মনৰ কথাঃ প্ৰতিবাৰেই স্পৰ্শকাতৰ মুৰ্হুতত কিয়ঃ প্ৰসংগ 'ভাৰতৰত্ন' :: দেৱব্ৰত গগৈ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
মনৰ কথাঃ প্ৰতিবাৰেই স্পৰ্শকাতৰ মুৰ্হুতত কিয়ঃ প্ৰসংগ 'ভাৰতৰত্ন' :: দেৱব্ৰত গগৈ

মনৰ কথাঃ প্ৰতিবাৰেই স্পৰ্শকাতৰ মুৰ্হুতত কিয়ঃ প্ৰসংগ 'ভাৰতৰত্ন' :: দেৱব্ৰত গগৈ

Share This
অৱশেষত ভূপেনদাক ৰাষ্ট্ৰই ভাৰত ৰত্ন বুলি স্বীকৃতি দিলে। মানুহজন যে ভাৰতৰ ৰত্ন সেই কথা ভাৰত ৰাষ্ট্ৰই তেওঁ কায়িক ভাবে আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ প্ৰায় আঠবছৰৰ পাছতহে উপলব্ধি কৰিব পাৰিলে। 
যিখিনি কৰ্মৰাজিৰ কাৰণে ভূপেন হাজৰিকা আমাৰ বাবে ভূপেনদা হৈ অনন্ত কাললৈ অসমীয়াৰ বুকুৰ মাজত জীয়াই থাকিব সেই কৰ্মৰাজিখিনি ভূপেনদাই সেই আশীৰ দশকতেই সৰ্ম্পূণ কৰিছিল । যি "গংগা বেহতী হে কিউ " অটল বিহাৰী বাজপেয়ীয়ে মতলীয়া হৈ শুনিছিল , সেইটোৰো মূল ৰূপ "বিৰ্স্তীণ পাৰৰে..." ভূপেনদাই সৃষ্টি কৰিছিল 1965 চনত। আন এটা অমৰ সৃষ্টি “ মানুহে মানুহৰ বাবে...” ভূপেনদাই লিখিছিল ভাষা আন্দোলনৰ সময়ত অৰ্থাত 1960 চনত। ভূপেনদাক যেতিয়া বিজেপি দল বা চৰকাৰে চিনি পাবলৈ আৰম্ভ কৰিছিল তেতিয়ালৈকে ভুপেনদাৰ সৃষ্টিশীলতাত বিয়লিৰ ৰং লাগিছিল লগতে তেখেতৰ হৈছিল সাংস্কৃতিক স্খলন। 

1953চনত ভূপেনদাৰ ভনী জোঁৱায়েক দিলীপ শৰ্মাই চীনত গাবলৈ বুলি লিখি উলিওৱা সাম্যবাদৰ প্ৰভাৱ থকা বিখ্যাত গীত “প্ৰতিধ্বনি শুনো মই” গীতটোৰ সুৰত ভূপেনদাই নিজেই 2001 চনত দমন চিনেমাখনৰ বাবে এটা চফ্ট আইটেম চং বনাই সীমা সৰদেশাই কণ্ঠৰে গোৱাইছিল আৰু ইয়াৰ দুবছৰৰ পাছতেই ভুপেনদাই বিজেপিত জইন কৰিছিল। 1953 চনত যিটো গীতৰ কথাংশ আছিল
“ হব পাৰে কোনো গাভৰুৰ শোকভৰা কথা , 
হব পাৰে কোনো আইতাৰ নিশাৰ সাধুৰ কথা...” , 

2001 চনত ভুপেনদাই সেই দুখৰ গাভৰুজনী আৰু চিনাকী আইতাজনীক আঁতৰাই গীতটোলৈ এজনী কামাতুৰ নাৰীক লৈ আনিলে আৰু গোৱালে-
“ দেখো দেখো মেৰা ৰূপ কা নশ্ব্যা সবকো মন মে শ্বায়া , 
দেখকে মেৰা ৰং গোলাবী সবকে মন লশ্যায়া” ।

এতিয়া আমি কোনজন ভুপেন হাজৰিকাৰ বাবে ভাৰত ৰত্নৰ দাবী কৰিম ? 1953 , 1960 , 1965 চনৰ ভুপেনদাৰ বাবে নে 2001চনত হিন্দী চিনেমাৰ চফ্ট আইটেম ছং বনোৱা ভূপেনদাজনৰ বাবে ? 

যদি পুৰণাজনৰ বাবে তেনেহ’লে ভূপেনদাক ভাৰতৰ ৰত্ন বুলি চিনি পাবলৈ ভাৰত চৰকাৰৰ ইমান পলম কিয় হ'ল বুলি প্ৰশ্ন আমি অসমীয়াই কিয় নুতুলিম ? আৰু সেইবাবেই আমি সন্দেহ কৰিছো যে ক'ৰবাত প্ৰয়াত ভূপেন হাজৰিকাকো চৰকাৰে ৰাজনৈতিক ভাবে ব্যৱহাৰ কৰিছে ? আমাৰ এই সন্দেহ অমূলক এই বাবেই নহয় যে অসমৰ প্ৰতিটো সামাজিক আৰু ৰাজনৈতিকভাবে স্পৰ্শকাতৰ পৰিৱেশক নিয়ন্ত্ৰণ কৰিবলৈ ভাৰত চৰকাৰে আগৰে পৰাই বঁটা-সন্মানৰ সহায় লৈছে। 1979 চনত যেতিয়া প্ৰথমে বাংলাদেশীৰ পৰিৰ্ৱতে বহিৰাগত বহিষ্কাৰেৰে অসম আন্দোলন আৰম্ভ হৈছিল তেতিয়াই ৰামধেনু যুগৰ অন্যতম মহীৰূহ ৰূপী অসমীয়া সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যক জ্ঞানপীঠ বঁটাৰে ভাৰত চৰকাৰে সন্মানিত কৰিছিল । নবৈ দশকত বিদ্ৰোহী দমনৰ নামত যেতিয়া ভাৰতীয় সৈন্য বাহিনীয়ে অসমীয়া ৰাইজৰ ওপৰত অকথ্য নিৰ্য্যাতন চলাইছিল , বহু নাৰীক ধৰ্ষণ কৰি হত্যা কৰিছিল , বিদ্ৰোহী পুতেকক বিচাৰি নাপায় বৃদ্ধ পিতৃ আৰু জেষ্ঠ্যে ভাতৃক অত্যাচাৰ কৰিছিল সেই সময়তেই অসমীয়া মধ্যবিত্ত সমাজখনক সেই নাৰকীয় পৰিৱেশৰ পৰা ধ্যান আঁতৰাবলৈ ভূপেনদাক প্ৰদান কৰিছিল দাদা চাহেব ফালকে বঁটা। অৱশ্যে পৰাগ কুমাৰ দাসৰ দৰে সচেতন সাংবাদিকে অতি নিৰ্ভিকতাৰে আৰু যুক্তিসহকাৰে চৰকাৰৰ সেই কৌশল ৰাইজৰ আগত উদঙাই দিছিল।

ইয়াৰ পাছৰ পৰ্যায়ত 1999চনত আহিল গুপ্তহত্যাৰ সেই বিভিষিকাময় দিনবোৰ, অসমীয়া সাধাৰণ ৰাইজ পুনৰ কেন্দ্ৰ চৰকাৰৰ প্ৰতি অসন্তষ্ট হৈ উঠিল আৰু সেই অসন্তষ্টিৰ উপশম ঘটাবলৈ ভাৰত চৰকাৰে পুনৰ এজন অসমীয়াক মৰোণত্তৰভাবে বঁটা প্ৰদান কৰিলে , লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে ভাৰত ৰত্ন পালে। ঠিকে তেনেদৰেই আজি নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতা কৰিবলৈ গৈ অসমীয়া ৰাইজ ভাৰত চৰকাৰৰ প্ৰতি বিদ্ৰোহী হৈ উঠিছে , দুয়োখন চৰকাৰ আৰু সংশোধনী আইনখনৰ সৰ্মথকসকলৰ আপ্ৰাণ চেষ্টাইও অসমীয়া ৰাইজক আইনখনৰ সপক্ষে আনিবলৈ সফল হোৱা নাই আৰু সেই বাবেই প্ৰতিবাদী অসমীয়া ৰাইজৰ ধ্যান আনফালে নিবলৈ ভূপেনদাক প্ৰদান কৰিছে ভাৰত ৰত্নৰ সন্মান। ভাৰতীয় জনতা দলৰ ভূপেন হাজৰিকাৰ প্ৰতি কিমান আস্থা আৰু সন্মান আছে সেই কথা তেওঁলোকে অতীতত প্ৰমাণ কৰি থৈছে। 2003 চনত ৰাজ্যসভাৰ মনোনীত প্ৰাৰ্থীৰূপে ভূপেন হাজৰিকাৰ নামটো তেতিয়াৰ বিজেপি চৰকাৰে উত্থাপন কৰিব বুলি আমি সকলোৱে আশা কৰিছিলো যদিও অসমীয়াৰ আশাত চেঁচা পানী ঢালি বাজপেয়ী চৰকাৰে ৰহস্যজনকভাবে হেমামালিনী আৰু ৰামায়ণৰ হনুমানৰূপী দাৰাসিংক ৰাজ্যসভালৈ প্ৰেৰণ কৰিছিল আৰু ইয়াৰ পাছত বৃদ্ধ ভূপেন হাজৰিকাক লোকসভাৰ নিৰ্বাচনৰ দৰে কঠিন যুঁজত নামিবলৈ বাধ্য কৰাইছিল।

ওপৰত উল্লেখিত ব্যক্তিসকলে যিকোনো চৰকাৰী সন্মান পোৱাত আমাৰ আপত্তি নাই আৰু নাপালেও আপত্তি নাই। কাৰণ ভূপেনদাৰ দৰেই আন কেইজন ব্যক্তিও বঁটা অবিহনেই অসমীয়া জাতিটোৰ বাবে চিৰ নমস্য। সেই তাহানিতে গোপীনাথ বৰদলৈয়ে অসমীয়া জাতিটোৰ অভিভাৱকৰূপে থাকি আমাক পাকিস্তানৰ অংশ হোৱাৰ পৰা যদি ৰক্ষা নকৰিলেহেঁতেন তেনেহ’লে আজিৰ তাৰিখত জাতিটোৰ অস্বিত্বই থাকিলেহেঁতেন নাই সন্দেহ। ঠিকে তেনেদৰে ইয়াৰুংগম বা মৃত্যুঞ্জয়ৰ ৰচক ৰামধেনু যুগৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসমীয়া সাহিত্য জগতৰ এজোপা মহীৰূহ। ভূপেনদা, লোকপ্ৰিয় বা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যক অসমীয়া জাতিয়ে যিখিনি স্বীকৃতি ইতিমধ্যে দি থৈছে , সেইখিনি ভাৰত বা অসম বাদেই পৃথিৱীৰ কোনো বঁটাই পূৰাব নোৱাৰে।

এইখিনিতে গল্প এটালৈ মনত পৰিছে । নামটো পাহৰিলো। দুগৰাকী দেহোপজীবিনী অকলশৰীয়াকৈ থাকে। ফাকুৱাৰ দিনাখন সিহঁতে আশা কৰে , কোনোবা আহক , সিহঁতৰ লগত ফাকু খেলক , কিন্ত সিহঁতৰ ওচৰলৈ কোনো নাহে । সন্ধ্যা লগাৰ পাছত হাতত ফাকুৱা লৈ কেইটামান গ্ৰাহক আহে আৰু সিহঁতক ফাকুৱা সনাৰ চলেৰে সিহঁতৰ গোপন অংগবোৰৰ সোৱাদ লয়। তাৰে এজনী খং আৰু দুখত ফাটি কয় , “ তহঁতৰ দিনত আমালৈ মনত নপৰেনে ?”।

কালি ভূপেনদাক ভাৰত চৰকাৰে ভাৰত ৰত্ন দিয়াৰ খৱৰটো পাই , মোৰো সেই দেহোপজীবিনীকেইজনীৰ দৰেই চিঞৰি চিঞৰি কবলৈ মন গৈছে--- “ হে মহান ভাৰত ৰাষ্ট্ৰ , আপোনালোকে আমাৰ অসমীয়া মহীৰূহসকলক সদায় বিশেষ স্বাৰ্থৰ বাবেহে কিয় মনত পেলায় ?”

No comments:

Post a Comment