পলকতে আজিৰ সুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে আজিৰ সুখৰ খবৰ

পলকতে আজিৰ সুখৰ খবৰ

Share This
সুখৰ খবৰঃ
১. নগাঁৱৰ চামগুৰিত সাংবাদিক সন্থাৰ উদ্যোগত আৰম্ভ হ’ল "জুবিন গাৰ্গৰ গীতৰ কৰ্মশালা"; স্বৰলিপিত হাত বুলালে জুবিনে, উৎসাহত গীত জুৰিলে খোদ মন্ত্ৰী ৰকিবুল হুছেইনে ৷ ৰাজ্যৰ শতাধিক সংগীত-শিল্পীয়ে কৰিলে অংশগ্ৰহণ৷

২. মুখ্যমন্ত্ৰীয়ে তৎকালীনভাৱে প্ৰাদেশিকীকৰণৰ অৰ্হতা স্বীকৃতিকৰণৰ পৰা দহবছৰ পৰা সাত বছৰলৈ কৰিবলৈ দিছিল নিৰ্দেশঃ প্ৰাদেশিকীকৰণ আইনৰ সংশোধনীয়ে সহস্ৰাধিক ভেন্সাৰ স্কুলৰ শিক্ষকলৈ আনিলে সুখৰ বতৰা ৷

৩. নৱ-নিৰ্বাচিত ৰাজ্য সভাৰ সাংসদ শান্তি-উজ কুজুৰে বিতৰণ কৰিলে দুখীয়া মেধাৱী ছাত্ৰী সকলৰ মাজত ১০০খন চাইকেল টংলাতঃ চাহ জনজাতি উন্নয়ন বিভাগে গ্ৰহণ কৰিছিল এই বিতৰণৰ ব্যৱস্থা ৷

৪. উত্তৰ-পূৱৰ ১২জন কলেজ অধ্যক্ষই ইউৰোপৰ পাঁচখন দেশত অনুষ্ঠিত হোৱা "শৈক্ষিক নেতৃত্বৰ আন্তঃৰাষ্ট্ৰীয় উচ্চ শিক্ষাৰ ডিপ্লমা" কাৰ্যসূচীত কৰি আহিল অংশগ্ৰহণঃ উত্তৰ পূৱৰ বিশ্ববিদ্যালয়ত "ইউনেস্ক আসন" প্ৰতিষ্ঠাৰ বাবে সংস্থাটো আগ্ৰহী বুলিও প্ৰকাশ কৰিলে তথ্য ৷

৫. আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষাৰ দ্বায়িত্বতত থকা সীমান্ত সীমা বলৰ স্বৰ্ণজয়ন্তী উপলক্ষে টংলাৰ ৰজাগড়ত দুখীয়া কৃষকলৈ বিতৰণ কৰিলে সা-সামগ্ৰীঃ কৃষি, পশুপালনৰ পৰা কম্পিউটাৰৰ ব্যৱহাৰকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত অনুষ্ঠিত কৰিলে প্ৰশিক্ষণ কাৰ্যসূচীও ৷

৬. পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ ১৩৫তম জন্মদিৱসঃ ৰাষ্ট্ৰীয় যুৱ সংঘ বঁটা বিজয়ী মৰিগাঁৱ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সৌজন্যত উদযাপিত হ’ল পঢ়ুৱৈ দিৱস ৰূপে ৷

৭. ৰঙিয়াত বান পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ গাঁওৰক্ষী বাহিনীক প্ৰশিক্ষণ দিব সেনা আৰু আৰক্ষীয়ে ৷

৮. অসমীয়া ৰমন্যাসিক যুগৰ অন্যতম শ্ৰেষ্ঠকবি তথা বনফুলৰ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ ৫০তম মৃত্যুবাৰ্ষিকী অনুষ্ঠিত কৰিব জন্ম ঠাই শিৱসাগৰত অহা ২০১৪চনত উলহমালহেৰেঃ "প্ৰতিপদ" নামৰ সংস্থাই লৈছে প্ৰশংসনীয় উদ্যোগ ৷

৯. ৰামপুৰৰ সাতপখলীত বালি শ্ৰমিক সন্থাই উদযাপন কৰিলে অষ্টম বৰ্ষৰ "ভেলদিয়া উৎসৱ", পাৰম্পৰিক নিয়মৰ মাজেৰে ভেল উটুৱালে কালি মন্দিৰ ঘাটতঃ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতাই ভাষণত ক’লে- "শ্ৰমিকৰ উন্নতি হ’লেহে হব সমাজৰ উন্নতি" ৷

১০. ধেমাজি জিলাৰ বৰদলনী সংগীত বিদ্যাপীঠত বৰগীত আৰু শংকৰী নৃত্যৰ কৰ্মশালা হৈছে আয়োজিতঃ ধেমাজিত উদযাপিত হৈছে চুকাফা বঁটাৰে সন্মানিত চিত্ৰশিল্পী পুষ্প গগৈদেৱৰ জন্মদিৱসো ৷

No comments:

Post a Comment