Wednesday, July 31, 2013

মুম্বাই মচালা

খোজে খোজে সুখ দুখ
*অজয় লাল দত্ত
                                          (১)
জোতা চেলেকাঃ অভ্যাসৰ নৰ, সফলতাৰ দিশেই মাৰে শৰ

কনমানিটোৱে ৱাকাৰ খনত খোজ কাঢ়িছে৷ দুৰ্বাৰ গতি তাৰ৷ যেন ৰোধিব পৰা বিধৰ নহয়৷ ইটো চুব, সিটো চুব৷ "অ’ বাবা সেইটো নহয়...এইটো লোৱা" বুলি আমাৰ মনোমত বস্তু তাৰ হাতত তুলি দিয়া, নুচুব লগা বস্তুলৈ মন দিলে, সেইটো চুবলৈ জোৰ কৰিলে ঘপহকৈ প্লাষ্টিকৰ বলটোকে, পকাত মাৰি..ধপ ধপ ধপকৈ বলটো উঠা, নমা কৰিলে, "বাবা এইটো নহয় সেইটো চোৱা বুলি", মন ঘূৰাবলৈ চেষ্টা কৰাটো দৈনন্দিন কামত পৰিণত হৈছে৷
জীৱনৰ সঠিক বাট...............

পিছে মন কৰিব, নিষিদ্ধ বস্তুলৈহে লোভ বেছি...নুচুবি বোলা কোৱাটোলৈহে লৰ ধৰিব! যি বস্তু পায়, তাকেই মুখলৈ নিব৷ যেন পৃথিৱীৰ সকলো বস্তুৰ জুতি মাত্ৰ জিভাৰেহে লব পাৰি!

আজিকালি জোতা থোৱা ৰেকটোলৈ তাৰ বৰ হেপাঁহ জাগিছে৷ বাৰে বাৰে সেইফালে দৌৰে৷ ৰেকটোৰ দুৱাৰখন টানে৷ বাৰে বাৰে জোতাবোৰ চুব...মাকৰ ভয়...সেইয়া কি চাই আছে...কি কৰি থাকে লেপটপত...সুখ দুখ....
ধৰক ধৰক...ল’ৰা গৈ জোতা চেলেকিব এতিয়া....

মই বিৰক্তিৰে লেপটপৰ স্ক্ৰীণৰ পৰা চকু আঁতৰাই তালৈ চালো...জোতা এপাত মুখলৈ নিও নিও..চেলেকো চেলেকো...মই ক’লো-" যি দেখিছো ই জীৱনৰ সফলতাৰ বাটতো আগতীয়াকৈ কুমলীয়াতে চিনি পাই গল বুইছা!"

শ্ৰীমতীয়ে গৰগৰাই উঠিল-"আপোনাৰ দাৰ্শনিক কথা বন্ধ কৰক, ল’ৰা ধৰক, সেয়া চেলেকিলে চেলেকিলে..."৷

মই বোলো- "দিয়াহে তাক সুযোগ, প্ৰতিভা বিকাশ কৰিবলৈ, তুমি জানানে নাজানা, লোকৰ চোতা চেলেকিব পাৰিলেইতো জীৱনত সফলতা নিশ্চিত! এইটো কৰিব পৰাটোও আজিৰ যুগৰ অন্যতম প্ৰতিভা!"

কথাষাৰ কবলৈহে পালো, চিলনীয়ে থপিওৱাইদি ল’ৰাকনক উঠাই লৈ গৈ তেওঁ ভোৰ-ভোৰাবলৈ ধৰিলে- "ইস শুনা মুখৰ কথা, ল’ৰাক টিপচ দিয়ে, নিজেনো কিয় সেইটি ইমান দিন কৰিবলৈ নিশিকিলে? নহ’লনো....ইমানদিনে....."

উস... ঠোট-মুখ চেলেকি কী-বৰ্ডত আঙুলি বোলোৱাৰ বাহিৰে তেতিয়া আৰু মোৰ উপায় নাছিল...!
(২)
কুকুৰাৰ কণীঃ সদায় সদায়

ঘৰে ঘৰে কণী বিক্ৰী কৰা ল’ৰাটো আহিছে৷ দুৱাৰত কলিংবেল বজাইছে বিৰক্তিৰে দুৱাৰখন খুলি দিছো৷ তাৰ পাছত ভিতৰলৈ চাই এটা চিঞৰ-"হেৰা কণী আহিছে...লোৱাহি"৷ ল’ৰাটোৰ মুখলৈ চাই ক’লো, এক ডজন দি দিবা৷
সি মোলৈ চালে, মনটো জানো কি খেলালে, সদায় সদায় কলিংবেল বজাই থাক্ বেটা, কিবা এটা শান্তিৰ লিখিব নোৱাৰো, বাৰে বাৰে উঠি যাব লাগে ৰহ, ধৰণৰ বিৰক্তিৰে, পুনৰ কলো- "অ’ ভাই, তোমাৰ জোলোঙাত যিমান আছে চব দি দিয়া নহ’লে!"

তেওঁ থতমত খোৱাৰ দৰে মোলৈ চালে, পুনৰ ক’লো-" সেইটো কৰিবলৈ দিগদাৰ পাইছা যদি, এটা কাম কৰা নহ’লে, কুকুৰা আছে কুকুৰা? কুকুৰা এজনীকে দি যোৱা, মাহেকৰ মূৰত বিলটো লৈ যাবাহি!"

হঠাত তেওঁৰ মনতো চাগৈ বিজুলী খেলাই গ’ল, সদাই জোলোঙাৰ ভাৰ বোৱাতকৈ.... খন্তেকতে যে মই ধেমালি কৰিছো সেয়া বুজি উঠিল, সি কিবা এটা বুজি পোৱাৰ আনন্দত মিচিকিয়াই উঠিল৷

তেনেতে শ্ৰীমতী আহি হাজিৰ, "আকৌ কি চুপতিখন কৰিছে? যাওক ল’ৰা ধৰকগৈ"৷ মই নিজকে ক’লো- হব তেন্তে, কুকুৰা পোহা কেনচেল!

(৩)
খেন মিলা নাইঃ লাচিতৰ সেইজন ক’ত

মালৈ ফোন কৰাকলৈ ওখোনা-ওখোনি.. ঠিক সেইটো নহয় চুপতা-চুপতি, চেহ সেইটোও নহয়... পৰিস্থিতিটো বুজি নিজে শব্দ এটা দি বুজি লবহে!

নাইট ডিউটিৰ পৰা ভাগৰে জোগৰে দিনৰ দহটাত আহি পাইছো, ৰাতি অফিচতে পুৱতি নিশালৈকে "কামকৰা বাইৰ মুখৰ কথা" নামৰ চুপতি-খবৰবোৰ লিখিছো... এতিয়া টিং-টিঙাইছে মূৰটো৷ আহিয়েই বোলো মালৈ ফোন এটা কৰো, পুৱাই গাঁৱত থকা মাৰ লগত কথা এষাৰ পাতিলেই মনটো ভাল লাগে৷ অফিচৰ পৰাও এবাৰ কৰিয়ে আহো...এতিয়া বোলো কনমানিৰ মাতটোকে শুনাই দিও...কল-কলনিটোকে....দিনটোৰ বাবে অকন সুখী সুখী ভাৱটোকে আহক৷ মই ফোনটো লগাই দিও মানে..এওঁ চাহকাপ আনিলেই.... কনমানিয়ে ফোনটো লৈ লাউড স্পীকাৰত আইতাকৰ সতে কল-কলনি কথা-বতৰা আৰম্ভ কৰি দিলে আন দিনাৰ দৰেই... মই লাহেকৈ তাক এইবাৰ মাকৰ কোলালৈ দি গৰমে গৰমে চাহকাপত চুমুক দিলো ৷ 

ল’ৰাই এবাৰ ল’লে আৰু ক’ত ফোন এৰে.... সিফালে মাকৰ চাহ চেঁচা! মোলৈ চাই এই ক’লে-"আপুনি সদায় যে মোক চাহ কাপ চেঁচা কৰিবলৈকে এইটো কৰে ন’? এইকন সময়তে ফোনটো লগায়!"  মই বোলো-"ধেৎ, মোৰ ইমান ষড়যন্ত্ৰ ৰচিবলৈ সময় ক’ত?"

তেওঁ ক’লে-"মই সেয়ে আবেলি আৰামচে মাৰ লগত কথা পাতিব বিচাৰো৷ গৰম চাহ একাপ খাই লোৱাৰ পাছত!" মই হয়ভৰ দি মূৰ জোকাৰিলো৷

সন্ধিয়া, চাহ-কাপ চিঙৰাৰ সতে মই মাৰ লগত কথা পাতিলো, "বোলো মা, এই কাঠি চেলেকা নে মৰণ মিলিল ফঁকৰাটো পূৰা-পুৰি কি আছিল অ’৷" মায়ে উত্তৰ দিলে, মই ফোনটো থলো৷ এইবাৰ এওঁ আহিল, বোলে ফোন থলেই নেকি, মই মাৰ লগত পাতিলো হেতেন৷ মই বোলো, এইবাৰ ফোনটো লগাবও নজনা হ’লানে? লগাই লোৱা৷ "চব কথাতে আপোনাৰ খোচা-বিন্ধা কিহৰ", তেওঁ অভিমান কৰিলে, লোৱা লোৱা ফোনটো হাতত তুলি দিলো৷

তেওঁ ডায়েল কৰিলে, মোবাইলৰ নেটৱৰ্কটো কৰবাত হৰমোহন দিলে! বিৰক্তিৰে ক’লে- "হেৰি নালাগে দেখুন চাওকচোন এইটো", মই চালো, ধুৰ নেটৱৰ্কটোৱেই নাই দেখুন...ক’ত-বা লুকাল৷ ওচৰতে দেউতা এনেয়ে বিচনাত আৰাম কৰি পৰি আছে, আগ্ৰেহেৰে মোলৈ চালে, মই ক’লো- "বাবা আচলতে এইৰ খেন-মিলা নাই, লাচিতৰ সেই যে নাওঁ মেলোতে খেন চাই দিয়াটো কোন আছিল?" দেউতাই ক’লে-"অ’ মঙলতী"৷

"অ’ তেন্তে মঙলতীকে মাতো, চাই দিয়ক খেন, মালৈ কৰক ডায়েল, পাতি পেলাওক কথা, লাচিতৰ দেশৰ জীয়ৰীটো!"- আনদিনা হোৱা হ’লে বাঘ-ঢকা এটা ভাগ্যত নিশ্চিত হ’লেই হেতেন....বাবাৰ উপস্থিতিয়ে ভাল বচালে বুলিহে...উস ৰক্ষা!

(৪)
সকলো সময়তে হহুৱাব নোৱাৰিঃ শিল্পীওটো মানুহহে!

দেউতাৰ দাঁতৰ বিষ৷ ডাক্তৰৰ তাত দেখুৱাই দৰৱ লবলৈ ফাৰ্মাচীখনত সোমাইছো৷ ওৱা এইজন দেখোন মোতকৈ অলপ আলহ-বহল মানুহ৷ ওচৰতে ৰলোগৈ, তেখেত স-স্ত্ৰী আহিছে৷ তেখেতক দেখি, ফাৰ্মাচাৰ ল’ৰা কেইজনে মুখেৰে কিবা-কিবি পাতিছে, তেওঁলৈ চাই হাঁহিছে৷ মই বোলো কেচটো কি? মুখ ঘূৰাই চাও, কাষত সেইজন দেশৰ অন্যতম প্ৰবীণ হাস্য-ব্যংগ শিল্পী সতীশ শ্বাহ!
মুম্বাইৰ ফিল্ম-চিটিৰ সমীপতে থকা বাবে এনে (সৌ)ভাগ্য মাজে মাজে হয়!


মই তেখেতৰ মুখলৈ চাই হয়নে নহয় ভালকৈ চাই কনফাৰ্ম হৈ, হাঁহিৰ ৰেখা বিৰিঙাবৰ বাবে চেষ্টা কৰিলো ওঁঠত৷ পিছে তেওঁ মোলৈ চোৱা নাই, ফাৰ্মাচীৰ ল’ৰা কেইজনকো হাঁহি মাৰি উত্তৰ দিয়া নাই, গাল এখনত হাতহে দি আছে৷ বৰং তেখেতৰ শ্ৰীমতীয়ে ওঁঠত হাঁহিৰ ৰেখা আঁকি দাঁতৰ বিষৰ দৰৱ, কুলকুলি কৰিবলৈ লিষ্টাৰিন দিবলৈ কোৱাহে কানত পৰিল৷

লগে লগে কথাবোৰ পৰিস্কাৰ হৈ উঠিল৷ হাস্য ব্যংগ শিল্পী হ’ল বুলিয়ে প্ৰতিটো মুহূতৰ্তে আনক হাঁহি দিব বা হহুৱাব নোৱাৰি নহয়৷ শিল্পীওটো মানুহহে, সুখ দুখ আছে৷ দাঁতৰ বিষ আছে......

"চকুৰ কূটা, দাঁতৰ শূল" বুলি অসমীয়া ভাষাই এনেই স্বীকৃতি দিছেনে, এই অনুভৱক৷ মিচা ক’লে কি ডাল হব নহয়নে?

মিচা ক’লে কি ডাল হব শিতানৰ আন হাস্য ব্যংগ পঢ়িবলৈ ইয়াতে ক্লিক কৰক


No comments:

Post a Comment