জীৱন যৌৱন (সম্পৰ্ক) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱন যৌৱন (সম্পৰ্ক)

জীৱন যৌৱন (সম্পৰ্ক)

Share This
যি পাঁচ ধৰণৰ নাৰীৰ পৰা আঁতৰত থকাই মংগল

জীৱনৰ বাটত যদি বিশেষ জটিলতা বা অসুবিধাত পৰিব খোজা নাই, তেন্তে সম্পৰ্ক ৰক্ষাৰ বাটত এই সকল নাৰীৰ পৰা আঁতৰত থকাই আপোনাৰ পক্ষে উত্তম হব
. আপোনাৰ প্ৰাক্তন প্ৰেয়সী

যদি আপোনাৰ সম্পৰ্ক এটাৰ ইতি পৰোতে বৰ এটা ভাল পৰ্যায়ত কথাবোৰ শেষ হোৱা নাছিল, তেন্তে পূৰ্বৰ প্ৰেয়সীক পুনৰ দেখা কৰাৰ ইচ্ছা বাদ দিয়াই ভাল৷ প্ৰাথমিক ভাৱে, যিহেতু আপোনালোক দুয়ো দুয়োৰে লগত প্ৰকৃততে মিলিব পৰা বিধৰ নহয়েই, আৰু কিছুমান চিৰিয়াছ ইছ্যু থকাৰ বাবেইটো আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিছিল, সেই কথা পাহৰি নাযাব৷ যদি পুনৰ লগ খোৱাৰ কথা মনলৈও আহিছে, এই নিমিলা অংকবোৰে পুনৰ সম্পৰ্কত যে কেৰোণ নানিব,  সেই সম্পৰ্কে জানো আপুনি নিশ্চিত হব পাৰিব ?

এইটো সাধাৰণতেই বেছিকৈ ঘটে, যেতিয়া আপুনি অকলশৰীয়া হৈ থাকে আৰু অতীতৰ লগৰীয়ে আপোনাক অলপ সহানুভূতিৰেও দৃষ্টি দিয়ে, আৰু আপোনাৰ মনেও তেওঁৰ সতেই এটা সম্পৰ্ক পুনৰ গঢ় দিবলৈ বিচাৰে৷  কিন্তু সাৱধান হব, পুনৰ অনুশোচনা কৰিব লগীয়া পদক্ষেপ হিচাবে যাতে প্ৰমাণিত নহয়৷


প্ৰেম..প্ৰেম...প্ৰেম....
২.আপোনাৰ প্ৰিয় বন্ধুৰ ভনীয়েকঃ
আপোনাৰ আটাইতকৈ ভাল বন্ধুজনৰ ভনীয়েকৰ সতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা নকৰাটোৱেই ভাল৷ মাত্ৰ আপোনাৰ বন্ধুৰ সতে বন্ধুত্বকেই ইতি পেলাব এনে নহয়, সম্পৰ্কত কিবা যতি বা বিঘিনি ঘটিব লাগিলে কোমল মনৰ ভনীজনীৰ মনত আঘাত দিয়াৰ বাবে আপোনাৰ বন্ধুৰ হাতৰ ঘোঁচা আপোনাৰ গালত পৰাৰ সম্ভাৱনাও প্ৰৱল
তাতে প্ৰেমৰ সম্পৰ্কত ধুমুহাটো আহিবই মাজে-সময়ে৷ গতিকে তেনে বেয়া ক্ষণত সেই বন্ধুৰ কান্ধত পৰি আপুনি উচুপিবওতো নোৱাৰিব! আৰু তেওঁ যে কথাবোৰ গম পালেও ভনীয়েকৰ ফলীয়া হৈয়েই মাত নিদিব, তাৰোতো কোনো ঠিকনা নাই ৷ সেয়ে প্ৰিয় বন্ধুৰ ভনীয়েকলৈ জন্মা সহজাত আকৰ্ষণক পাৰ্যমানে বাৰণ কৰক৷

৩. বদনামে চুই যোৱা নাৰীঃ

আপুনি জানে, এই নাৰীৰ সতে ডেটিং খুবেই মনোমোহা হব৷ আপুনি জানে বদনাম ওলোৱা কোনো নাৰীৰ সতে আপোনাৰ সম্পৰ্ক গঢ়াতো সহজ সাধ্য হব, আৰু সম্পৰ্কও হৈ উঠিব অতিশয় ৰঙীন আৰু মনোমোহা  কিন্তু পাছৰ জীৱনৰ সময়চোৱাত সদায়েই অনুশোচনা কৰাতকৈ আগতেই সাৱধান হোৱা ভাল৷ বিশেষকৈ এবাৰ চৰ্চালৈ অহা নাৰীৰ ওপৰত ৰাইজৰ সন্দেহী ধৰণৰ চকু থাকেই৷আপোনাৰ ৰমনীয় ভাৱনাক মনৰ পাখি গুজি দি গোটেই জীৱন যাতে তাৰ বাবে দুৰ্ভোগ ভূগিব লগা নহয়, সেই বিষয়ে সতৰ্ক হওক ৷ 
৪. সোণৰ মইনাৰ দৰে খৰচী নাৰী

আপুনি এইবিধ খৰচী নাৰীৰ পৰা আঁতৰতে থাকক, যদিহে আপোনাৰ পকেটৰ লগতে বেংক বেলেন্স শূণ্য কৰিব খোজা নাই৷ এইবিধ নাৰীয়ে আপুনি সকলোতে ৰহন সানি এক চিৰ ৰোমাণ্টিক পৃথিৱীত বাস কৰাটো আশা কৰে৷ পদে পদে আপোনাৰ ভুল ধৰিব, আপুনি অফিচতে বেছি সময় দিয়ে ধৰণৰ অভিমান কৰিব ৷ আপুনি যে দুয়োৰে সংসাৰ বা ভৱিষ্যত উজ্বল কৰিবলৈকেহে অফিচত গেবাৰি খাটিছে সেয়াও তেওঁ গুৰুত্বহীন যেন দেখুৱাব৷ 


কিন্তু ঘটনাটো সিমানতে শেষ নহয়, তেখেতৰ "ভাল বন্ধু" বোৰৰ উপদেশত তাই আপোনাক এনে এক অৱস্থালৈ লৈ যাব, যেন আপোনাৰ সৈতে বিৰক্ত হৈ হৈ তেওঁ আপোনাৰ সৈতে সম্পৰ্কটোৰ নিস্কৃতিহে বিছাৰিছে৷
৫. আপোনাৰ বন্ধুৰ প্ৰাক্তন প্ৰেমিকা
যদি আপুনি আপোনাৰ বন্ধুৰ সৈতে থকা বন্ধুত্বক কিছু সন্মান কৰে বা মূল্য দিয়ে, তেন্তে তেওঁৰ প্ৰাক্তন প্ৰেমিকাৰ সৈতে ডেটিঙলৈ যোৱাৰ কথা নভবাই ভাল৷ কাৰণ কথা বুলিলেই বতাহ, ই আপোনাৰ বন্ধু মহলৰ মাজত আপোনাৰ সুনামো নষ্ট কৰিব৷ যদি বন্ধুৱে এই ভাগি যোৱা সম্পৰ্কৰ পাছত কোনো নতুন সম্পৰ্কৰে জীৱনৰ বাটত আগুৱাই যোৱা নাই, তেন্তে আপোনাৰ সেই বন্ধুৰে যে সম্পৰ্ক শেষ হব সেয়া নিশ্চিত৷ আৰু আগতে যদিও আপোনাৰ তেওঁৰ প্ৰেমিকাৰ সৈতে কোনো সম্পৰ্ক নাছিল, তথাপি এতিয়া তেওঁ, তেওঁৰ সৈতে হোৱা মনোমালিন্যৰ আঁৰত আপুনি বা আপোনাৰেই অৰিহণা থকাৰ বুলি অংক কৰি পেলাব পাৰে৷ ফল হব পাৰে ভয়ানকো ৷

3 comments:

  1. 3rd one is really bad. One shouldn't write things like that here.

    ReplyDelete
  2. plz write some genuine creative articles.these are copied from the times of india

    ReplyDelete
  3. http://articles.timesofindia.indiatimes.com/2013-07-24/man-woman/34818105_1_sister-common-friends-good-friends

    ReplyDelete