পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ মিথানল, এচিটিক এচিড প্ৰকল্পঃ বিনিয়োগৰ বাবে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নেতৃত্বত অহা দেশৰ আগশাৰীৰ বেংক সমূহৰ সৈতে চুক্তি সম্পাদন ৷ অইল, অসম গেছ কোম্পানী আৰু এ আই ডি চিয়ে কৰিব ৩৯৩ কোটিৰ বিনিয়োগ আৰু বাকী ৬৩৫কোটিৰ বিনিয়োগ কৰিব বেংকিং চেক্টৰে ৷ ৰাজহুৱা খণ্ডত এনে প্ৰশংসনীয় বিনিয়োগৰ বাবে সচেতন অসমীয়াই কৰিলে সন্তোষ প্ৰকাশ ৷

২. ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ভাৰতৰ বাবে একমাত্ৰ কাম কৰিব লগা নেভিগেচন চেটেলাইট সফলতাৰে উৎক্ষেপন কৰাৰ সুখৰ খবৰ৷

৩. মহিন্দ্ৰাৰ নতুন উপহাৰঃ ১০খনকৈ ভাৰতৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত স্কুটাৰ আৰু মটৰ চাইকেলেৰে প্ৰতিযোগী কোম্পানীলৈ আগবঢ়াব প্ৰত্যাহ্বান ৷

৪. ডলাৰৰ বিপৰিতে টকাঃ আগবেলাৰ বজাৰত ২৯ পইচা উৰ্ধগামী হ’ল টকাৰ মূল্য ৷

৫. সুজাতা সিঙ হব ভাৰতৰ পৰবৰ্তী বৈদেশিক সচিবঃ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দিলে অনুমোদন ৷

৬. বন মহোৎসৱত বন মন্ত্ৰীৰ ঘোষণাঃ চলিত বৰ্ষত চাৰি হাজাৰ হেক্টৰ ভূমিত কৰা হব বনানীকৰণ, তিনি কোটি গছপুলি ৰোপনৰ বাবে লোৱা হৈছে আঁচনি ৷

৭. অহা ২০ অক্টোবৰৰ পৰা অনুষ্ঠিত হব "মৌচাক" বৃত্তি পৰীক্ষাঃ মৌচাক প্ৰকাশনৰ উদ্যোগত হব লগা পৰীক্ষাত অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰে তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী সকলক সামৰি লোৱা হব ৷

৮. গোলাঘাটৰ গলুংটেমেৰাত পাঁচ যুৱকে গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপঃ পঞ্চাশ বিঘা মাটিত কুঁহিয়াৰ খেতিৰে গুড় উৎপাদনৰ লক্ষ্যৰে কাঢ়িলে সচেতন ৰাইজৰ দৃষ্টি ৷

৯. গুৱাহাটী টাউন ক্লাৱ ডবা ফাউণ্ডেচনৰ পৰা অৰ্ণৱ পাঠক নিৰ্বাচিত হৈছে ৰাষ্ট্ৰীয় ডবালৈঃ পুডুচেৰীত এই প্ৰতিযোগিতাত অসমৰ একমাত্ৰ প্ৰতিনিধি ৰূপে অংশ লব অনুৰ্ধ ১৩ ৰাষ্ট্ৰীয় ডবা চেম্পিয়নশ্বিপত ৷

১০. অসম টেবুল টেনিছ সন্থাই আয়োজন কৰিছে আজিৰ পৰা এক এডভান্স টেবুল টেনিছ প্ৰশিক্ষণৰঃ প্ৰশিক্ষক হিচাবে অংশ লৈছে আন্তঃজাতিক খ্যাতিৰ প্ৰশিক্ষক উত্তৰ কোৰিয়াৰ ছান হান কিম ৷ পোন্ধৰ দিনীয়া এই প্ৰশিক্ষণত ৫০গৰাকীৰো অধিক উদীয়মান খেলুৱৈৱে ভাগ লোৱাৰ উৎসাহজনক খবৰ ৷

১১. এছিয়ান এথলেটিকছ এচ’চিয়েচনৰ নিৰ্বাচনত মুৰব্বী ৰূপে জয়ী হ’ল কাটাৰৰ বিগ্ৰেডিয়াৰ হামিদঃ পৰাজিত কৰিলে কেলেংকাৰীৰ বাবে অভিযুক্ত ভাৰতীয় ৰাজনৈতিক নেতা তথা ক্ৰীড়া প্ৰশাসক সুৰেশ কালমাদীক ৷

১২. অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰলৈ আহিব বোৱাৰীঃ বৃটিছ জীয়ৰীক বোৱাৰী কৰাৰ বাবে লণ্ডন ভ্ৰমণতে অভিভাৱকৰ সৈতে কথা বতৰা পাতিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ অহা শৰততে এই বিয়াৰ আয়োজন হোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ পালে সংবাদ মাধ্যমত ৷

চিন্তনীয় খবৰঃ
১. উত্তৰাখণ্ডৰ ট্ৰেজেদীয়ে সলনি কৰিছে তীৰ্থযাত্ৰীৰ বিশ্বাসঃ তীৰ্থযাত্ৰীয়ে পুনৰ কেতিয়াও নহাৰ বাবে খালে শপত৷ ৰাজ্যৰ পৰ্যটন উদ্যোগৰ প্ৰতি অশুভ সংকেত ৷

২. নেশ্বনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ প্ৰতিবেদনঃ অফৰাধমূলক ঘটনাত অসম দেশৰ ভিতৰতে শীৰ্ষত ৷

৩. পুনৰ বিতৰ্কৰ মাজলৈ জুবিন গাৰ্গঃ অধিবক্তাৰ পুত্ৰক শাৰিৰীক ভাৱে আক্ৰমণ কৰাৰ বাবে দুটাকৈ গোচৰৰ সন্মুখীন ৷

৪. গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱাত অঘটনঃ লুইতৰ সোঁতে উটুৱাই নিলে দুখনকৈ জাহাজ, কথমপি প্ৰাণ ৰক্ষা ছকুৰি যাত্ৰীৰ ৷

৫. বন্যপ্ৰাণী সুৰক্ষাৰ নামত ৪৬.৫৩কোটি টকা অপব্যৱহাৰৰ অভিযোগে পালে সংবাদ শিৰোনামা৷

৬. অগপৰ ভিতৰুৱা ধুমুহা অব্যাহতঃ মুখ খুলি বৃন্দাবন গোস্বামীয়ে ক’লে- প্ৰাণৰ আশংকা আৰু মানসিক দ্বন্দ্বৰ বাবেহে মনে মনে আছে ৷

৭. প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে পাঁচ কোটি টকাৰ মানহানিৰ গোচৰ তৰিলে পদ্ম হাজৰিকাইঃ দলীয় কৰ্মীক অপমান কৰাৰ তুলিলে অভিযোগ, প্ৰতিপক্ষই মানসিক ভাৰসাম্য হেৰুৱাইছে বুলি দিলে আখ্যা ৷

৮. ডিফুত অটোচালকৰ সৈতে ভাৰাক লৈ হোৱা বাদানুবাদৰ ফলত উদণ্ড অটোচালকৰ আক্ৰমণত নিহত হ’ল ছাত্ৰঃ 
দহ টকাৰ বাবে প্ৰাণ যোৱা ঝংকাৰ শইকীয়াৰ কৰুণ মৃত্যুক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া, ডিফু-বকলীয়াত বন্ধ পালন ৷

৯. কেইবাকোটি টকা ব্যয় কৰাৰ পিছতো নপৰিলে এচপৰাও ইটাঃ ভাৰাঘৰতে আৰম্ভ হ’ল ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম ৷

১০. সদৌ অসমীয়া ঐক্য মঞ্চৰ ৩৭ঘণ্টীয়া বন্ধত স্তব্ধ বিটিএডিৰ জনজীৱন ৷

১১. নাজিৰা মহকুমাৰ ৰাজহ বিভাগত ব্যাপক কেলংকাৰীৰ অভিযোগঃ মৃত্যুৰ ভুৱা প্ৰমাণ-পত্ৰৰে ভূমি হস্তান্তৰৰ ঘটনা আহিল পোহৰলৈ ৷

১২. জেনেৰেটৰ অপাৰেটৰে তেজ পৰীক্ষা কৰি চলাইছে গোৱালপাৰাত অসামৰিক চিকিৎসালয়ঃ ৰক্তৰ বেহাৰ নতুন ভয়ংকৰ তথ্য উদঙালে সংবাদ মাধ্যমে ৷

No comments:

Post a Comment