প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধ

প্ৰৱন্ধ

Share This
'সুখ-দুখ ডট্ কম'ত অসমীয়া ব্যংগ সাহিত্য : এটি আলোচনা
* ডঃ অঞ্জল বৰা
প্ৰকৃতাৰ্থত অসমীয়া ব্যংগ সাহিত্যৰ আৰম্ভণি হয় বেজবৰুৱাৰ হাতত৷ কৃপাবৰ বৰুৱাৰ ছদ্মনামত লিখা ৰচনাসমূহত সমসাময়িক সমাজখনৰ অনেক বিষয়কে তেওঁ ব্যংগৰ চলেৰে সংশোধনৰ চেষ্টা চলাইছিল৷ সংশোধন কৰিব নোৱাৰিলেও তেওঁৰ ৰচনাই মানুহৰ বিবেকক জাগ্ৰত কৰিব পাৰিছিল৷ বেজবৰুৱাৰ যুগৰ পৰা বৰ্তমান সময় বহু আগবাঢ়ি আহিল৷ বিভিন্ন কাকত আলোচনীত সময়ে সময়ে বিভিন্ন ব্যংগ লেখা প্ৰকাশ হৈ থাকে যদিও আজিও কোনো ন-ব্যংগলেখকে বেজবৰুৱাৰ প্ৰতিভাক অতিক্ৰম কৰিব পৰা নাই বা বহুলভাৱে ব্যংগ সাহিত্যৰ চৰ্চ্চা হোৱা নাই৷

কিন্তু সম্প্ৰতি ইণ্টাৰনেটৰ মাধ্যমেৰে কিছু নতুন প্ৰজন্মৰ লেখকৰ কলম নতুনকৈ ব্যংগ সাহিত্যই প্ৰকাশ লাভ কৰিছে৷ এনে এক প্ৰচেষ্টাৰে আগবঢ়া এটা ৱেবচাইট হ'ল "চুটিবুদ্ধি ডট্ কম" (http://sutibuddhi.com/)৷ ইয়াৰ বহু লেখাৰ মাজতে উৎকৃষ্ট ব্যংগৰ আভাস পোৱা যায়৷ ৱেবচাইটটোৰ পাতত 'সাতসৰী' আলোচনীৰ কাৰ্যবাহী সম্পাদক দিগন্ত ওজাই লিখিছে "সমাজ সম্পৰ্কে প্ৰচ্চন্ন ধাৰণা নাথাকিলে ব্যংগ কৰাটো সম্ভৱ নহয়৷ এইক্ষেত্ৰত আপোনালোকৰ কাম প্ৰশংসনীয়৷ ‘অসমীয়া মানুহে হাঁহিব নাজানে’-- বেজবৰুৱাই তাহানিতে কোৱা কথাষাৰ এতিয়াও প্ৰাসংগিক৷ এনেস্থলত http://sutibuddhi.com/ পাথেয় হওক আৰু ব্যংগৰ চোকৰে আমাৰ সমাজখনক আত্মসংশোধনৰ বাবে উদ্বুদ্ধ কৰক৷ কেৱল লক্ষ্য ৰাখিব, ব্যংগত চোক দিবলৈ যাওঁতে যেন বিভেদৰ বিষবাস্প নিবিয়পে আৰু ব্যক্তিৰ মৰ্যাদা লঘু নহয়৷" ইয়াৰ পিছতে অসমীয়া ব্যংগ সাহিত্যক নতুন ধৰণেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে "সুখ-দুখ ডট্ কম" (http://www.xukhdukh.com/) নামৰ ৱেবচাইটটো৷ নিঃসন্দেহে অসমীয়া ব্যংগ সাহিত্যৰ বাবে এক শুভ লক্ষ্যণ বুলিব পাৰি৷

অসমীয়া সুখ-দুখ ডট্ কমৰ 'লোকেল গুজৱ.কম' 'মিচা কথা ক’লে কি ডাল হব?' আদি শিতানত প্ৰকাশিত বহু কেইটা লেখাই প্ৰকৃতাৰ্থত অসমীয়া ব্যংগ সাহিত্যলৈ এক নতুনত্বৰ ভাৱ কঢ়িয়াই আনিছে৷ 'লোকেল গুজৱ.কম' শিতানত দৈনিক প্ৰকাশিত বিভিন্ন বাতৰিৰ আলমত তাত্ক্ষণিকভাৱে কৰা এনে ব্যংগসমূহে সংবাদটোৰ আঁৰত থকা ৰহস্যক নিৰ্মমভাৱে দাঙি ধৰিছে৷ লেখকে 'হাস্য ব্যংগৰে সত্যৰ সন্ধান' কৰিবলৈ যাওঁতে অনৰ্থক ফুচুৰি বা ধেমেলীয়া ভাষাৰ আশ্ৰয় লোৱা নাই৷ যুক্তি আৰু বাস্তৱতাৰে বিষয়বস্তুক দাঙি ধৰিবলৈ সক্ষম হৈছে৷ বহু সময়ত এনে ব্যংগই বিষয়বস্তুক নতুনকৈ ভাবিবলৈয়ো চিন্তাৰ খোৰাক জগাইছে৷ লেখকে মূল বিষয়বস্তুৰ আলমত অন্যান্য ঘটনাৰ সংমিশ্ৰণ ঘটাই বিমল হাস্যৰসৰ সৃষ্টি কৰিছে৷ উদাহৰণ স্বৰূপে লেখকে "আটাছু কৰ্মীয়ে গুৰুলা-গুৰুলকৈ পিটিলে ধেমাজিৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মীক" এই সংবাদটোক ব্যংগ কৰি এঠাইত লিখিছে "আটাছু কৰ্মীয়ে গুৰুলা-গুৰুলকৈ পিটিলে ধেমাজিৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মীক৷ তাকে লৈ ঘোচখোৰ কৰ্মচাৰী সংস্থা নাৰাজ হৈ পৰাৰ খবৰ৷ নিৰীহ কেৰাণীৰ ওপৰত হাত তোলা সকলে কিয়, ডাঙৰ ডাঙৰ কোটিৰ ঘৰত টকা খোৱা সকলৰ ওপৰত হাত নুতুলে বুলিও অভিমান কৰাৰ বাতৰি৷ প্ৰতিবাদ কল্পে তেখেতসকলে অহা এদিন ধনশন কৰি কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব৷ সেই দিনা ধন-দিলেই কাম কৰা নহব বুলি কৰ্মচাৰী সংস্থাটোৱে সকীয়নি দি বিজ্ঞপ্তি প্ৰেৰণ কৰিছে (প্ৰকাশ কাল : ২৩ জুলাই, ২০১৩)৷"

ওপৰৰ বাক্যটোলৈ মন কৰিলে দেখা যায় যে লেখকে কোনো অনৰ্থক হাস্যৰস সৃষ্টি কৰিবলৈ তৰল ভাষাৰ আশ্ৰয় লোৱা নাই৷ উপযুক্ত শব্দৰে লেখকে বিষয়বস্তুক অধিক বাস্তৱসন্মত কৰি ৰাখিছে৷ আনহাতে "অনশন" শব্দৰ সমাৰ্থক হিচাপে লেখকে নিজাকৈ সৃষ্টি কৰা "ধনশন" শব্দটোৱে লেখকৰ চাতুৰ্যতা প্ৰতিপন্ন কৰিছে আৰু গোটেই বিষয়টোকে নতুনত্ব প্ৰদান কৰিছে৷ একেদৰে বিভিন্ন ৰাজনৈতিক ব্যংগৰ ক্ষেত্ৰত লেখকে বিভিন্ন নামেৰে মূল সংবাদৰ শীৰ্ষত থকা ব্যক্তিজনকে ব্যংগ কৰা নাই তেওঁ শানিত অস্ত্ৰৰ দৰে প্ৰকৃত সত্যটোকো চুই গৈছে৷ এঠাইতে লেখকে লিখিছে "মায়ে যি কবলৈ কৈছে, সেয়াই ক'ব! ৰাহুল নন্দনৰ নতুন সংলাপ, হাতোৰা পাৰ্টিৰ মুখপত্ৰ সকলৰ বাবে ৷ নিজৰ মাথা লগাই কথা কৈ নিজৰ বিপদ মাতি নানিব, ৰাহুল নন্দনে ভাষণত কয়৷ আৰু কয় যে যেনেকৈ মনসিং খুড়াই এক্টিং কৰি আছে, আপোনালোকেও মাত্ৰ এক্টিং কৰি যাওঁক, সংলাপ মাৰ, আৰু চিত্ৰনাট্য আহমদ খুড়াইহে লিখিব (প্ৰকাশ কাল : ২৩ জুলাই, ২০১৩)!" 

লেখকে "ভুৱা বাতৰিৰে সত্য সন্ধানৰ এক ৰসাল চেষ্টা"ও নকৰাকৈ থকা নাই৷ কোনো এটা কাল্পনিক কথাৰে তেওঁ সমসাময়িক সমাজখনৰ সকলো দিশকে চুই যাবলৈ সক্ষম হৈছে৷ এই ক্ষেত্ৰত তেওঁৰ দৃষ্টিৰ পৰা কোনো ৰাজনৈতিককৰ্মী, সমাজকৰ্মী, সঙ্গীতজ্ঞ, লেখক, সাহিত্যিকো সাৰি যোৱা নাই৷ এনে ব্যংগসমূহ সাধাৰণতে বাস্তৱতাৰ ভিত্তিত ৰচিত নহয় অথচ প্ৰতিটো চৰিত্ৰই বাস্তৱিক আৰু তেজ-মঙহৰ মানুহ৷ ইয়াক লেখকৰ কল্পনা মনৰ কিছুমান উদ্ভট চিন্তা বুলিব পাৰি৷ যাৰ মাজেৰে লেখকে হাস্যৰস সৃষ্টিৰ চেষ্টা কৰিছে৷ যেনে লেখকে এঠাইত লিখিছে "অখিল গগৈৰ সতে ঘূৰণীয়া মেজমেলত এসাজ খোৱাৰ আগ্ৰহ প্ৰকাশ কৰিলে পৃথানি আৰু তেওঁৰ সংগী সকলে৷ তেখেত সকলৰ বৰঘৰৰ পৰা অহা এচ এম এচ মতে খুৱ ভালকৈ এসাজ খুৱাই গগৈদেৱক এই খোৱা-বোৱাৰ কাৰণেইতো আমাৰ খেতি স্বৰূপ ব্যৱসায়টো কৰিব লাগে বুলি পৃথানি চাৰে বুজাই দিব বুলি প্ৰস্তুতি চলাইছে৷ বোলে গৰু-কা-চেলেকা-চেলেকি, মানুহ-কা-খোৱা-বোৱা, পৃথানি চাৰে গগৈয়ে লাওপানী খায়নে, কি মাছ খায়, গাহৰি খায়নে আদি তথ্য আহৰণ কৰিবলৈ কৃষক মুক্তিৰ অফিচত গৈ তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত আবেদন দাখিল কৰিছে (প্ৰকাশ কাল : ৭ জুন, ২০১৩)৷" 

আমাৰ আলোচনাত 'সুখ-দুখ ডট্ কম'ত প্ৰকাশিত কেৱলমাত্ৰ দুটামান উদাহৰণহে দাঙি ধৰা হ'ল৷ অৱশ্যে সকলো লেখাই যে উত্কৃষ্ট ব্যংগৰ শাৰীলৈ উঠিছে এনে নহয়৷ বহু সময়ত লেখকে দুই এঠাইত পাতল হাস্যৰসৰো উপস্থাপনো কৰিছে৷ সেই হাস্যৰসাত্মক লেখাসমূহে হাঁহিৰ খুৰাক জগালেও সি ব্যংগৰ শাৰীলৈ যোৱা নাই৷ গতিকে লেখকে এই ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰা উচিত৷ বেজবৰুৱাৰ অমৰ কৃপাবৰী ৰচনাসমূহ এই চেগতে লেখকে অধ্যয়ন কৰা উচিত বুলি আমি অনুভৱ কৰোঁ আৰু তেওঁৰ এনে ব্যংগ চৰ্চ্চা আগলৈও চলাই যাব বুলি আশা ৰাখিলোঁ৷ উদিয়মান ন-লেখক হিচাপে সুখ-দুখৰ ব্যংগ লেখকৰ কলমত অসমীয়া ব্যংগ সাহিত্যৰ কিছু নতুন সম্ভাৱনা দেখিবলৈ পোৱা যায়৷ সেয়ে লেখক দিগন্ত ওজাই ক'বৰ দৰে 'ব্যংগৰ চোকৰে আমাৰ সমাজখনক আত্মসংশোধনৰ বাবে উদ্বুদ্ধ কৰক' কথাষাৰ সুখ-দুখৰ মাজতো আমি দেখিবলৈ পাম বুলি আশা কৰিলোঁ৷

No comments:

Post a Comment