লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য-ব্যংগৰে সত্যৰ সন্ধান)
১. "প্ৰাথমিক শিশু সুৰক্ষা আঁচনি"ত প্ৰতিখন বিদ্যালয়লৈ মধ্যাহ্ন ভোজন টেষ্ট কৰাৰ বাবে বিলাতী কুকুৰ যোগানৰ বিলাসী আঁচনি ঘোষণা৷ ১০০কোটি টকাৰে বিলাতৰ পৰা "ভোজন বিশেষজ্ঞ" কুকুৰ আমদানি আঁচনিক আদৰণি জনালে সদৌ অসমীয়া চৰকাৰী বিদ্যালয় অভিভাৱক সন্থাই ৷

২. এতিয়াৰ পৰা সুলভ মূল্যৰ দোকানত সুলভ দৰক উপলদ্ধ হব "পুষ্টিকৰ কীট-পতংগ"৷ মূল্যবৃদ্ধি ৰোধ তথা পুষ্টিহীনতা নিৰ্মূল এই দুয়োটা উদ্দেশ্য বিশ্বৰ প্ৰথমখন আঁচনি উদ্বোধন কৰিব ৰসাল গগৈয়ে ৷ চৰকাৰে অচিৰেই "পোক-পৰুৱা.কম" যোগে স্বাস্থ্যকৰ কীট-পত্ংগৰ ৰেছিপি উপলদ্ধ কৰিব বুলিও সূত্ৰত প্ৰকাশ ৷

৩. অফিচলৈ নোযোৱাকৈ দৰমহা লোৱা ক্ৰিক-বিকাশ বৰুৱাৰ নিলম্বনৰ আদৰণি জনালে ভেন্সাৰ স্কুল শিক্ষক সন্থাই৷ জীৱনটো দৈনিক স্কুললৈ গৈ এদিনৰো দৰমহা নোপোৱা এই শিক্ষক সকলে বৰুৱাক ছেকনীৰেহে এটা ভাল শিক্ষা দিব লাগে বুলি কৰিলে মন্তব্য ৷

৪. প্ৰধান মন সিঙে ধোঁৱাচাঙত তুলিলে নদীবান্ধৰ ওপৰত বিশেষজ্ঞৰ প্ৰতিবেদন, স্বাক্ষৰিত হ’ল ৩০হাজাৰ বিদ্যুত উৎপাদনৰ চুক্তি৷ ধোঁৱাচাঙ বোলা অসমীয়া সাংস্কৃতিক পৰম্পৰাক দিল্লীতো স্থাপন কৰা বাবে "অসম ৰত্ন" বঁটাৰ বাবে প্ৰধানৰ নাম ঘোষণা কৰাৰ যো-জা৷ অসমৰ হৈ এয়াহে যোগ্য প্ৰতিনিধিৰ কাম কৰিছে বুলি বাহ বাহ দিলে সচেতন মহলে ৷

৫. চৰকাৰী হস্পাতালৰ তেজ লৈ এইচ আই ভিত মৰাতকৈ এইচ আই ভি মুক্ত হৈয়ে স্বৰ্গলৈ যাবলৈ আহ্বান জনালে বেমাৰ-আজাৰ বিভাগৰ মন্ত্ৰীয়ে৷ তেখেত স্বৰ্গটো যি কেলেংকাৰী, এনে এইচআইভি তেজ দিয়া ৰোগী তালৈ পঠোৱা মানে স্বৰ্গকো নৰকত পৰিণত কৰাহে হব বুলি তেখেতে মত প্ৰকাশ কৰে৷ এনে কাম কৰি মহাপাপৰ ভাগী নকৰিবলৈ অসমীয়া ৰাইজলৈ সাষ্টাংগে প্ৰণিপাত জনাইছে৷

৬. সাত বছৰে নহ’ল মাধৱদেৱ কলাক্ষেত্ৰঃ দলৰ বিধায়কৰ কথা নামানে দলৰ মন্ত্ৰীয়ে৷ এইবাৰ বিক্ষুধ্ধ বিধায়কেও লাষ্ট গেটতে কেম্প কৰি প্ৰতিবাদ কৰিব বুলি সকিয়াই দিলে ভুইপেন বৰাই৷ বৰাই কয়, মন্ত্ৰী বুলিয়ে ইমান ভেম ঔ, ধৰ্ণা দি দিম গম পাব বাপ্পেক্কে!

৭. দোষী আৰক্ষীক ৰাইজে ফুলৰ মালাৰে আদৰিবলৈ গ’ল ফৰকাটিং থানাত৷ তাতো আৰক্ষীয়ে বাধা দিয়াত ৰাইজৰ খং উঠে আৰু অলপ উত্তম মাধ্যম শোধায়৷ এনেবোৰ ঘটনাৰে অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি কৰা বাবে গোলাঘটীয়া ৰাইজলৈ গৃহ সচিবে অভিনন্দন জনাইছে ৷

৮. বঙাইগাঁৱত অভিযন্তাৰ সতে যুৱতীৰ ৰাত্ৰিযাপনক সংবাদ শিৰোনামা বনোৱাক লৈ মুকলি মনৰ যুৱতী সন্থাই তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে৷ আত্ম-নিৰ্ভৰশীলতাৰ পথ বিচাৰি অৱশেষত  প্ৰলোভনত পৰা সৰল মনৰ অবোধ যুৱতীৰ সন্মানক লৈ সংবাদ মাধ্যমে খেলা কৰাটো কোনো পধ্যেই সহ্য কৰা নহব আৰু সেই উদ্দেশ্য বেলনা মাৰি লৈ সাংবাদিকজনৰ সন্ধানত নামি পৰা বুলি সূত্ৰই জনাইছে ৷

৯.নিচাযুক্ত টেবলেট সৰবৰাহ কৰা ম্যানমাৰৰ ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ টেবলেট জব্দ৷ সেই বাতৰি পাই অসমৰ নিচাকৰা যুৱক সংঘই সেই গুটি সুলভ মূ্যত যুৱক সংঘক প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইচে৷ এনে গুটি কিনিবলৈ কৰিবলৈ লগা কষ্ট, মূল্যবৃ্দ্ধি আদিৰ ফলত যুৱক সকল কিমান জুৰুলা হৈ পৰিছে সেয়া সহানুভূতিৰে অনুধাৱন কৰিবলৈকো চৰকাৰক আহ্বান জনাইছে৷

১০. নতুনকৈ ৪৫জন সশস্ত্ৰ যুৱকে কৰিলে আত্ম-সমৰ্পণ৷ তাকে দেখি গাঁৱে গাঁৱে আত্ম-সমৰ্পন কৰিবৰ বাবে প্ৰথমে কেনেকৈ বিপ্লৱী সংগঠনলৈ যাব পাৰি তাকে লৈ সৃষ্টি হৈছে আগ্ৰহৰ৷ প্ৰাক্তন বিপ্লৱী সন্থাক এই বিষয়ে এক গ্ৰীষ্মকালীন শিবিৰ পাতিবলৈকো অনুৰোধ জনোৱাৰ সুখৰ খবৰ৷ 

1 comment: