মনৰ কথাঃ ধুবি ঘাটত সাংবাদিক নিতুমনি বনাম সাম্প্ৰদায়িকতাৰ ক'লা ছাইত হিমন্তবিশ্ব :: বুলন কুমাৰ শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ ধুবি ঘাটত সাংবাদিক নিতুমনি বনাম সাম্প্ৰদায়িকতাৰ ক'লা ছাইত হিমন্তবিশ্ব :: বুলন কুমাৰ শইকীয়া

মনৰ কথাঃ ধুবি ঘাটত সাংবাদিক নিতুমনি বনাম সাম্প্ৰদায়িকতাৰ ক'লা ছাইত হিমন্তবিশ্ব :: বুলন কুমাৰ শইকীয়া

Share This
এটা কাম বৰ ধুনিয়াকৈ বেছ কিছু সময় ধৰি হিমন্ত বিশ্ব শৰ্মাই কৰি আছে আৰু সেইটো হৈছে অন্তহীন বিতৰ্কৰে সংবাদ মাধ্যমৰ চৰ্চাৰ শীৰ্ষত তেওঁ অৱস্থান গ্ৰহণ কৰাটো৷ মানুহজনৰ দক্ষতা আৰু বিচক্ষণতা নোহোৱা নহয় কিন্তু সিবিলাকৰ ব্যৱহাৰিক প্ৰয়োজনীয়তাক তেওঁ ক্ষমতাকেন্দ্ৰিক বিচাৰেৰে আঁতৰাই থয় ৷ তেওঁ সেই উলংগ ৰজাজনো নহয় যে কেৱল স্তাৱকৰ হাততালিৰ মাজতেই থাকিব বিচাৰিব ৷ হিমন্ত বিশ্ব শৰ্মাই নিজে কামনা কৰা বস্তুটো হ’ল বাস্তৱ পৰিস্থিতিটোৰ পৰা মানুহৰ দৃষ্টি আঁতৰাই নিয়াৰ৷ কেৱল এইটোকে কৰি মন্ত্ৰী হিমন্তই অতবছৰে ক্ষমতাৰ ৰাজনীতিত বৰ্তি আছে ৷ তেওঁৰ লগত বা তেওঁৰ বিতৰ্কিত মন্তব্যৰ লগত মানুহে যিমানেই ব্যস্ত হৈ পৰিব সিমানেই মূল বিষয়বস্তুৰ পৰা মানুহে আঁতৰি আহিব আৰু তেওঁৰ বেকা আঁচনিবোৰ ক্ৰমশঃ সিদ্ধিৰ পথত আগবঢ়াই নিব ৷
কালি দেখিবলৈ পোৱা গ’ল এগৰাকী বিশিষ্ট টেলিভিছন সাংবাদিক নিতুমণি শইকীয়াই এইগৰাকী হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে প্ৰত্যাহ্বান জনাই দৰ্শকৰ মাজত সমাদৃত হৈছে ৷ চল্‌তি ভাষাৰে নিতুমণি হিমন্তৰ এই দবৰাদবৰি যুঁজখনৰ সম্পৰ্কত কিছুৱে আখ্যায়িত কৰিছে যে হিমন্তক বাৰুকৈয়ে নিতুমণিয়ে ধুলে ৷ ধুব পাৰে ৷ ধুবিৰ কামেই হৈছে ধোৱা ৷ সাংবাদিক নিতুমণি শইকীয়াক যদি এগৰাকী ধুবি হিচাপে ধৰি লোৱা হ’য় তেন্তে মন্ত্ৰী হিমন্তক তেওঁ ধুই পেলালে বুলি অভিনন্দিত কৰিও লাভ নাই ৷ কিয় ? কাৰণ সাম্প্ৰতিক ৰাজনীতিৰ এটা অন্যতম লেতেৰা চৰিত্ৰই হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ সুবিধাবাদী ৰাজনীতিৰ সুবাদতেই তেওঁ আজি এনে এটা পৰ্বলৈ গুছি গৈছে যে সাম্প্ৰদায়িক মলিনতাৰ ক’লা ছাঁইৰে লুটুৰি পুতুৰি হোৱা ৰাজনৈতিক নেতাগৰাকীক "ধুই" লাভ নাই ৷ তেওঁ আচলতে ইমানবোৰ অপৰিস্কাৰ নিজৰ গাত সানি লৈছে যে তেওঁৰ ৰাজনৈতিক কাপোৰসাজ গা’ত আছে নে নাই সেয়া ধৰিবই নোৱাৰি ৷ দ্বিতীয় কথাটো হ’ল অসমৰ ৰাজনীতিত এনে ক’লা ছাঁইৰে লুটুৰি পুতুৰি হোৱা এজনেই মাথোঁ নেতা নাই ৷ কি সৰ্বানন্দ, কি ৰঞ্জিত দাস সকলোৰে একে অৱস্থা ৷ বিৰোধীৰ মাজতো আছে প্ৰচ্ছন্ন সুবিধাবাদী৷ কোন কেতিয়া ক’লা হয় তাৰ ঠিকনা নাই ৷ 

এতেকে এইসময়ত সাংবাদিকৰ যুঁজখন কি হ’ব লাগে? সাংবাদিকতাৰ ধুবীঘাটত অপদাৰ্থ ৰাজনৈতিক নেতাবিলাকক গুৰুত্ব দি ধুই থকাৰ সময় এয়া নহয় ৷ তথাকথিত প্ৰত্যাহ্বান দি মই এনহে এৰিম তেনহে এৰিম , মই ভৰিত ধৰিম, মই কোলাত ল’ম... এই জাতীয় সাময়িক আস্ফালনো বৰ এটা সঠিক কথা নহয় ৷ হিমন্ত বিশ্ব শৰ্মাৰ ভণ্ডামিক এতিয়া সাধাৰণ মানুহেই উপলদ্ধি কৰিব পাৰিছে ৷ শৰ্মাৰ ৰাজনৈতিক ধাৰাটোক চূড়ান্ত ঘৃণাৰে উপচাই পেলাইছে ৷ এইখিনি সময়ত টিভি চেনেলৰ যিকোনো এজন সাংবাদিকে হিমন্তৰ বিৰুদ্ধে যুঁজিবলৈ গ’লে স্বাভাৱিকতে সেয়া বহুলাংশ মানুহে আমোদ পাবই ৷ তাত কৃতিত্বৰ কথা ক’ত ?

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে - নিতুমণি শইকীয়াৰ ভীমবচন, এতিয়া তাৰ উপযুক্ত সময় নহয় ৷ এইখিনি সময় জাতীয় সংকটৰ বিৰুদ্ধে কাৰ্যকৰী ভাৱে মাৰ বান্ধি থিয় দিয়াৰ ৷ যুঁজখন হ’ব লাগে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ দলৰ মানুহে অতি কৌশলৰে চলাই নিয়া সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে ৷ মূল কামটো হ’ব লাগে কেন্দ্ৰৰ স্বেচ্ছাচাৰী নীতি আৰু ৰাজ্য চৰকাৰৰ জাতিদ্ৰোহী নীতিৰ বিৰুদ্ধে পৰিকল্পিত আৰু এখন সংগঠিত সংগ্ৰামৰ বাবে পট নিৰ্মাণ ৷ এয়া কেৱল এগৰাকী টেলিভিচন সম্পাদকৰে কাম নহয় বৰঞ্চ অসমক ভালপোৱা প্ৰতিজন সচেতন মানুহৰ কাম হোৱা উচিত ৷ অসমৰ এই অস্থিৰতা- দুৰাৱস্থাৰ বাবে এজন হিমন্তই শেষ কথা নহয় ৷ হিমন্তৰ দৰে কুন্ধচ বাসনাৰ সুবিধাবাদী ৰাজনৈতিক নেতা অসমত ভৰি আছে ৷ এই সকলোৰে একমাত্ৰ উদ্দেশ্যটো হ’ল ক্ষমতাৰ স্বাৰ্থত হিন্দু শৰণাৰ্থী সংস্থাপনৰ কৰ্মসূচীক আগুৱাই লৈ যোৱা ৷ এইবিলাকৰ সৈতে মন্ত্ৰী শৰ্মাৰ পাৰ্থক্যটো ইমানেই তেওঁ কুৰুচি পূৰ্ণ মন্তব্য প্ৰদান কৰি সকলোকে নিজৰ সৈতে ব্যস্ত কৰি থোৱাৰ কিটিপটো জানে আৰু তাৰ সুবিধা লৈয়ে নিজৰ স্বাৰ্থসিদ্ধি কৰি লয় ৷ নকলেও বুজা যায়, অতি সাম্প্ৰদায়িক মন্তব্য প্ৰদানেৰে তেওঁৰ মূল ধান্দাটো হৈছে নাগপুৰ -দিল্লীত নিজকে অতি হিন্দুত্ববাদী নেতা হিচাপে প্ৰতিষ্ঠা কৰাটোহে ৷ অসম জ্বলি যাওক তাকে লৈ তেওঁৰ মূৰৰ কামোৰণি নাই৷ এনে কাৰ্যৰে ধূৰ্ত হিমন্তই প্ৰতিযোগিতাত তিষ্ঠি থাকিবলৈ "গছৰ মূঢ়া" সৰ্বানন্দকো হিন্দুত্ববাদৰ প্ৰবক্তা কৰি তুলি গণবিচ্ছিন্ন কৰিবলৈ সক্ষম হৈছে আনহাতে নিতৌ পৰিস্থিতি উত্তেজনা কৰি মুখ্যমন্ত্ৰীৰ গৃহবিভাগকো বিফল কৰি তুলিবলৈ নামি পৰিছে ৷ বছ ! কথা সিমানেই ৷

এইজন হিমন্তক টিভিৰ পৰ্দাত, আছুৱে গোটাই দিয়া সমাৱেশত "চেলেঞ্জ" কৰি লাভ নাই ৷ ৰাইজে বুজি পাই কথাবোৰ ৷ নিতুমণি শইকীয়াই হিমন্তৰ ভৰিত ধৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় ৷ কিন্তু মূল বিষয়বোৰ যাতে এনে অদৰকাৰী ব্যক্তিৰ সৈতে ফেপেৰি পাতি অনাহুত যুঁজ এখনৰে ৰাইজক বিভ্ৰান্ত কৰা নহয় ৷ 

বিজেপিয়ে সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰাভিযানত খৰছ কৰিবলৈ ৪হেজাৰ কোটি টকাৰ আঁচনি লৈছে ৷ তাৰে এটা অংশ সময়ত নিশ্চিতভাৱে নিতুমণি শইকীয়াই কৰ্মৰ’ত টিভি চেনেলনৈও আহিব ৷ নিতুমণি শইকীয়াই তেতিয়া মালিকপক্ষক চেলেঞ্জ দিব নেকি জাতিদ্ৰোহী বিজেপিৰ বিজ্ঞাপনৰ টকা তেওঁৰ কোম্পানীয়ে গ্ৰহণ কৰিলে "মুখ্য সম্পাদক"ৰ আসনৰ পৰা পদত্যাগ কৰিম বুলি ? নিদিয়ে ! সিমানখিনি মৰসাহ নিতুমণি শইকীয়াৰো নাই ৷ হিমন্ত উলংগ ৷ হিমন্তক উলংগ বুলি নতুনকৈ দেখুৱাবলৈ একো নাই ৷ যদি ফঁহিয়াই দেখুৱাব বিচাৰিছে ৰাষ্ট্ৰৰ স্বৈৰাচাৰীতাক দেখুৱাওক ৷

শেষত এটা কৌতুক ৷ এই কৌতুকটোৰেই বহুত কথা বুজিবলৈ সুবিধা হ’ব ৷

এগৰাকী মহিলা ৷ তেওঁ আৰক্ষীক খবৰ দিলে যে তেওঁৰ ঘৰৰ খিৰিকীৰে সদায় দেখিবলৈ পাই, ওচৰৰ পুৰুষ এজনে উলংগ হৈ গা ধুই থাকে ৷

আৰক্ষী আহিল ৷ সৰু খিৰিকীখনৰে চাই পঠিয়ালে ৷ সঁচাই মানুহজনে গা ধুই আছে ৷ কিন্তু সম্পূৰ্ণ উলংগ যেন লগা নাই ৷ মহিলাগৰাকীক সেই কথা ক’লে ৷

মহিলাগৰাকীয়ে উত্তৰ দিলে : টুলখনত উঠি চাওক ৷ তেতিয়া দেখিব ৷ সম্পূৰ্ণ উলংগ হয় নে নহয় ৷
বুলন শইকীয়াৰ আন আন লেখা সুখ-দুখত পঢ়িবলৈঃ 

1 comment: