পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
কিষান উপাধ্যায়ৰ দ্যা লাষ্ট অৰেঞ্জ
১. চাৰিটা দশকৰ পাছত অসমত বিচাৰি পালে মাতৃকঃ তিনিখন দেশৰ পৰিভ্ৰমণ, অন্বেষণৰ এক সঁচা কাহিনীৰে কিষাণ উপাধ্যায়ৰ "The Last Orange" নামৰ গ্ৰন্থৰ উন্মোচনী আজি গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত৷ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰকাশ হৈছে গ্ৰন্থখন ৷ অসমীয়ালৈ অনুবাদ কৰিছে কবিতা দত্ত গোস্বামীয়ে, প্ৰকাশ কৰি উলিয়াইছে চন্দ্ৰ প্ৰকাশে ৷

২. বড়ো সাহিত্য সভাৰ নেতৃবৃন্দৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনাঃ জনজাতীয় ভাষাৰ বাবে হব সুকীয়া সঞ্চালকালয়, জনজাতীয় ভাষা সম্পৰ্কত গঠন হ’ল কেবিনেট উপসমিতি৷

৩. সত্ৰীয়া সংস্কৃতিক জীয়াই ৰখা তথা প্ৰসাৰতাৰ লক্ষ্যৰে মূৰ দাঙি উঠিছে পূৱ মাজুলী সংগীত মহাবিদ্যালয়ঃ সাংস্কৃতিক আগ্ৰাসন ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে শলাগনীয় পদক্ষেপ ৷

৪. অসম সাংস্কৃতিক সঞ্চালকালয়ৰ শলাগনীয় উদ্যমঃ মৰিগাঁৱৰ গেৰুৱাত অনুষ্ঠত কৰিলে বড়ো-তিৱা লোকনৃত্যৰ কৰ্মশালা, অংশগ্ৰহণ কৰিলে ১৮৫গৰাকী প্ৰশিক্ষাৰ্থীয়ে ৷

৫.  বিধান সভাত অন্তিমদিনা গৃহীত হ’ল গুটখা নিষিদ্ধকৰণ আৰু মহিলা বিশ্ববিদ্যালয় বিধেয়ক ৷

৬. ভাৰত-বাংলাদেশ গৃহ সচিবৰ অনুষ্ঠিত হ’ল বৈঠকঃ আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ প্ৰত্যৰ্পণৰ আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ খবৰ ৷

৭. ভোগেশ্বৰ বৰুৱা আৰু মনালিছা বৰুৱা মেহতাৰ নামত অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ত আসন সংৰক্ষণ কৰিবলৈ আহ্বান জনালে অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাইঃ লগতে ক্ৰীড়া নীতি কাৰ্যকৰী কৰিবৰ বাবেও জনালে আহ্বান৷

৮. টিংখাঙত চতুৰ্থ বাৰৰ বাবে আয়োজিত হৈছে লীলা মুণ্ডা সোঁৱৰণী সদৌ অসম ভিত্তিক মহিলা ফুটবল প্ৰতিযোগিতা অহা ২১জুলাইৰ পৰাঃ অংশগ্ৰহণ কৰিব মুঠ তেৰটা দলে ৷

৯. অইল-আইটা ছুপাৰ ছিৰিজ টেনিছৰ সামৰণিঃ পৰমবীৰ সিং, ৰিটৱিক চৌধুৰীয়ে কৰিলে শ্ৰেষ্ঠত্ব অৰ্জন ৷

১০. গ্ৰাম্য বৈদ্যুতিকীকৰণত অনিয়মৰ তদন্ত কৰিবলৈ মেম্বৰ গগৈৰ নেতৃত্বত গঠন হ’ল ১৫জনীয়া সদন কমিটি ৷

১১. চাইবাৰ আক্ৰমণ ৰুধিবলৈ সাজু মাৰ্কিন চাইবাৰ স্কোৱাড ৪০০০ লোকক সাজু কৰিছে পেণ্টাগনে ৷

No comments:

Post a Comment