তাজাখবৰঃ দিল্লী বিশ্ববিদ্যালয় আৰু জে এন ইউৰ ছাত্র-ছাত্রীৰ ধৰ্ণা-প্ৰতিবাদঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ দিল্লী  বিশ্ববিদ্যালয় আৰু জে এন ইউৰ ছাত্র-ছাত্রীৰ ধৰ্ণা-প্ৰতিবাদঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে

তাজাখবৰঃ দিল্লী বিশ্ববিদ্যালয় আৰু জে এন ইউৰ ছাত্র-ছাত্রীৰ ধৰ্ণা-প্ৰতিবাদঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে

Share This
লােকসভাত গৃহীত হােৱা জাতিধ্বংসী নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত উত্তাল প্রতিবাদ সাব্যস্ত কৰিলে দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ একাংশ ছাত্র-ছাত্রীয়ে। ধর্মনিৰপেক্ষ আদর্শ পৰিপন্থী বিধেয়কখনৰ বিৰুদ্ধে বিশ্ববিদ্যালয়দ্বয়ত অধ্যয়নৰত কেৱল অসম কিম্বা উত্তৰপূর্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়েই নহয়, বিহাৰ, ওড়িশা, ৰাজস্থানকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ ছাত্রছাত্রীসকলেও দিল্লীৰ যন্তৰমন্তৰত প্রতিবাদ কৰে। প্রতিবাদকাৰীসকলে বিধেয়কখন ততালিকে প্রত্যাহাৰ কৰাৰ দাবী জনায়। জয় আই অসম’, ‘ছেভ আছাম ছেভ নেশ্বন’, ‘জাতিৰ নায়ক হায় হায় আদি শ্লোগানেৰে হাতে হাতে প্লেকার্ড লৈ শতাধিক ছাত্র-ছাত্রীয়ে যন্তৰমন্তৰ উত্তাল কৰি তােলে। 

সাংবাদিকৰ আগত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মিৰাণ্ডা হাউছৰ ছাত্রী অর্পিতা দত্তৰ স্পষ্ট বক্তব্য জাতিধ্বংসী বিধেয়কখন প্রত্যাহাৰ নকৰালৈকে আমি শান্তিত নাথাকে। আজি আমি ইয়াতে বহি প্রতিবাদ সাব্যস্ত কৰিছোঁ, কিন্তু আমি মুঠেই শান্তিত নাই। নাগৰিকত্ব সংশােধনী বিধেয়কখনে অসমলৈ বিপদ কঢ়িয়াই আনিছে। তেনেস্থলত আমি দিল্লীত বহি কেনেদৰে শান্তিত থাকিব পাৰোঁ?— এই প্রশ্ন আজিৰ এই প্রতিবাদী কার্যসূচীক নেতৃত্ব প্রদান কৰা অর্পিতা দত্তৰ। অসমত যেনেদৰে প্রতিবাদ সাব্যস্ত কৰা হৈছে, ঠিক তেনেদৰেই আমি। হাতে হাত ধৰি ৰাজপথলৈ ওলাই অহা বুলি মন্তব্য কৰি দত্তই কয় যে আজি আমাক ৰাস্তালৈ ওলাই আহিবলৈ বিজেপি চৰকাৰখনে। বাধ্য কৰাইছে। আমি আমাৰ ভাষা-সংস্কৃতি ৰক্ষা কৰাৰ দায়িত্ব নল’লে কোনে ল'ব? 
অসমতো কটন বিশ্ববিদ্যালয়ৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, পূৱ-কামৰূপ কলেজ, শৰাইঘাট কলেজ আদি বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা এই সাম্প্ৰদায়িক বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰাৰ বাতৰি-বিজ্ঞপ্তি আহিয়েই আছে। উল্লেখযোগ্য যে অসমৰ ছাত্ৰ সমাজৰ এনে প্ৰতিবাদৰ বিপৰীতে, দিল্লীত জেএনইউৰ কোনো সঁহাৰি নাই নেকি বুলিও কালি চ'চিয়েল মেডিয়াত প্ৰশ্ন উত্থাপিত হৈছিল। আনফালে মুম্বাইতো কৰ্মৰত শিল্পী তথা নাগৰিক অসমীয়া সমাজে নৰ্থ ইষ্ট ফৰামৰ সৌজন্যত এক প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰাৰ বাতৰি আহিছে।

No comments:

Post a Comment