Thursday, July 11, 2013

সম্পাদকলৈ ৰাইজৰ চিঠিঃ

মাল্টিপ্লেক্সত "বান্ধোন" : এগৰাকী সাধাৰণ দৰ্শকৰ অনুভৱ......
আজি বহু বছৰে অসমীয়া চিনেমা চোৱা নাই হোৱা কেতিয়াবা হয়তো সময় মিলাব নোৱাৰি নাইবা কেতিয়াবা মন পছন্দৰ নহয় বাবে। শেষ অসমীয়া চিনেমা "হিয়া দিয়া নিয়া" খনেই চোৱা মনত আছে। পিছে আন ভাষাৰ চিনেমা এখন চোৱাৰ সময়ত বাৰে বাৰে ভাল অসমীয়া চিনেমা এখন চাবলৈ হেপাহ জাগি আহে। মাজে মাজে অসমীয়া জাতীয়তাবাদৰ সোঁতত আমাৰো উটিবলৈ মন যায়তো!

অলপতে জাহ্নু বৰুৱাৰ কথাছবি বান্ধোন দেশৰ বিভিন্ন মহানগৰত দেখুওৱাৰ ব্যৱস্থা কৰা হৈছে বুলি গম পালো। অসমীয়া চিনেমা তাতে মুম্বাইত!! কিমান যে ভাল লাগিল। যদিও দেওবাৰে চাবলৈ যাম বুলি পাঙি আছিলো, তথাপি দেওৰৰ কথামতে সপৰিয়ালে একেলগে চাবলৈ ওলালো। একেবাৰে মূৰা-মূৰি সময়ত গৈ টিকট সংগ্ৰহ কৰি ৩ নং প্ৰেক্ষাগৃহৰ ফালে আগবাঢ়িলো। সোমাই যাওঁতে মনতে ভাবিলো দৰ্শক চাগে' অলপ হৈছে, আমিহে দেৰিকৈ আহিছো। কিন্তু এয়া কি? নিজৰ আসনৰ ফাললৈ গৈ আছো ... সমুখৰ আসনবোৰ চোন খালী। মনতে আকৌ এবাৰ ভাব হল অকল আমি কেইটা হে চিনেমা বলিয়া ওলালো নেকি! পিছত যেনিবা আমাকে ধৰি ২৩ জনমানে উপভোগ(?) কৰিলো চিনেমাখন।

চিনেমাখনৰ আৰম্ভনিৰ পৰা মধ্যবিৰতিলৈ কেৱল এহাল বৃদ্ধ-বৃদ্ধাৰ দৈনন্দিন খুঁট-খাটৰ আধাৰত 'ডিৰ্ভোচ' হ'ব নে নহ'ব সেইতো চলিল, বিৰতিৰ পিছত তেওঁলোকৰ মুম্বাইত পঢ়ি থকা নাতি ল'ৰাটো ২০০৮ চনৰ ২৬ নবেম্বৰত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ'ল। সেই বৃদ্ধ-বৃদ্ধাহালৰ পুতেক-বোৱাৰীয়েকৰ আগতেই মৃত্যু হয় বুলি তেওঁলোকেই উল্লেখ কৰিছিল আৰু শেষ ভৰষা নাতি ল'ৰাটোও এই সংসাৰৰ পৰা গুছি গল। কিন্তু মোৰ বোধেৰে কথাছবি আৰু উপভোগ্য কৰি তোলাৰ থল আছিল। নিজন ঘৰখনত পুত্ৰ-বোৱাৰীৰ অবৰ্তমানত কিদৰে ঘৰখন আৰু বৃদ্ধহালৰ মন সজীৱ কৰি ৰাখিব পাৰিছিল তেনে দৃশ্য এটা সংযোজন কৰা হলে আৰু ভাল লাগিলহেঁতেন। আৰু লগতে পুত্ৰ-বোৱাৰীক কি দৰে হেৰুৱাব লগীয়া হ'ল সেই দৃশ্যাংশও দেখুৱাব পাৰিলেহেঁতেন। ছুটি ছবিৰ লেখীয়াকৈ মাত্ৰ কেইটামান চৰিত্ৰ লৈ কথাছবিখনক পূৰ্ণতা দিব পৰা নগ'ল যেন লাগিল, কিবা এটা যেন থাকি গ'ল থাকি গ'ল লাগি থাকিল মোৰ মনত।

অভিনয়ৰ দিশত চাবলৈ গলে বিষ্ণু খাৰঘৰীয়াৰ নামেই প্ৰথমে লব লাগিব, তেখেতৰ অভিনয় মনপৰশা, লগতে বীণা পটংগীয়াৰ অভিনয়ো শলাগ লবলগীয়া। যতীন বৰাৰ অভিনয়ত অলপ জঠৰতা থকা যেন লাগিল। আনফালে জেৰিফা ৱাহিদৰ চৰিত্ৰটোৰ বিশেষ প্ৰয়োজন নাছিল বুলি মোৰ মনে ধৰে। জাহ্নু বৰুৱাৰ চিনেমা আছিল বাবেই নেকি আমি আৰু বেছি আশা কৰিছিলোঁ যেনহে নিজৰ ধাৰণা হ'ল।

No comments:

Post a Comment