প্ৰৱন্ধঃ (গ্ৰন্থ সমালোচনা) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ (গ্ৰন্থ সমালোচনা)

প্ৰৱন্ধঃ (গ্ৰন্থ সমালোচনা)

Share This
মন-মগজুক শিহৰিত কৰি যোৱা এখন উপন্যাস
তেজে ধোৱা সময়

-অনামিকা বৰুৱা
পন্যাস: তেজে ধোৱা সময়

লেখক: ভৃংগেশ্বৰ শৰ্মা

প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০১২ খ্ৰীঃ
মূল্য: ২৫০/- টকা
ISBN: 978 93 82726 00 5

লেখকৰ মতে—“১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসমত যি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ আন্দোলন বা চমুকৈ ”অসম আন্দোলন” হৈছিল, সেই অসম আন্দোলনৰ পৰা আমি কি পালোঁ বা কি হেৰুৱালোঁ, সেয়া এক অন্য বিষয়| কিন্তু সেই অসম অন্দোলনে যে অসম আৰু অসমীয়া জাতিক জোকাৰি গৈছিল, সমগ্ৰ দেশৰ লগতে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল, সেই কথাত কাৰো দ্বিমত থাকিব নালাগে|

সেই ঐতিহাসিক, ঘটনাবহুল ছবছৰীয়া অসম আন্দোলনৰ ভেটিত এখন কালজয়ী উপন্যাস সৃষ্টি হ’ব লাগিছিল, হোৱাৰ থল আছিল| কিন্তু নহ’ল|

মোৰ আক্ষেপ, প্ৰায় তিনিটা দশকৰ পাছতো সেই ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত তথ্যসমৃদ্ধ এখন কালজয়ী উপন্যাস সৃষ্টি কৰিবলৈ আমাৰ কোনো লেখক, সাহিত্যিক আগবাঢ়ি নাহিল| সেই আক্ষেপৰে ফল ’তেজে ধোৱা সময়’|”

থূল-মূলকৈ এইয়ে উপন্যাসখনৰ উপজীব্য| এটা সৰু পৰিয়ালৰ আলম লৈ উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে| কিন্তু পঠন-পৃষ্ঠাৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগেই কাহিনীয়ে যিদৰে মন-মগজুক শিহৰিত কৰি যায় সেইয়া লক্ষণীয়|

…..পঢ়াৰ প্ৰতি খুব হেঁপাহ বিশ্বনাথৰ| পঢ়াত ভালো আছিল সি| কিন্তু ককায়েক ডিম্বেশ্বৰৰ মুঠেই ৰাপ নাছিল পঢ়াত| ফলত দুশ্ৰেণীমান পঢ়িয়েই ডিম্বেশ্বৰে পঢ়ালৈ পিঠি দি খেতি-খোলাত লাগিল আৰু বিশ্বনাথে পঢ়াত ভাল ফল দেখুৱাই এদিন গাঁৱৰে মৌজাদাৰ সৰু পুতেক মন্মথ চৌধুৰীৰ সহযোগত গুৱাহাটীলৈ গৈ চাকৰিও কৰেগৈ| সময়ত নিজে পছন্দ কৰা ধৰণী মাষ্টৰৰ কন্যা সাৱিত্ৰীৰ সৈতে বিয়াত বহে বিশ্বনাথে| সাৱিত্ৰীও এম ই পাছ আছিল| সেই সময়ত ছোৱালীয়ে বেছি পঢ়া-শুনা নকৰিছিল কাৰণেই সাৱিত্ৰীৰো আৰু পঢ়া নহ’ল| পিচত দুই পুত্ৰ কমল আৰু জয়ন্তৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই বিশ্বনাথে তেওঁৰ সৰু পৰিয়ালটোকো গুৱাহাটীলৈ লৈ আনে| পঢ়াত চোকা কমলে মাদ্ৰাজলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গুচি যায়| জয়ন্তয়ো সুখ্যাতিৰে মেট্ৰিক পাছ কৰাৰ পিচত কটন কলেজৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰিছিল| জয়ন্তৰ কটনত দুমাহমান যোৱাৰ পাছতেই অসম অন্দোলনৰ বতাহজাক লাহে লাহে বলিবলৈ আৰম্ভ কৰিছিল| ক্লাছ বন্ধ হৈছিল, শ্ৰেণী বৰ্জন হৈছিল, অ’ত ত’ত সভা-সমিতি হৈছিল, পিকেটিং হৈছিল, কৰ্মচাৰীৰ অসহযোগ কাৰ্যসূচী ৰূপায়ণ আদি হৈছিল|

কেইমাহমান আগৰ পৰাই সিহঁতে কাগজে-পত্ৰই কিছুমান কথা শুনিবলৈ পাইছিল| বহিৰাগত, বিদেশী আদি শব্দবোৰ সিহঁতে নতুনকৈ শুনিবলৈ পাইছিল| সিহঁত তেতিয়া চেঙেলীয়া| এনেবোৰ কথাই সিহঁতক বিশেষ আকৰ্ষণ কৰিব পৰা নাছিল| বন্ধ হ’লে, ক্লাছ-পাতি নহ’লে সিহঁতে ভাল পাইছিল| প্ৰথম অৱস্থাত জয়ন্তহঁতে কিছুমান সংগঠনৰ নাম শুনিছিল-পূৰ্বাঞ্চলীয় লোক পৰিষদ, চমুকৈ পি এল পি, অসম জাতীয়তাবাদী দল ইত্যাদি| এই সংগঠনবোৰে অ’ত ত’ত সভা-সমিতি পাতি মানুহক বহিৰাগত, বিদেশী নাগৰিক আদিৰ বিষয়ে বুজাইছিল| লাহে লাহে ক’ব নোৱাৰাকৈয়ে যেন এটা আন্দোলনে গা কৰি উঠিবলৈ ল’লে| আন্দোলনটো লাহে লাহে তীব্ৰৰ পৰা তীব্ৰতৰ হৈ আহিল| আন্দোলনৰ মূল চালিকা শক্তি হৈ পৰিল সদৌ অসম ছাত্ৰ সন্থা| ছাত্ৰ সন্থাৰ এটা মাত্ৰ নিৰ্দেশত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিল| ছাত্ৰ-ছাত্ৰীয়ে স্কুল-কলেজ বৰ্জন কৰিলে, কৰ্মচাৰীয়ে অফিচ বৰ্জন কৰিলে| বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচীত গোটেই অসমীয়া ৰাইজ যেন ব্যস্ত হৈ পৰিল|

আন্দোলনৰ সকলো কাৰ্যসূচীত জয়ন্ত প্ৰত্যক্ষভাবে জড়িত হৈ পৰিল| জয়ন্তই আন্দোলনটোৰ বিষয়ে, অসমীয়া আৰু অসমীয়া জাতিৰ লগত জড়িত হৈ থকা অতীত বুৰঞ্জী জানিব খুজিলে| জানিব খুজিলে বিদেশী অনুপ্ৰৱেশৰ কথা, বিদেশী সমস্যাৰ লগত জড়িত হৈ থকা অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক সমস্যাসমূহৰ কথা| জয়ন্তৰ জৰিয়তে পাঠকে জানিবলৈ পাব কিদৰে এসময়ৰ স্বাধীন অসম গৈ ভাৰতৰ অংগ ৰাজ্য হ’ল| ইয়াণ্ডাবু সন্ধিৰ ইতিহাস আৰু তাৰো আগৰ অসমৰ পৰিবেশ| কি আৰু কেনে পৰিস্থিতিত ছশ বছৰীয়া আহোম ৰাজত্বৰ অন্ত পৰিল| দেশত অৰাজকতাৰ সুবিধা লৈ কিদৰে অসম আৰু অসমীয়াৰ ভাগ্যচকৰি ওলোটাপাকে ঘূৰিবলৈ ধৰিলে|

আঞ্চলিক ৰাজনীতিৰ আদৰ্শ আগত ৰাখি ১৯৭৭ চনত আত্মপ্ৰকাশ কৰিছিল পি এল পিয়ে| ইয়াৰ নেতা আছিল নিবাৰণ বৰা| ১৯৭৮ চনত নগেন হাজৰিকাৰ নেতৃত্বত গঠন হৈছিল অসম জাতীয়তাবাদী দলৰ| বিদেশী বহিষ্কাৰ আন্দোলনৰ বীঁজ সিঁচিছিল এনেবোৰ আঞ্চলিক দলেই| ১৯৭৯ চনৰ ২৭ আগষ্টত ডিব্ৰুগড়ৰ কানৈ কলেজত এখন সভা অনুষ্ঠিত হ’ল| তাত আছুকে ধৰি চাৰিটা সংগঠন গোট খালে| ছাত্ৰ সন্থাৰ কিছুসংখ্যক সদস্য, পি এল পিৰ অতুল বৰা আৰু পবিন্দ্ৰ ডেকা, প্ৰগ্ৰেছিভ প্লেইন ট্ৰাইবেল কাউঞ্চিলৰ পৰা প্ৰসেনজিৎ ব্ৰক্ষ্ম উপস্থিত আছিল| অসম সাহিত্য সভাৰ নগেন শইকীয়া উপস্থিত আছিল যদিও সাহিত্য সভাক প্ৰতিনিধিত্ব কৰি নহয়, ব্যক্তিগতভাৱেহে উপস্থিত আছিল| অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ পৰাও কেইজনমান সদস্য ব্যক্তিগতভাৱে উপস্থিত আছিল| এইখন সভাতেই পৰৱৰ্তী সময়ত আন্দোলনৰ নেতৃত্ব লোৱা ’সদৌ অসম গণ সংগ্ৰাম পৰিষদ’ৰ জন্ম হৈছিল| এই উপন্যাসখনৰ বৈশিষ্ট্য এয়ে যে আন্দোলনৰ অগ্ৰগতি বৰ্ণাওতে একাদিক্ৰমে চন আৰু তাৰিখ অনুসৰি আন্দোলনৰ কাৰ্যসূচীসমূহ যথাসম্ভৱ তথ্যসমৃদ্ধভাবে দাঙি ধৰা হৈছে| লগতে অসমীয়াৰ নিভাঁজ দেশপ্ৰেম আৰু সৰল অভিব্যক্তিৰ বহিঃপ্ৰকাশ সুন্দৰকৈ তুলি ধৰিছে| লাহে লাহে আন্দোলন অসমীয়াৰ তেজত সোমাই পৰিল| উপন্যাসখনৰ পাতে পাতে আছে সেই সময়ত অসমে কি ৰক্তাক্ত পৰিস্থিতিৰ মুখামুখি হৈছিল! কিমানে বুকুৰ তেজ দিলে| কিমানে মৃত্যুক সাবটি ল’লে| কিমানে শাৰীৰিক নিৰ্যাতন মূৰ পাতি ল’লে| কৈ শেষ কৰিব নোৱাৰি সেই সময়ৰ দুখ আৰু দুৰ্যোগৰ কথা| যি ভুক্তভোগী তেওঁ বুজে আবেগে মানুহক কেনেকৈ ধৰাশায়ী কৰে| কিন্তু ইমান অত্যাচাৰ সহ্য কৰাৰ পিচত, ইমান ত্যাগ স্বীকাৰ পাছতো অসম আৰু অসমীয়াই নায্য প্ৰাপ্য পালেনে? পাৰিলেনে ইস্পিত দাবী পূৰণ কৰিব? নেতৃত্বৰ অদূৰদৰ্শীতাৰ ফলতেই ইমান দীঘলীয়া সময়জুৰি চলা অন্দোলনটো বিফল হ’ল| শেহত গৈ সকলো ফুটুকাৰ ফেন হ’ল| কুটিল ৰাজনীতিৰ পাশাখেলত উটি গ’ল অসমীয়াৰ ত্যাগ আৰু আবেগৰ জোৱাৰ| লজ্জাজনকভাৱে আন্দোলনকাৰী নেতাসকলে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আত্মসমৰ্পন কৰিছিল| কিন্তু সময় থাকোতেই সেই কথা অসমবাসীয়ে গম নাপালে| অসমীয়াই নাজানিলে আচলতে ’চুক্তিপত্ৰ’ত আছিল কি!

স্বপ্নভগ্নৰ বেথা সহিব নোৱাৰিয়েই যেন জয়ন্তই সশস্ত্ৰ সংগ্ৰামৰ বাটত ভৰি দিয়ে| বৰ দেউতাকৰ ল’ৰা দীপকৰ আহ্বানত এদিন ঘৰৰ পৰা নোহোৱা হৈ যায় জয়ন্ত| জয়ন্তক হেৰুৱাই মানসিকভাৱে ভাঙি পৰিছিল সাৱিত্ৰী| লাহে মানসিক ভাৰসাম্য হেৰুৱাইছিল| কৰ্কত ৰোগে গ্ৰাস কৰা সাৱিত্ৰীয়ে জয়ন্ত উভতি অহাৰ সপোন বুকুত বান্ধিয়েই মৃত্যুক সাবটি লয়| স্বাধীন অসমৰ সপোন দেখুৱাই এদিন জয়ন্তক প্ৰলোভিত কৰা দীপকে ছাৰেণ্ডাৰ কৰি মূলসুঁতিলৈ উভতি আহে| ভণ্ড প্ৰতাৰকৰ ভাও দিব নোৱাৰা জয়ন্ত হেৰাই যায় অস্তিত্বহীনতাত| সাৱিত্ৰীৰ মৃত্যুৰ পিচত বিশ্বনাথে নিজকে প্ৰশ্ন কৰে-’তোমাক মই এটা কথা দিছিলোঁ সাৱিত্ৰী, মই জয়ন্তৰ বাবে বাট চাম বুলি| কিন্তু তোমাক মই কৈছিলোঁ—জয়ন্তক লগ পোৱাৰ আগতেই যদি নিয়তিয়ে মোক আঁতৰাই নিয়ে, মই তোমাৰ ওচৰলৈ গৈ কি জবাব দিম? আজি তোমাক সুধিবৰ মন গৈছে—জয়ন্তক লগ পোৱাৰ আগতেই যদি নিয়তিয়ে তাক আঁতৰাই নিয়ে, মই কাৰ বাবে বাট চাই থাকিম সাৱিত্ৰী?’

ফট্‌ফটীয়া জোনাক ৰাতি, শেৱালিৰ তলৰ ঘাঁহনিত ওপৰলৈ মুখ কৰি শুই পৰে বিশ্বনাথ| চকুহাল মেল খোৱা| আকাশত থকা লক্ষ লক্ষ তৰাৰ মাজৰ দুটা নিদিৰ্ষ্ট তৰাত দৃষ্টি থিৰ হৈ পৰে বিশ্বনাথৰ…..

শেহৰাতিলৈ এজাক চেঁচা বতাহ বলিছিল…
বতাহত থৰথৰকৈ কঁপিছিল শেৱালিজোপা….
তলসৰা শুভ্ৰ শেৱালিয়ে ঢাকি পেলাইছিল বিশ্বনাথৰ দেহ……

(লেখিকাৰ এই আলোচনাটি পূৰ্বতে জানুৱাৰী সংখ্যা সাহিত্য.অৰ্গ আলোচনীতো প্ৰকাশ পাইছিল )
এই কিতাপখন অনলাইন কিনিবও পাৰি আৰু ই www.fundababa.com ত উপলব্ধ হোৱা দেখা গৈছে ৷

No comments:

Post a Comment