মিচা ক’লে কি ডাল হব (হাস্য ব্যংগৰ শিতান) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব (হাস্য ব্যংগৰ শিতান)

মিচা ক’লে কি ডাল হব (হাস্য ব্যংগৰ শিতান)

Share This
এটা অত্যাধুনিক গীত:
#অঞ্জল বৰা
(টোকা : এই গীতটো সিদিনা লুইতৰ এটা চাপৰিত হাতত এটা টোকাৰী লৈ 'হাঁহিৰামদেউ'ৱে ইনাই-বিনাই গাই থকা শুনিছিলোঁ৷ গানটো ভাল লগাত মোৰ টোকাবহীত লিখি আনিলোঁ৷ গীতটোৰ মূল ভাষা মৈমনচিঙীয়া৷ ইয়াত অসমীয়াত অনুবাদ কৰি দিয়া হ'ল৷)
গ্ৰাফিক্সঃ ধ্ৰুৱজ্যোতি শইকীয়া
(ৰাগ-তাল : পৰদেশী পৰদেশী)
শ্বায়েৰী:
মই এইটো কোৱা নাই যে, সকলো বিদেশীক আপোন কৰি ল'বা
কিন্তু কোনো বাংলাদেশীকে কেতিয়াও পৰ বুলি নাভাবিবা !! (হাঁহিৰামদেউ)

হুহুহুহু.. হুহুহুহু...হুহুহুহুহুহুহুহু...
বাংলাদেশী বাংলাদেশী নাযাবা তুমি
বাংলাদেশী বাংলাদেশী নাযাবা তুমি
আসামক এৰি থৈ.. আসামক এৰি থৈ (পুনৰ এবাৰ) (হাঁহিৰামদেউ)
বাংলাদেশী মোৰ বন্ধু.. বিশ্বাসঘাতকতা নকৰিবা
মোক মনত ৰাখিবা.... কেতিয়াও পাহৰি নাযাবা
বাংলাদেশী বাংলাদেশী নাযাবা তুমি
বাংলাদেশী বাংলাদেশী নাযাবা তুমি
আসামক এৰি থৈ.. আসামক এৰি থৈ
হাঁহিৰামদেউ মোৰ বন্ধু.. বিশ্বাসঘাতকতা নকৰিবা
তুমিও মনত ৰাখিবা.... কেতিয়াও পাহৰি নাযাবা (বাংলাদেশী)
বাংলাদেশী বাংলাদেশী নাযাবা তুমি
বাংলাদেশী বাংলাদেশী নাযাবা তুমি
আসামক এৰি থৈ.. আসামক এৰি থৈ (হাঁহিৰামদেউ)

মই তোমাক মাটি  দিছোঁ আৰু ৰেচন-কাৰ্ড দিছোঁ
সকলো তোমাৰ লগতে মই উটুৱাই দিছোঁ (পুনৰ এবাৰ) (হাঁহিৰামদেউ)
ঘৰ-বাৰি দিয়াৰ বিনিময়ত না মই কিবা বিচাৰিছোঁ
বাংলাদেশীৰ হকে কেৱল মৰম বিলাই দিছোঁ (হাঁহিৰামদেউ)
বাংলাদেশী মোৰ বন্ধু.. গ'লেও ওভতি আহিবা
তুমি মনত ৰাখিবা.... কেতিয়াও পাহৰি নাযাবা (হাঁহিৰামদেউ)
বাংলাদেশী বাংলাদেশী নাযাবা তুমি
বাংলাদেশী বাংলাদেশী নাযাবা তুমি
আসামক এৰি থৈ.. আসামক এৰি থৈ (হাঁহিৰামদেউ)
পাহৰি.. না.. যা.. বা... আ... আ
পাহৰি.. না.. যা.. বা... আ... আ (হাঁহিৰামদেউ)
পাহৰি.. না.. যা.. বা... আ... আ (বাংলাদেশী)

সকলো সময়তে তোমাৰ চিন্তাই মোক আমনি কৰিব
শুই উঠিয়েই তোমাৰ খবৰ নাপালে মোৰ পেটলৈ ভাত নাযাব (এবাৰ পুনৰ) (হাঁহিৰামদেউ)
তুমি মোক এৰি থৈ গ'লে মোৰ কেনেকুৱা হ'ব
সঁচাকৈ কৈছোঁ তুমি বহুত পস্তাবা
বাংলাদেশী মোৰ বন্ধু.. মোক আৰু নকন্দুৱাবা
তুমি মনত ৰাখিবা.... কেতিয়াও পাহৰি নাযাবা (হাঁহিৰামদেউ)
বাংলাদেশী বাংলাদেশী নাযাবা তুমি
বাংলাদেশী বাংলাদেশী নাযাবা তুমি
আসামক এৰি থৈ.. আসামক এৰি থৈ (হাঁহিৰামদেউ)

শ্বায়েৰী :
আহ: সেইটো কি কষ্টকৰ, যেতিয়া আই এম ডি টিৰ কথাবোৰ মই শুনোঁ
তোমাৰ দুখত মই উৰে নিশা মনে মনে কান্দোঁ !!
কোনোবাই কয়.. যেতিয়া এখন হৃদয় ভাগি যায়
কোনো শব্দ নহয়
কিন্তু যেতিয়া তুমি যোৱাৰ কথা কয়
চাৰিওফালে মোৰ কন্যাধৰাত হাহাকাৰ হয়৷
তোৰ এটা ভোটত সিমান শক্তি আছে...
তোৰ ঘৰত যিমান ল'ৰা-ছোৱালী আছে...
কিন্তু শুন...
তোৰ ভোট, তোৰ ল'ৰা-ছোৱালীৰ লগত
এই খিলঞ্জীয়াই কি ন্যায় কৰিব... হুহ !! 
তই চটফটাই থাকিবি, চটফটাই থাকিবি
এই খিলঞ্জীয়াই চাই চাই তোক ইতিকিং কৰিব
শুন.. তই আজি জাগিব লাগিব
আৰু আজি নিজৰ ন্যায়ৰ বাবে
হৃদয় ঢালি নাচিব লাগিব (হিহি...হুহু...হাহা.)) (হাঁহিৰামদেউ)

বাংলাদেশী বাংলাদেশী নাযাবা তুমি
বাংলাদেশী বাংলাদেশী নাযাবা তুমি
আসামক এৰি থৈ.. আসামক এৰি থৈ (হাঁহিৰামদেউ)
পাহৰি.. না.. যা.. বা... আ... আ
পাহৰি.. না.. যা.. বা... আ... আ (হাঁহিৰামদেউ)
পাহৰি.. না.. যা.. বা... আ... আ (বাংলাদেশী)
বাংলাদেশী মোৰ বন্ধু.. গ'লেও ওভতি আহিবা৷
.................................................................
(এই শিতানৰ আন আন লেখা পঢ়িবলৈ "মিচা ক’লে কি ডাল হব" পৃষ্ঠালৈ যাবলৈ ইয়াতে ক্লিক কৰক)

No comments:

Post a Comment