বিশ্লেষণঃ সাংবিধানিক সুৰক্ষা কবচৰ পৰিধি :: ইন্দ্ৰজিত বৰা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
বিশ্লেষণঃ সাংবিধানিক সুৰক্ষা কবচৰ পৰিধি :: ইন্দ্ৰজিত বৰা

বিশ্লেষণঃ সাংবিধানিক সুৰক্ষা কবচৰ পৰিধি :: ইন্দ্ৰজিত বৰা

Share This
অসম চুক্তিৰ ছয় নম্বৰ দফাত উল্লিখিত - "Constitutional, legislative and administrative safeguards, as may be appropriate, shall be provided to protect, preserve and promote the cultural, social, linguistic identity and heritage of the Assamese people” - এই বাক্যটিৰ সাংবিধানিক, ন্যায়িক আৰু প্ৰশাসনিক ৰূপান্তৰ কি হ’ব পাৰে? এটা কথা ঠিক যে অসমীয়াৰ সাংবিধানিক সংজ্ঞা ইয়াত কেৱল অসমীয়াভাষীতেই সীমাবদ্ধ নহয় ৷ অসমৰ খিলঞ্জীয়া বুলি ক’লে নিশ্চয় ১৯৫০ চনলৈকে বসবাস কৰি থকা সকলোকেই সাঙুৰি ল’ব লাগিব ৷ তাৰ পিছৰ পৰা ১৯৭১ চনলৈকে অহাসকল সাংবিধানিকভাৱে ভাৰতীয় নাগৰিক হ’লেও খিলঞ্জীয়া বুলি ক’ব পৰা যাবনে ?
এটা প্ৰাৰম্ভিক প্ৰশ্নৰে আলোচনাটো আৰম্ভ কৰিছোঁ ৷ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰত বিদেশী অনুপ্ৰৱেশ আৰু বহিৰাগতৰ আগ্ৰাসনৰ পৰা ৰক্ষা পাবলৈ যদি বিশেষ সাংবিধানিক সুৰক্ষা কবচ ল’ব লগা হৈছে, তেন্তে তাতোকৈ দুৰ্ভাগ্যজনক কথা আৰু কি হ’ব পাৰে ? তাৰমানে স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ প্ৰশাসনিক দক্ষতাৰ ওপৰতহে পোনপটীয়াকৈ প্ৰশ্ন নাহিবনে ? যেনেকৈ স্বৰাজোত্তৰ ভাৰতত গণতন্ত্ৰ কেৱল নিৰ্বাচনলৈ অৱনমিত হৈ পৰিল, তেনেকৈ ফোঁপোলা প্ৰশাসনে এবোজামান আইন-নীতি লগত থকাৰ পাছতো দেশৰ ন্যায্য সাৰ্বভৌম ভূখণ্ড আৰু ইয়াৰ অন্যান্য সম্পদবোৰ বেদখলৰ পৰা বচাই ৰাখিব পৰা নাই । এই বেদখল জানো কেৱল অনুপ্ৰৱেশৰ । আমাৰ আভ্যন্তৰীণ আৰ্থ-সামাজিক গাঁথনি যে নিজেই দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি হ’ব পাৰে সেয়া যেন এতিয়া ঐতিহাসিক সত্য হৈ পৰিছে ।

বৃটিছ শাসনৰ ৰাজহ বিভাগ আৰু এতিয়াৰ সাৰ্বভৌম ৰাষ্ট্ৰৰ ভুমি প্ৰশাসন একে হ’ব পাৰেনে ? ঔপনিৱেশিক প্ৰশাসনযন্ত্ৰটো বিশেষকৈ আইন-শৃংখলা বজাই ৰখা আৰু ৰাজহ সংগ্ৰহৰ বাবে সজ্জিত আছিল । সময়সাপেক্ষে গনতান্ত্ৰিক আৰু উন্নয়নশীল সমাজৰ উপযোগীকৈ এই প্ৰশাসনযন্ত্ৰটোৰ সংস্কাৰৰ প্ৰয়োজন আছিল, যিটো স্বাধীনতাৰ পাছত হৈ নুঠিল । কাৰণ মিশ্ৰ অৰ্থনীতিৰ কৰ্নধাৰসকলৰ অজানিতেই আমোলাতন্ত্ৰই নৱ-সামন্তীয় প্ৰাক-পুঁজিপতি এটা বিশাল শ্ৰেণীৰ স্বাৰ্থ পূৰণ কৰিছিল । ভূমিৰ ব্যক্তিগতকৰণৰ লগে লগে প্ৰয়োজনীয় মালিকীস্বত্ব তথা ভূমিৰ বৈধতা সুৰক্ষাৰ বিপৰীতে ধুসৰ আৰু অপৈণত ব্যৱস্থা আৰু ভুমিৰ তথ্য সঞ্চালন প্ৰক্ৰিয়াৰ ইচ্ছাকৃত বেমেজালিৰ আলমত আমোলাতন্ত্ৰই পুৰণ কৰি আহিল আদিম সামন্তীয় পিপাসা । এটা সমীক্ষা মতে ভাৰতবৰ্ষত প্ৰতিবছৰে ভুমি প্ৰশাসনৰ সেৱাৰ বিনিময়ত প্ৰায় ৪,৫৫০ কোটি টকা উপঢৌকন হিচাবে দিব লগা হয় (Transparency International, 2006)।

ভূমি প্ৰশাসন ভাৰতবৰ্ষৰ দৰে উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰৰ বাবে এক জটিল আৰু প্ৰত্যাহ্বানজনক ব্যৱস্থা ৷ স্বাধীনতাৰ প্ৰথম দশকটোত ধাৰাবাহিকভাৱে সংবিধান সংশোধন কৰা হৈছিল জমিদাৰী নিৰ্মূলৰ বাবে । তাৰ পাছত, পট্টাদাৰ আইনৰ দ্বাৰা এক বুজন সংখ্যক পট্টাদাৰৰ স্বত্বৰ সুৰক্ষা সুনিশ্চিত কৰা হৈছিল । বহুসংখ্যক অসুৰক্ষিত হৈয়ে থাকিল । জমিদাৰী নিৰ্মূলৰ ফলত সৃষ্টি হোৱা নৱ-সামন্তীয় শ্ৰেনীটোয়ে ভূমি সংস্কাৰ বাহাল ৰখাৰ অন্তৰায় হৈ পৰাৰ লগে লগে ভূমি প্ৰশাসনৰ সংস্কাৰও সুদূৰপৰাহত ৰৈ গ’ল ।

স্বৰাজোত্তৰ ভাৰতৰ কৃষিখণ্ডৰ বিৱৰ্তনৰ মূল হৈছে এক সীমিত পৰিসৰৰ ভিতৰত কৃষিভিত্তিক পুঁজিবাদৰ বিকাশ । প্ৰকৃতাৰ্থত ভূমি সংস্কাৰৰ বাবে পুৰণা জমিদাৰসকলৰ অৱনতি আৰু এক শ্ৰেণীৰ ধনী খেতিয়ক উৰ্ধমুখী হ’লেও আচলতে বৃহৎ মাটিৰ মলিকসকলৰ মাজত সালসলনি ঘটিছিল যদিও মালিকীস্বত্ব সেই ১৫ শতাংশৰ মাজতেই কেন্দ্ৰীভূত হৈ ৰৈছিল । আচলতে এই প্ৰায় সুষম শ্ৰেণীটোক পুঁজিপতি কৃষক হিচাবে প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন চৰকাৰী আঁচনিৰ যোগেদি যথেষ্ট সাহায্য পাই আহিছে । গতিকে আমি পুঁজিবাদী আৰু পূৰ্ব-পুঁজিবাদী এই দুই ধৰণৰ আৰ্থ-সামাজিক সম্পৰ্কই গ্ৰাম্য জীৱনত দেখা পাওঁ যি বৃহৎ সংখ্যক ক্ষুদ্ৰ কৃষকৰ বাবে পৰম্পৰাগতভাৱে দমনাত্মক হৈ আছে ।

আধিয়াৰ ৰক্ষা আইন (১৯৪৮), জমিদাৰী অধিগ্ৰহন আইন(১৯৫১), কৃষি ভূমিৰ চিলিং আইন (১৯৫৬), ধৰ্মানুষ্ঠান আৰু দাতব্য প্ৰতিষ্ঠানৰ ভূমি অধিগ্ৰহন আইন(১৯৫৯), অসম ভূ-দান আইন (১৯৬৫), অসম অস্থায়ী ভূমি বন্দৱস্তী এলেকাৰ প্ৰজাস্বত্ব আইন (১৯৭১) অসম বিধান সভাত গৃহীত হৈছিল। এই আইন সমূহ গৃহীত হোৱাৰ পাছতো ৰূপায়নৰ ক্ষেত্ৰত ৰাজ্যৰ শাসক চক্ৰ আৰু ভূমি প্ৰভূসকলৰ সন্মিলিত অভিসন্ধিয়েই মূল প্ৰত্যাহ্বান আছিল ৷ ভূমি সংস্কাৰৰ আসন্ন আৰ্থ-সামাজিক প্ৰভাৱৰ ৰাজনৈতিক আত্মপ্ৰকাশে উত্তৰ-ঔপনিৱেশিক গণতান্ত্ৰিক ৰাষ্ট্ৰত ভূমি প্ৰশাসনৰ জটিলতাকেই সুচায় ৷ বিশেষকৈ চিলিং আইনৰ ৰূপায়নত তথা থলুৱা লোকক মাটিৰ বন্দৱস্তী দিয়াত বাধা দিয়া ন্যস্ত স্বাৰ্থই শাসকগোষ্ঠীক ঘেৰাও কৰি ৰাখিছিল ৷ মুঠতে থলুৱা কৃষিজীৱি জনগনৰ প্ৰতি শাসক আৰু স্বাৰ্থন্নেষীসকলৰ অমানৱীয় ব্যৱহাৰে থলুৱাসকলকেই ভূমিহীন কৰি পেলাইছিল ৷ অসমৰ ভৈয়াম জনজাতীয় লোক সকলৰ বেল্ট-ব্লক সমূহৰ ভূমি ইতিমধ্যে বেদখলৰ গ্ৰাসত নিঃশেষ হৈ আহিছে ৷ ভূমি বন্দৱস্তী ব্যৱস্থাটো উন্নিতকৰণ কৰি ন্যস্তস্বাৰ্থৰ পৰা মুক্ত কৰিব লাগিব ৷

এটা কথা ঠিক যে জম্মু-কাশ্মীৰৰ দৰে সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ আৰু নাগালেণ্ডৰ দৰে অনুচ্ছেদ ৩৭১ (ক) অসমৰ ক্ষেত্ৰত প্ৰয়োগ কৰাটোৱেই সাংবিধানিকভাৱে দিব পৰা আটাইতকৈ মজবুত সুৰক্ষা কবচ হ’ব ৷ অৱশ্যে সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিলৈ চালে অসাংবিধানিক নগৰিকত্বৰ বিধেয়কখন গৃহীত কৰাৰ বিনিময়তহে জনজতিকৰণেৰে অসমৰ মাটিকালি সংবিধানৰ ২৪৪ নম্বৰ অনুচ্ছেদত পেলাই এক প্ৰকাৰৰ সাংবিধানিক সুৰক্ষা কবচৰ চৰ্ত ৰখা হৈছে যেন অনুমান হয় । অসমৰ ছয়টা জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া জনজাতিকৰনৰ দাবী পূৰণৰ যোগেদি অসমক এক সাংবিধানিক সুৰক্ষা কবচ দিয়াৰ যুক্তিযুক্ততাক অসাংবিধানিক বিধেয়কখনৰ বিনিময়ত চৰ্ত হিচাবে প্ৰয়োগ কৰা হৈছে ৷ ২০১১ চনৰ লোকপিয়লৰ হিচাবত এই জনজাতিকৰনৰ পাছত অসমৰ মুঠ জনজাতীয় লোকৰ সংখ্যা প্ৰায় ৬২ শতাংশলৈ বৃদ্ধি পাব আৰু এক জনজাতীয় ৰাজ্য হৈ পৰিব ৷ লগে লগে সংবিধানৰ অনুচ্ছেদ ৩৩২ অনুসৰি বিধান সভাৰ ১২৬ খনৰ ভিতৰত ৮০ খনকৈ আসন জনজাতিসকলৰ বাবে সংৰক্ষিত হৈ পৰিব ৷

এনেদৰে সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছদলৈকে বিভিন্ন মাত্ৰাৰ সাম্ভাব্য বৈকল্পিক সাংবিধানিক সুৰক্ষা কবচ বিলাকৰ ক্ষেত্ৰত দুটা গুৰুত্বপূৰ্ণ দিশ হ’ল কেন্দ্ৰৰ অনুমোদন আৰু তাৰ প্ৰকৃত ৰূপায়ন ৷ ভূমি আইনৰ ৰূপায়নত ৰাজ্য চৰকাৰৰ ভূমিকা থাকিব ৷ ৰাষ্ট্ৰৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু আৰ্থ-সামাজিক শক্তিৱন্তৰ পৰা গণতন্ত্ৰক মুক্ত কৰা - দুয়োটাই কঠিন কাম ৷

No comments:

Post a Comment