাৰীৰে গগৈ আমোলৰ চৰকাৰে গঢ়িলে নতুন অভিলেখঃ ৭০০০ কোটিৰ আৰ্থিক খেলিমেলিয়ে পালে সংবাদ শিৰোনামা ৷

৩. কৰ্মৰত অৱস্থাত দেহৰক্ষীৰ গালত চৰ মাৰি আৰক্ষী সন্থাৰ ৰোষত পৰি সংবাদ শিৰোনামা দখল কৰিলে আই এ এছ বৰ্ণালী ডেকাই ৷

৪. বিদ্যালয় প্ৰাদেশিকীকৰণক লৈ কাহিলীপাৰাৰ শিক্ষা বিভাগৰ কাৰ্যালয়ত বহিছে বৃহৎ বজাৰঃ স্কুল খুলি সংগ্ৰাম কৰি থকা শিক্ষকৰ পৰা প্ৰলোভেনেৰে লুণ্ঠন চলোৱাৰ গোপন কাহিনীয়ে স্থান পালে সংবাদ মাধ্যমত ৷

৫. সমূহীয়া আত্মহত্যাৰ ভাবুকি দিলে দৰঙৰ ৩০২ জন চাকৰি হেৰুওৱা শিক্ষকে ৷

৬. ধুবুৰীত ছেকেণ্ড লাইন ডিফেণ্সৰ নামত সীমান্তত ভেকোঁভাওনাঃ ব্ৰহ্মপুত্ৰত জাহ গ’ল ৬খনকৈ সীমান্ত চকী, খালী হৈ আছে ডিএছপিৰ পদো খালীঃ ইফালে কে এল অ’-মাওবাদীৰ উত্থানৰ বাতৰি ৷

৭. শিৱগাৰৰ বন বিভাগত দুই কোটি টকীয়া নিমপুলি ৰোপণ কেলেংকাৰীৰ বাতৰি উন্মোচন কৰিলে সংবাদ কৰ্মীয়ে ৷

৮. অহা ছেপ্তেম্বৰ মাহত অসমলৈ আহিব নৰেন্দ্ৰ মোদীঃ চাৰিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব বুলি তথ্য প্ৰতাশ কৰিলে বিজয়া চক্ৰৱৰ্তীয়ে ৷

৯. ঐতিহ্যমণ্ডিত জনিয়া সত্ৰৰ প্ৰতি তীব্ৰ ভাবুকি বেঁকী নৈৰ গৰাখহনীয়াৰঃ ৰাইজে তুলিলে খহনীয়া নিয়ন্ত্ৰণৰ দাবী ৷

১০. মেচ কছাৰী ৰাইজৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰিব পৰা নাযাব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰাত মেচ কছাৰী জাতীয় পৰিষদে দিলে অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ ৷

No comments:

Post a Comment