তাজাখবৰঃ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধেঃ সিদিনা তেওঁ কি কৈছিল, আজি কি কৈছে! - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধেঃ সিদিনা তেওঁ কি কৈছিল, আজি কি কৈছে!

তাজাখবৰঃ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধেঃ সিদিনা তেওঁ কি কৈছিল, আজি কি কৈছে!

Share This
বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহিতাৰ অভিযোগ তুলি গোচৰ ৰুজু কৰিছে সৰ্বানন্দ সোনোৱালৰ গৃহ মন্ত্ৰালয়ৰ অধীনৰ অসম পুলিচে।  চৰকাৰ হৈ লতাশিল থানাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/২১২/১২৩/১২৪(A) ধাৰাৰ অধীনত ১৫/২০১৯ নম্বৰত গোচৰ তৰা হৈছে। ড০ গোহাঁইৰ লগতে অখিল গগৈ, মনজিৎ মহন্তৰ লগতে ৭ জানুৱাৰিত লতাশিলত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰা সকলোৰে বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে লতাশিলৰ উক্ত প্ৰতিবাদী সভাত স্বাধীন অসমৰ প্ৰসংগক ড০ গোহাঁয়ে সমৰ্থন কৰিছিল। অভিযোগ অনুসৰি অখিল গগৈয়ে প্ৰথমে স্বাধীন অসমৰ প্ৰসংগ উত্থাপন কৰিছিল। 

সঁচাকৈ ড০ হীৰেন গোঁহাইয়ে ৰাষ্ট্ৰদ্ৰোহী ভাষণ দিছিলনে। এই প্ৰশ্নৰ উত্তৰ পাবলৈ পঢ়িব লাগিব ড০ হীৰেন গোঁহাইৰ “দেশদ্ৰোহী” ভাষণটোৰ এই পূৰ্ণপাঠ।
উদ্ধৃতি আৰম্ভ
উপস্থিত সংগ্ৰামী ৰাইজ‌। অসম বিভিন্ন আন্দোলনত বলীয়া হৈ আছে‌। কিন্তু বিকাশৰ কাৰণে, উন্নয়নৰ কাৰণে কোনো সুযোগেই নাপায়‌। এটাৰ পাছত এটা বিপৰ্যয় আহি আমাক বিভ্ৰান্ত, উদভ্ৰান্ত কৰি আছে‌। আমি তাৰ পৰা কিছু শিক্ষা লাভ কৰিছো‌। আবেগ সাৰোগত কৰি নহয়‌। আবেগ লাগিব‌।আবেগ মানুহৰ ৰক্ত প্ৰবাহৰ নিচিনা‌। আবেগ নহ’লে কোনো আন্দোলনে নহয়‌।কিন্তু এই আবেগৰ ভিত্তিত কিছুমান নীতি আদৰ্শ নিশ্চয় লাগিব‌। আমি যে ধৰ্ম-নিৰপেক্ষতাৰ কথা কৈছো, এই ধৰ্ম নিৰপেক্ষতা পাতনিৰে পৰা থকা সংবিধানৰ এটা প্ৰতিশ্ৰুতি‌, সংবিধানৰ এক অন্যতম আধাৰ। গতিকে ধৰ্ম-নিৰপেক্ষতা যি দল, যি চৰকাৰে উলংঘা কৰিবলৈ বিচাৰে আমি সেই চৰকাৰ নিপাত যোৱাটো নিশ্চয় বিচাৰোঁ‌। কিন্তু তাৰ দ্বাৰা আমি কি কৰিছোঁ? আমি এই কথা ঘোষণা কৰি ভাৰতৰ ধৰ্ম-নিৰপেক্ষ যিটো চৰিত্ৰ তাক ৰক্ষা কৰিব বিচাৰিছো‌। অসমৰ বাবে যুঁজ কৰি আমি, অসমৰ অস্তিত্বৰ বাবে যুঁজ কৰিম, ভাৰতৰ সংবিধান ৰক্ষাৰ যুঁজত আমি ব্ৰতী হ’ম‌।

আপোনালোকে জানে যে ১৯৪৬, ৪৭ চনত, যেতিয়া ধৰ্মৰ ভিত্তিত বংগ দেশ বিভাজন হৈছিল, তেতিয়া আমাৰ দূৰদৰ্শী দেশপ্ৰেমিক নেতা গোপীনাথ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ধৰ্ম-নিৰপেক্ষতাৰ আদৰ্শক বুকুত বান্ধি সেইধৰণৰ আহ্বানৰ প্ৰতি বিৰোধিতা জনাইছিল‌। জিন্না, মৌলানা ভাসানীৰ যি হুংকাৰ তাক তেত্তঁলোকে নেত্তচিছিল, হিন্দু ৰাষ্ট্ৰৰ সপক্ষে থিয় হৈ নহয়, ধৰ্ম-নিৰপেক্ষ ভাৰতীয় ৰাষ্ট্ৰৰ সপক্ষে তেত্তঁ থিয় দিছিল‌। আৰু এই ধৰ্ম-নিৰপেক্ষতা হৈছে আমাৰ সংবিধানৰ অন্যতম ভিত্তি‌। গতিকে ধৰ্ম-নিৰপেক্ষতাৰ সপক্ষে যুদ্ধ কৰা, আৰু ধৰ্মীয় ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খোজাসকলৰ বিৰুদ্ধে যুদ্ধ কৰাসকলে ভাৰতৰ কাৰণে যুদ্ধ কৰিছে, অসমৰ কাৰণে কিন্তু যুদ্ধ কৰা নাই।

দ্বিতীয় কথা হৈছে এইটো, যে বৃটিছৰ দিনৰ পৰা অসমক নানান অন্যায় কৰি থকা হৈছে‌। ১৮৩৭ চন ভাষাটোকে উঠাই দিলে‌। ক’ৰ্ট-কাছাৰী, স্কুলৰ পৰা‌। ১৯০৫ চনত বংগৰ পূৰ্ব-বংগৰ লগত গাঠি দি অসমৰ অস্তিত্বই নোহোৱা কৰিলে‌। তাৰপিছত আমি ভাবিছিলো, যে স্বাধীন চৰকাৰে নিজৰ অস্তিত্বৰে, আমাক নিজৰ মৰ্যদাৰে, বাচি থাকিবলৈ আমাক সুযোগ দিব‌। আমাক অবকাশ দিব‌। কিন্তু সেইটো নহ’ল‌। অসম আটাইতকৈ বঞ্চিত, অনুন্নত ৰাজ্য হৈ থাকিল‌। গতিকে আমি যদি আজি কিবা দাবী কৰিছো, যিটো সংবিধানৰ প্ৰতিশ্ৰুতি, য’ত সংঘীয় ৰাষ্ট্ৰ, য’ত সকলো ৰাজ্যৰ সমান মৰ্যদা, সমান অধিকাৰ, সেই সংঘীয় ৰাষ্ট্ৰৰ আদৰ্শ আমি আকৌ জানিব বিচাৰিছো‌। যদি স্বাধীনতাৰ কথা আহে, যদি আমাৰ কোনো কথাই নুশুনে, চৰকাৰে, ৰাষ্ট্ৰই, অন্যান্য দল সংগঠনে ভাৰতৰ, তেতিয়াহ’লে বেলেগ কথা‌। তেতিয়া আমি স্বাধীনতাৰ দাবী নিশ্চয় তুলিবলৈ বাধ্য হ’ম‌। কিন্তু সম্প্ৰতি আমি ভাৰতীয় ৰাষ্ট্ৰৰ ধৰ্ম-নিৰপেক্ষ চৰিত্ৰ, সংঘীয় চৰিত্ৰ ৰক্ষাৰ কাৰণে যুঁজিছো, আমাৰ অসমৰ কাৰণে যুদ্ধখন, ভাৰতৰ কাৰণে যুদ্ধত পৰিণত হৈছে‌। আৰু স্বাভাবিকতে্ ইয়াৰ বিৰুধিতা কৰা সকলো অপশক্তিকে আমি ধিক্কাৰ দিছো‌। আৰু আজি সেইকাৰণে আমি ধিক্কাৰ দিবস পালন কৰিছো, আৰু নিজৰ নাক-কাণ কাটি, চৰকাৰৰ লগত সহযোগিতা কৰি থকা, চৰকাৰৰ লগত একে মঞ্চত আসন গ্ৰহণ কৰি থকা, হাত-তালি বজোৱা অগপৰ নেতাসকলক আমি ধিক্কাৰ দিছো‌। নৰেন্দ্ৰ মোদীক ধিক্কাৰ দিছো‌। তেত্তঁ এখন দেশৰ প্ৰধান মন্ত্ৰী‌। তেত্তঁ আহি পেলাই, শিলচৰত, অত্যন্ত সংকীৰ্ণ এটা জাতীয় আৰু ধৰ্মীয়, বাণী কেনেকে ঘোষণা কৰিব? তেত্তঁ ৰাষ্ট্ৰৰ প্ৰতি বিশ্বাসঘাটক‌। নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰৰ আদৰ্শৰ প্ৰতি বিশ্বাসঘাটকতা কৰিছে‌। গতিকে তেত্তঁৰ দল, তেত্তঁৰ নেতৃত্ব আমি আৰু নিবিচাৰোঁ‌। অসমৰ মানুহে তেত্তঁক নিবিচাৰে‌। বন্ধুসকল, ইয়াকে সাৰোগত কৰি আমি আগবঢ়া উচিত‌। সাময়িক আবেগৰ ঢৌত উটি নগৈ আমি ভাৰতৰ নাগৰিক হিচাবে যিমান দূৰ পাৰোঁ যুঁজিম‌। যদি সেই যুঁজ সফল হ’ব নোৱাৰে(মই ভাবোঁ সফল হ’ব), তেতিয়া স্বাধীনতাৰ দাবী উঠিব‌। ধন্যবাদ‌।
উদ্ধৃতি শেষ
(এই ভাষণৰ পূৰ্ণ পাঠ বৰ্ণালী বৰুৱাৰ সৌজন্যত প্ৰকাশ কৰা হৈছে।)


এতিয়া চাওচোন আহক, সিদিনাৰ সেই বক্তৃতাৰ ভিডিঅ' ৰূপঃ (আবিদ আজাদৰ সৌজন্যত)

আজি সন্ধিয়া সংবাদ মাধ্য়মৰ আগত  ড০ হীৰেন গোহাঁইয়ে এই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়াৰ বিষয়ে তেখেতৰ মতামত দাঙি ধৰে আৰু তেওঁ কি কৈছিল, কি প্ৰসংগত কৈছিল, তাৰ স্পষ্টীকৰণ দাঙি ধৰে। তেখেতৰ এই মতামতৰ ভিডিঅ'টো তলত উপস্থাপন কৰা হৈছে।

এতিয়া ৰাইজেই বিচাৰ কৰিব লাগিব যে, অসমীয়াৰ সৰ্বাত্মক গণতান্ত্ৰিক প্ৰতিবাদলৈ কেৰেপ নকৰি চৰকাৰখনে এতিয়া ৰাষ্ট্ৰ্দোহৰ গোচৰ জপাৰ ৰাজনীতিত নামিছে কিয়? তথ্য-যুক্তি আৰু প্ৰমাণৰ ভিত্তিত এই কথাবোৰৰ উত্তৰ অসমীয়া ৰাইজে বিচাৰিব লাগিব বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment