জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

জীৱনৰ অনুভৱ

Share This
ইলেক্ট্ৰ’নিক মিডিয়া আৰু বলিৰ পঠাসকলৰ কথা:
                                                                                 #নিপুল মেধি
আৰম্ভণি :
যোৱা ৩-৪ মাহৰ পৰা টি. ভি. ৰ অসমীয়া বাতৰি চেনেলবোৰ চাবলৈ প্ৰায় এৰাৰ দৰেই হৈছে – ভাল নলগা হৈছে –সাৰ-মৰ্ম একো বিচাৰি নপোৱা হৈছো । অৱশ্যে নৱ ঠাকুৰীয়া আৰু প্ৰণয় বৰদলৈৰ প্ৰতি বিশেষ ভাৱ এটা মোৰ আছে । ঠাকুৰীয়াদা সাংবাদিকতাত নমাৰ আগতে মই থকা হোষ্টেলৰ জ্যোষ্ঠ আবাসী তথা ইলেকট্ৰিকেল ইঞ্জিনীয়াৰীঙৰ ছাত্ৰ আছিল আৰু তেওঁৰ পৰা পোৱা ভাতৃসম মৰমৰ কথা এতিয়াও মনত আছে – মগু মাহৰ দৰে ধুনীয়া আখৰেৰে ছাত্ৰাৱস্থাৰ পৰাই খুব ভাল লিখে – তেওঁৰ নম্ৰ-আৰু ভদ্ৰ কথাই সেই সময়তে আমাক আকৰ্ষিত কৰিছিল । বৰদলৈদেৱক জানো মোৰ পত্নীৰ ফালৰ পৰা ।

প্ৰথম ঘটনা :
৩-৪ বছৰ আগতে ঘৰৰ পৰা বহু দূৰৰ অইন এখন জিলাত কৰ্মৰত আছিলো । চৰকাৰী আৱাসটোত মই অকলশৰে থাকো – সাৰথি হিচাপে এখন মেচি দা বিচনাৰ তোচকৰ তলত থাকে অৱশ্যে । এদিন ৰাতি ৯ বজাত কামত ব্যস্ত থকা সময়তে তিনিজন ডেকা ল’ৰা আহি উপস্থিত হ’ল । এজন দেখিবলৈ খন্দাকাৰ চেহেৰাৰ । বহিবলৈ দি তেওঁলোকৰ পা-পৰিচয় আৰু আগমনৰ উদ্দেশ্যৰ কথা সুধিলো । দুজন সাংবাদিক , বাকীজন তেওঁলোকৰ বন্ধু । পৰিচয় পত্ৰ বিচৰাত দুখন কাৰ্ড আগবঢ়াই দিলে – এজন অসমীয়া দৈনিক কাকত এখনৰ আৰু আনজন এটা টি .ভি. চেনেলৰ সাংবাদিক । তেওঁলোকে দিয়া পৰিচয় পত্ৰৰ সৱিশেষ মগজত ৰেকৰ্ড কৰি তেওঁলোকৰ আগমনৰ কাৰণ সুধিলো ।

বেচ উষ্মা আৰু খঙেৰে তেওঁলোকে ক’লে “ আপুনি অমুক কামটো এনেধৰণেৰে কৰিলে নহব – হিচাপবোৰ বঢ়াই কৰক , আপোনাৰ পকেটৰ পইচা নাযায় নহয় । “ মই বিনয়েৰে ক’লো যে চৰকাৰী নীতি-নিয়মৰ মাজেৰে যিমান পাৰো সকলোৱে উপকৃত হ’ব পৰাকৈ কামখিনি আগবঢ়াই নিবলৈ চেষ্টা কৰি আছো , গতিকে তেওঁলোকে বিচৰা ধৰণে মই তেওঁলোকৰ এই ব্যক্তিগত কামটো কৰিব নোৱাৰিম । 

প্ৰচণ্ড খঙেৰে দুয়োজনে ক’লে “আপুনি জানেনে – আপোনাৰ নাম আৰু ফ’টোৰে সৈতে কাকতৰ প্ৰথম পৃষ্ঠাতেই বাতৰি উলিৱাই দিব পাৰো – আপুনি আমাৰ ক’থা ৰাখক , ন’হলে পিছত পস্তাব কিন্তু ।“ এক মিনিটৰ বাবে ল’ৰা দুজনৰ পৰা পোৱা ভাবুকিটোত মই হতভম্ব হৈ পৰিলো – মনৰ ভিতৰৰ খঙ দমাই ৰাখি টেবুলৰ ওপৰত থকা মোৰ ডিজিটেল কেমেৰাটো তেওঁলোকলৈ আগবঢ়াই দি ক’লো “ যিমান পাৰে সিমান মোৰ মুখখনৰ ফ’টো লওঁক আৰু কালি বা পৰহিৰ ভিতৰত আপোনালোকে যি পাৰে লিখি খবৰ কাগজ আৰু টি.ভি. ত দিয়ক –মোৰ যি হয় , হৈ থাকক।"  কথাখিনি কৈ তেওঁলোকক মোৰ আৱাসৰ পৰা যাবলৈ কলো – কাৰন নিৰ্বাচন আৰু বিভাগীয় ভালেমান কাগজৰ কাম পিচদিনাখন ৰাতিপুৱাৰ আগতেই সাজু কৰিব লাগিব ।

দুদিন পিছত অৱশ্যে এই দুয়োজন ল’ৰাই আহি মোক কৈ থৈ গ’ল “ আপুনি বেয়া নেপাব , আপোনাৰ বিযয়ে খা-খবৰ আমি লৈছো – যি পাৰে আমাক সহায় কৰিব" ৷ ময়ো ক’লো “তোমালোকৰ নিচিনা ডেকা ল’ৰাবোৰৰ কিবা এটা উপকাৰ কৰিব পাৰিলে মোৰ নিজৰেই বৰ ভাল লাগিব৷"

দ্বিতীয় ঘটনা :
অলপ দিন আগৰ কথা - অসমীয়া বাতৰি চাওঁতে হঠাৎ টি. ভি. ৰ পৰ্দ্দাত মোৰ সম্পৰ্কীয় মামা এজনক দেখি সচকিত হৈ পৰিলো । মামাক চৰকাৰী চিকিৎসালয় এখনৰ বাৰান্দাতে এজাক মানুহ আৰু টি.ভি.ৰ সাংবাদিকে আগুৰি ধৰি কৰ্তব্যত অবহেলা কৰা বুলি চিঞৰি – বাখৰি তৰ্ক কৰি আছে । মনটো মৰহি গ’ল । মামা প্ৰায় ৫৫ বছৰ বয়সীয়া ডাক্তৰ – এখন জিলাৰ চৰকাৰী চিকিৎসালয়ত কৰ্মৰত ।আজিলৈকে নিজৰ গৃহ জিলাত ৩ বছৰো চাকৰি কৰি পোৱা নাই । সৰুৰে পৰাই মোৰ এই ডাক্তৰ মামা জনক জানো – অতি মৰমীয়াল ,দায়িত্বশীল আৰু কৰ্তব্যপৰায়ণ ।

ঘটনাটো কি হৈছে জানিবলৈ গ’লো । সেই বিশেয দিনাখন মামা সেইসময়ত এজন গুৰুতৰ ভাৱে অসুস্থলোকৰ শেষ পৰ্য্যায়ৰ চিকিৎসাত ব্যস্ত আছিল ।এনেতে চিকিৎসালয় খনত অইন এজন গুৰুতৰ ভাৱে অসুস্থলোকক অনা হৈছিল । মামাক বিচৰাত তেখেতে কৰি থকা কামটোৰ মাজতেই ওলাই আহি ক’লে যে ৩০ মিনিট মানত তেওঁ কৰি থকা কামখিনি শেষ হ’ব আৰু তাৰ পিচতেই এই নতুন ৰোগীজনক চাব – বৰ্তমান কনিষ্ঠ চিকিৎসক এজনে কেচটো চাব । ১০ মিনিট মান পিচতেই ৰোগীৰ লগত অহা মানুহ আৰু “লোকেল দাদা” জাতীয় কেইজনমান টি.ভি. কেমেৰা লৈ চিকিৎসালয় খনত উপস্থিত হ’ল । তাৰ পিচৰ খিনি কি হ’ব পাৰে জানিছেই ….. । 

সামৰণি :
প্ৰিন্ট মিডিয়াৰ খবৰ কাগজত হোৱা হোৱা ভুল বোৰ মাজে সময়ে স্বীকাৰ কৰি দুখ প্ৰকাশ কৰাটো চকুত পৰে – সেয়া স্বাভাবিক । কেতিয়াবা ভুল হ’ব পাৰে । কিন্তু ইলেকক্ট্ৰ’নিক মিডিয়াই কৰা ভুলবোৰ স্বীকাৰ কৰি দুখ প্ৰকাশ কৰা চকুত নপৰে ।

দোষবোৰ বাদ দি এটা কথা নিশ্চয় মিছা নহয় যে এমুঠি নিষ্ঠাৱান , কৰ্তব্যপৰায়ন বিযয়া – কৰ্মচাৰীৰ কাম- কাজৰ কাৰণেই জনসাধৰণে অলপ হ’লেও বিভিন্ন চাৰকাৰী সুবিধা পাই আছে । 

গ্ৰামাঞ্চচলত প্ৰায়ে বিদ্যুতৰ নাটনি – মোবাইল টাৱাৰেওঁ কিছুমান ঠাইত কাম নকৰে –যাতায়তৰ অসুবিধাটো আছেই । ধুবুৰীৰ কৰ্মচাৰী শিলচৰত, পাঠশালাৰ কৰ্মচাৰী লক্ষীমপুৰত – এনেকৈ বিভিন্ন কৰ্মচাৰীয়ে নিজৰ ঘৰ- পৰিয়ালক ত্যাগ কৰি বছৰ-বছৰ ধৰি কাম কৰি আছে – এওঁলোকৰ ব্যক্তিগত দুখ-সুখ বোৰৰ কথা উল্লেখ নকৰিলো – এইবোৰ বুজিবলৈ নিজৰ গাত খামুচি চালেই উত্তৰ পাব ।

এগৰাকী মানুহৰ সঁচাই-মিছাই স্বভাব-চৰিত্ৰ হনন কৰাটো বৰ বেচি টান কাম নহয় যেন লাগিছে – অন্তত ইলেকক্ট্ৰ’নিক মিডিয়াৰ বদান্যতাত – কিন্তু এওঁলোকে এবাৰলৈ চিন্তা কৰিছেনে যে এনে কৰ্ম-কাণ্ডই একোজন নিস্থাৱান চৰকাৰী কৰ্মচাৰীৰ জীৱনলৈ কেনে ধৰনৰ কালিমা আনিব পাৰে ? 

নিজৰ পিঠিখন যেনেকৈ নিজে দেখা নাপাওঁ তেনেকৈ ইলেকক্ট্ৰ’নিক মিডিয়াইওঁ নিজৰ পিঠিখন নিজে দেখা নেপায় । উপকাৰ কৰাটো টান কাম – অন্যায় কৰাটো বৰ সহজ কাম ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages