পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰ
১. আজিৰ পৰা পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত আৰম্ভ হব শান্তি আলোচনাঃ ১০৪জন পেলেষ্টাইনী কাৰাবন্দীক মুকলি কৰি দিবলৈ ৰাজী হৈছে ইজৰাইল প্রশাসন৷
ক্ৰীড়াংগনলৈ অহা দুগৰাকী আলহীক  উভতালো
বোমাৰ আঘাতেৰে...... 
বিমানেৰে ঘৰ উভতাৰ পথত পশ্চিম বংগৰ ছাত্ৰী

২. ৰাজ্যসভাৰ উপ-সভাপতিৰ পেনেলত অন্তৰ্ভুক্ত হ’ল এজন অসমীয়াঃ ২৫জুলাইৰ কৰা কাৰ্যকৰী কৰি হোৱাকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্য-সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ নামত অনুমোদন দিলে উপ-ৰাষ্ট্ৰপতিয়ে৷

৩. পৃথক তেলেংগানা ৰাজ্যৰ প্ৰসংগত আজি কংগ্ৰেছৰ দলীয় সিদ্ধান্তঃ হায়দৰাবাদক কেন্দ্ৰীয় শাসিত অঞ্চল কৰাকলৈ চলিছে জল্পনা-কল্পনা ৷

৪. ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিৰ আধাৰত মৰিশালিত বাস কৰিবলৈ বাধ্য হোৱা এইডছ আক্ৰান্ত পাঁচটি শিশুক আশ্ৰয় স্থল দিবলৈ ওলাইছে উত্তৰ প্ৰদেশ চৰকাৰেঃ প্ৰতাগড় নামৰ ঠাইত ২৫০বৰ্গমিটাৰ চৰকাৰী ভূমিত এটা ঘৰ
আৰু পাঁচ লাখ টকাৰ অৰ্থ সাহাৰ্যৰ কৰিলে ঘোষণা৷

৫. শোণিতপুৰ জিলা সাহিত্য সভাই গ্ৰহণ কৰিছে ইতিবাচক পদক্ষেপঃ "শোণিতপুৰ জিলা লেখক কোষ" আৰু "অসম সাহিত্য সভাৰ শোণিতপুৰ জিলা আজীৱন সদস্য কোষ" নামৰ জীৱনীপঞ্জীকে ধৰি  মুঠ পাঁচখনকৈ গ্ৰন্থ প্ৰকাশৰ বাবে আৰম্ভ কৰিছে প্ৰস্তুতি৷

৬. বকোত জৱাহৰ লাল নেহৰু মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান অহা ৩ আগষ্টতঃ "বিশ্বায়ন, শিক্ষাৰ ব্যক্তিগতকৰণ, বাণিজ্যিকীৰণ আৰু আমাৰ ভৱিষ্যত প্ৰজন্ম" শীৰ্ষক জনপ্ৰিয় বক্তৃতানুষ্ঠান হব অনুষ্ঠিত ৷

৭. ওদালগুৰিত কেচম উৎপাদকৰ সজাগতা সভাত অংশ গ্ৰহণ কৰিলেহি কেন্দ্ৰীয় ৰেচম সঞ্চালক ডঃ কে গিৰিধৰেঃ দেশৰ ভিতৰতে ওদালগুৰিৰ ৰেচম উন্নতমানৰ হবই বুলি প্ৰকাশ কৰিলে আশা৷

৮. অসম সাহিত্য সভাৰ কেন্দ্ৰীয় তত্ব গৱেষণা সংস্থাই ৰামদিয়াস্থিত বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ত আয়োজন কৰিছে কৰিছে এক আলোচনা সত্ৰৰঃ "বিশ্বায়নৰ যুগত প্ৰত্যাহ্বানৰ সমুখত অসমৰ লোক-উৎসৱ" বিষয়ত৷

৯. খাৰুপেটীয়াতো উদযাপিত হ’ল ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা পষেকঃ "সৰু পৰিয়াল সুখী পৰিয়াল" শ্লোগানেৰে পোনপটীয়া কথা-বতৰাৰে চিকিৎসকে প্ৰদান কৰিলে পৰামৰ্শ, লগতে প্ৰদৰ্শিত হ’ল সজাগতা সৃষ্টিৰ বাবে বাটৰ নাটো৷

১০. পাঠশালাত জনস্বাস্থ্য বিভাগত উঠা দুৰ্নীতিৰ বিৰোদ্ধে দল সংগঠনৰ প্ৰতিবাদত সেও মানিবলৈ বাধ্য হ’ল বিভাগঃ নিম্নমানৰ কামৰ বাবে মুঠ ছয় বিষয়া কৰ্মচাৰীক কৰিলে নিলম্বন৷

১১. হাওৰাঘাটত উন্মোচিত হ’ল লক্ষেশ্বৰ নাথৰ প্ৰৱন্ধ সংকলন- "এগৰাকী অসাধাৰণ মানুহ-জয়ছিং দলৈ" ৷

চিন্তনীয় খবৰঃ
১. গুৱাহাটীত খেলিবলৈ আহি বিস্ফোৰণৰ স্মৃতি তথা আঘাত লৈ বিমান পথেৰে উভতিল পশ্চিম বংগৰ ছাত্ৰীঃ জি এম চিত বাকী আহত সকলৰ চলিছে চিকিৎসা৷

২. বিস্ফোৰণৰ পাছত নাৰংগীৰ সেনা ছাুনিত ইউনিফাইড কামণ্ডৰ বৈঠকঃ অস্তিত্ব জাহিৰ কৰিবলৈকে আলফাৰ কূটাঘাত বুলি ক’লে মুখ্যমন্ত্ৰীয়ে৷

৩. এইবাৰ উগ্ৰপন্থীৰ লক্ষ্য হেনো তেজপুৰঃ সংবাদ মাধ্যমৰ বাতৰিত আতংকিত তেজপুৰবাসী ৷


৪. চাৰি আগষ্টত কোকৰাঝাৰত বিশাল গণ সমাবেশঃ তেলেংগানা হ’ল যেতিয়া বড়োলেণ্ড নহব কিয় বুলি প্ৰশ্ন কৰিলে হাগ্ৰামা মুহিলাৰীয়ে৷ 

No comments:

Post a Comment