পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. গুৱাহাটীৰ ৰাজপথত প্ৰদূষণমুক্ত ই-ৰিক্সাঃ ৪জন আৰোহী যাব পৰা এই ৰিক্সাত যাব পৰা যাব ১০টকাতে ৮০কিল’মিটাৰ ৷

২. গাহৰিৰ পিআৰআৰএচ ভাইৰাছক লৈ বৈদ্যুতিন মাধ্যমত শংকা প্ৰকাশৰ পাছত পশুপালন আৰু পশু চিকিৎসা বিভাগে দিলে স্পষ্টীকৰণঃ এই ভাইৰাছ মানুহৰ দেহলৈ নহয় সংক্ৰমিত ৷

৩. চীনে সাজি উলিয়ালে ১০০মেগা পিক্সেল কেমেৰাঃ আই অ’ই-৩ কেনবেন নামৰ কেমেৰাটো বনাই উলিয়াইছে চাইনিজ একাডেমী অৱ চাইন্সেজৰ ইনষ্টিটিউট অৱ অপ্টিক্স এণ্ড ইলেক্ট্ৰনিক্সে ৷

৪. ডিব্ৰুগড় জিলাৰ লাহোৱালৰ নিৰঞ্জন পাইকলৈ ৰাজ্যৰ শ্ৰেষ্ঠ মীন পালকৰ বঁটাঃ ৪০বিঘা মাটিত মাছৰ পোনা উৎপাদনেৰে স্বাৱলম্বীতাৰ আদৰ্শ দেখুৱাইছে মীন পালকজনে৷

৫. শাস্ত্ৰীয় সংগীতৰ প্ৰতি নৱ-প্ৰজন্মক আকৰ্ষিত কৰিবলৈ "নাদ ভেদ" স্পিক-মেকেৰ উদ্যোগত আৰু দূৰদৰ্শন কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হব দেশজুৰি শাস্ত্ৰীয় সংগীতৰ প্ৰতিযোগিতাঃ পোনপটীয়া প্ৰচাৰ কৰিব দূৰদৰ্শনৰ ২০টা ক্ষেত্ৰীয় কেন্দ্ৰই, পৰিচালনা কৰিব শ্বাবনা আজমীয়ে৷

৬. উচ্চতম ন্যায়ালয়ে দিলে ঐতিহাসিক ৰায়ঃ অপৰাধী প্ৰমাণিত হোৱা ৰাজনীতিকক পবিত্ৰ সদনত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত জাৰি কৰিলে নিষেধাজ্ঞা ৷

৭. এচিড আক্ৰমণৰ পৰা প্ৰতিৰোধঃ বাংলাদেশৰ দৃষ্টান্ত লৈ এচিড বিক্ৰী বন্ধ কৰিবলৈ কেন্দ্ৰক পৰামৰ্শ দিলে নতুন দিল্লীত ন্যায়াধীশ আৰ এম লোধা খণ্ড ন্যায়পীঠে ৷

৮. কইনাধৰাত আছুৰ সৈতে বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰীঃ ছেবাৰ অধ্যক্ষক যাবলৈ ক’লে বাধ্যতামূলক ছুটীত ৷ দুখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰে ছেৱাৰ সংস্কাৰ প্ৰসংগত গঠন কৰি দিলে সমিতি ৷

৯. ধেমাজি জিলা সাংবাদিক সন্থাৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনঃ গ্ৰাম্য সমাজৰ বিকাশৰ বাবে অৰিহণা যোগোৱাৰ বাবে সাংবাদিক জীৱন কোঁৱৰক প্ৰদান কৰে হৰিৰাম খাণ্ডেলিয়া বঁটা ৷ মুখপত্ৰ "কৰেছপণ্ডেণ্ট"ৰ লগতে উন্মোচিত হয় "আপোচহীন সংগ্ৰামী কীৰ্তিকমল গগৈ" শীৰ্ষক জীৱনী গ্ৰন্থখনো ৷

১০. পুনৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰীয়েঃ ছিণ্ডিকেটৰ বিৰুদ্ধে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা, বিত্ত বিভাগৰ কৰফাঁকি বিষয়ত ঘোষণা কৰিলে তদন্ত৷

১১. ৰাষ্ট্ৰীয় মীন দিৱসত মুখ্যমন্ত্ৰীঃ অসমত মৎস্য উৎপাদনত আধুনিক পদ্ধতি ব্যৱহাৰ কৰাত কৰিলে গুৰুত্ব আৰোপ ৷

১২. নলবাৰীত কৰুণাকান্ত শৰ্মা কনিষ্ঠ কণ্যা মহাবিদ্যালয়ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপনঃ সমল ব্যক্তিৰ বক্তব্যৰ লগতে পৰিবেশত হয় ৰাভা, জ্যোতি আৰু ভূপেন্দ্ৰ সংগীতো ৷

১৩.  পশ্চিমবংগৰ নেন’ কাৰখানাৰ বাবে অধিগ্ৰহণ কৰা চিংগুৰৰ ভূমি কৃষকক ঘূৰাই দিবলৈ টাটাক পৰামৰ্শ দিলে উচ্চতম ন্যায়ালয়ে৷

১৪. আজি বিশ্ব জনসংখ্যা দিৱসঃ আকাশবাণী গুৱাহাটীয়ে আয়োজন কৰা ফোন-ইন-অভমত অনুষ্ঠানত উপস্থিত থাকিব অধ্যাপক ডাঃ ইলিয়াছ আলী আৰু ডাঃ স্বপ্না কাকতি, সন্ধিয়া ০৯৩০ বজাত ২৬৬১৮৭৬ ফোন নম্বৰত শ্ৰোতাই কৰিব পাৰিব প্ৰশ্ন ৷

১৫. বুদ্ধগয়াৰ মহাবোধিত বোমা দিওঁতাৰ সম্ভেদ দিওতালৈ ১০লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিলে কেন্দ্ৰীয় অনুসন্ধান সংস্থাই ৷

চিন্তনীয় বাতৰিঃ
১. বাতৰি কাকতৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিলে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষইঃ সাংবাদিক-মহাবিদ্যালয় কৰ্তৃপক্ষৰ মাজত হোৱা সংঘাত অৱসানৰ সম্ভাৱনা প্ৰকাশ ৷

২. বিজেপিয়ে লৈছে গণভিত্তি শক্তিশালীকৰণত বিশেষ উদ্যোগঃ লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে অকলেই যুঁজিব বুলি প্ৰকাশ কৰিলে সৰ্বানন্দ সোনোৱালে৷

৩. পৃথক বড়োলেণ্ড অবিহনে ক্ষান্ত নহয় এন ডি এফ বি প্ৰগতিশীলঃ স্পষ্ট কৰি দিলে বি সৌমখৌৰে ৷

৪. ঝংকাৰ হত্যাৰ পাঁচ অভিযুক্তক বিচাৰি পোৱা নাই আৰক্ষীয়েঃ প্ৰতিবাদী জনতাৰ ক্ষোভত ডিফুত অনিৰ্দিষ্ট কাললৈ বন্ধ অব্যাহত ৷

৫. পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত তেৰ পৃষ্ঠা তথ্যৰ মূল্য নগদ এহেজাৰঃ আৰ টি আইলৈ বুঢ়া আঙুলি দেখুৱাৰ খবৰ৷

৬. মৰিগাঁৱত কৃষি বিভাগে যোগান ধৰা উন্নতমানৰ বড়ো ধানৰ পৰা উৎপাদন হ’ল পতানঃ সৰ্বত্ৰ প্ৰতিক্ৰিয়া ৷

৭. দিল্লী গণ ধৰ্ষণৰ ঘটনাৰ কিশোৰ অপৰাধীৰ আজি জুভেনাইল কৰ্টত ৰায়দানঃ পৰিয়াল আৰু গাঁওবাসীয়ে কৰিলে পৰিত্যাগৰ ঘোষণা, নিপীড়িতৰ পিতৃয়ে কৰিলে ফাঁচীৰ দাবী ৷

৮. নতুন আই আই টিক কৰিব পৰা নাই ভৰসাঃ প্ৰাৰ্থীৰ অনিশ্চাত খালী হৈ ৰ’ল আঠশৰো অধিক আই আই টিৰ ছীট, প্ৰথমটো কাউন্সেলিঙত ৷

৯. জম্মু-কাশ্মীৰৰ সচিবালয়ত লাগিল জুইঃ বহুতো গুৰুত্বপূৰ্ণ ফাইল জ্বলি যোৱাৰ সম্ভাৱনা৷

১০. টকাৰ মূল্য আৰু হব অৱনমিতঃ অৰ্থনীতিবিদৰ আশংকা ডলাৰে প্ৰতি সত্তৰ টকালৈ নামিব টকা ৷

No comments:

Post a Comment